ভিক্টোৰিয়া ঝড্ৰক উইলছন১ (জন্ম ৩ মাৰ্চ, ১৯৭৩) এগৰাকী আমেৰিকান পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, লেখিকা আৰু মডেল। ১৯৯৪ চনৰ অক্টোবৰ মাহত তেওঁ প্লেবয়ৰ প্লেমেট আছিল। ২০০২ চনৰ জুন মাহত তেওঁ পেণ্টহাউছ আলোচনীৰ পেণ্টহাউচ পেটসকলৰ তালিকা হিচাপে পৰিগণিত হয়, পিছলৈ তেওঁলোকৰ ২০০৪ চনৰ পেণ্টহাউছ পেট অৱ দ্য ইয়েৰ হিচাপে নিৰ্বাচিত হয়। ঝড্ৰক এজন নন-প্ৰেকটিচিং এটৰ্নী, এজন ক্লিনিকেল চাইক'লজিষ্ট আৰু চেক্স থেৰাপিষ্টো।
প্ৰাথমিক জীৱন আৰু শিক্ষা
ঝড্ৰকৰ জন্ম হৈছিল ১৯৭৩ চনৰ ৩ মাৰ্চ তাৰিখে,২ তেতিয়াৰ ইউক্ৰেইনৰ ছোভিয়েট সমাজবাদী গণৰাজ্যৰ ৰাজধানী কিয়ভত।৩ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰাৰ পিছত ঝড্ৰকে ৱেষ্ট চেষ্টাৰ বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন কৰে, ভিলানোভা ইউনিভাৰ্চিটি স্কুল অৱ ল'ৰ পৰা জেডি লাভ কৰে আৰু পি.এইচ.ডি. ড্ৰেক্সেল বিশ্ববিদ্যালয়ৰ পৰা মনোবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৪
মডেলিং কেৰিয়াৰ
১৯৯৪ চনৰ আগষ্ট মাহত ঝড্ৰকক ফিলাডেলফিয়াৰ "বেষ্ট বিউটি"ৰ মুকুট পিন্ধোৱা হয়। একেই বছৰৰে অক্টোবৰ মাহত তেওঁ ভিক্ট'ৰিয়া নিকা ঝড্ৰক হিচাপে প্লেবয় চেণ্টাৰফল্ড হৈ পৰিল।
ঝড্ৰকে পেণ্টহাউচত তেওঁলোকৰ জুন ২০০২ চনৰ পেট অৱ দ্য মান্থ হিচাপে অভিনয় কৰিছিল। তেওঁ ২০০৪ চনত পেণ্টহাউচ পেট অৱ দ্য ইয়েৰ হিচাপে নিৰ্বাচিত হয়। লিন থমাছৰ পিছত তেওঁ দ্বিতীয় চেণ্টাৰফল্ড যিয়ে প্লেবয় প্লেমেট আৰু পেণ্টহাউচ দুয়োটাতে পেট হিচাপে স্থান লাভ কৰে।
ফিল্মোগ্ৰাফী
- ২০০৯ – গাইট টু গ্ৰেট ছেক্স
- ২০০৭ – বেষ্ট অৱ ফেচচিটিং POV 3
- ২০০৬ – এচেচ অৱ ফেচ ডেচ্ট্ৰাকচন
- ২০০৬ – ছ'ল'ইৰ'টিকা ৯
- ২০০৫ – ফ'ৰ ইয়ৰ এচ ওনলি
- ২০০৫ – Assturbators 2
- ২০০৫ – থ্ৰীচ কাম্পেনি
- ২০০৪ – লেচবিয়ান ইন লাষ্ট
- ২০০৪ – ডাৰ্ক ছাইড
- ২০০৩ – টেম্পাৰেচন (প্ৰলোভন)
- ২০০৩ – ছ'ল'ইৰ'টিকা ৪
- ২০০২ – Bare-Skinned Captives
- ২০০০ – চেণ্টাৰফল্ড ক'ডছ: গাৰ্লফ্ৰেণ্ড — বেপা
- ১৯৯৮ – Satin Smoke
- ১৯৯৮ – ষ্টাৰ অৱ জয়পুৰ
কিতাপ
যৌনতাৰ ওপৰত ঝড্ৰকে কেইবাখনো কিতাপ লিখিছে, যাৰ ভিতৰত আছে দ্য এনাটমী অৱ প্লেজাৰ আৰু ড° জেড অন স্ক'ৰিং: হাউ টু পিক আপ, চেডুচ এণ্ড হুক আপ উইথ হট ৱিমেন।৫২
তথ্যসূত্ৰ
- ↑ Wilson, Victoria Zdrok; Wilson, John. (2011). The 30-Day Sex Solution: How to Build Intimacy, Enhance your Sex Life, and Strengthen Your Relationship on One Month's Time. Adams Media. ISBN 978-1-6055-0680-7
- ↑ Zdrok, Victoria Alexandrovna, 1973-. Library of Congress; Linked Data Service; LC Name Authority File (LCNAF)
- ↑ (October 1994). From Russia, With Brains. Playboy. পৃ. 94–105
- ↑ Gross, Dan. (January 17, 2008). Ex-Playmate wrote the book. The Philadelphia Inquirer
- ↑ Zdrok, Victoria. (2008). Dr. Z on Scoring: How to Pick Up, Seduce and Hook Up with Hot Women. Simon & Schuster. পৃ. 350. ISBN 978-1-4165-5155-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টোৰিয়া ঝড্ৰক” প্ৰবন্ধৰ সংশোধন ৬৩২২৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।