মধুমিতা ৰাউত (Madhumita Raut) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ওড়িছী নৃত্যশিল্পী। তেওঁ ১৯৫০-ৰ দশকত শাস্ত্ৰ-আধাৰিত জ্ঞানেৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীক পুনৰুজ্জীৱিত কৰিছিল। তেওঁ এতিয়া দিল্লীত বাস কৰে৷ তেওঁ জয়ন্তিকা এছ'চিয়েচনৰ মায়াধৰ ৰাউত স্কুলত ওড়িছী নৃত্যৰ পৰিচালনা কৰে আৰু তেওঁ নিজেও ইয়াৰ এগৰাকী অধ্যাপক।১
শিক্ষা আৰু প্ৰাৰম্ভিক জীৱন
তেওঁৰ পিতৃৰ নাম মায়াধৰ ৰাউত আৰু মাতৃৰ নাম মমতা খুণ্টিয়া। পিতৃৰ পৃষ্ঠপোষকতাত নৃত্য আৰু সংগীতৰ পৰিৱেশত, দিল্লীত ডাঙৰ দীঘল হোৱা মধুমিতা ৰাউতে দিল্লীৰ ভাৰতীয় বিদ্যা ভৱনৰ বিদ্যালয় আৰু ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা শৈক্ষিক অৰ্হতা লাভ কৰিছিল।২ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু প্ৰদৰ্শন কলাৰ ডিপ্লোমা লাভ কৰে।
কৰ্মজীৱন

ৰাউত ওড়িছী নৃত্যৰ এগৰাকী সুদক্ষ নৃত্যশিল্পী। তেওঁ কৰা কামসমূহৰ হৈছে- হাংগেৰিয়ান কবিতা ৰচনা, গৱেটৰ কবিতাত নৃত্য পৰিচালনা আৰু নেডাৰলেণ্ডৰ বালিনী নৃত্যশিল্পী দিয়া তান্ত্ৰিৰ সৈতে ফিউজন নৃত্য কৰা। তেওঁ সামাজিক কাৰণত নৃত্যৰ মাধ্যমটো কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিছে। তেওঁ ভাৰতীয় কৰ্কট সমাজ, দিল্লী, ডব্লিউডব্লিউএফ (বিশ্ব বন্যপ্ৰাণী পুঁজি-ভাৰত), চিএপিএফ (মহিলাৰ জন্ম-পূৰ্ব নিৰ্মূলৰ বিৰুদ্ধে অভিযান), জীৱন ধাৰণৰ কলা আৰু 'হেভ-নট'ৰ উন্নতিৰ বাবে প্ৰদৰ্শন কৰিছে।
উৰিষ্যা ৰাজ্যৰ পুৰী জিলাত অৱস্থিত কোণাৰ্ক সূৰ্য মন্দিৰত ওড়িছী ভংগিমাত মধুমিতা ৰাউত নেডাৰলেণ্ড চেনেল ৱান (Netherlands Channel I) -য়ে ৰাউতৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে। জাৰ্মানীৰ ষ্টুটগাৰ্ট আৰু হাংগেৰিয়ান টেলিভিছনে ভাৰতৰ বিষয়ে তেওঁলোকৰ তথ্যচিত্ৰত মধুমিতা ৰাউতৰ নৃত্য প্ৰদৰ্শন কৰিছে। ৰাউতে ডাচ টেলিভিছন দ্বাৰা প্ৰযোজিত এখন চলচ্চিত্ৰতো মুখ্য চৰিত্ৰত অভিনয় কৰিছে। মধুমিতা ৰাউতে ভাৰত আৰু ভাৰতৰ বাহিৰত আয়াৰলেণ্ড, ইংলেণ্ড, স্কটলেণ্ড, নেডাৰলেণ্ড, জাৰ্মানী, বেলজিয়াম, হাংগেৰী, অষ্ট্ৰিয়া, স্পেইন, মৰক্কো, ফ্ৰান্স, পৰ্তুগাল, জাপান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে দেশ আদিত মুখ্য নৃত্য উৎসৱত নৃত্য কৰিছে। তেওঁ আমেৰিকা যুক্তৰাজ্য, নেডাৰলেণ্ড, জাপান আৰু জাৰ্মানীৰ দৰে দেশত ওড়িছী নৃত্যৰ প্ৰশিক্ষণ দি আহিছে।৩
তেওঁ কেইবাটাও বঁটা লাভ কৰিছিল, যেনে উৰিষ্যা ৰাজ্যিক ঘুঙ্গুৰ সন্মান, উৎকল কন্যা বঁটা, মহিলা শক্তি সন্মান, ভাৰত নিৰ্মাণ বঁটা, উৰিষ্যা লিভিং লেজেণ্ড বঁটা ২০১১।
মধুমিতা ৰাউতে ২০০৭ চনত দিল্লীৰ “ওড়িছী: হোৱাট, হোৱাই এণ্ড হাও: ইভোলিউচন, ৰিভাইভেল এণ্ড টেকনিক” নামৰ এখন কিতাপ ৰচনা কৰিছে। কিতাপখন দিল্লীৰ বি.আৰ. ৰিদমছৰ দ্বাৰা প্ৰকাশিত হৈছে।৪
বঁটাসমূহ
ওড়িছী নৃত্যৰ ওপৰত কৰা কামৰ স্বীকৃতিস্বৰূপে মধুমিতা ৰাউতে নিম্নলিখিত বঁটাসমূহ লাভ কৰিছিল:
- উৰিষ্যা ৰাজ্য ঘুঙ্গুৰ সন্মান ২০১০৫
- উৎকল কন্যা বঁটা ২০১০
- মহিলা শক্তি সন্মান ২০১০
- ভাৰত নিৰ্মাণ বঁটা ১৯৯৭৬
- উৰিষ্যা লিভিং লেজেণ্ড এৱাৰ্ড ২০১১৭
বাহ্যিক সংযোগ
- Odissi: What, Why and How: Evolution, Revival & Technique by Madhumita Raut, Published B.R.Rhythms, Delhi, 2007. ISBN 81-88827-10-X.
- 30th Annual awards of ‘Ghungur', 14 February 2011.
- Reviving Odissi with a focus on the classical The Hindu, 28 December 2010.
- Delectable depiction of Navararas by N K MUDGAL.
- 4th Guru Shishya Parampara Dance Festival Delhi, 15 December 2008.
- Christian MySpace: What Why N How - Madhumita Raut Learn About Odissi Dance Form
- Odissi Workshop in Germany, Monday, 16 May 2011.
- Dance Recitals in Malaysia, 4 and 5 November 2011
- ওডোৰা
- হাটৰা
তথ্যসূত্ৰ
- ↑ (2014-10-09). DANCE diaries. দ্য হিন্দু
- ↑ (2007-07-08). Grand welcome awaits fuchchas. Times of India
- ↑ (16 May 2011). Odissi Workshop in Germany. Orissa Diary
- ↑ Odissi: What, Why and How: Evolution, Revival & Technique by Madhumita Raut, Published B.R.Rhythms, Delhi,2007
- ↑ (14 April 2011). Annual awards of ‘Ghungur' cultural organisation presented. দ্য হিন্দু
- ↑ Bharat Nirman Awards
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুমিতা ৰাউত” প্ৰবন্ধৰ সংশোধন ৫৯৬২৮৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।