যুগললোচন দাস (Jugal Lochan Das) হৈছে এগৰাকী অসমীয়া লেখক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত। শিশু সাহিত্যৰ উপৰিও বিস্ময়, ৰহস্য, মায়া আদি বিভিন্ন আলোচনীৰো নিয়মীয়া লেখক। বৰ্তমান তেওঁ সদৌ অসম অসম ক্ৰীড়া সাংবাদিক সন্থাৰ উপ সভাপতি। যুগললোচন দাসে "লোচন ককাইদেউ" ছদ্মনামেৰে অনেক সাহিত্য ৰচনা কৰিছে।১
জন্ম আৰু বংশ পৰিচয়
১৯৬৮ চনৰ ১ জানুৱাৰীত শ্বিলঙৰ জোৱাইত যুগললোচন দাসৰ জন্ম হয়। তেওঁৰ পিতৃ শিশুৰাম দাস আৰু মাতৃ শশীপ্ৰভা দাস।২
শিক্ষা
- মঙলদৈ টাউন বুনিয়াদী বিদ্যালয়ত শিক্ষা জীৱনৰ আৰম্ভণি ঘটে।
- ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰে।
- বি.বৰুৱা মহাবিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক শিক্ষা গ্ৰহণ কৰে যদিও সম্পূৰ্ণ নহ'ল।
- পুনৰ ৰহা কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।৩
চাকৰি জীৱন
“আমাৰ অসম কাকত’’ৰ সহ: সম্পাদক হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা যুগললোচন দাস বৰ্তমান এগৰাকী সাহিত্যিক হিচাপে জনাজাত।৪
সাহিত্যৰাজি
গল্প সংকলন
- ভেকুলী বিয়া উৰুলি দিয়া
- বিনি আৰু এজাক বৰষুণ
- মৰিয়নীৰ মৰিয়ম আৰু বহুতো
- কাজিৰঙাৰ খবৰ
- অঘাইতং ঘিটিলাইৰ অঘটন-১
- অঘাইতং ঘিটিলাইৰ অঘটন-২
- ফপৰা- ফাপৰিৰ ফাংচন
উপন্যাস
- জোনবাইৰ দেশত মুনমুন
- শংকৰ- কিংকৰৰ অভিযান
- অংকু- ডিংকুৰ অভিযান
- কাজিৰঙাত অংকু-ডিংকু
- সোণালী বেট
- দু:সাহসী চাংটনৱে ( বৰপেটা জিলা কৰুণা দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা)
- সৰগৰ ফুল
- এনিহঁতৰ পৃথিৱীখন
- মই ভূপেনমামাই কৈছোঁ
- সোণবালি বাগিচাৰ ভূত ( সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা)
- প্লেটফৰ্মৰ মুকুতা
সাধু
- আঢ়ৈকুৰি সাধু
- সোণালী মাছৰ সাধু
জীৱনী
- চাওলুং চুকাফা
- কুৰিজন খেলুৱৈৰ ল'ৰালিৰ ৰং
- জনপ্ৰিয় খেলুৱৈৰ শৈশৱ ধেমালি
- বীৰ- বীৰাংগনাৰ কাহিনী
- অসমৰ বীৰ- বীৰাংগনাৰ কাহিনী
পদ্যপুথি
- মিঠাই খোৱা বুধি
চুটিগল্প সংকলন
- জাহাজঘাটৰ মাছ
কমিকছ
- কাজিৰঙাত অঘটন
- চিলনীৰ জীয়েকৰ সাধু( সংলাপ ৰচনা )
লোচন ককাইদেউৰ নামত
- কাজিৰঙাৰ সাধু
- কাজিৰঙাৰ দহটা সাধু
- মাচু মামাৰ মোচ
অভিযান
- পৃথিৱী বিখ্যাত অভিযান কাহিনী
খেল
- অসমৰ থলুৱা খেল- ধেমালি
- জনপ্ৰিয় ফুটবলাৰৰ সোণালী শৈশৱ
- জনপ্ৰিয় ক্ৰিকেট খেলুৱৈৰ সোণালী শৈশৱ
- জনপ্ৰিয় টেনিছ খেলুৱৈৰ সোণালী শৈশৱ
সম্পাদিত শিশু আলোচনী
- চোতালৰ পখিলা, সম্পাদক
- জিলমিল, সম্পাদক
- ৰংমন, সহযোগী সম্পাদক
- মুকুতা, সহযোগী সম্পাদক৫
বঁটা আৰু সন্মান
- ২০১৬ চনত বৰপেটা সাহিত্য সভাই "কৰুণা দত্ত সোঁৱৰণী শিশু সাহিত্য বঁটা" প্ৰদান কৰে।
- ২০১৭ চনত অকণি সাহিত্য সভাই "অসম শিশু সাহিত্য বঁটা" প্ৰদান কৰে।
- ২০১৮ চনত সাহিত্য অকাডেমিৰ পৰা "শিশু সাহিত্য বঁটা" লাভ কৰে।
- ২০১৮ চনত "অনুসূচিত জাতি য়ুথ আইকন ২০১৮" বঁটা লাভ কৰে।৬
- ২০২১ চনত পানীন্দ্ৰ নাথ গগৈ সোঁৱৰণি শিশু সাহিত্যিক বঁটা
- ২০২১ চনত গজালি শিশু সাহিত্য বঁটা
তথ্যসূত্ৰ
- ↑ কলংপাৰ (মুখ্য সম্পাদক: গুৰমাইল সিং), সাপ্তাহিক কাকত,৪৬ সংখ্যা,২১জুলাই,২০২১
- ↑ www.axomkabyakanan.com/2020/10/blog-post.html?m= link|date=May 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ www.anyayug.com/p/jugal-lusan-das.html?m=1
- ↑ কলংপাৰ (মুখ্য সম্পাদক: গুৰমাইল সিং), সাপ্তাহিক কাকত,৪৬ সংখ্যা,২১জুলাই,২০২১
- ↑ অসম শিশু সাহিত্য কোষ, প্ৰথম খণ্ড, প্ৰকাশক: কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
- ↑ www.anyayug.com/p/jugal-lusan-das.html?m=1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুগললোচন দাস” প্ৰবন্ধৰ সংশোধন ৫০৯৫৫২ (১৭ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।