ভানুমতী দেৱী (Bhanumati Devi; ১৫ মে' ১৯৩৪ – ৪ জানুৱাৰী ২০১৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী আছিল। ওড়িয়া চলচ্চিত্ৰ উদ্যোগত কাম কৰিছিল।১২ ১৯৩৪ চনৰ ১৫ মে'ত ব্ৰিটিছ বাৰ্মাত তেওঁৰ জন্ম হয়।[3][4] দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৰিয়ালৰ সৈতে ভাৰতৰ ওড়িশাৰ পুৰীলৈ স্থানান্তৰ হয়।২৩
কৰ্মজীৱন
১৯৪২ চনত মাত্ৰ সাত বছৰ বয়সতে দেৱীয়ে থিয়েটাৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ কিছুমান সৰ্বোত্তম পৰ্যালোচিত মঞ্চ চৰিত্ৰ আছিল ‘লক্ষ্যে হীৰা’ আৰু ‘নপাহু ৰতি নমাৰু পতি’।৩ দেৱীয়ে কুৰি বছৰতকৈও অধিক সময় কটকৰ অন্নপূৰ্ণা থিয়েটাৰত অভিনয় কৰিছিল।১
১৯৫৪ চনত ঊনৈশ বছৰ বয়সত তেওঁ অমাৰি গন্ন জিয়া ছবিৰে চলচ্চিত্ৰ অভিষেক হয়।[5] তেওঁ বিশেষকৈ ১৯৫০ আৰু ১৯৬০ দশকৰ সময়ছোৱাত ওড়িশাৰ চিনেমাত সক্ৰিয় আছিল। দেৱীয়ে এক ডজনতকৈও অধিক ভাৰতীয় ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১ তেওঁৰ কিছুমান বিশিষ্ট চৰিত্ৰৰ ভিতৰত ১৯৬৬ চনৰ ওড়িয়া ছবি মাটিৰা মনিসাত তেওঁ হাৰাবৌৰ চৰিত্ৰটো, যাৰবাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁৰ শেষৰখন ছবি আছিল জয়দেৱ; এইখন ১৯৮৬ চনত মুক্তি পাইছিল।১
১৯৮৫ চনত দেৱীক সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত কৰা হয়। ২০০৫ চনত তেওঁ জীৱনজোৰা কৃতিত্বৰ বাবে ওড়িশা ৰাজ্যিক চলচ্চিত্ৰ বঁটা- জয়দেৱ বঁটা লাভ কৰে।
তথ্যসূত্ৰ
- ↑ (5 January 2013). Veteran Actor Bhanumati Devi dead. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (6 January 2013). Bhanumati Devi cremated in Puri. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (5 January 2013). Bhanumati leaves the 'stage'. Orissa Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানুমতী দেৱী” প্ৰবন্ধৰ সংশোধন ৪৯১৬০৫ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।