যশৱন্ত সিনহা (Yashwant Sinha; জন্ম ৬ নৱেম্বৰ ১৯৩৭) এজন ভাৰতীয় প্ৰশাসক আৰু ৰাজনীতিবিদ। প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ অধীনত ১৯৯০ চনৰ পৰা ১৯৯১ চনলৈ আৰু পুনৰ ১৯৯৮ চনৰ মাৰ্চ মাহৰ পৰা ২০০২ চনৰ জুলাই মাহলৈকে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ অধীনত তেওঁ বিত্তমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০২ চনৰ জুলাই মাহৰ পৰা ২০০৪ চনৰ মে' মাহলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১ ২০১৮ চনৰ ২১ এপ্ৰিলত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা আছিল।২
২০২১ চনৰ মাৰ্চ মাহত তেওঁ নিখিল ভাৰত তৃণমূল কংগ্ৰেছত যোগদান কৰে; কিন্তু ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত যৌথ বিৰোধীয়ে তেওঁলোকৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত কৰাৰ বাবে ২০২২ চনৰ জুন মাহত তেওঁ দলৰ পৰা আঁতৰি আহে।
প্ৰাথমিক জীৱন
বিহাৰৰ পাটনাৰ এটা কায়স্থ পৰিয়ালত সিনহাই জন্মগ্ৰহণ কৰিছিল।৩ ১৯৫৮ চনত তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেওঁ ১৯৬২ চনলৈকে পাটনা বিশ্ববিদ্যালয়ত এই বিষয়ত অধ্যাপনা কৰে।
অসামৰিক সেৱাৰ কেৰিয়াৰ
১৯৬০ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰা সিনহাই তেওঁৰ সেৱাকালত গুৰুত্বপূৰ্ণ পদবীত ২৪ বছৰতকৈ অধিক সময় কটায়। তেওঁ ৪ বছৰ ধৰি মহকুমাধিপতি আৰু জিলা দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰোপৰি ২ বছৰ ধৰি বিহাৰ চৰকাৰৰ বিত্ত বিভাগত অধীনস্থ সচিব আৰু উপ-সচিব আছিল আৰু তাৰ পিছত তেওঁ বাণিজ্য মন্ত্ৰালয়ত ভাৰত চৰকাৰৰ উপ-সচিব হিচাপে কাম কৰিছিল।৪
১৯৭১ চনৰ পৰা ১৯৭৩ চনলৈ তেওঁ জাৰ্মানীৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব (বাণিজ্যিক) আছিল। পৰৱৰ্তী সময়ত তেওঁ ১৯৭৩ চনৰ পৰা ১৯৭৪ চনলৈ ফ্ৰেংকফৰ্টত ভাৰতৰ কনছুল জেনেৰেল হিচাপে কাম কৰে।৫ এই ক্ষেত্ৰত সাত বছৰতকৈ অধিক সময় কাম কৰাৰ পিছত তেওঁ বৈদেশিক বাণিজ্য আৰু ইউৰোপীয় অৰ্থনৈতিক সম্প্ৰদায়ৰ সৈতে ভাৰতৰ সম্পৰ্ক সম্পৰ্কীয় বিষয়সমূহৰ অভিজ্ঞতা লাভ কৰে। ইয়াৰ পিছতে তেওঁ বিহাৰ ৰাজ্য চৰকাৰৰ ঔদ্যোগিক আন্তঃগাঁথনি বিভাগত আৰু ভাৰত চৰকাৰৰ উদ্যোগ মন্ত্ৰালয়ত বিদেশী ঔদ্যোগিক সহযোগিতা, প্ৰযুক্তি আমদানি, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, আৰু উদ্যোগিক অনুমোদনৰ সৈতে জড়িত কাম কৰিছিল।৬
পিছলৈ তেওঁ ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ পৃষ্ঠ পৰিবহণ মন্ত্ৰালয়ত ভাৰত চৰকাৰৰ যুটীয়া সচিব আছিল, তেওঁৰ মূল দায়িত্ব আছিল পথ পৰিবহণ, বন্দৰ, আৰু জাহাজ পৰিবহণ। ১৯৮৪ চনত তেওঁ সেৱাৰ পৰা পদত্যাগ কৰে।৭
ৰাজনৈতিক কেৰিয়াৰ
জনতা দল
১৯৮৪ চনত সিনহাই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা পদত্যাগ কৰি জনতা পাৰ্টিৰ সদস্য হিচাপে সক্ৰিয় ৰাজনীতিত যোগদান কৰে। ১৯৮৬ চনত তেওঁ দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি লাভ কৰে আৰু ১৯৮৮ চনত ৰাজ্যসভাৰ (ভাৰতীয় সংসদৰ উচ্চ সদন) সদস্য নিৰ্বাচিত হয়।৮
১৯৮৯ চনত যেতিয়া জনতা দল গঠন হৈছিল তেতিয়া তেওঁক দলৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৯০ চনৰ নৱেম্বৰৰ পৰা ১৯৯১ চনৰ জুন মাহলৈকে তেওঁ চন্দ্ৰ শেখৰৰ মন্ত্ৰীসভাত বিত্তমন্ত্ৰী হিচাপে কাম কৰিছিল।৯
বিজেপি
১৯৯৬ চনৰ জুন মাহত তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ হয়। ১৯৯৮, ১৯৯৯, আৰু ২০০৯ চনত হাজৰিবাগ (লোকসভা সমষ্টি)ৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে লোকসভালৈ নিৰ্বাচিত হয় ২০০২ চনৰ ১ জুলাইত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনৰ লোকসভা নিৰ্বাচনত কে বি সহায়ৰ নাতি প্ৰশান্ত সহায়ৰ সক্ষম প্ৰচেষ্টাত হাজৰিবাগ সমষ্টিত তেওঁ পৰাজিত হয় যিয়ে পিছলৈ তেওঁৰ জীৱনকো ৰক্ষা কৰে। ২০০৫ চনত তেওঁ পুনৰ সংসদত প্ৰৱেশ কৰে। ২০০৯ চনৰ ১৩ জুনত তেওঁ বিজেপিৰ উপ-সভাপতি পদৰ পৰা পদত্যাগ কৰে।১০ ২০১৮ চনত তেওঁ "দলৰ অৱস্থা" আৰু "ভাৰতত গণতন্ত্ৰ অতি বিপদত পৰিছে" বুলি উল্লেখ কৰি বিজেপি ত্যাগ কৰে।২
টিএমচি
২০২১ চনৰ ১৩ মাৰ্চত ২০২১ চনৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ঠিক আগতে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ তেওঁ টিএমচিত যোগদান কৰে। ২০২১ চনৰ ১৫ মাৰ্চত তেওঁ মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰে। ২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে বিৰোধী দলৰ সভাপতি প্ৰাৰ্থী হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত কৰা হয়, যাৰ ফলত তেওঁ ৰাষ্ট্ৰপতি পদৰ বাবে মনোনীত হোৱা প্ৰথম তৃণমূল কংগ্ৰেছ নেতা হিচাপে পৰিগণিত হয়।
বিত্ত মন্ত্ৰী

২০০২ চনৰ ১ জুলাইলৈকে সিনহা বিত্তমন্ত্ৰী আছিল, পিছত তেওঁ বৈদেশিক মন্ত্ৰী যশৱন্ত সিঙৰ সৈতে বিভাগৰ সালসলনি কৰে। সিনহাই তেওঁৰ কাৰ্যকালত তেওঁৰ চৰকাৰৰ কিছুমান ডাঙৰ নীতিগত পদক্ষেপক পিছুৱাই নিবলৈ বাধ্য হৈছিল, ফলস্বৰূপে তেওঁ বহুবাৰ ৰাজনৈতিক ভাৱে সমালোচিত হৈছিল।১১ তথাপিও ভাৰতীয় অৰ্থনীতিক কেইবাটাও ডাঙৰ সংস্কাৰমূলক ব্যৱস্থাৰ মাজেৰে আগুৱাই নিয়াৰ বাবে সিনহাক বহুলভাৱে কৃতিত্ব দিয়া হয়। ইয়াৰ ভিতৰত বাস্তৱ সুতৰ হাৰ হ্ৰাস কৰা, বন্ধকীৰ সুতৰ বাবে কৰ কৰ্তনৰ প্ৰৱৰ্তন, দূৰসংযোগ খণ্ডক মুক্ত কৰা, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষক পুঁজিৰ সহায় কৰা, পেট্ৰলিয়াম উদ্যোগৰ নিয়ন্ত্ৰণমুক্ত কৰা আদি অন্যতম। স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত ভাৰতীয় বাজেট দাখিল কৰাৰ ৫৩ বছৰীয়া পৰম্পৰা ভংগ কৰা প্ৰথমজন বিত্তমন্ত্ৰী হিচাপেও পৰিচিত সিনহা, যিটো প্ৰথা ব্ৰিটিছ শাসনৰ দিনৰ পৰা ৰখা হৈছিল যিয়ে ভাৰতৰ সংসদতকৈ ব্ৰিটিছৰ বাবে সুবিধাজনক সময়ত ভাৰতীয় বাজেট দাখিল কৰিবলৈ চেষ্টা কৰিছিল।
সিনহাই তেওঁ গ্ৰন্থ কনফেশ্বনছ অৱ এ স্বদেশী ৰিফৰ্মাৰত বিত্তমন্ত্ৰী হিচাপে থকা সময়ৰ বিস্তৃত বিৱৰণী লিখিছে।১২
যশৱন্ত সিনহাক আন বহু নিষ্ঠাবান দলীয় কৰ্মীৰ স্বাৰ্থক উপেক্ষা কৰি হাজাৰিবাগৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিজৰ পুত্ৰ জয়ন্ত সিনহাক উত্তৰাধিকাৰী হিচাপে মনোনীত কৰি আত্মীয়তাবাদক প্ৰসাৰিত কৰাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে। এই অভিযোগৰ প্ৰত্যুত্তৰ দি তেওঁ এই সিদ্ধান্ত দলীয় সিদ্ধান্ত বুলি উল্লেখ।১৩
সন্মান
২০১৫ চনত তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান অফিচিয়াৰ ডি লা লিজিয়ন ডি’অ’ন’ৰ সন্মান লাভ কৰে।১৪ কেন্দ্ৰীয় বিত্তমন্ত্ৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কৰা কামৰ স্বীকৃতি আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত তেওঁৰ অমূল্য অৱদানৰ বাবে ইয়াক তেওঁক প্ৰদান কৰা হৈছিল।১৫১৬
ব্যক্তিগত জীৱন
বিহাৰী কয়াস্থ পৰিয়ালত জন্মগ্ৰহণ কৰা সিনহাৰ পঢ়া-শুনা, বাগিচা সজা, মানুহৰ সৈতে কথা-বাৰ্তা হোৱাকে ধৰি বহুতো ক্ষেত্ৰত আগ্ৰহ আছে। তেওঁ বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰি কেইবাটাও ৰাজনৈতিক আৰু সামাজিক প্ৰতিনিধি দলৰ নেতৃত্ব দিছে। সিনহাৰ পত্নী নীলিমা সিনহা ভাৰতৰ এগৰাকী শিশু লেখিকা আৰু এছ'চিয়েচন অৱ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰছ ফৰ চিলড্ৰেনৰ সভানেত্ৰী।১৭ তেওঁলোকৰ এগৰাকী কন্যা সন্তান শৰ্মিলা আৰু দুজন পুত্ৰ জয়ন্ত সিনহা আৰু সুমন্ত সিনহা।
সিনহাৰ Musings of a Swadeshi Reformer শীৰ্ষক এটা ব্লগ আছে।১৮ তেওঁ আদিত্য সিনহাৰ সৈতে ইণ্ডিয়া আনমেড নামৰ গ্ৰন্থখনৰ সহ-লেখক।১৯
অভিযোগসমূহ
২০১৩ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত তেওঁৰ আত্মজীৱনী দ্ৰোহকাল কা পথিকৰ প্ৰতি প্ৰাক্তন সাংসদ পাপ্পু যাদৱে অভিযোগ কৰিছিল যে তেওঁৰ ভাৰতীয় ফেডাৰেল ডেম'ক্ৰেটিক পাৰ্টিৰ তিনিজন সাংসদে তেতিয়াৰ বিত্তমন্ত্ৰী সিনহাৰ পৰা ২০০১ চনত এন ডি এত যোগদান কৰিবলৈ ধন পাইছিল।২০ ইয়াৰোপৰি আন এক অভিযোগ অনুসৰি তেওঁ ইউটিআই কেলেংকাৰীৰ সৈতে জড়িত আছিল।২১২২২৩২৪২৫ ২০১৭ চনৰ ৪ এপ্ৰিলত ধৰ্মীয় শোভাযাত্ৰা পাতিবলৈ চেষ্টা কৰি বিজেপিৰ বিধায়ক মনীষ জয়ছোৱালৰ লগতে ১৫০জন লোকৰ সৈতে হাজাৰীবাগ জিলাত আটক কৰা হৈছিল সিনহাক। আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়াৰ লগে লগে তেওঁৰ সমৰ্থকসকলে প্ৰতিবাদ কৰে আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হয়।২৬
২০২২ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ
২০২২ চনৰ জুন মাহত ভাৰতীয় জাতীয় কংগ্ৰেছে পিছৰ মাহত হ’বলগীয়া ২০২২ চনৰ নিৰ্বাচনৰ বাবে সংযুক্ত প্ৰগতিশীল মিত্ৰজোঁটৰ ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে সিনহাক বাছি লয়।২৭
তথ্যসূত্ৰ
- ↑ (1 July 2002). Indian government reshuffled. BBC News
- ↑ Yashwant Sinha Quits BJP, Says India's Democracy Is In Danger. NDTV.com
- ↑ Yashwant., Sinha. (2019). Relentless: an Autobiography of Yashwant Sinha.. Bloomsbury Publishing India Pvt. Ltd. ISBN 978-93-86950-36-9
- ↑ Prasad, Anuja, Gireesh Chandra. (2018-12-31). I know I am putting the political career of my son in jeopardy: Yashwant Sinha. mint
- ↑ (March 1, 2012). Who is Yashwant Sinha?. India Today
- ↑ (2004-06-22). Yashwant Sinha: A brief profile. Hindustan Times
- ↑ Yashwant Sinha – The Telegraph. The Telegraph
- ↑ Sinha, Yashwant. (5 January 2019). Yashwant Sinha asks in his latest book: Where are the jobs?. National Herald
- ↑ Yashwant Sinha · Biography & Facts. Encyclopedia Britannica
- ↑ (13 June 2009). Yashwant Sinha quits as BJP vice president. Ibnlive.in.com
- ↑ (29 April 2002). A welcome rollback. Free Press Journal
- ↑ Confessions of a Swadeshi reformer at publisher site
- ↑ What lies behind the corrosive effect of dynasty? | Al Jazeera
- ↑ French Distinction Conferred on Yashwant Sinha
- ↑ Highest French Distinction conferred on Mr Yashwant Sinha. La France en Inde / France in India
- ↑ (2015-04-28). Yashwant Sinha honoured with Officier de la Légion d'Honneur by French Government. Jagranjosh.com
- ↑ Superle, Michelle. (2011). Literature: Representations of Nation, Culture, and the New Indian Girl. Routledge. পৃ. 27. ISBN 9781136720871
- ↑ Musings of a Swadeshi Reformer. Yashwantsinha.in
- ↑ Subramanian, Kandaswami. (19 January 2019). 'India Unmade – How the Modi Government Broke the Economy' review: Dissenting voice. The Hindu
- ↑ D K Singh (27 November 2013) Pappu Yadav in memoir: Both Cong, BJP offered MPs Rs 40 crore each. The Indian Express
- ↑ (8 February 2012). Why this madness now, Mr Yashwant Sinha?. Business Standard India
- ↑ rediff.com: Money column: The UTI fiasco: So who is responsible?. www.rediff.com
- ↑ (31 March 2014). Lessons from Jaswant, Yashwant: Adapt to survive in the new BJP
- ↑ (13 July 2001). Swamy wants Sinha to resign. দ্য হিন্দু
- ↑ Court notice to Sinha on UTI scam
- ↑ (4 April 2017). Yashwant Sinha, BJP MLA held in Jharkhand
- ↑ Newsmaker. indianexpress
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যশৱন্ত সিনহা” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৯৫ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।