অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মৈথিলি প্ৰকাশ

মৈথিলি প্ৰকাশ (ইংৰাজী: Mythili Prakash) হৈছে এগৰাকী আমেৰিকান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে দক্ষিণ ভাৰতৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ বিশেষজ্ঞ।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ৩৯৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মৈথিলি প্ৰকাশ (ইংৰাজী: Mythili Prakash)১ হৈছে এগৰাকী আমেৰিকান নৃত্যশিল্পী আৰু নৃত্য পৰিচালক। তেওঁ হৈছে দক্ষিণ ভাৰতৰ শাস্ত্ৰীয় নৃত্য ভাৰতনাট্যমৰ বিশেষজ্ঞ।২ ভাৰতনাট্যমৰ বিশ্বৰ অন্যতম আগশাৰীৰ যুৱ প্ৰবন্ধক হিচাপে স্বীকৃতি পোৱা তেওঁৰ ধ্ৰুপদী, অথচ উদ্ভাৱনীমূলক পদ্ধতিয়ে নৃত্যৰ শাৰীৰিকতা, সংগীত আৰু প্ৰকাশভংগী নাট্যতাক পুনৰুজ্জীৱিত কৰি সমগ্ৰ বিশ্বৰ দৰ্শকৰ বাবে সুকীয়া আৰু অৰ্থপূৰ্ণ এক ব্যতিক্ৰমী শৈলীৰ সৃষ্টি কৰে। লাইফ অৱ পাই নামৰ ছবিখনৰ সামৰণিৰ সময়ত তেওঁ মুখ্য চৰিত্ৰটোৰ পত্নী আৰু তেওঁলোকৰ সন্তানৰ মাতৃ হিচাপে ক্ষণিক চৰিত্ৰাভিনয় কৰিছিল।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

অদ্ভুত শিশু হিচাপে প্ৰশংসিত মৈথিলীয়ে ৮ বছৰ বয়সৰ পৰাই ভাৰতনাট্যম পৰিবেশক হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু সমগ্ৰ বিশ্ব ভ্ৰমণ কৰি প্ৰতিষ্ঠিত স্থান আৰু উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিছে। মৈথিলীক ভাৰতনাট্যমৰ প্ৰতিনিধি তেওঁৰ মাতৃ বিজি প্ৰকাশে৪ প্ৰশিক্ষণ দিছিল আৰু ভাৰতৰ কেইবাজনো কিংবদন্তি পুৰুষৰ সৈতে অধ্যয়ন কৰাৰ সুযোগ পাইছিল। বৰ্তমান তেওঁ ধ্ৰুপদী নৃত্য শিল্পী আৰু নৃত্য পৰিচালক মালবিকা চাৰুক্কাইৰ তত্বাৱধানত আছে।৫ মৈথিলি প্ৰকাশে ইউ. চি. বাৰ্কলেৰ (UC Berkeley) পৰা গণসংযোগত স্নাতক ডিগ্ৰী লাভ কৰে যদিও ২০০৪ চনত পূৰ্ণকালীনভাৱে ভাৰতনাট্যমৰ প্ৰতি নিজকে উৎসৰ্গিত কৰে।৬

কেৰিয়াৰ

মৈথিলিয়ে লছ এঞ্জেলছ আৰু চেন্নাইত নিজৰ কৰ্মজীৱনৰ বেছিভাগ সময় পাৰ কৰিছিল। “মাদ্ৰাজ মিউজিক ছিজন”ত নিয়মীয়াকৈ পৰিবেশন কৰা মৈথিলিয়ে ভাৰতৰ বহু সন্মানীয় নৃত্য অনুষ্ঠানত একক নৃত্য পৰিবেশন কৰিছে, য’ত আছে দ্য মিউজিক একাডেমী, কৃষ্ণ গণ সভা, নাৰদ গণ সভা, কলাক্ষেত্ৰ (চেন্নাই), শ্ৰী সন্মুখানন্দ সভা (মুম্বাই), ইণ্ডিয়া ইণ্টাৰনেশ্যনেল কেন্দ্ৰ (দিল্লী)আৰু চৌদিয়া মেম’ৰিয়েল হল (বেংগালুৰু)। সমালোচকসকলে তেওঁৰ নৃত্যক “পশ্চিমীয়া ষ্টেজক্ৰাফ্ট আৰু ভাৰতীয় নান্দনিকতাৰ এক সুখৰ মিশ্ৰণ” বুলি বৰ্ণনা কৰিছে। মৈথিলিয়ে যুক্তৰাজ্য, ফ্ৰান্স, ছিংগাপুৰ ভ্ৰমণ কৰি মানচেষ্টাৰৰ দ্য ল’ৰী আৰু পেৰিছৰ মিউজি গুইমেট আৰু ছিংগাপুৰৰ এস্প্লেনেড থিয়েটাৰ অন দ্য বে আদিতো নিজৰ প্ৰদৰ্শন পৰিবেশন কৰিছে। নিউয়ৰ্কৰ লিংকন চেণ্টাৰৰ দৰে স্থানত লছ এঞ্জেলছৰ শক্তি ডান্স কোম্পানীৰ মুখ্য নৃত্যশিল্পী হিচাপে, ৱৰ্থাম চেণ্টাৰ, হিউষ্টন আৰু নিউ জাৰ্চি পাৰফৰ্মিং আৰ্টছ চেণ্টাৰ, নিউ জাৰ্চি আদিতো নৃত্য পৰিবেশন কৰিছে।

বঁটা আৰু সন্মান

২০০৯ চনৰ জানুৱাৰী মাহত এন.বি.চি.ৰ “ছুপাৰষ্টাৰছ অৱ ডান্স”ত তেওঁক চিত্ৰায়িত কৰা হয়। ভাৰতনাট্যমৰ একক পৰিবেশন শিল্পী হিচাপে তেওঁৰ শিল্পকৰ্মক সমগ্ৰ বিশ্বৰ মূলসুঁতিৰ দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল।৭ একক আৰু দলীয় দুয়োটা শাখাতে কৰা নৃত্য পৰিচালনাৰ বাবে মৈথিলিয়ে বহু সমালোচকৰ প্ৰশংসা লাভ কৰিছে। আমেৰিকা, কানাডা, ইউৰোপ, ভাৰত, ছিংগাপুৰ ভ্ৰমণ কৰি মহাকাব্য ৰামায়ণৰ কৰুণ নায়িকাৰ উপস্থাপনেৰে তেওঁৰ “স্ত্ৰী কথা”ৰ বাবে “ইৰভাইন ডান্স ফাউণ্ডেশ্যন”ৰ পৰা “ক্ৰিয়েচন টু পাৰফৰ্মেন্স গ্ৰাণ্ট” লাভ কৰে। তেওঁৰ পবিত্ৰ কৰ্ম শক্তিৰ বাবে “চেণ্টাৰ ফৰ কালচাৰেল ইনোভেচন”ৰ পৰাও তেওঁ “আৰ্টিষ্টিক ইনোভেচন গ্ৰাণ্ট” লাভ কৰিছে।৮ মৈথিলিয়ে “কাৰ্তিক ফাইন আৰ্টছ”ৰ পৰা ২০১১ চনত “দেৱদাসী ৰাষ্ট্ৰীয় বঁটা”,৯ ২০০৯ চনত “নদনমামণি বঁটা” (Nadanamaamani Award), ২০০৭ চনত ভাৰত কলাসৰৰ পৰা “যুৱ কলা ভাৰতী”, ২০০৭ চনত সনাতন সংগীত সংস্কৃতিৰ পৰা “সংস্কৃত নৃত্য পুৰস্কাৰ”১০ আদি বঁটা আৰু সন্মান লাভ কৰিছে।

তথ্যসূত্ৰ

  1. ↑ The Telegraph,, October 11, 2011, Of graceful moves, yogic connection-CHANDRIMA MAITRA
  2. ↑ Kothari, Sunil. Footloose and Fancy Free - Globetrotting with Sunil Kothari
  3. ↑ About
  4. ↑ Rajan, Anjana. (December 30, 2011). Spirit that moves. The Hindu
  5. ↑ From US to India and the world
  6. ↑ Srikanth, Rupa. (July 27, 2007). Accent on Choreography. দ্য হিন্দু
  7. ↑ Mythili Prakash on NBC's Superstars of Dance. bharatanatya
  8. ↑ Mythili Prakash On Tour with Shakti- the Sacred Force. UCLA Center for Intercultural Performance
  9. ↑ Report: Mythili Prakash bags the Devdasi National Award. www.narthaki.com
  10. ↑ Newsletter - May 2007. Narthaki

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৈথিলি প্ৰকাশ” প্ৰবন্ধৰ সংশোধন ৫৩৮৩৯০ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।