য়শ্বিনৰী অহচুমি (Yoshinori Ohsumi; 大隅 良典; জন্ম: ৯ ফেব্ৰুৱাৰী, ১৯৪৫) এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অট'ফেগী বিশেষজ্ঞ। অট'ফেগী (autophagy) মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যাপক।১ ২০১২ চনত মৌলিক বিজ্ঞান বিষয়ত তেওঁ ক্য'ট' পুৰস্কাৰ(Kyoto Prize) লাভ কৰিছিল।২ অট'ফেগীৰ প্ৰক্ৰিয়াসমূহৰ আৱিষ্কাৰ বাবে ২০১৬ চনত য়শ্বিনৰী অহচুমিয়ে চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৪৫ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে জাপানৰ ফুকুৱকাত য়শ্বিনৰী অহচুমিৰ জন্ম হয়। তেওঁ ১৯৬৭ চনত টকিঅ' বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ একেখন বিশ্ববিদ্যালয়ৰ পৰা ১৯৭৪ চনত তেওঁ ডক্টৰ অফ চাইন্স(DSc) উপাধি লাভ কৰে। ১৯৭৪-৭৭ কালছোৱাত তেওঁ নিউয়ৰ্ক নগৰৰ ৰকএফেল্লাৰ বিশ্ববিদ্যালয়ত গৱেষক হিচাপে কাম কৰে।১
কৰ্মজীৱন
১৯৭৭ চনত তেওঁ য়শ্বিনৰীয়ে টকিঅ' বিশ্ববিদ্যালয়লৈ সহযোগী গৱেষক হিচাপে ঘূৰি আহে। তেওঁ তাত সহযোগী গৱেষক হিচাপে যোগদান কৰে। ১৯৮৬ চনত তেওঁ তাত প্ৰবক্তা হিচাপে কাম কৰাৰ সুবিধা পায়। তাৰপিছত পদোন্নতিৰ যোগেৰে ১৯৮৮ চনত সহযোগী অধ্যাপক পদ লাভ কৰে। ১৯৯৬ চনত তেওঁ জাপানৰ অকাজাকি নগৰত অৱস্থিত ৰাষ্ট্ৰীয় মৌলিক জীৱবিজ্ঞান প্ৰতিষ্ঠানত (National Institute for Basic Biology) যোগদান কৰে। তাত তেওঁ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। ২০০৪ চনৰ পৰা ২০০৯ চনলৈ তেওঁ জাপানৰ হায়ামাত অৱস্থিত উচ্চ শিক্ষাৰ স্নাতক বিশ্ববিদ্যালয়তো(Graduate University for Advanced Studies) অধ্যাপক ৰূপে জড়িত থাকে। ২০০৯ চনত তেওঁ ৰাষ্ট্ৰীয় মৌলিক জীৱবিজ্ঞান প্ৰতিষ্ঠান আৰু উচ্চ শিক্ষাৰ স্নাতক বিশ্ববিদ্যালয়ত সন্মানীয় এমিৰিটাছ অধ্যাপক(emeritus professor) হিচাপে পৰিগণিত হয়। লগতে টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অন্তৰ্গত উচ্চ গৱেষণা সন্থাৰ অধ্যাপক ৰূপেও কাৰ্য নিৰ্বাহ কৰে। ২০১৪ চনত অৱসৰ গ্ৰহণৰ পিছত তেওঁ টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ উদ্ভাৱনী গৱেষণা প্ৰতিষ্ঠানত অধ্যপক ৰূপে সেৱা আগবঢ়ায়।
বৰ্তমান তেওঁ টকিঅ' প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ উদ্ভাৱনী গৱেষণা প্ৰতিষ্ঠানৰ কোষ জীৱবিজ্ঞান গৱেষণা গোটৰ মুৰব্বী হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে।
অট'ফেগীৰ প্ৰক্ৰিয়াসমূহৰ আৱিষ্কাৰৰ বাবে ২০১৬ চনত য়শ্বিনৰী অহচুমিয়ে চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৩
বঁটা আৰু সন্মান
- ফুজিহাৰা বঁটা, ফুজিহাৰা ফাউণ্ডেচন অফ চাইন্স (২০০৫)
- জাপান একাডেমী বঁটা, জাপান একাডেমী(২০০৬)
- আশাহি বঁটা, আশাহি শ্বিম্বুন(২০০৯)
- মৌলিক বিজ্ঞানৰ ক্য'ট' বঁটা(২০১২)৪
- আন্তঃৰাষ্ট্ৰীয় গাইৰ্ডনাৰ ফাউণ্ডেচন বঁটা(২০১৫)
- আন্তঃৰাষ্ট্ৰীয় জীৱবিজ্ঞান বঁটা(২০১৫)
- কেইঅ' চিকিৎসা বিজ্ঞান বঁটা(২০১৫)
- ৰজেনষ্টিয়েল বঁটা(২০১৫)
- জীৱ-চিকিৎসা বিজ্ঞানৰ ৱিলি বঁটা(২০১৬)
- চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা (২০১৬)৫
প্ৰকাশিত গ্ৰন্থৰাজি
- Tsukada, M; Ohsumi, Y. (25 October 1993). Isolation and characterization of autophagy-defective mutants of Saccharomyces cerevisiae.. FEBS letters. পৃ. 169-74
- Mizushima, N; Noda, T; Yoshimori, T. (24 September 1998). A protein conjugation system essential for autophagy.. Nature. পৃ. 395-8
- Kabeya, Y.; Mizushima, N.; Ueno, T. (2000). LC3, a mammalian homologue of yeast Apg8p, is localized in autophagosome membranes after processing. The EMBO Journal. পৃ. 5720–5728
- Ichimura, Y; Kirisako, T; Takao, T. (23 November 2000). A ubiquitin-like system mediates protein lipidation.. Nature. পৃ. 488-92
- Ohsumi, Y. (March 2001). Molecular dissection of autophagy: two ubiquitin-like systems.. Nature reviews. Molecular cell biology. পৃ. 211-6
- Kuma, A; Hatano, M; Matsui, M. (23 December 2004). The role of autophagy during the early neonatal starvation period.. Nature. পৃ. 1032-6
- Hanada, T; Noda, NN; Satomi, Y. (28 December 2007). The Atg12-Atg5 conjugate has a novel E3-like activity for protein lipidation in autophagy.. The Journal of biological chemistry. পৃ. 37298-302
বহিঃসংযোগ
- Academic profile on a Japanese website (ইংৰাজী)
- Curriculum vitae on his homesite (ইংৰাজী)
- ন'বেল বঁটাৰ আনুষ্ঠানিক ঘোষণা
তথ্যসূত্ৰ
- ↑ Yoshinori Ohsumi's
- ↑ Lawrence Biemiller, "Kyoto Prize Is Awarded to 3 Scholars" The Chronicle of Higher Education Nov. 10, 2012
- ↑ (3 October 2016). The Nobel Prize in Physiology or Medicine 2016. The Nobel Foundation
- ↑ Yoshinori Ohsumi. Kyoto Prize
- ↑ Yoshinori Ohsumi wins Nobel prize in medicine for work on autophagy. The Guardian
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়শ্বিনৰী অহচুমি” প্ৰবন্ধৰ সংশোধন ৬২৫০৩১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।