অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনপ্ৰীত কৌৰ

মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ। ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।

হালনাগাদ: ১৩ আগষ্ট ২০২১ ২৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

মনপ্ৰীত কৌৰ (জন্ম ৫ ৰ্মাচ,১৯৯০) ভাৰতৰ আম্বালাৰ এগৰাকী অলিম্পিক শ্বট-পুটাৰ।১ ২০১৭ চনত চীন দেশৰ জিনহোৱাত অনুষ্ঠিত হোৱা এছিয়ান গ্ৰেণ্ড প্ৰিস্কত ১৮.৮৬ মিটাৰৰ সোণৰ পদক বিজয়ী প্ৰৰ্দশনেৰে তেওঁ নিজকে বিশ্ব তালিকাৰ শীৰ্ষস্থানত লৈ যাবলৈ সক্ষম হৈছিল।২ তেওঁ মহিলাৰ শ্বট পুটৰ ১৭.৯৬ মিটাৰৰ ভাৰতীয় ৰেৰ্কডৰো অধিকাৰী। ২০১৬ চনত ৰিঅ'ত অনুষ্ঠিত হোৱা গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ ভাৰতক শ্বটপুটত প্ৰতিনিধিত্ব কৰাৰ বাবে নিৰ্বাচিত হৈছিল।৩

প্ৰাৰম্ভিক জীৱন

কৌৰ তেওঁৰ পিতৃ-মাতৃৰ তিনি সন্তানৰ ভিতৰত সকলোতকৈ ডাঙৰ আছিল, তেওঁৰ পিতৃ এজন কৃষক আছিল আৰু কৌৰৰ ১৩ বছৰ বয়সতে পিতৃৰ মৃত্যু হৈছিল আৰু ২০০৬ চনত তেওঁৰ মাতৃ স্নায়ুজনিত ৰোগত আক্ৰান্ত হৈছিল।৪ তেওঁ তেওঁৰ ভাতৃসকলৰ সৈতে খেলা ধূলাত অংশগ্ৰহণ কৰিছিল আৰু ইয়াৰ জৰিয়তেই ক্ৰীড়াৰ ক্ষেত্ৰখনৰ প্ৰতি তেওঁ আগ্ৰহী হৈ পৰিছিল। তেওঁক আৰম্ভণিতে ১০০ মিটাৰ দৌৰৰ বাবে এবছৰ প্ৰশিক্ষণ দিয়া হৈছিল যদিও তেওঁৰ ভাতৃয়ে মত দিছিল যে তেওঁৰ শ্বট-পুটতহে বেছি সম্ভাৱনা আছে। ভাতৃৰ মত সৰোগত কৰি তেওঁ শ্বটপুটৰ অভ্যাস আৰম্ভ কৰিছিল।৪ তেওঁৰ বাসস্থান পাটিয়ালাৰ সাহাউলি গাঁওত আৰু ভাৰতীয় ৰেলৰ এগৰাকী কৰ্মচাৰী।৫

কেৰিয়াৰ

কৌৰ ২০০৭ ত Ostrovaত অনুষ্ঠিত হোৱা ৫ম IAAFত ৫ম বিশ্ব যুৱ প্ৰতিযোগিতাত নৱম স্থান পাবলৈ সক্ষম হৈছিল।২০১০ চনত তেওঁ ৩ বছৰৰ বাবে অৱসৰ গ্ৰহণ কৰিছিল আৰু ২০১৫ চনত মহিলাৰ শ্বটপুটৰ ১৮ বছৰীয়া এক ৰেৰ্কড ভংগ কৰি প্ৰত্যাবৰ্তন কৰিছিল। তেওঁ কলিকতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰিছিল।৫

২০১৬ গ্ৰীষ্মকালীন অলিম্পিক

২০১৬ চনত ৰিঅ' অলিম্পিকত মহিলাৰ শ্বটপুটৰ বাবে ভাৰতৰ হৈ নিৰ্বাচিত হোৱা একমাত্ৰ মহিলাগৰাকী আছিল মনপ্ৰীত কৌৰ।৬ তেওঁ কলিকতাত অনুষ্ঠিত হোৱা নেচনেল অপেন এথলেটিকছ চেম্পিয়নশ্বিপত ১৭.৯৬ মিটাৰ প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছিল।৫৭৮

এছিয়ান গ্ৰেণ্ড-প্ৰি

এছিয়ান গ্ৰেণ্ড-প্ৰিৰ প্ৰথম পৰ্যায়ত কৌৰে ভাৰতৰ জাতীয় ৰেৰ্কড ভংগ কৰি সোণৰ পদক লাভ কৰিছিল।৯ তেওঁ তেওঁৰ জীৱনৰ ১৮.৮৬ মিটাৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰৰ্দশন কৰিছিল, যাৰ দ্বাৰা তেওঁ লণ্ডনত অনুষ্ঠিত হবলগীয়া IAAF বিশ্ব চেম্পিয়নশ্বিপৰ বাবে যোগ্যতা অৰ্জন কৰিছিল। এই বিশ্ব প্ৰতিযোগিতাখনত মহিলাৰ বাবে ১৭.৭৫ মিটাৰৰ পৰা যোগ্যতা অৰ্জন হয়।৯ কৌৰ ২০১৭ চনত ওড়িশাত অনুষ্ঠিত হোৱা এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰে।১০ কৌৰ ২০১৭ চনত dimethylbutylamine পৰীক্ষণত বহুবাৰ পজিটিভৰূপে চিনাক্ত হৈছিল।১১

ব্যক্তিগত জীৱন

বিশ্ববিদ্যালয় পৰ্যায়ৰ এগৰাকী শ্বটপুটাৰ আৰু কৌৰৰ প্ৰশিক্ষক কৰমজীত সিংহৰ সৈতে তেওঁৰ বিবাহ হয়।৭ দম্পতীহালৰ এজনী কন্যা সন্তান আছে।৬১২

তথ্যসূত্ৰ

  1. ↑ (11 January 2013). Maiden National title for Manpreet Kaur. The Hindu
  2. ↑ (2017-04-25). Manpreet Kaur wins shot put gold at Asian Grand Prix, leads world rankings
  3. ↑ (17 September 2015). Manpreet Kaur breaks record, qualifies for Rio
  4. ↑ (4 March 2016). From losing her father at age 13 to qualifying for The Olympics- the story of Manpreet Kaur
  5. ↑ (30 July 2016). Road to Rio: To win a medal, Manpreet Kaur needs to replicate national form at 2016 Olympics
  6. ↑ (28 July 2016). Manpreet Kaur Profile: Women’s shot put. The Indian Express
  7. ↑ (17 September 2015). Manpreet Kaur breaks national shot put record on road to Rio Olympics
  8. ↑ (16 September 2015). Shot putter Manpreet Kaur qualifies for 2016 Rio Olympics
  9. ↑ Shot putter Manpreet wins gold at Asian Grand Prix, qualifies for World Championships – Times of India
  10. ↑ Asian Athletics Odisha 2017
  11. ↑ www.india.com/sports/manpreet-kaur-in-trouble-fa
  12. ↑ (19 Jul 2017). Who is Manpreet Kaur? Everything you need to know about India’s shot-put champion

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ এথলীটভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনপ্ৰীত কৌৰ” প্ৰবন্ধৰ সংশোধন ২৯০৯১৩ (১৩ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।