অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভূমি (বেণ্ড)

ভূমি হৈছে পশ্চিমবঙ্গৰ কলকাতা-ভিত্তিক এটা বাংলা লোক সংগীতৰ দল। এই দলটো ১৯৯৯ চনত গঠন হৈছিল ভূমিয়ে ২০০৮ চনত মণ্ট্ৰিয়েল আন্তঃৰাষ্ট্ৰীয় জাজ মহোৎসৱতো অনুষ্ঠান পৰিবেশন কৰিছিল।

হালনাগাদ: ১০ এপ্ৰিল ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ভূমি১ হৈছে পশ্চিমবংগৰ কলিকতা-ভিত্তিক এটা বাংলা লোক সংগীতৰ দল। এই দলটো ১৯৯৯ চনত গঠন হৈছিল১ আৰু অচিৰেই বহুল জনপ্ৰিয় হৈ পৰে; স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু মঞ্চত তেওঁলোকে অনুষ্ঠান কৰিছিল। ২০০৬ চনৰ জুলাই মাহত তেওঁলোকে নিউয়ৰ্ক চিটিত স্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠান কৰে।২৩ ভূমিয়ে ২০০৮ চনত মণ্ট্ৰিয়েল আন্তঃৰাষ্ট্ৰীয় জাজ মহোৎসৱতো অনুষ্ঠান পৰিবেশন কৰিছিল।৪

যাত্ৰা

এই গোটটো ১৯৯৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল বাংলা লোকগীতক নগৰীয়া ৰূপত সকলো স্তৰৰ মানুহৰ মাজত জনপ্ৰিয় কৰা। প্ৰথম অৱস্থাত পশ্চিমীয়া সংগীতৰ শৈলীত পৰম্পৰাগত আৰু লোকগীতৰ বিশাল শৃংখলৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ লক্ষ্যৰে দুজন প্ৰতিষ্ঠাপক সদস্য - সুৰজিৎ চেটাৰ্জী আৰু সৌমিত্ৰ ৰায়ৰ উদ্যোগত ভূমি গঠন কৰা হৈছিল।

বৈশিষ্ট্যসমূহ

এইটো এটা গোট যিয়ে নিজৰ সংগীত শৈলীক বিশুদ্ধ নাগৰিক লোকসংগীত বুলি সংজ্ঞায়িত কৰিছে। বাউল, ভটিয়ালি, লোক-সংগীতৰ পৰা তেওঁলোকৰ গীতৰ কথা সংগ্ৰহ কৰিছে। তেওঁলোকে এই গীতবোৰ নতুন ৰূপত সৃষ্টি কৰিছে।

দলৰ সদস্য

  • সৌমিত্ৰ ৰায়
  • সুৰজিৎ চট্টোপাধ্যায়
  • সঞ্জয় মুখোপাধ্যায়
  • হেমন্ত গোস্বামী
  • অভিজিৎ ঘোষ
  • ৰবিন লাই

প্ৰকাশিত এলবাম

  • যাত্ৰা শুৰু (২০০০)
  • উড়ান (২০০১)
  • ইস্পেশাল (২০০২)
  • পাল ছুটেছে (২০০৩)
  • লোকগীতি লোকাল (২০০৪)
  • দেখতে দেখতে (২০০৪)
  • বোঝাই কৰা গানেৰ গাড়ি (২০০৫)
  • গান বাহন (২০০৭)
  • লোকগীতিৰ দেশে (২০০৮)
  • আমৰা নতুন যৌবনেৰ দূত (২০০৯)
  • গান ধৰিয়া (২০১০)

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ বঙালী পৃথিৱীৰ পৰা গান: ভূমিৰ শীৰ্ষ ১০ gibsonguitar.in. সংগৃহীত: ২০ মাৰ্চ ২০১৩
  2. ↑ ভূমি ৰাষ্ট্ৰসংঘলৈtimesofindia.indiatimes.com. সংগৃহীত: ২০ মাৰ্চ ২০১৩
  3. ↑ ৰাষ্ট্ৰসংঘত গীতত- ভূমিক প্ৰশংসাtelegraphindia.com. সংগৃহীত: ২০ মাৰ্চ ২০১৩
  4. ↑ In the city. India Today

সম্পৰ্কিত শ্ৰেণী

লোকগীত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূমি (বেণ্ড)” প্ৰবন্ধৰ সংশোধন ৫০৩১১৫ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।