অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভৱকান্ত নাথ

ভৱকান্ত নাথ (১৯৩৫-২০১৮) (Bhabakanta Nath) ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷ তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ফুলবাৰীত। তেওঁ বি,এ, বি,টি, অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষক আছিল আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল।

হালনাগাদ: ২৮ আগষ্ট ২০২৩ ৫০০ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভৱকান্ত নাথ (১৯৩৫-২০১৮) (Bhabakanta Nath) ভৱকান্ত নাথ আছিল একাধাৰে সাহিত্যক, অনুবাদক, প্ৰত্নতত্ববিদ আৰু গৱেষক৷ তেওঁৰ ঘৰ লখিমপুৰ জিলাৰ ফুলবাৰীত। তেওঁ বি,এ, বি,টি, অৱসৰপ্ৰাপ্ত ৰাজ্যিক কৃতী শিক্ষক আছিল আৰু অসম সাহিত্য সভাৰ আজীৱন সদস্য আছিল। ১

জন্ম আৰু শিক্ষা

তেখেতৰ জন্ম হয় ২৩ অক্টোবৰ, ১৯৩৫ চনত। মাজুলীৰ কমলাবাৰী মৌজাত। তেখেতৰ পিতৃৰ নাম- বগাৰাম নাথ আৰু মাতৃৰ নাম-সুবাগী দেৱী। মাজুলীৰ পৰা লক্ষীমপুৰলৈ স্থানান্তৰঃ- ফেব্ৰুৱাৰী, ১৯৫৬ চন। ২

শিক্ষাগত অৰ্হতা

  1. মেট্ৰিক- ১৯৫৭ চন, মাজুলী মেৰাগড় নাৰায়নদেৱ হাইস্কুল৷
  2. আই এঃ- ১৯৫৯ চন, যোৰহাট জে, বি, কলেজ।
  3. বি এঃ ১৯৬৫ চন, উওৰ লক্ষীমপুৰ কলেজ।
  4. বি টিঃ- ১৯৭৪ চন, যোৰহাট বি টি কলেজ।

সমাজসেৱা

  1. ফুলবাৰী হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক ইং ১৯৬১ চন।
  2. ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সভাপতি আৰু প্ৰায় ১২ বছৰ কাল (ইং ১৯৯৭ - ২০০৮ পৰ্যন্ত) সেই পদত অধিস্থিত।
  3. ফুলবাৰী উওৰ পৰ্বাঞ্চল মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপ সভাপতি। (ইং ১৯৮৮, ১৯৯২ চন)
  4. ফুলবাৰী বাৰেগঞা বৰ নামঘৰ আৰু সাংস্কৃতিক বিকাশ কেন্দৰ প্ৰতিষ্ঠাপক সভাপতি (ইং ১৯৮৪-৮৬) আৰু একাধিকবাৰ সেই পদ অধিস্থিত।
  5. ফুলবাৰী শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি (ইং ১৯৭৯-৮২ চন)
  6. অসম সাহিত্য সভাৰ আজীৱন সদস্য। (পঞ্জীয়ন নং ১৯০৭ ইং ১৯৮৫ চন)
  7. ফুলবাৰী গোপাল নাট্য মন্দিৰ সমিতিৰ প্ৰতিষ্ঠাপক মুখ্য সদস্য (ইং ১৯৬১ চন) আৰু একাধিক বাৰ সভাপতি পদত অধিস্থিত।
  8. অবিভক্ত লখিমপুৰ জিলা জিলা (লক্ষীমপুৰ, ধেমাজি) নাথ-যোগী সন্মিলনৰ সভাপতি আৰু একাধিকবাৰ সেই পদত অধিস্থিত (ইং ১৯৮২-৮৫; ১৯৯৪-৯৮)। এনেদৰে জিলা আৰু অঞ্চলটোৰ সকলোবোৰ ধৰ্মীয়, শিক্ষা-সাংস্কৃতিক অনুষ্ঠানৰ লগত আজীৱন সক্ৰিয়ভাবে জড়িত।
  9. শিক্ষকতা পদৰ পৰা অৱসৰ গ্ৰহণ। ৩১ জানুৱাৰী ১৯৯৪ চন।

সাহিত্যৰাজি

  1. নাথযোগী সংবাদঃ- ১৯৮১ ( গ্ৰন্থখন ইং ২০১১ চনৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ (এম এ) মহলাৰ অসমীয়া ৪ৰ্থ কাকতৰ বাবে পাঠ্যপুথিৰ অন্তৰ্ভুক্ত হৈছে।)
  2. ইতিহাসৰ লুপ্ত আৰু গুপ্ত কাহিনী, (স্ব প্ৰকাশ) ইং ১৯৮৭ চন। লক্ষীমপুৰ মহকুমা পৰিষদৰ দ্বাৰা পুৰষ্কৃত।
  3. নাথ ধৰ্মৰ সমীক্ষাত্মক ইতিবৃত্তঃ- ২০০০ চন। (প্ৰকাশক বীনা লাইব্ৰেৰী, গুৱাহাটী ১)
  4. তওভূষন ৰাজমোহন নাথঃ-(বিস্তৃত জীৱন কীৰ্তি আৰু অৱদান) ইং ২০০২ চন। প্ৰকাশক বীনা লাইব্ৰেৰী, গুৱাহাটী
  5. অসমীয়া সংস্কৃতিৰ পটভূমি, (অনুবাদ, ইং ২০০৫, ২০০৮। মূল - The Background ofAssamese Culture by Raj Mohan Nath. BE 1948. প্ৰকাশক বাণী মন্দিৰ)
  6. প্ৰত্নতাত্ত্বিক ৰাজমোহন নাথৰ ৰচনাৱলী, (সংগ্ৰহ আৰু সম্পাদনা ইং ২০০৩, ২০১৩ চন। প্ৰকাশক লয়াছ বুক স্টল, গুৱাহাটী )
  7. ঋগবেদ সংহিতা, (অনুবাদ ২০০৮, ২০১০, মলঃ - Rig Ved Summary by Raj Mohan Nath, BE. 1963 প্ৰকাশক বাণীমন্দিৰ, গুৱাহাটী )
  8. সিন্ধু উপত্যকাৰ লিপি আৰু সভ্যতাত এভুমকি, (অনুবাদ ২০১৩। মূল - AClue to the Indus Valley Scripts and Civilisation by Raj Mohan Nath, BE. 1965 প্ৰকাশক বাণী মন্দিৰ, গুৱাহাটী)
  9. The Products and Pride of Phulbari High School, Own publication, on the occassion of Ratna Jayanti of the School - 2000
  10. ভীষ্ম পৰ্ব নাট, (ভাওনাৰ উপযোগী) ইং ২০১৩, প্ৰকাশক সহজ অৰুণোদয় কেন্দ্ৰ, দ’লহাট বজাৰ, উত্তৰ লক্ষীমপুৰ।
  11. বুঢ়া লুইত তুমি কি দিলা ...? (প্ৰজন্ম ব্যৱধানৰ ৰসাল বৰ্ণনা সমৃদ্ধ গ্ৰন্থ)৷
  12. ফুলবাৰী গোপাল নাট্য মন্দিৰৰ ৰাসোৎসৱৰ নাট ৰচনা।

অপ্ৰকাশিত গ্ৰন্থ

  1. আত্মজীৱনী
  2. সীমান্তৰ খোচ - (একাংকিকা নাটক) চীনা আক্ৰমণৰ পটভমিত ৰচিত।

বঁটা আৰু সন্মান

  1. ১৯৯০-৯১ চনৰ সৰ্বভাৰতীয় জন গননাত (পিয়লত) নিৰীক্ষক (Supervisor) হিচাপে উন্নত মানৰ সেৱা আগবঢ়োৱা বাবদ ৰূপৰ পদক আৰু মানপত্ৰ সহ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ ইং ১৫ আগষ্ট, ১৯৯২ চন।
  2. ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা।( ইং ৫ ছেপ্তেম্বৰ, ১৯৯৩ চন।)
  3. অসম প্ৰাদেশিক নাথ-যোগী সন্মিলনৰ দ্বাৰা একাধিকবাৰ সম্বৰ্দ্ধিত আৰু ইং ২০১২ চনৰ ২৪ মাৰ্চ তাৰিখে শিৱসাগৰ ১৩ বৰ্ষীয় অধিবেশনত অসম নাথ সাহিত্য পৰিষদৰ দ্বাৰা শিক্ষাবিদ স্বৰ্গীয় ৰেৱন চন্দ্ৰ নাথ সোঁৱৰণী বঁটাৰে সন্মানিত।

তথ্যসূত্ৰ

  1. ↑ সমন্বয়, স্মৃতিগ্ৰন্থ, সাহিত্য সভাৰ ফুলবাৰী অধিৱেশন, সম্পাদক গনেশ চন্দ্ৰ নাথ, পৃষ্ঠা-৪৪
  2. ↑ সমন্বয়, স্মৃতিগ্ৰন্থ, সাহিত্য সভাৰ ফুলবাৰী অধিৱেশন, সম্পাদক গনেশ চন্দ্ৰ নাথ, পৃষ্ঠা-৪৪

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভৱকান্ত নাথ” প্ৰবন্ধৰ সংশোধন ৩৭৬০৮৭ (২৮ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।