ভেলেন্টিন’ ৰ’ছি (; জন্ম ১৬ ফেব্ৰুৱাৰী ১৯৭৯ ১) এজন ইটালীৰ এজন পেছাদাৰী মটৰচাইকেল দৌৰৰ (ৰেচিং) প্ৰতিযোগী, তেওঁ একাধিকবাৰ ম’ট’ জি পি (MotoGP) ৱৰ্ল্ড চেম্পিয়নশ্বিপ খিটাপ দখল কৰিছে। তেওঁক মটৰচাইকেল ৰেচিঙৰ সৰ্বকালৰ সফলতম খেলুৱৈ সকলৰ এজন। তেওঁ মুঠ নবাৰ গ্ৰেণ্ড পিক্স ৱ’ৰ্ল্ড চেম্পিয়নশ্বিপ দখল কৰিছে, তাৰে সাতটা খিটাপ আছিল প্ৰীমিয়াৰ শ্ৰেণীৰ।
দেউতাক গ্ৰেজিয়ান’ ৰ’চিক অনুসৰণ কৰি ১৯৯৬ চনত ইটালীৰ এপিৰিলিয়া দলৰ হৈ প্ৰথম বাৰৰ বাবে গ্ৰেণ্ড পিক্সৰ ১২৫চিচি শাখাত অংশগ্ৰহণ কৰে, তাৰ পাছৰ বছৰতে তেওঁ প্ৰথমটো বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে। তাৰ পাছৰে পৰা তেওঁ ২৫০চিচি শাখাত খেলিবলৈ আৰম্ভ কৰে, আৰু ১৯৯৯ চনত ২৫০চিচিৰ বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে। ২০০০ চনত তেওঁ প্ৰীমিয়াৰ শাখালৈ উন্নীত হয়, ২০০১ চনত হোণ্ডা দলৰ হৈ ৫০০ চিচিৰ বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে, ২০০২ আৰু ২০০৩ হোণ্ডা দলৰে হৈ ৰ’ছিয়ে ম’ট’ জিপি বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে, ইয়াৰ পাছত তেওঁ হোণ্ডা দল এৰি য়ামাহা দলৰ হৈ খেলা আৰম্ভ কৰে আৰু ২০০৪ আৰু ২০০৫ চনত বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে। পাছত ২০০৮ আৰু ২০০৯ত তেওঁ পুনৰ বিশ্ব চেম্পিয়ণ হয়২। ২০১১ চনত ৰ’ছিয়ে য়ামাহা এৰি ডুকাটি দলৰ হৈ খেলাৰ কথা ঘোষণা কৰে৩৪, পাছত ২০১২ চনত তেওঁ নিশ্ছিত কৰে যে ২০১৩ আৰু ২০১৪ চনৰ বাবে আকৌ য়ামাহা দলৰ হৈ খেলিব।
৫০০ চিচি ম’ট’ জিপিত জয়ৰ পৰিসংখ্যাৰ ফালৰ পৰা ৮০ টা জয়েৰে, ৰ’ছি তালিকাৰ সৰ্বকালৰ শীৰ্ষত আছে, আৰু সকলোবোৰ শাখাৰ পৰিসংখ্যাত জিয়াচ’ম’ আগষ্টিনি (Giacomo Agostini) ৰ পাছতে দ্বিতীয় স্থানত আছে।
কেৰিয়াৰ
শৈশৱ আৰু আৰম্ভণিৰ বছৰসমূহ
ভেলেন্টিন’ ৰ’ছিৰ জন্ম হৈছিল উৰবিন’ত হৈছিল, তেওঁলোকৰ পৰিয়াল পাছত টাভুলিয়ালৈ উঠি সময়তো ৰ’ছি শিশুৱেই আছিল। প্ৰাক্তন মটৰ চাইকেল ৰেচিং খেলুৱৈ গ্ৰাজিয়ান’ ৰ"ছিৰ পুত্ৰ হোৱা সুত্ৰে কম বয়সৰ পৰাই ৰ’ছিয়ে মটৰ চাইকেল চলোৱা আৰম্ভ কৰে। ৫ ৰেচিঙৰ ক্ষেত্ৰত ৰ’ছিৰ প্ৰথম পচণ্ড আছিল কাৰ্ট ৰেচিং (karting), ১৯৯০ চনত ৰ’ছিয়ে প্ৰথম স্থানীয় কাৰ্ট চেম্পিয়নশ্বিপ দখল কৰে। ৬ তাৰ পাছত তেওঁ মিনিম’ট’ প্ৰতিযোগিতা সমূহত ভাগ ল’বলৈ আৰম্ভ কৰে, ১৯৯১ৰ ভিতৰত তেওঁ কেইবাটাও স্থানীয় খিটাপ জয় কৰে। ১৯৯৩ চনত দেউতাকৰ সহায়ত ৰ’ছিয়ে প্ৰথমবাৰৰ বাবে ১২৫চিচিৰ কেভিগা মিট’ নামৰ বাইকেৰে প্ৰতিযোগিতাত নামে, এই মটৰচাইকেলখন প্ৰথমবাৰতে খুণ্ডিয়াই ভাঙে, সপ্তাহৰ শেষত তেওঁ নৱম স্থান লাভ কৰে। ৭
১২৫ চিচি, ২৫০ চিচি আৰু ৫০০ চিচি বিশ্ব চেম্পিয়নশ্বিপ
১৯৯৪ চনত এপিৰিলিয়া দলৰ হৈ ৰ’ছিয়ে ১২৫চিচি শাখাত খেলাৰ সুবিধা পায়, এপিৰিলিয়াৰ হৈ ১৯৯৪ৰ ইটালীয়ান চেম্পিয়নশ্বিপ, আৰু ১৯৯৫ চনত ইউৰোপিয়ান আৰু ইটালীয়ান চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰে। ১৯৯৬ চনৰ বিশ্ব চেম্পিয়নশ্বিপৰ পাচঁখন ৰেচত খুণ্ডিয়াই পৰাৰ পাছত তেওঁ প্ৰথমবাৰৰ বাবে কিছু সফল হয়। ৰ’ছিয়ে সেই বছৰৰ আগষ্টত চেজ ৰিপাব্লিকত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে। পাচৰ বছৰত ১২৫ চিচিত তেওঁ ১৫ খনৰে ১১ খন ৰেচত জয়ী হৈ নিজৰ আধিপত্য ক্ৰমাত বিস্তাৰিত কৰি তোলে।
১৯৯৮ চনত ২৫০ চিচিত দ্বিতীয় স্থান দখল কৰে, ১৯৯৯ চনত তেওঁ পাচঁটা স্থান লাভ আৰু নটা বিজয়েৰে খিটাপ দখল কৰে। ২০০০ চনত তেওঁ হোণ্ডাৰ হৈ ৫০০চিচিত ভাগ লয়, প্ৰথমবাৰৰ বাবে ৰ’ছিয়ে মেক্স বেগীৰ দৰে খেলুৱৈৰ লগত প্ৰতিদ্বণ্ডিতা কৰে, নখন ৰেচৰ পাছত ৰ’ছিয়ে ৫০০চিচিত প্ৰথম জয়ৰ মুখ দেখে। ২০০০ত তেওঁ দ্বিতীয় স্থানেৰে বছৰ সামৰে।
২০০১ চনত প্ৰথম বাৰৰ বাবে ১১খন ৰেচত জয়ী হৈ ৫০০ চিচিৰ বিশ্ব চেম্পিয়নশ্বিপ দখল কৰে। ২০০২ত ৯৯০ চিচি বাইকৰ প্ৰচলন ঘটে, ২০০১ ৰ’ছিয়ে আমেৰিকাৰ ক’লিন এডৱাৰ্ড হৈতে যুটি বান্ধি চুজুকা ৮ আৱাৰচ চুপাৰবাইক ৰেচ জয়ী হয়।
ম’ট’ জি পি
হোণ্ডা (২০০২-২০০৩)

২০০২ চনত ম’ট’ জি পি বাইকসমূহ প্ৰতিযোগিতা আৰম্ভণি হয়, নতুন বাইকসমূহক লৈ প্ৰথমাৱস্থাত খেলুৱৈ সকল বিভিন্ন অসুবিধাত পৰা দেখা যায়, ৰ’ছিয়ে প্ৰথমখন ৰেচত বিজয়ী হয়, তাৰ পাছত প্ৰথম নখনৰ আঠখন আৰু সৰ্বমুঠ ১১ খন ৰেচ জিকিবলৈ সক্ষম হয়।
২০০৩ চনতো নটা ৰেচ বিজয়েৰে নিজৰ তৃতীয় ক্ৰমাগত বিশ্ব চেম্পিয়ণশ্বিপৰ খিটাপ জিকিবলৈ ৰ’ছি সক্ষম হয়। ফিলিপ দ্বিপপুঞ্জত হোৱা এই অষ্ট্ৰেলিয়ান গ্ৰা. পি.ক ৰ’ছিৰ কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ সময় বুলি বহুতে ক’ব খোজে। এই খেলসমূহত ৰ’ছিৰ লগতে ৰ"ছিয়ে ব্যৱহাৰ কৰা হোণ্ডা RC211V মটৰচাইকেলখনৰ প্ৰদৰ্শনো চমক লগোৱা আছিল। এইবছৰৰ মাজ ভাগত ৰ’ছি ডুকাটি দল যোগদান কৰাৰ সম্ভাৱনাই দেখা দিয়ে যদিও পাছত তেওঁ হোণ্ডা দলৰ হৈয়েই গোটেই বছৰ প্ৰতিযোগিতাত নামে।
২০০৪ চনৰ বাবে ৰ’ছি অৱশেষত য়ামাহাৰ লগত চুক্তিবদ্ধ হয়। য়ামাহাই চুক্তিৰ বাবদ ৰ’ছিক ১২ নিযুত আমেৰিকান ডলাৰ আগবঢ়াই, যি পৰিমাণৰ ধন সেই সময়ত আন কোনো দলে, আনকি হ’ণ্ডায়ো ৰ’ছিক আগবঢ়াবলৈ সক্ষম নাছিল।
য়ামাহা (২০০৪-২০১০)
২০০৪ত ১২ নিযুত আমেৰিকান ডলাৰত ৰ’ছি য়ামাহাৰ লগত চুক্তিবদ্ধ হয়। দক্ষিণ আফ্ৰিকাত হোৱা প্ৰথমখন ৰেচত ৰ’ছি বিজয়ী হয় ইয়াৰ লগে লগে ৰ’ছি বেলেগ বেলেগ নিৰ্মাতাৰ মটৰচাইকেল ব্যৱহাৰ কৰি ক্ৰমাগত ভাবে ৰেচ জিকা একমাত্ৰ খেলুৱৈত পৰিগণিত হয়। ইয়াৰ পাছ্ত আৰু আঠটা ৰেচ জয়েৰে ৰ’ছি পুনৰ বৰ্ষশ্ৰেষ্ঠ হয়।

২০০৫ চনৰ গ্ৰেণ্ড পিক্স মটৰচাইকেল ৰেচিং বৰ্ষত, ৰ’ছিয়ে ৭ম টো বিশ্ব চেমৈয়ণশ্বিপৰ খিটাপ দখল কৰে, এইটো আছিল ক্ৰমাগত পঞ্চমটো ম’ট’ জি পি চেম্পিয়ণশ্বিপ। ২০০৬ চনৰ ম’ট’ জি পিত হেইডেন হাতত পৰাস্ত হৈ বৰ্ষৰ শেষত দ্বিতীয় স্থান দখল কৰে, এইটো চিজনত প্ৰথমৰ পৰাই ৰ’ছিয়ে অগ্ৰগতি বজায় ৰখাত বিফল হয়, অন্তিম ৰেচত ৰ’ছিৰ বাইক খুণ্ডিয়াই পৰাৰ ফলত ৰেচ সম্পূৰ্ণ কৰিব নোৱাৰে।
২০০৭ চনত ৰ’ছিয়ে য়ামাহা YZR-M1 নামৰ ৮০০ চিচিৰ এখন বাইক ব্যৱহাৰ কৰে, এই বৰ্ষত ৰ’ছিয়ে তৃতীয় স্থানতে সন্তুষ্ট থাকিব লগা হয়, কাচে ষ্ট’নাৰে সুন্দৰ প্ৰদৰ্শনেৰে ১০খন ৰেচ জিকি প্ৰথম স্থান দখল কৰে, আনহাতেদি দ্বিতীয় স্থানত থাকে ডেনি পেড্ৰ’ছা।
২০০৮ চনত ৰ’ছিয়ে ব্ৰিডষ্ট’ন টায়াৰ ব্যৱহাৰ কৰে, কটৰত অনুষ্ঠিত প্ৰথম খেলত পঞ্চম স্থান দখল কৰাৰ পাছত ৰ’ছিয়ে এই বৰ্ষত খেলা পাছৰ খেলসমূহত ৰ’ছিয়ে সফলতা লাভ কৰে, বৰ্ষান্তত নটা বিজয়েৰে ৰ’ছিয়ে ৬ষ্ঠটো প্ৰীমিয়াৰ বিশ্ব খিটাপ দখল কৰে, সকলোবোৰ সামৰি ই আছিল অষ্টমটো বিশ্ব খিটাপ।
২০০৯ চনত নৱমটো বিশ্ব খিটাপ জিকাৰ পথত ৰ’ছিয়ে মুঠ ছখন ৰেচত বিজয়ী হয়, এই বৰ্ষত তেওঁ নিজৰ দলেৰেই খেলুৱৈ জৰ্জ ল’ৰেঞ্জক পৰাস্ত কৰে। এই বছৰৰ ডাচ টি টি ৰেচ আছিল ৰ’ছিৰ কেৰিয়াৰৰ ১০০তম বিজয়। ১০০তকৈ অধিক খেলত বিজয়ী হোৱা ৰ’ছি ম’ট’ স্পৰ্টচ বিশ্বৰ দ্বিতীয়জন খেলুৱৈ। ৮
২০১০ চনৰ ম’ট’ জি পিত ৰ’ছি কেইবাবাৰো আঘাত প্ৰাপ্ত হয় আৰু কেইবাবাৰো খেলৰ মাজত তেওঁ মটৰচাইকেলৰ পৰা বাগৰি পৰে, বছৰৰ শেষত ৰ’ছিয়ে চতুৰ্থ স্থানহে দখল কৰিবলৈ সক্ষম হয়।
ডুকাটি (২০১১-২০১২)
২০১১

২০১১ চনত ৰ’ছি দুবছৰৰ বাবে ডুকাটিৰ লগত চুক্তিবদ্ধ হয়, ৩৪ ইয়াত তেওঁ পূৰ্বৰ হ’ণ্ডা দলৰ সহঃ খেলুৱৈ নিকি হেইডেনক পুনৰ একেটা দলত পায়। ২০১০ৰ ৯ নবেম্বৰত ভেলেন্সিয়াত ৰ’ছিয়ে প্ৰথমবাৰৰ বাবে ডুকাটিৰ Desmosedici মটৰচাইকেলখন পৰীক্ষা কৰে।৯ ১৯৯৯ চনৰ পাছত ৰ’ছিয়ে প্ৰথমবাৰৰ বাবে এইয়া কোনো ইটালীয় মটৰচাইকেলত আৰোহণ কৰে। .১০
কটৰত অনুষ্ঠিত বৰ্ষৰ প্ৰথমখন ৰেচত ৰ’ছি সপ্তম স্থানত থাকে, তাৰ পাছৰ জেৰেজ আৰু পৰ্টুগালৰ ৰেচ দুখনত ৰ’ছিয়ে পঞ্চম স্থান দখল কৰে, ইয়াৰে প্ৰথমখন খন খেলত কেচি ষ্ট’নাৰৰ লগত ৰ’ছিৰ বাইকৰ ৰেচিং ট্ৰেকত সংঘৰ্ষ হয়, তাৰ পাছৰ পাঁচখন ৰেচৰ প্ৰথম খনত ৰ’ছিয়ে তৃতীয় স্থান দখল কৰে আৰু আনসমূহত প্ৰথম ৬টা স্থানৰ ভিতৰত থাকে। তাৰ পাছৰ খেলসমূহত ৰ’ছিয়ে বিশেষ সফলতা লাভ নকৰে, প্ৰায়সমূহ খেলতে তেওঁ নৱম বা দশম স্থানহে লাভ কৰে। জাপান আৰু ভেলেন্সিয়াৰ অন্তিম ৰেচত প্ৰথম ৰাউণ্ডতে ৰ’ছিয়ে অৱসৰ ল’ব লগা হয়। মালয়েচিয়াৰ ৰেচত ৰ’ছি আন এক সংঘৰ্ষৰ মুখামুখি হয়, সেই সংঘৰ্ষত পতিত হোৱা আন এজন খেলুৱৈ চিম’নচেল্লিৰ পাছত মৃত্যু হয়। বৰ্ষৰ শেষত ৰ’ছিয়ে কোনো স্থান লাভ কৰিবলৈ সক্ষম নহয়। এইয়াই গ্ৰেণ্ড পিক্স কেৰিয়াৰত ৰ’ছিৰ প্ৰথম বিজয়হীন বৰ্ষ আছিল। ১১
২০১২ কটৰ, জেৰেজ আৰু পৰ্টুগালত ৰ’ছিয়ে ক্ৰমে দশম, নৱম আৰু সপ্তম স্থান লাভ কৰে। Andrea Dovizioso, Cal Crutchlow আৰু কেচি ষ্ট’নাৰৰ লগত তীব্ৰ প্ৰতিদ্বণ্ডিতাৰ অন্তত লা মেনচত ৰ’ছিয়ে তৃতীয় স্থান দখল কৰি বছৰটোত প্ৰথম বাৰৰ বাবে প’ডিয়ামত উঠিবলৈ সক্ষম হয়। কেটালুনিয়াত সপ্তম, চিলভাৰষ্টনত নৱম, আচীয়ানত ত্ৰয়োদশ আৰু Sachsenring আৰু Mugelloত ক্ৰমে ষষ্ঠ আৰু সপ্তম স্থান দখল কৰে।
য়ামাহালৈ প্ৰত্যৱৰ্তন

আগষ্ট মাহৰ ১০ তাৰিখে, ৰ’ছিয়ে ২০১২ বৰ্ষৰ শেষত ডুকাটি এৰাৰ কথা ঘোষণা কৰে,১২ একেদিনাই তেওঁ পুৰণি দল য়ামাহাত পুৰণি সতীৰ্থ জৰ্জ ল’ৰেঞ্জৰ সৈতে দল বান্ধিব বুলি নিশ্ছিত কৰে। ১৩
কটৰত অনুষ্ঠিত প্ৰথমখন খেলত ৰ’ছিয়ে দ্বিতীয় স্থান লাভ কৰে, চাৰ্কিট আৱ আমেৰিকা আৰু জেৰেজ ৰ’ছিয়ে ৬ষ্ঠ আৰু ৪ৰ্থ স্থান লাভ কৰে। লা মেনচৰ ৰেচত সংঘৰ্ষৰ মুখামুখি হোৱাৰ পাছতো ৰ’ছিয়ে ১২শ স্থান লাভ কৰিবলৈ সক্ষম হয়। তাৰ পাছত মুগেল’ৰ ৰেচত ৰ’ছি বাইকৰ পৰা পৰি বাহিৰ হয়, কেটালুনিয়াত চতুৰ্থ স্থান পোৱাৰ পাছ্ত, আচীয়ান ৰেচত ৰ’ছিয়ে ডেনি পেড্ৰচাক পৰাস্ত কৰি প্ৰথম স্থান লাভ কৰে, ২০১০ চনৰ মালয়েচিয়া ৰেছৰ পাছ্ত এই প্ৰথমবাৰৰ বাবে ৰ’ছিয়ে কোনো ৰেচত প্ৰথম হয়। জাৰ্মান আৰু ইউ. এচ. দুয়োখন গেণ্ড পিক্সত ৰ’চিয়ে তৃতীয় স্থান লাভ কৰে।
তথ্যসূত্ৰ
- ↑ Valentino Rossi. MotoGP
- ↑ Cool Rossi crowned world champion, BBC
- ↑ (15 August 2010). Yamaha and Valentino to part company at end of 2010. Yamaha Motor Racing. Yamaha Motor Company
- ↑ (15 August 2010). Valentino Rossi to leave Yamaha for Ducati in 2011. BBC Sport. BBC
- ↑ (16 February 1979). MotoGP – Valentino Rossi. Yamaha Racing
- ↑ (16 February 1979). MotoGP – Valentino Rossi. Yamaha Racing
- ↑ Rossi, pages 93–94
- ↑ (28 June 2009). Rossi earns 100th career victory. BBC Sport. BBC
- ↑ Birt, Matthew. (9 November 2010). Valentino Rossi tenth on Ducati debut. Motorcycle News. Bauer Media Group
- ↑ (14 January 2011). New start for Rossi and Ducati. One. Ten Network Holdings
- ↑ (23 January 2012). Lorenzo: Rossi not fading yet. Yahoo! Eurosport. TF1 Group
- ↑ (10 August 2012). Ducati and Rossi to part ways at the end of 2012. MotoGP.com. Dorna Sports
- ↑ (10 August 2012). Rossi heads back to Yamaha for 2013 on two-year contract. MotoGP.com. Dorna Sports
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেণ্টিন’ ৰ’ছি” প্ৰবন্ধৰ সংশোধন ৪২৮২০৯ (৭ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।