যমুনা টুডু ( Jamuna Tudu) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী। তেওঁ আৰু আন পাঁচগৰাকী মহিলাই তেওঁ বাস কৰা গাঁৱৰ ওচৰত অবৈধভাৱে গছ কটা ৰোধ কৰিছিল আৰু ই পিছলৈ এই কাৰ্য এটা সংগঠনলৈ সম্প্ৰসাৰিত হৈছিল। ঝাৰখণ্ডত কাঠ মাফিয়া আৰু নক্সাল- মাওবাদী আন্দোলনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে তেওঁক লেডী টাৰ্জান বুলি কোৱা হয়।১ তেখেতে “বন সুৰক্ষা সমিতি’’ৰ প্ৰতিষ্ঠাপক৷ এই সমিতিয়ে ঝাৰখণ্ডৰ তেওঁলোকৰ গাঁৱৰ ওচৰত অবৈধভাবে গছ কটা ৰোধ কৰে।২৩
প্ৰাথমিক জীৱন
যমুনা টুডুৰ জন্ম হৈছিল ১৯৮০ চনৰ ১৯ ডিচেম্বৰত, ভাৰতৰ ময়ুৰভঞ্জত, ওড়িশাৰ ৰায়ৰাংপুৰত।৪ বন ধ্বংস কৰা কাঠ মাফিয়াগিৰিৰ বিৰুদ্ধে যুঁজিবলৈ যমুনা টুডুৱে তেওঁৰ বয়স ১৮ বছৰ হওঁতেই সিদ্ধান্ত লৈছিল আৰু অৰণ্য ৰক্ষাৰ বাবে যুঁজ দিবলৈ হাতত ধনু-কাঁড় লৈছিল আৰু বন মাফিয়াৰ গতিবিধি ট্ৰেক কৰি “বনকৰ্মী’’ক ৰিপৰ্ট দিবলৈ ঠিক কৰিছিল৷৫
যমুনা টুডুৱে প্ৰকৃতিক বৰ ভাল পাইছিল৷ ১৯৯৮ চনৰ পৰাই তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। তাৰ পিছত যমুনাৰ বিয়া হয় আৰু তেওঁ ঝাৰখণ্ডৰ চাকুলীয়া ব্লকৰ মুতুৰ্খাম গাঁৱৰ শাহুৱেকৰ ঘৰত উপস্থিত হৈছিল। সেই সময়ত বন মাফিয়াই নিৰ্বিচাৰে মুতুৰ্খাম গাঁৱৰ সমীপৰ হাবিত গছ কাটি টহিলং কৰিছিল। ঘৰৰ দুৱাৰৰ পৰা দেখা পোৱা হাবিখনৰ এই অৱস্থা দেখি যমুনাই গছবোৰ বচাই বন মাফিয়াক এখুন্দা দিবলৈ সিদ্ধান্ত ল’লে৷ তাৰ পিছৰ পৰা তেওঁৰ বন ৰক্ষাৰ এই প্ৰক্ৰিয়াটো চলি থাকিল। যমুনাক এই সকলোবোৰ কৰিবলৈ পৰিয়ালটোৱে বাধা দিছিল যদিও তেওঁ গাঁৱৰ মহিলাসকলক একত্ৰিত কৰি হাবিখন বচাবলৈ অভিযানত নামিল। বহুবাৰ তেওঁলোক দুবৃত্তৰ দ্বাৰা মাৰাত্মক আক্ৰমণৰ বলি হৈছিল৬ কিন্তু যমুনাই কেতিয়াও হাৰ মনা নাছিল আৰু বনাঞ্চলখন বচাবলৈ লোৱা সিদ্ধান্তত তেওঁ অটল আছিল৷ ৭৮ টুডুৱে তেওঁৰ গাঁৱৰ সমীপত অবৈধভাৱে গছ কটা ৰোধ কৰিবৰ বাবে আন পাঁচগৰাকী মহিলাৰ সৈতে “বন সুৰক্ষা সমিতি’’ গঠন কৰিছিল আৰু ইয়াৰ পিছত ইয়াৰ কাৰ্যসূচীৰ সম্প্ৰসাৰণ ঘটিছিল।৯১০১১ তেওঁ কৰা কামৰ বাবে ২০১৯ চনত ভাৰত চৰকাৰৰ “পদ্মশ্ৰী’’ সন্মান লাভ কৰে৷১২ ২০১৭ চনত তেওঁ “Women Transforming India’’ বঁটা লাভ কৰে৷ ১৩ ২০১৪ চনত লাভ কৰে “Godfrey Phillips National Bravery Awards’’ বঁটা৷ ১৪ ২০২০ চনত এইটো ঘোষণা কৰা হৈছিল যে তেওঁ আৰু আন এগৰাকী প্ৰকৃতিপ্ৰেমী চামি মুৰ্মু ঝাৰখণ্ডৰ বনাঞ্চল ৰক্ষাৰ বাবে একত্ৰিত হ’ব লাগিব। প্ৰেছত দুয়োকে লেডী টাৰ্জান বুলি কোৱা হৈছিল। চামি মুৰ্মুৰ সংগঠনত ৩ হাজাৰ সদস্য আছে আৰু তেওঁলোকে একেলগে কিছু সহযোগিতাৰে কাম কৰিলে অধিক সুফল পোৱাৰ আশা আছে।১৫
প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন কি বাতত ৰাইজক সম্বোধন কৰি টুডুৰ কামৰ শলাগ লৈ কয় যে যমুনা টুডুৱে কাঠৰ মাফিয়া আৰু নক্সালবাদীক এশিকনি দিয়াৰ দুঃসাহসিক অভিযান কৰিছে। তেওঁ কেৱল ৫০ হেক্টৰ অৰণ্য বিধ্বস্ত হোৱাৰ পৰা ৰক্ষা কৰাই নহয়, ১০ হাজাৰ মহিলাক একত্ৰিত কৰি গছ-গছনি আৰু বন্যপ্ৰাণীক সুৰক্ষা দিবলৈ প্ৰেৰণা যোগাইছিল। বৰ ভাল কথা যে আজি এই গাঁৱৰ ৰাইজে এটি সন্তানৰ জন্মৰ দিনা ১৮ টা আৰু ছোৱালীৰ বিয়াত ১০ টা গছ ৰোপণ কৰে।১৬
বঁটা
তথ্যসূত্ৰ
- ↑ Lady Tarzan ready for bigger challenge. www.telegraphindia.com
- ↑ (30 January 2019). Meet Padma Shri Jamuna Tudu: ‘Lady Tarzan’ Of Jharkhand Forests. KalingaTV
- ↑ Mohan, Shriya. She came, she saw, she saved. @businessline
- ↑ Bollywood discovers Chakulia’s Lady Tarzan. www.telegraphindia.com
- ↑ Independence Day: इन 5 आदिवासी महिला कार्यकर्ताओं ने उठाई बुलंद आवाज, 'आजादी' के सही अर्थ से कराया रूबरू. News18 India
- ↑ How a tribal woman took on a forest mafia and won. OnManorama
- ↑ (12 November 2017). Lady Tarzan Jamuna Tudu who takes on timber mafia. Indian Express
- ↑ जंगल बचेगा तो पृथ्वी सुरक्षित रहेगा: यमुना टुडू. livehindustan.com
- ↑ Padma Awards. Padma Awards,Government of India
- ↑ (22 November 2017). Jamuna Tudu and her team protect the jungle around her village from the forest mafia. Srijani Ganguly. India Today
- ↑ (29 August 2017). Women Transforming India Awards 2017: Meet the 12 incredible winners who transformed India. Financial Express
- ↑ झारखंड की चार हस्तियों को पद्मश्री पुरस्कार. Dainik Jagran
- ↑ Women Transforming India - Jamuna Tudu
- ↑ (6 November 2017). This Tribal Lady & Her Band Saved 50 Hectares of Forests for 20 Years!. The Better India
- ↑ Green warriors to join forces. www.telegraphindia.com
- ↑ मन की बात कार्यक्रम में झारखंड की जमुना टू डू के द्वारा किए गए कार्यों की सराहना
- ↑ झारखंड की चार हस्तियों को पद्मश्री पुरस्कार. Dainik Jagran
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যমুনা টুডু” প্ৰবন্ধৰ সংশোধন ৬০২৬৫৬ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।