'য়েভেচ এফ. মেয়াৰ'(Yves F. Meyer) (; জন্ম: ১৯ জুলাই ১৯৩৯) এজন ফ্ৰান্সৰ গণিতজ্ঞ। ১৯৩৯ চনৰ ১৯ জুলাই তাৰিখে ফ্ৰান্সৰ পেৰিছ চহৰত তেওঁৰ জন্ম হয়। তেওঁ ৱেভলেট সূত্ৰৰ (wavelet theory) অন্যতম পিতৃপুৰুষ। এই সূত্ৰৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ বৰ্ষৰ আবেল বঁটা প্ৰদান কৰা হয়।
জীৱনী
য়েভেচ মেয়েৰ টুনিছত অৱস্থিত লাইচি কাৰণটত শিক্ষা গ্ৰহণ কৰিছিল।১ তেওঁ গণিতত কনকুয়াৰ জেনেৰেল লাভ কৰিছিল আৰু ১৯৫৭ চনত ইকল নৰমালে চুপেৰিয়ৰ (ফৰাচী:École Normale Supérieure) প্ৰৱেশ পৰীক্ষাত প্ৰথম হৈছিল।২ ১৯৬৬ চনত তেওঁ জিন পিয়েৰ কাহানেৰ তত্ত্ববধনাত পিএইছডি ডিগ্ৰী লাভ কৰে।৩
তাৰ পিছত তেওঁ ১৯৬০-৬৩ চনত এখন হাইস্কুলৰ শিক্ষক, ১৯৬৩-৬৬ চনত ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত (Université de Strasbourg) সহকাৰী অধ্যাপক, ১৯৬৬-৮০ চনত পেৰিছ বিশ্ববিদ্যালয়ত (Université Paris-Sud) অধ্যাপক, ১৯৮০-৮৬ চনত ইকল পলিটেকনিকত অধ্যাপক, ২৯৮৫-৯৫ চনত পেৰিছ ডাউফিন বিশ্ববিদ্যালয়ত (Université Paris-Dauphine) অধ্যাপক হিচাপে কাৰ্য নিৰ্বাহ কৰে। তাৰ পিছত তেওঁ ১৯৯৫ চনত চি.এন.আৰ.এছ.ত জেষ্ঠ গৱেষক হিচাপে যোগ দিয়ে। তাৰপিছত ১৯৯৯ চনত তেওঁ ইকল নৰমালে চুপিৰিয়ৰ দে কাচানত অধ্যাপক হিচাপে সেৱা আগবঢ়ায় আৰু ২০০৪ চনৰ পৰা তেওঁ এই প্ৰতিষ্ঠানৰ অধ্যাপক এমেৰিটাছ পদত অধিষ্ঠিত হৈ আছে।
তেওঁ ২০১০ চনত গছ পুৰস্কাৰ লাভ কৰে।৩ সংখ্যা তত্ত্ব, অপাৰেচন সূত্ৰ আৰু হাৰমণিক বিশ্লেষণ, আৰু ৱেভলেট সূত্ৰৰ বিকাশ ঘটোৱাৰ লগতে মৌলিক অৱদানৰ এই বঁটা তেওঁক প্ৰদান কৰা হয়। "ৱেভলেট সূত্ৰৰ উৎকৰ্ষ সাধন"ত তেওঁ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক ২০১৭ চনৰ আবেল বঁটা প্ৰদান কৰা হয়।৪
বঁটা আৰু সন্মান
- তেওঁ ১৯৯৩ চনৰ পৰা Académie des Sciencesৰ সদস্য৫
- তেওঁক আন্তৰ্জাতিক গণিত কংগ্ৰেছৰ ১৯৭০ চনৰ নাইছ আৰু ১৯৮৩ চীনৰ ৱাৰশ্ব অধিৱেশনত বক্তা হিচাপে নিমন্ত্ৰণ কৰা হৈছিল।৬ and in 1990 in Kyoto.৭
- ২০১০ চনত তেওঁ কাৰ্ল ফ্ৰেডৰিক গছ পুৰস্কাৰ লাভ কৰে।৩
- ২০১২ চনত তেওঁ আমেৰিকান মেথামেটিক্স ছোচাইটিৰ ফেল' নিৰ্বাচিত হয়।৮
- ২০১৭ চনত তেওঁ আবেল বঁটা লাভ কৰে।৯
প্ৰকাশিত গ্ৰন্থ
- Meyer (Y.), Nombres de Pisot, Nombres de Salem et Analyse Harmonique, Springer-Verlag, 1970.
- Meyer (Y.), Algebraic numbers and harmonic analysis, North-Holland, 1972.
- Meyer (Y.), Ondelettes et Opérateurs, Hermann, 1990.
- Meyer (Y.), Wavelets and Operators, Cambridge University Press, 1992. ১০
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কপি
- ↑ Société de Mathématiques Appliquées et Industrielles: Yves Meyer.
- ↑ Carl Friedrich Gauss Prize – Yves Meyer. International Congress of Mathematicians 2010, Hyderabad, India
- ↑ The Abel Prize Laureate 2017. www.abelprize.no
- ↑ Académie des Sciences: Yves Meyer.
- ↑ Meyer, Yves. "Intégrales singulières, opérateurs multilinéaires, analyse complexe et équations aux dérivées partielles." Proc. Intern. Cong. Math (1983): 1001–1010
- ↑ Meyer, Yves F. "Wavelets and applications." Proc. Intern. Cong. Math (1990): 1619–1626
- ↑ List of Fellows of the American Mathematical Society, retrieved 2013-02-04
- ↑ (21 March 2017). Abel Prize 2017: Yves Meyer wins 'maths Nobel' for work on wavelets. The Guardian
- ↑ Chui, Charles K. (1996). Review: Wavelets and operators, by Yves Meyer; A friendly guide to wavelets, by Gerald Kaiser. Bull. Amer. Math. Soc. (N.S.). পৃ. 131–134
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়েভেচ মেয়াৰ” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৮১ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।