অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগেন্দ্ৰ সিং যাদৱ

চুবেদাৰ মেজৰ আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল।

হালনাগাদ: ২০ ছেপ্তেম্বৰ ২০২৩ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চুবেদাৰ মেজৰ১ আৰু কেপ্টেইন যোগেন্দ্ৰ সিং যাদৱ পি.ভি.চি (Yogendra Singh Yadav) ভাৰতীয় সেনাৰ এগৰাকী অৱসৰী মান্যতাপ্ৰাপ্ত বিষয়া, যাক কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শন কৰা সাহস আৰু কৰ্তব্যবোধৰ বাবে সৰ্বোচ্চ ভাৰতীয় সামৰিক সন্মান পৰম বীৰ চক্ৰ প্ৰদান কৰা হৈছিল। পৰম বীৰ চক্ৰ সন্মান লাভ কৰা তেৱেঁই আটাইতকৈ কম বয়সীয়া সামৰিক বিষয়া, যি ঊনৈশ বছৰ বয়সতে এই সন্মান লাভ কৰিছিল।২৩

প্ৰাৰম্ভিক জীৱন

১৯৮০ চনৰ ১০ মে তাৰিখে২, উত্তৰ প্ৰদেশৰ বুলন্দচহৰ জিলাৰ ঔৰঙ্গাবাদ আহিৰৰ এটা যাদৱ পৰিয়ালত চুবেদাৰ মেজৰ যোগেন্দ্ৰ সিং যাদৱৰ জন্ম হৈছিল।৪ তেওঁৰ পিতৃ কৰণ সিং যাদৱে কুমাওঁ ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল আৰু ১৯৬৫ তথা ১৯৭১ চনৰ ইণ্ডো-পাকিস্তান যুদ্ধত অংশগ্ৰহণ কৰিছিল।২ যাদৱে ১৬ বছৰ আৰু পাঁচ মাহ বয়সতে ভাৰতীয় সেনাত যোগদান কৰিছিল।৫

কৰ্মজীৱন

কাৰ্গিল যুদ্ধ

২০২১ চনত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চিৰোহীৰপৰা বঁটা গ্ৰহণৰ সময়ত যাদৱ
২০২১ চনত লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চিৰোহীৰপৰা বঁটা গ্ৰহণৰ সময়ত যাদৱছবি: Indian Army · GODL-India

১৯৯৯ চনৰ ৪ জুলাই তাৰিখে পুৱাৰ ভাগত ঘাটক ফৰ্চৰ এটি কমাণ্ডো প্লেটুনক টাইগাৰ হিলত তিনিটা কৌশলগত ভাৱে স্থাপন কৰা বাংকাৰ দখল কৰাৰ দায়িত্ব দিয়া হৈছিল। যাদৱ ১৮ জন গ্ৰেনেডিয়াৰেৰে গঠিত এই দলটোৰ এজন আছিল। বাংকাৰবোৰ বৰফেৰে আবৃত এটা ১০০০ ফুট ওখ উলম্ব শিলৰ শীৰ্ষত আছিল। যাদৱে স্বেচ্ছাই এই আক্ৰমণৰ নেতৃত্ব লয় আৰু বগাই গৈ আক্ৰমণৰ সুবিধা হোৱাকৈ শিলৰ মুখত ৰছী স্থাপন কৰে। আধা ৰাস্তা উঠি যাওঁতেই শত্ৰুৱে মেচিন গান আৰু ৰকেট লাঞ্চাৰেৰে আক্ৰমণ কৰে আৰু ই অন্য দুজন জোৱানৰ সৈতে প্লেটুন কমাণ্ডাৰৰ প্ৰাণ লয়। এই আক্ৰমণত যাদৱৰ কঁকাল আৰু বাহুত কেইবাটাও গুলী লাগে, কিন্তু তথাপি তেওঁ পিছ হুহকি নাহি ৬০ ফুট উচ্চতা আৰোহণ কৰে। গুৰুত্বপূৰ্ণ ভাৱে আহত হোৱা সত্ত্বেও তেওঁ প্ৰথম বাংকাৰটোৰ ফালে আগুৱাই গৈ গ্ৰেনেড দলিয়াই ৪ জন শত্ৰুৰ প্ৰাণ লয়। ফলত শত্ৰু শিৱিৰৰ গুলীচালনা বন্ধ হয় আৰু ভাৰতীয় সৈন্যসকল আগবাঢ়ি যাবলৈ সফল হয়।৬ পৰৱৰ্তী সময়ত ভাৰতীয় সৈন্যৰ এই দলটোৱে টাইগাৰ হিল দখল কৰে। ১২ টা গুলীৰে ধৰাশায়ী হৈও যাদৱে এই আক্ৰমণত মুখ্য ভূমিকা লৈছিল। ৭

এই বীৰত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মৰণোত্তৰ ভাৱে যাদৱলৈ পৰম বীৰ চক্ৰ আগবঢ়োৱা হয় যদিও পিছত গম পোৱা গল যে তেওঁ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আৰু তেওঁৰ সৈতে একে নামৰ আন এজনহে এই যুদ্ধত পতিত হৈছে।৮

পিছৰ জীৱন

২০২১ চনৰ স্বাধীনতা দিৱসত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যাদৱক কেপ্টেইনৰ সন্মানীয় পদবী প্ৰদান কৰে আৰু সামৰিক সচিব আৰু গ্ৰেনেডিয়াৰ কৰ্ণেল লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চিৰোহীয়ে ৰেংক বেজ পিন্ধায়। এই পদবীতে থাকি ২০২১ চনৰ ৩১ ডিচেম্বৰত তেওঁ সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰে।৯

চলচ্চিত্ৰ আৰু গণমাধ্যমত যাদৱ

আৰু সঞ্জয় কুমাৰ]]

২০০৪ চনত, টাইগাৰ হিলৰ যুদ্ধৰ ওপৰত আধাৰিত হিন্দী ভাষাৰ চলচ্চিত্ৰ ‘লক্ষ্য’ আছিল যাদৱৰ প্লেটুনৰ বীৰত্বপূৰ্ণ কাৰ্যসমূহৰ চিনেমেটিক ভিউ। ইয়াত জনপ্ৰিয় বলিউডী অভিনেতা হৃত্বিক ৰৌচনে যুদ্ধৰ নায়ক কৰণ শ্বেৰগিলৰ চৰিত্ৰত অভিনয় কৰিছিল। ই টাইগাৰ হিলত কৌশলগতভাৱে স্থাপন কৰা বাংকাৰবোৰ দখল কৰিবলৈ তেওঁলোকৰ কষ্টকৰ যাত্ৰাৰ বিতং বিৱৰণ প্ৰদান কৰে।১০

একেটা ৰেজিমেণ্টে ট’ল’লিঙত কৰা ঘাটক আক্ৰমণক হিন্দী চলচ্চিত্ৰ ‘এল অ চি কাৰ্গিল’ত অন্যতম বিশিষ্ট যুদ্ধ দৃশ্য হিচাপে অভিযোজন কৰা হৈছে। ইয়াত অভিনেতা মনোজ বাজপেয়ীয়ে যাদৱৰ চৰিত্ৰত অভিনয় কৰিছে।

অন্যান্য সন্মান

তেওঁ ২০২০ চনত বিশেষ নিমন্ত্ৰণ গ্ৰহণ কৰি, সহকৰ্মী পৰম বীৰ চক্ৰ প্ৰাপক চুবেদাৰ সঞ্জয় কুমাৰৰ সৈতে অমিতাভ বচ্চন পৰিচালিত ‘কৌন বনেগা কৰৌড়পতি’ অনুষ্ঠানটোত যোগদান কৰে আৰু এই অনুষ্ঠানত লাভ কৰা সমূহ ধনৰাশি (২.৫ নিযুত) সেনা কল্যাণ পুঁজিলৈ দান কৰে। ২০১৫ চনত, দেশৰ প্ৰতি আগবঢ়োৱা তেওঁৰ সেৱাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে তেওঁক ৰাজ্যৰ সৰ্বোচ্চ বঁটা য়শ ভাৰতী প্ৰদান কৰে।.১১

নতুন দিল্লীৰ ‘নেচনেল ৱাৰ মেমৰিয়েল’ (ৰাষ্টীয় যুদ্ধ স্মাৰক)ত থকা গ্ৰেনেডিয়াৰ যাদৱৰ প্ৰতিমূৰ্ত্তি
নতুন দিল্লীৰ ‘নেচনেল ৱাৰ মেমৰিয়েল’ (ৰাষ্টীয় যুদ্ধ স্মাৰক)ত থকা গ্ৰেনেডিয়াৰ যাদৱৰ প্ৰতিমূৰ্ত্তিছবি: Krishna Chaitanya Velaga · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ (2017). Yogendra Singh Yadav is shown to be a Subedar Major. ইউটিউব
  2. ↑ Major General Ian Cardozo. (2003). Param Vir: Our Heroes in Battle. Roli Books Private Limited. পৃ. The Last Ghatak. ISBN 9789351940296
  3. ↑ YOGENDER SINGH YADAV · Gallantry Awards. gallantryawards.gov.in
  4. ↑ S. D. S. Yadava. (1 January 2006). Followers of Krishna: Yadavas of India (Google eBook). Lancer Publishers. পৃ. 47. ISBN 9788170622161
  5. ↑ Cardozo, Major General Ian. (2003). Param Vir: Our Heroes in Battle. Roli Books Private Limited. পৃ. The Last Ghatak. ISBN 9789351940296
  6. ↑ Profile on Yadav on the Indian Army website
  7. ↑ Rachana Bhatt. (2006). The Brave: Param Vir Chakra Stories. History. Penguin Books. পৃ. YSY. ISBN 9789351188056
  8. ↑ (17 August 1999). Army orders inquiry into PVC blunder. Rediff.com
  9. ↑ Mishra, Utkarsh. Param Vir Chakra awardee Kargil hero Yogendra Singh Yadav retires. Rediff
  10. ↑ (15 January 2016). 10 Army Heroes and Their Extra Ordinary Tales of Bravery. TBI Team. thebetterindia.com
  11. ↑ यश भारती सम्मान से 56 हस्तियां अलंकृत 12063610. jagran.com

সম্পৰ্কিত শ্ৰেণী

পৰম বীৰ চক্ৰ প্ৰাপক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন্দ্ৰ সিং যাদৱ” প্ৰবন্ধৰ সংশোধন ৩৭৮৮৮৭ (২০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।