ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য (জন্ম: ৬ আগষ্ট ১৯৫২) এগৰাকী উল্লেখযোগ্য অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু অধ্যাপক৷ তেওঁ ১৯৯১ চনত কাউৰী কাউৰী কাউৰী নামৰ গল্পটোৰ বাবে "সৰ্বভাৰতীয় কথা বঁটা" লাভ কৰিছিল৷ তেওঁ ব্যংগ গল্পৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷
প্ৰাৰম্ভিক জীৱন
ড° ভট্টাচাৰ্যৰ জন্ম ১৯৫২ চনৰ ৬ আগষ্ট তাৰিখে নলবাৰী জিলাৰ চামতাত হৈছিল৷ ১৯৭৬ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ চিত্ৰশিল্প চৰ্চাৰ লগতো জড়িত আছিল৷ ১৯৭৬ চনত দৈনিক অসম কাকতে আয়োজন কৰা গল্প প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি সাহিত্যজীৱন আৰম্ভ কৰে৷
কৰ্মজীৱন
১৯৭৭ চনৰ পৰা গুৱাহাটী আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ত উদ্ভিদ বিজ্ঞান বিভাগত অধ্যাপনা কৰে আৰু বিভাগীয় মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰে৷
সাহিত্যৰচনা
গল্প সংকলন
- দালাল (১৯৮৩)
- কোৰাছ (১৯৮৫)
- ঘৰাপাক (১৯৯২)
- গৰম বতাহ – ব্যংগ গল্প (১৯৯২)
- ব্ৰহ্মপুত্ৰৰ বুকুত সূৰ্যাস্ত (২০০৩)
- কুৰি শতিকাৰ অসমীয়া ব্যংগ গল্প সংকলন (১৯৮৩, কুমুদ গোস্বামীৰ সৈতে যৌথ সম্পাদনা)
উপন্যাস
- ঘৰুৱা পৰিৱেশত নাচিৰুদ্দিন শ্বাহ (১৯৮৭)
- মৰূদ্যান (১৯৯১)
- দুৰ্জন (১৯৯১)
- সাগৰতীৰত আমি (১৯৯৪)
- প্ৰেম ছবি আৰু কবিতা (১৯৯৫)
- নৰককুণ্ডত কেইজনমান অতিথি (১৯৯৩)
- অনুভৱ (২০০০)
- বালিঘৰ (২০০৩)
বঁটা
- ১৯৯১ চনত কাউৰী কাউৰী কাউৰী গল্পটোৰ বাবে সৰ্বভাৰতীয় কথা বঁটা লাভ কৰে৷
তথ্য উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, ২০০৬
- অসমীয়া গল্প সঙ্কলন(তৃতীয় খণ্ড), সম্পাদক হোমেন বৰগোহাঞি, সহকাৰী সম্পাদক অৰিন্দম বৰকটকী, অসম প্ৰকাশন পৰিষদ, ২০০৫, ডিচেম্বৰ
- প্ৰকাশ, ষষ্ঠ বছৰ, অষ্টম সংখ্যা, মে, ১৯৮১ চন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য” প্ৰবন্ধৰ সংশোধন ৫২৮২২৯ (২৮ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।