ভিক্টৰ এমিল ফ্ৰাংকল (Austrian German: [ˈfraŋkl̩]; ২৬ মাৰ্চ ১৯০৫ – ২ ছেপ্টেম্বৰ ১৯৯৭)১ আছিল এজন অষ্ট্ৰিয়ান স্নায়ুবিজ্ঞানী, মনোৰোগ বিশেষজ্ঞ, দাৰ্শনিক আৰু ইহুদী গণহত্যাত (holocaust) মৃত্যুৰ মুখৰপৰা বাচি অহা ব্যক্তি।২ তেওঁ লোগোথেৰাপি (logotherapy) নামৰ মনোচিকিৎসাৰ এটা ধাৰাৰ প্ৰতিষ্ঠা কৰিছিল। এই পদ্ধতিয়ে জীৱনৰ অৰ্থৰ সন্ধানক মানুহৰ মুখ্য প্ৰেৰণা শক্তি বুলি বৰ্ণনা কৰে৩। লোগোথেৰাপি অস্তিত্ববাদী আৰু মানবতাবাদী মনোবিজ্ঞান তত্ত্বৰ এটা অংশ।৪
লোগোথেৰাপিক ভিয়েনাৰ মনোচিকিৎসাৰ তৃতীয়টো ধাৰা (স্কুল) হিচাপে গণ্য কৰা হয়। চিগ্মণ্ড ফ্ৰয়েড আৰু আলফ্ৰেড এডলাৰৰদ্বাৰা প্ৰতিষ্ঠিত ধাৰাৰ পাছত এই ধাৰাৰ জন্ম হৈছিল।৫
ফ্ৰাংকলে মুঠ ৩৯খন গ্ৰন্থ লিখিছিল।৬ তেওঁৰ আটাইতকৈ জনপ্ৰিয় আত্মজীৱনীমূলক গ্ৰন্থ Man’s Search for Meaning ( অৰ্থৰ সন্ধানত মানুহ) তেওঁৰ বিভিন্ন নাৎসী কনচেণ্ট্ৰেছন শিবিৰত থকা অভিজ্ঞতাৰ ওপৰত আধাৰিত।৭
প্ৰাৰম্ভিক জীৱন
ভিক্টৰ ফ্ৰেংকলৰ জন্ম হৈছিল ভিয়েনাত বসবাস কৰা এটা ইহুদী পৰিয়ালত। তিনিজন সন্তান থকা পৰিয়ালটোত তেওঁ আছিল মাজু। মাতৃৰ নাম আছিল এলছা ফ্ৰেংকল। পিতৃ গেব্ৰিয়েল ফ্ৰেংকল সমাজ সেৱা মন্ত্ৰ্যালয়ৰ এজন কৰ্মচাৰী আছিল। সেই সময়ত ভিয়েনা চহৰখন অষ্ট্ৰ'-হাংগেৰীয় সাম্ৰাজ্যৰ অন্তৰ্গত আছিল।১
শৈশৱৰপৰা কৈশোৰলৈ অগ্ৰসৰ হওঁতে মনোবিজ্ঞান আৰু জীৱনৰ “অৰ্থ” (meaning) জনাৰ প্ৰতি তেওঁৰ আগ্ৰহ ধীৰে ধীৰে বিকশিত হৈছিল। জুনিয়ৰ হাইস্কুলত অধ্যয়ন কৰি থকা সময়তেই তেওঁ প্ৰায়োগিক মনোবিজ্ঞানৰ ওপৰত নিশাৰ শ্ৰেণীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল।১ কৈশোৰ অৱস্থাত তেওঁ চিগ্মণ্ড ফ্ৰয়েডৰ (Sigmund Freud)ৰ সৈতে পত্ৰালাপ আৰম্ভ কৰে। তেওঁৰ প্ৰতিভা আৰু চিন্তাধাৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি ফ্ৰয়েডে তেওঁৰ এটা প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে অনুমতি বিচাৰে।৮৯
১৯২৩ চনত উচ্চ মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ ভিয়েনা বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানত অধ্যয়ন আৰম্ভ কৰে।
১৯২৪ চনত ফ্ৰেংকলৰ প্ৰথমখন বৈজ্ঞানিক গৱেষণা-পত্ৰ ইণ্টাৰনেচনেল জেইটস্ক্ৰিফ্ট ফৰ চাইকোএনালাইয (Internationale Zeitschrift für Psychoanalyse) নামৰ আলোচনীত প্ৰকাশ পায়। ''১০ একে বছৰতে তেওঁ ছ'চিয়েল ডেমোক্ৰেটিক পাৰ্টি অব অষ্ট্ৰিয়াৰ (Social Democratic Party of Austria)ৰ অন্তৰ্গত হাইস্কুল শিক্ষাৰ্থীসকলৰ এটা যুৱ সংগঠন Sozialistische Mittelschüler Österreichৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ফ্ৰেংকলৰ পিতৃ এজন দৃঢ় সমাজবাদী আছিল আৰু তেওঁ নিজৰ পুত্ৰৰ নাম দলৰ প্ৰতিষ্ঠাপক ভিক্টৰ এডলাৰৰ (Viktor Adler)ৰ নামানুসাৰে ৰাখিছিল।১১১ এই সময়ছোৱাত ফ্ৰেংকলে ফ্ৰয়েডীয় মনোবিশ্লেষণৰ ধাৰণাসমূহক সমালোচনামূলক দৃষ্টিভংগীৰে পুনৰ্বিবেচনা কৰিবলৈ আৰম্ভ কৰে। তেওঁ আলফ্ৰেড এডলাৰ(Alfred Adler)ৰ ছাত্ৰসমূহৰ বৃত্তত যোগদান কৰে আৰু ১৯২৫ চনত এডলাৰৰ ইণ্টাৰনেচনেল জাৰ্নেল অৱ ইনডিভিডুৱেল চাইক'লজী(International Journal of Individual Psychology)ত তেওঁৰ দ্বিতীয় একাডেমিক প্ৰবন্ধ চাইকথেৰাপি এণ্ড ৱৰ্ল্ড ভিউ (Psychotherapy and Worldview) প্ৰকাশ কৰে।১ কিন্তু, “অৰ্থ”ক মানুহৰ আচৰণৰ মূল প্ৰেৰণা শক্তি বুলি জোৰ দি কোৱাৰ বাবে তেওঁক এডলাৰৰ গোটৰপৰা বহিষ্কাৰ কৰা হয়২ ১৯২৬ চনৰপৰা ফ্ৰেংকলে নিজৰ তাত্ত্বিক ধাৰণাসমূহক অধিক সুসংহত আৰু পৰিস্ফুট ৰূপ দিবলৈ আৰম্ভ কৰে, যাক তেওঁ “লোগোথেৰাপি” (logotherapy) বুলি অভিহিত কৰে|১২
মনোৰোগবিদ্যা
১৯২৮ৰপৰা ১৯৩০ চনৰ ভিতৰত, তেওঁ চিকিৎসাবিদ্যাৰ ছাত্ৰ হৈ থকাৰ সময়তে, বাৰ্ষিক পৰীক্ষাৰ ফলাফল প্ৰকাশৰ সময়ত কিশোৰ-কিশোৰীৰ আত্মহত্যাৰ সংখ্যা বৃদ্ধি হোৱাৰ সমস্যাটোৰ মোকাবিলা কৰিবলৈ যুৱ পৰামৰ্শ কেন্দ্ৰসমূহ সংগঠিত কৰিছিল।১৩ এই কাৰ্যসূচী ভিয়েনা চহৰৰ পৃষ্ঠপোষকতাত চলিছিল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়া আছিল। ফ্ৰাংকলেই এই কেন্দ্ৰৰ বাবে আন মনোবিজ্ঞানীসকলকো অন্তৰ্ভুক্ত কৰিছিল, যেনে, চাৰ্লটি বাহলাৰ Charlotte%20Bühler) Charlotte Bühler)], আৰউইন ৱেক্সবাৰ্গ (Erwin Wexberg) আৰু ৰুডল্ফ ড্ৰেইকাৰ্চ(Rudolf Dreikurs)। ১৯৩১ চনত, ভিয়েনাৰ এজনো ছাত্ৰই আত্মহত্যা কৰা নাছিল।১৪
১৯৩০ চনত এম.ডি. ডিগ্ৰী লাভ কৰাৰ পাছত, ফ্ৰাংকলে ষ্টেইনহ'ফ চাইকিয়াত্ৰিক হস্পিটেল(Steinhof Psychiatric Hospital)-ত আত্মহত্যাপ্ৰৱণ মহিলাসকলৰ চিকিৎসাৰ দায়িত্বত নিয়োজিত হৈ বিস্তৃত অভিজ্ঞতা লাভ কৰে। ১৯৩৭ চনত তেওঁ ব্যক্তিগত চিকিৎসালয় আৰম্ভ কৰে, কিন্তু ১৯৩৮ চনত অষ্ট্ৰিয়া নাজীৰ দখললৈ যোৱাৰ পাছত তেওঁৰ ৰোগী চিকিৎসাৰ সুযোগ সীমিত হৈ পৰে।১
১৯৪০ চনত তেওঁ ৰথশ্চাইল্ড হস্পিটেল (Rothschild Hospital)ত যোগদান কৰে। সেই সময়ত ভিয়েনাত এইখনেই আছিল ইহুদীসকলৰ বাবে মুক্ত একমাত্ৰ চিকিৎসালয়। তেওঁ ইয়াত নিউৰ’লজি বিভাগৰ মুৰব্বী হিচাপে কাম কৰিছিল। শিবিৰসমূহলৈ পঠোৱাৰ আগতে, তেওঁ বহুতো ৰোগীক মানসিকভাৱে অসুস্থ লোকসকলক লক্ষ্য কৰি চলোৱা নাৎসী “ইউথেনেছিয়া” কাৰ্যসূচীৰপৰা ৰক্ষা কৰিছিল২১৫।
১৯৪২ চনত, বিবাহৰ মাত্ৰ ন মাহৰ ভিতৰত, ফ্ৰাংকল আৰু তেওঁৰ পৰিয়ালক থেৰেজিয়েনষ্টাট কনচেণ্ট্ৰেছন কেম্প (Theresienstadt concentration camp)-লৈ পঠোৱা হয়। তাতেই তেওঁৰ পিতৃ অনাহাৰ আৰু নিউমোনিয়াত মৃত্যুবৰণ কৰে।
১৯৪৪ চনত, ফ্ৰাংকল আৰু তেওঁৰ জীৱিত আত্মীয়সকলক আউশ্ভিৎস কনচেণ্ট্ৰেছন কেম্প( Auschwitz concentration camp-)লৈ স্থানান্তৰ কৰা হয়, য’ত তেওঁৰ মাতৃ আৰু ভাতৃক গেছ চেম্বাৰত হত্যা কৰা হয়। তেওঁৰ পত্নী টিল্লী পিছত টাইফাছ ৰোগত বাৰ্জেন-বেলচেন কনচেণ্ট্ৰেছন কেম্প (Bergen-Belsen concentration camp)ত মৃত্যুবৰণ কৰে। ফ্ৰাংকলে চাৰিটা কনচেনট্ৰেছন কেম্পত তিনিবছৰ সময় অতিবাহিত কৰিছিল।৭
যুদ্ধৰ পিছত, তেওঁ জেনেৰেল পলিক্লিনিক, ভিয়েনাৰ নিউৰ’লজি বিভাগৰ মুৰব্বী হয় আৰু নিজৰ ঘৰতে ব্যক্তিগত চিকিৎসালয় স্থাপন কৰে। ১৯৭০ চনত অৱসৰ পৰ্যন্ত তেওঁ ৰোগীসকলৰ সৈতে কাম কৰি আছিল।২
১৯৪৮ চনত, তেওঁ ভিয়েনা বিশ্ববিদ্যালয়ৰপৰা দৰ্শনত পিএইচ.ডি. ডিগ্ৰী লাভ কৰে। তেওঁৰ 'অচেতন ঈশ্বৰ'( The Unconscious God) নামৰ গৱেষণা -পত্ৰত মনোবিজ্ঞান আৰু ধৰ্মৰ মাজৰ সম্পৰ্ক বিশ্লেষণ কৰা হৈছে।১৬ ইয়াত তেওঁ গ্ৰাহকসকলক তেওঁলোকৰ আধ্যাত্মিক অচেতন সত্তাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ছক্ৰেটিছীয় ডায়লগ পদ্ধতি ব্যৱহাৰৰ পক্ষে মত প্ৰকাশ কৰে১৭ ।

১৯৫৫ চনত, ফ্ৰাংকলক ভিয়েনা বিশ্ববিদ্যালয়ত নিউৰ’লজি আৰু মনোৰোগবিদ্যাৰ অধ্যাপক হিচাপে নিযুক্তি দিয়া হয়। তেওঁ অতিথি অধ্যাপক হিচাপে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়(১৯৬১), চাউদাৰ্ন মেথদিষ্ট বিশ্ববিদ্যালয় ( ১৯৬৬) (Southern Methodist University, 1966) আৰু ডুকেইন বিশ্ববিদ্যালয় ( Duquesne University (১৯৭২)-ত বক্তৃতা প্ৰদান কৰে।১২
নিজৰ সমগ্ৰ জীৱনত, ফ্ৰাংকলে পূৰ্বৰ মনোচিকিৎসা পদ্ধতিসমূহৰ হ্ৰাসবাদ( Reductionism)ধৰ্মী প্ৰৱণতাই ৰোগীক অমানৱীয় কৰি তোলে বুলি যুক্তি আগবঢ়ায় আৰু মনোচিকিৎসাৰ পুনৰ-মানৱীকৰণৰ পক্ষে মত প্ৰকাশ কৰে।১৮ আমেৰিকান চাইকিয়াত্ৰিক এচচিয়েচন (American Psychiatric Association)এ ১৯৮৫ চনত ধৰ্ম আৰু মনোৰোগবিদ্যাৰ ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে অস্কাৰ ফাইষ্টাৰ বঁটা(Oskar Pfister Award) প্ৰদান কৰে।১৮
মেনছ চাৰ্ছ ফৰ মিনিং
সাধাৰণ পলিক্লিনিক চিকিৎসালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ মুৰব্বী হিচাপে কৰ্মৰত অৱস্থাত ফ্ৰাংকলে মাত্ৰ ন দিনৰ ভিতৰতে মেনছ চাৰ্ছ ফৰ মিনিিং( Man's Search For Meaning)গ্ৰন্থখন লিখি শেষ কৰিছিল।১৯ এই গ্ৰন্থখনৰ মূল শিৰোনাম আছিল এ চাইক'লজিষ্ট এক্সপিৰিয়েন্সেছ দি কনচেণ্ট্ৰেছন কেম্প(A Psychologist Experiences the Concentration Camp) আৰু ই ১৯৪৬ চনত জাৰ্মান ভাষাত প্ৰকাশ পায়। ইয়াৰ ইংৰাজী অনুবাদ মেনছ চাৰ্ছ ফৰ মিনিং ১৯৫৯ চনত প্ৰকাশিত হয় আৰু অতি সোনকালেই এক আন্তঃৰাষ্ট্ৰীয় বেষ্টছেলাৰ গ্ৰন্থ হিচাপে পৰিগণিত হয়।২ ফ্ৰাংকলে এই সফলতাক 'আধুনিক যুগৰ গণ মানসিক স্নায়ুৰোগ”ৰ এক লক্ষণ হিচাপে ব্যাখ্যা কৰিছিল, কিয়নো গ্ৰন্থখনৰ শিৰোনামে মানুহৰ জীৱনৰ অৰ্থ সম্পৰ্কীয় মৌলিক প্ৰশ্নৰ সৈতে মোকাবিলা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।২০ এই গ্ৰন্থখনৰ কোটি কোটি কপি পৃথিৱীৰ বহু ভাষাত বিক্ৰী হয়। ১৯৯১ চনত লাইব্ৰেৰী অৱ কংগ্ৰেছ আৰু বুক অৱ দি মন্থ ক্লাব-এ যৌথভাৱে চলোৱা এক সমীক্ষাত মেনছ চাৰ্ছ ফৰ মিনিং-ক আমেৰিকাৰ সৰ্বাধিক প্ৰভাৱশালী দহখন গ্ৰন্থৰ অন্যতম হিচাপে স্বীকৃতি দিয়া হৈছিল।২১
লোগোথেৰাপি আৰু অস্তিত্বমূলক বিশ্লেষণ
ফ্ৰাংকলে লোগোথেৰাপি আৰু অস্তিত্বমূলক বিশ্লেষণৰ বিকাশ ঘটাইছিল। এই দুয়োটা ধাৰণা দাৰ্শনিক আৰু মনোবৈজ্ঞানিক ভাবনাৰ ওপৰত, বিশেষকৈ জীৱনত অৰ্থ বিচাৰি পোৱাৰ মানৱীয় আকাংক্ষা আৰু স্বাধীন ইচ্ছাশক্তিৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।২২২৩ ফ্ৰাংকলৰ মতে, জীৱনৰ অৰ্থ উপলব্ধি কৰাৰ তিনিটা মুখ্য উপায় আছে— পৃথিৱীত কোনো ইতিবাচক পৰিৱৰ্তন আনিবলৈ কিবা কৰা, বিশেষ অভিজ্ঞতা লাভ কৰা, অথবা বিশেষ মানসিক মনোভাব গ্ৰহণ কৰা।২৪২২২৩
লোগোথেৰাপি আৰু অস্তিত্বমূলক বিশ্লেষণে আগবঢ়োৱা মুখ্য কৌশলসমূহ হ’ল—
- পেৰাডক্সিকেল অভিপ্ৰায় (Paradoxical intention):
ভুক্তভোগীয়ে আত্ম-দূৰত্ব (self-distancing) আৰু হাস্যৰসাত্মক অতিৰঞ্জনৰ জৰিয়তে নিজৰ আসক্তি বা উৎকণ্ঠাক জয় কৰিবলৈ শিকে।
- বিচ্যুতি (Dereflection):
ৰোগীৰ মনোযোগ তেওঁলোকৰ সমস্যাৰ লক্ষণবোৰৰপৰা আঁতৰাই অন্য দিশলৈ নিয়া হয়, কিয়নো লক্ষণসমূহৰ ওপৰত অত্যধিক আত্ম-মনোনিৱেশে নিষ্ক্ৰিয়তা আনিব পাৰে।২৫
- চক্ৰেটিক সংলাপ (Socratic dialogue) আৰু মনোভাবৰ পৰিৱৰ্তন: এজন ৰোগীক জীৱনৰ স্ব-সংজ্ঞায়িত অৰ্থ বিচাৰি উলিয়াই তাক অনুসৰণ কৰিবলৈ সহায় কৰাৰ বাবে প্ৰশ্ন উত্থাপন কৰা হয়।২৬
অৰ্থ বা অভিপ্ৰায়ক মানসিক স্বাস্থ্যৰ এক কেন্দ্ৰীয় প্ৰেৰণা-শক্তি হিচাপে স্বীকৃতি দিয়াটো মনোবিজ্ঞানৰ ক্ষেত্ৰত ফ্ৰাংকলৰ চিৰস্থায়ী অৱদান। এই চিন্তাধাৰাই পৰৱৰ্তী সময়ত ইতিবাচক মনোবিজ্ঞান (positive psychology) ক্ষেত্ৰৰ মৌলিক নীতিসমূহৰ ভেটি স্থাপন কৰিছে।২৭
হাছিডিক ইহুদী ধৰ্মৰ চাবাদ দৰ্শনত ফ্ৰাংকলৰ কৰ্মক সমৰ্থন কৰা হৈছে। ২৮
তথ্যসূত্ৰ
- ↑ Frankl, Viktor Emil. (2000). Viktor Frankl Recollections: An Autobiography. Basic Books. ISBN 978-0738203553
- ↑ Haddon Klingberg. (2001). When life calls out to us: the love and lifework of Viktor and Elly Frankl. Doubleday. পৃ. 155. ISBN 978-0385500364
- ↑ Längle, Alfried. (2015). From Viktor Frankl's Logotherapy to Existential Analytic psychotherapy; in: European Psychotherapy 2014/2015. Austria: Home of the World's Psychotherapy.. Serge Sulz, Stefan Hagspiel (Eds.). পৃ. 67
- ↑ Redsand, Anna. (2006). Viktor Frankl: A Life Worth Living. Houghton Mifflin Harcourt. ISBN 978-0618723430
- ↑ Corey, G. (2021). Theory and practice of counseling and psychotherapy. Cengage
- ↑ (2011). Viktor Frankl – Life and Work. www.viktorfrankl.org. Viktor Frankl Institute Vienna
- ↑ Schatzmann, Morton. (5 September 1997). Obituary: Viktor Frankl. The Independent (UK)
- ↑ Viktor Frankl · Biography, Books, Theory, & Facts. Encyclopedia Britannica
- ↑ Hatala, Andrew. (2010). Frankl and Freud: Friend or Foe? Towards Cultural & Developmental Perspectives of Theoretical Ideologies. Psychology and Society. পৃ. 1–25
- ↑ List of books and articles about Viktor Frankl
- ↑ Pytell, T. (2000). The Missing Pieces of the Puzzle: A Reflection on the Odd Career of Viktor Frankl. Journal of Contemporary History, 35(2), 281–306. doi:10.1177/002200940003500208
- ↑ Viktor Frankl Biography. Viktor Frankl Institute Vienna
- ↑ Batthyány. (2016). Logotherapy and Existential Analysis. Proceedings of the Viktor Frankl Institute Vienna, Volume 1. Springer International. পৃ. 3–6. ISBN 978-3319805689
- ↑ Frankl, Viktor E. (2005). Frühe Schriften, 1923–1942. W. Maudrich. ISBN 3851758129
- ↑ Neugebauer, Wolfgang. (2002). Von der Zwangssterilisierung zur Ermordung. Zur Geschichte der NS-Euthanasie in Wien Teil II. Böhlau. পৃ. 99–111. ISBN 978-3205993254
- ↑ Boeree, George. "Personality Theories: Viktor Frankl." Shippensburg University. Accessed 18 April 2014
- ↑ Lantz, James E. "Family logotherapy." Contemporary Family Therapy 8, no. 2 (1986): 124–135
- ↑ Frankl, Viktor. (2000). Man's search for ultimate meaning. Perseus Pub. ISBN 978-0738203546
- ↑ The Life of Viktor Frankl. Viktor Frankl Institute of America
- ↑ Frankl, Viktor. (2010). The Feeling of Meaninglessness. Marquette University Press. ISBN 978-0874627589
- ↑ Fein, Esther B. (20 November 1991). New York Times, 11-20-1991. The New York Times
- ↑ Frankl, Viktor. (2014). The Will to Meaning: Foundations and Applications of Logotherapy.. Penguin/Plume. ISBN 978-0142181263
- ↑ What is Logotherapy/Existential Analysis
- ↑ Frankl, Viktor. (2019). The Doctor and the Soul. From Psychotherapy to Logotherapy. Vintage Books. ISBN 978-0525567042
- ↑ Frankl, Viktor E. (1975). Paradoxical intention and dereflection.. Psychotherapy: Theory, Research & Practice. পৃ. 226–237
- ↑ Ameli, M., & Dattilio, F. M. (2013). Enhancing cognitive behavior therapy with logotherapy: Techniques for clinical practice.. Psychotherapy. পৃ. 387–391
- ↑ "Viktor Frankl’s Meaning-Seeking Model and Positive Psychology". Chapter from book Meaning in Positive and Existential Psychology (pp. 149–184)
- ↑ Biderman, Jacob. The Rebbe and Viktor Frankl
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিক্টৰ ফ্ৰাংকল” প্ৰবন্ধৰ সংশোধন ৬৩০৮২৮ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।