অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মংগলা নাৰ্লিকাৰ

মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ৪২৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

মংগলা নাৰ্লিকাৰ হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে উচ্চ গণিত আৰু সাধাৰণ গণিত, দুয়োখনে ক্ষেত্ৰলৈকে অৱদান আগবঢ়াইছে। গণিতত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ পাছত তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত কৰ্মত নিয়োজিত হয়। পৰৱৰ্তী পৰ্যায়ত তেখেতে মুম্বাই বিশ্ববিদ্যালয় আৰু পুনে বিশ্ববিদ্যালয়ত কৰ্মৰত হয়।১২ গণিত-সম্পৰ্কীয় বিষয়ত তেখেতে ইংৰাজী আৰু মাৰাঠী দুয়োটা বিষয়তে একাধিক গ্ৰন্থ আৰু নিবন্ধ ৰচনা কৰিছে। গাৰ্গী অজুন জিৱন্ত আহে (Gargi Ajun Jeevant Aahe) শীৰ্ষক মাৰাঠী গ্ৰন্থখনৰ বাবে তেখেতে ২০০২ চনত বিশ্বনাথ পাৰ্বতী গোখলে বঁটা লাভ কৰে।৩

সংক্ষিপ্ত জীৱনী

মংগলা নাৰ্লিকাৰে ১৯৬২ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা গণিতত স্নাতক ডিগ্ৰীসহ উত্তীৰ্ণ হয়। ১৯৬৪ চনত একেটা বিষয়তে প্ৰথম স্থানসহ তেখেতে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু লগতে আচাৰ্যৰ সোণৰ পদকো লাভ কৰে।২৪ ১৯৬৬ চনত তেখেতে প্ৰখ্যাত মহাকাশবিদ আৰু পদাৰ্থবিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ লগত বিবাহপাশত আৱদ্ধ হয়। গীতা, গিৰিজা আৰু লীলাৱতী নামেৰে তেওঁলোকৰ তিনিগৰাকী ছোৱালী আছে। আটাইকেইগৰাকীয়ে বিজ্ঞানৰ ক্ষেত্ৰখনতে কেৰিয়াৰ গঢ়িছে। গীতা হৈছে ছান ফ্ৰান্সিস্ক'ৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ জৈৱৰসায়ন বিভাগৰ অধ্যাপক আৰু বাকী দুগৰাকী কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰৰ লগত জড়িত।৫৬

১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈকে নাৰ্লিকাৰে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ গণিত বিভাগত গৱেষক ছাত্ৰী আৰু সহকাৰী গৱেষক হিচাপে কাম কৰে। ১৯৬৭ চনৰ পৰা ১৯৬৯ চনলৈকে তেখেতে কেমব্ৰিজ বিশ্ববিদ্যালয়ত প্ৰাক-স্নাতক শ্ৰেণীত শিক্ষকতা কৰে। ১৯৭৪ চনৰ পৰা ১৯৮০লৈকে তেখেতে টাটাৰ প্ৰতিষ্ঠানখনতে পুনৰ গণিত বিভাগত কৰ্মৰত হয়। ২ বিবাহৰ ১৬ বছৰৰ পিছত, ১৯৮১ চনত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা বিশ্লেষণাত্মক সংখ্যা তত্ত্বত ডক্টৰেট ডিগ্ৰী লাভ কৰে।৭ ৮ ডক্তৰেট ডিগ্ৰী অৰ্জন কৰাৰ পাছত তেখেতে টাটাৰ প্ৰতিষ্ঠানটোতে ১৯৮২-১৯৮৫ চনলৈকে পুল অফিচাৰ হিচাপে কাম কৰি যায়। এই সময়ছোৱাত তেখেতে মুম্বাই বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ এম.ফিল শ্ৰেণীৰ শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল। সময়বিশেষে তেখেতে পুনে বিশ্ববিদ্যালয়ৰ গণিত বিভাগতো ১৯৮৯-২০০২ চন পৰ্যন্ত অধ্যাপনা কৰিছিল। ২০০৬ চনৰ পৰা ২০১০ চনলৈকে তেখেতে ভাস্কৰাচাৰ্য প্ৰতিষ্ঠানৰ কেন্দ্ৰত বিজ্ঞানৰ স্নাতকোত্তৰ শ্ৰেণীৰ শিক্ষাৰ্থীক শিক্ষাদান কৰিছিল। তেখেতৰ গৱেষণাৰ বিচৰণক্ষেত্ৰ হৈছে-বাস্তৱ আৰু জটিল বিশ্লেষণ, বিশ্লেষণাত্মক সংখ্যা তত্ত্ব, বিশ্লেষণাত্মক জ্যামিতি, সংখ্যা তত্ত্ব, আৰু বীজগণিত আদি।২

গণিতৰ গ্ৰন্থ-ৰচনা সম্পৰ্কত তেখেতে লিখিছে: "গণিতক ৰসাল আৰু বোধগম্য কেনেকৈ কৰিব পাৰি,তাৰবিষয়ে কিতাপ লিখি মই আনন্দ পাওঁ। "৯ ঘৰুৱা দায়িত্ব আৰু পেছাগত জীৱনৰ সমান্তৰালভাৱে চলাই যোৱা প্ৰসংগত তেখেতৰ মন্তব্য:"বোধহয় মোৰ জীৱন-কাহিনীটোৱে আজিৰ সময়ৰ বহুতো নাৰীকেই প্ৰতিনিধিত্ব কৰে, যিসকল উচ্চশিক্ষিত হৈও ব্যক্তিগত কেৰিয়াৰতকৈ সাংসাৰিক দায়িত্বক অগ্ৰাধিকাৰ দিয়ে।৬

প্ৰকাশন

নাৰ্লিকাৰে বহুকেইটা বৈজ্ঞানিক প্ৰবন্ধ আৰু একাধিক গ্ৰন্থ ৰচনা কৰিছে। তাৰ ভিতৰত:২

প্ৰবন্ধ

  • Theory of Sieved Integers, এক্টা আৰিথমেটিকা; ৩৮, ১৫৭;
  • On a theorem of Erdos and Szemeredi, হাৰ্ডি ৰামানুজন পত্ৰিকা; ২,৪১; ১৯৮০ চনত।
  • On the Mean Square Value theorem of Hurwitz Zeta function, প্ৰচিডিংছ অৱ নেছাৰেল একাডেমী অৱ চায়েন্স; ৯০,১৯৫; ১৯৮১।
  • Hybrid mean Value Theorem of L-functions, হাৰ্ডি ৰামানুজন পত্ৰিকা; ৯,১১-১৬; ১৯৮৬।
  • On orders solely of Abelian Groups; লণ্ডন গাণিতিক সমাজ পত্ৰিকা; ২০,২১১-২১৬; ১৯৮৮ চনত।
  • বিজ্ঞান যুগত গণিত সম্পৰ্কে কেইবাটাও নিবন্ধ-যিবোৰৰ উদ্দেশ্য হৈছে সাধাৰণ মানুহৰ মনত গণিত সম্পৰ্কে উৎসূকতা সৃষ্টি কৰা।

গ্ৰন্থ

  • গণিতাচাৰ্য চোপ্যা ভাটা, মাৰাঠী শিশূসকলৰ বাবে লিখা।
  • প্ৰাথমিক গণিতলৈ সহজ প্ৰৱেশ, বিদ্যালয়গামী শিশুৰ বাবে লিখা।
  • এক মহাকাশ অভিযান, জয়ন্ত নাৰ্লিকাৰৰ এখন গ্ৰন্থৰ অনুবাদ।

সহায়ক-গ্ৰন্থ

তথ্যসূত্ৰ

  1. ↑ www.ias.ac.in/public/Resources/Initiatives/Women
  2. ↑ Mangala Narlikar. alchetron
  3. ↑ Gargi Ajun Jeevant Aahe - गार्गी अजून जिवंत आहे. Online Book Store India indy.co.in
  4. ↑ Chengalvarayan Gokilvani 2007, পৃ. 110
  5. ↑ Living Legends in Indian Science Jayant Vishnu Narlikar. Current Science
  6. ↑ (9 July 2012). Mangala Narlikar: The Journey of an Informal Mathematician: Academic Featured Biographies. Brainprick
  7. ↑ Indian Women In Science. American Chemical Society
  8. ↑ Chengalvarayan Gokilvani 2007, পৃ. 110
  9. ↑ What Science Academies do for Indian Women in Mathematics. The Institute of Mathematical Sciences

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মংগলা নাৰ্লিকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৫২০০ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।