অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভামা শ্ৰীনিবাসন

ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৫ ৩৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ভামা শ্ৰীনিবাসন (জন্ম ২২ এপ্ৰিল ১৯৩৫১) হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতক সাধাৰণতে জনা যায় সসীম গোটৰ উপস্থাপনা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেতৰ অৱদানসমূহক নিউথাৰ বক্ততাৰে ১৯৯০ চনত সন্মানীত কৰা হয়। ১৯৮১ চনৰ পৰা ১৯৮৩ চনলৈকে তেখেতে এছ'ছিয়েছন ফ'ৰ অ'মেন ইন মেথেমেটিক্সৰ সভাপতি হিচাপে কৰ্মনিৰ্বাহ কৰে।২

প্ৰাৰম্ভিক শিক্ষা আৰু জীৱন

তেখেতৰ জন্ম হৈছিল ভাৰতৰ চেন্নাইত। তাৰপিছত তেখেতে মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫৪ চনত কলাশাখাত স্নাতক ডিগ্ৰী অৰ্জন কৰে আৰু ১৯৫৫ চনত বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। গৱেষণাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেখেত ইংলেণ্ডলৈ গমন কৰে। পেছাগত শৈক্ষিক জীৱন আৰম্ভ কৰিবলৈ তেখেত ইংলেণ্ডতে থাকি যায়। তেখেতে ১৯৬০ চনৰ পৰা ১৯৬৪ চনলৈকে কিলে বিশ্ববিদ্যালয়ত অংকৰ এগৰাকী প্ৰবক্তা হিচাপে কাম কৰে। তাৰপিছত তেখেত "নেশ্যনেল ৰিচাৰ্ছ কাউন্সিল অৱ কানাডা"ৰ জৰিয়তে ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ত প'ষ্টডক্টৰেলৰ বৃত্তি(১৯৬৫-৬৬) গ্ৰহণ কৰে। তাৰপিছত তেখেত ভাৰতলৈ উভতি আহে আৰু ৰামানুজন গণিত প্ৰতিষ্ঠানত ১৯৬৬ চনৰ পৰা ১৯৭০ চনলৈকে শিক্ষাদান কৰে।৩

কেৰিয়াৰ

তাৰপিছত শ্ৰীনিবাসনে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গমন কৰে আৰু তাৰ পিছৰ দশকটো ক্লাৰ্ক বিশ্ববিদ্যালয়ত সহযোগী অধ্যাপক হিচাপে অধ্যাপনা কৰে। ১৯৭৭ চনত তেখেত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী নাগৰিক হৈ পৰে। সেই বছৰতে তেখেত প্ৰিন্সটনস্থিত উচ্চতৰ অধ্যয়নৰ প্ৰতিষ্ঠানবৰো সদস্য হয়। ১৯৮০ চনত তেখেতে ইলিনয়ছ বিশ্ববিদ্যালয়ত তেখেতৰ সুদীৰ্ঘ অধ্যাপনাৰ কালছোৱাৰ আৰম্ভ কৰে। তেখেতে চিকাগোৰ চাৰ্কল কম্পাছত অংকৰ অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৭৯ চনৰ জানুৱাৰীত তেখেতে আমেৰিকান গাণিতিক সমাজত আদৰণি ভাষণ আগবঢ়ায়।৪ তেখেতে অতিথি অধ্যাপক হিচাপেও পেৰিছ, জাৰ্মানীৰ ইছেন বিশ্ববিদ্যালয়, ছিডনি বিশ্ববিদ্যালয়, আৰু জাপানৰ টকিঅ' বিজ্ঞান বিশ্ববিদ্যালয় ভ্ৰমণ কৰে। তদুপৰি নিজা ক্ষেত্ৰৰ কেইবাখনো পত্ৰিকাৰ সম্পাদনাৰ দায়িত্বতো তেখেত জড়িত আছিল। তাৰভিতৰত: প্ৰচিডিংছ্ অৱ দ্য এএমএছ (১৯৮৩ চনৰ পৰা ১৯৮৭ চনলৈ); কমিউনিকেশ্যনছ ইন এলজেব্ৰা (১৯৭৮ চনৰ পৰা ১৯৮৪ চনলৈকে); মেথেমেটিকেল ছাৰ্ভেইছ এণ্ড ম'ন'গ্ৰাফছ (১৯৯১-১৯৯৩)। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে তেখেত আমেৰিকান গাণিতিক সমাজৰ সম্পাদনা সমিতিৰ লগত জড়িত আছিল।

সসীম গোটৰ গৱেষণাৰ বাবে শ্ৰীনিবাসনে প'ল ফংগৰ লগত সহযোগিতা কৰে। তেখেতৰ এই কৰ্মক লাজটিগে কৰা কোৱাণ্টাম গোটৰ গৱেষণাৰ লগত জড়িত কৰা হৈছে। ফলত গণিত আৰু পদাৰ্থ বিজ্ঞানৰ মাজত এক যোগসূত্ৰ স্থাপিত হৈছে।৫

বঁটা আৰু সন্মান

  • ২০১২ চনত তেখেত আমেৰিকান গাণিতিক সমাজৰ এগৰাকী সভ্য হয়।৬
  • ২০১৭ চনত তেখেত "এছ'ছিয়েছন ফৰ ৱমেন ইন মেথেমেটিক্স"ৰ উদ্বোধণী শ্ৰেণীটোৰ এগৰাকী সদস্য হিচাপে নিৰ্বাচিত হয়।৭

নিৰ্বাচিত কৰ্ম

  • Srinivasan, Bhama. (1968). The characters of the finite symplectic group Sp(4,q). Transactions of the American Mathematical Society. পৃ. 488–525
  • Srinivasan, Bhama. (1979). Representations of finite Chevalley groups. A survey.. Lecture Notes in Mathematics. Springer-Verlag. ISBN 978-3-540-09716-7৮
  • Fong, Paul; Srinivasan, Bhama. (1982). The blocks of finite general linear and unitary groups. Inventiones Mathematicae. পৃ. 109–153

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Bhama Srinivasan The Invasion of Geometry into Finite Group Theory. awm-math.org
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.revolvy.com/page/Bhama-Srinivasan
  4. ↑ url=http://www.ams.org/home/page
  5. ↑ Oakes, Elizabeth H. (2002). International encyclopedia of women scientists. Facts on File. ISBN 0816043817
  6. ↑ List of Fellows of the American Mathematical Society, retrieved 2013-07-26
  7. ↑ Launch of the AWM Fellows Program. awm-math.org/. Association for Women in Mathematics
  8. ↑ Steinberg, Robert. (1981). Review: Representations of finite Chevalley groups, by Bhama Srinivasan. Bull. Amer. Math. Soc. (N.S.). পৃ. 79–83

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞভাৰতীয় মূলৰ আমেৰিকানবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভামা শ্ৰীনিবাসন” প্ৰবন্ধৰ সংশোধন ৫৩৯৭৮০ (২৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।