অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মোনা আগৰৱাল

মোনা আগৰৱাল (Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে। ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।

হালনাগাদ: ১৭ জানুৱাৰী ২০২৫ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

মোনা আগৰৱাল (Mona Agarwal, জন্ম: ৮ নৱেম্বৰ, ১৯৮৭) এগৰাকী ভাৰতীয় পেৰা শ্বুটাৰ। তেওঁ মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল এছএইচ১ শাখাত অংশগ্ৰহণ কৰে।১ ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে।২ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।৩

প্ৰাৰম্ভিক জীৱন

১৯৮৭ চনৰ ৮ নৱেম্বৰ তাৰিখে ৰাজস্থানৰ চিকৰত মোনা আগৰৱালৰ জন্ম হৈছিল। ন মাহ বয়সত মোনাৰ দেহত পলিঅ'ৰ সংক্ৰমণত আক্ৰান্ত হৈছিল।১ ছোৱালীৰ প্ৰতি থকা বৈষম্যমূলক ব্যৱহাৰৰ বাবে তেওঁ স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিব পৰা নাছিল। দুগৰাকী ডাঙৰ বায়েক থকাৰ পিছত মাক-দেউতাকে ল’ৰা সন্তান বিচাৰিছিল। ৰক্ষণশীল পৰিয়ালটোৰ বাবে মোনা ‘অবাঞ্চিত’ সন্তান আছিল। কিন্তু তেওঁৰ মাতৃৰ ফালৰ আইতাক গীতা দেৱীয়ে তেওঁক সহায় কৰিছিল।৪ তেওঁৰ স্বামী ৰবীন্দ্ৰ চৌধুৰী হুইল চেয়াৰ বাস্কেটবল খেলুৱৈ আছিল। তেওঁৰ স্বামী দুৰ্ঘটনাত মগজুত আঘাত প্ৰাপ্ত হোৱাৰ বাবে খেলুৱৈ জীৱন ত্যাগ কৰে। বিয়াৰ পিছত জয়পুৰলৈ স্থানান্তৰিত হয়।৪ ভলীবলকে আদি কৰি অন্যান্য বিভিন্ন খেল খেলাৰ চেষ্টা কৰাৰ পিছত ২০২১ চনৰ ডিচেম্বৰ মাহত তেওঁ শ্বুটিং আৰম্ভ কৰে। তেওঁৰ এটি পুত্ৰ অভিক আৰু এগৰাকী কন্যা আৰৱী। মোনাই ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত মনোবিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে।৪ ইয়াৰ উপৰিও তেওঁ ছেম হিগিনবটম কৃষি, প্ৰযুক্তি আৰু বিজ্ঞান বিশ্ববিদ্যালয় ৰ পৰা বাণিজ্য প্ৰশাসনত স্নাতকোত্তৰ আৰু ডিজিটেল মাৰ্কেটিংত অনলাইন স্নাতকোত্তৰ সম্পূৰ্ণ কৰিছে।

খেলুৱৈ জীৱন

২০২৩ চনৰ জুলাই মাহত ক্ৰ'ৱেচিয়াৰ অচিজেকত অনুষ্ঠিত হোৱা বিশ্বকাপত আগৰৱালৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটে।৫ ২০২৪ চনৰ মাৰ্চ মাহত নতুন দিল্লীত অনুষ্ঠিত হোৱা ডব্লিউ এছ পি এছ পেৰা শ্বুটিং বিশ্বকাপত স্বৰ্ণ জয় কৰি তেওঁ পেৰিছ পেৰালিম্পিকৰ বাবে স্থান লাভ কৰে। দিল্লীৰ স্বৰ্ণৰ পিছত ২০২৪ চনৰ এপ্ৰিল মাহত কোৰিয়াৰ চাংৱনত অনুষ্ঠিত হোৱা পেৰা বিশ্বকাপত তেওঁ আন এক সোণৰ পদক লাভ কৰে।৪ ২০২৪ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১০ মিটাৰ এয়াৰ ৰাইফল ষ্টেণ্ডিং এছএইচ১ প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ PTI. (2024-03-09). Para Shooting World Cup: Athlete-turned-shooter Mona Agarwal claims gold in 10m air rifle event, aims more glory. Sportstar
  2. ↑ (2024-03-09). Para shooter Mona Agarwal wins 10m air rifle gold, clinches Paris Paralympic quota for India. The Times of India
  3. ↑ (2024-08-30). Once mocked for being girl child and polio-stricken, Mona Agarwal is now a Paralympics medallist. The Indian Express
  4. ↑ (2024-03-27). Para shooter Mona Agarwal turns adversity into her biggest strength. Indianshooting
  5. ↑ PTI. Funds to buy new wheelchair hindering champion para shooter Mona Agarwal's Paralympic preparation. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ৰাজস্থানৰ ব্যক্তিভাৰতৰ পেৰা-শ্বুটাৰভাৰতীয় পেৰালিম্পিক প্ৰতিযোগীপেৰালিম্পিকত পদক বিজয়ী ভাৰতীয়অৰ্জুন বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মোনা আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৪৬৪৫৯৮ (১৭ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।