অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনীষ কৌশিক

চুবেদাৰ মনীষ কৌশিক (জন্ম ১১ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় বক্সাৰ। তেওঁ ভাৰতীয় সেনাৰ সৈতে এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ')। কৌশিকে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত দোহা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক জিকিছিল। দুবছৰ পিছত, মনীষে ২০১৭ চনৰ ৰাষ্ট্ৰীয় বক্সিং গেমছত স্বৰ্ণ জয় কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২১ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

চুবেদাৰ মনীষ কৌশিক (জন্ম ১১ জানুৱাৰী ১৯৯৬) এজন ভাৰতীয় বক্সাৰ। তেওঁ ভাৰতীয় সেনাৰ সৈতে এজন কনিষ্ঠ কমিছনড অফিচাৰ (জেচিঅ')। কৌশিকে তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় খেলত দোহা আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ পদক জিকিছিল। দুবছৰ পিছত, মনীষে ২০১৭ চনৰ ৰাষ্ট্ৰীয় বক্সিং গেমছত স্বৰ্ণ জয় কৰে। পিছত মনীষ কৌশিকে ২০১৮ ৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ গৈছিল আৰু ৰূপৰ পদক জিকিছিল। তেওঁ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত লাইটৱেট বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিছে।১ মনীষ হাৰিয়ানাৰ ভিৱানী জিলাৰ দেৱচাৰ গাঁৱৰ বাসিন্দা।২

প্ৰাৰম্ভিক জীৱন আৰু বক্সিংত আত্মপ্ৰকাশ

১৯৯৬ চনৰ ১১ জানুৱাৰীত হাৰিয়ানাৰ ভিৱানীৰ পৰা ৫ কিলোমিটাৰ (৩.১ মাইল) দূৰত্বত থকা দেৱচাৰ গাঁৱত মনীষ কৌশিকৰ জন্ম হৈছিল। তেওঁৰ দেউতাক সোমদত্ত শৰ্মা এজন কৃষক, আনহাতে তেওঁৰ মাতৃ এগৰাকী গৃহিণী। কৌশিকে হাৰিয়ানাৰ দেৱচাৰত প্ৰাথমিক শিক্ষা আৰু ভিৱানীত মাধ্যমিক বিদ্যালয় সমাপ্ত কৰিছিল আৰু অৱশেষত ভিৱানীৰ চৰকাৰী শিক্ষা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। কৌশিক তেওঁৰ প্ৰশিক্ষণ আৰু অধ্যয়নৰ ভাৰসাম্য বজাই ৰাখিবলৈ পুৱা ৪ বজাত উঠিছিল। পৰিয়ালৰ দৰিদ্ৰতাৰ পৰা এক উন্নত জীৱন নিশ্চিত কৰাৰ বাবে, কৌশিকে বক্সিং শিকাৰ সিদ্ধান্ত লৈছিল। ২০০৮ চনত, বক্সাৰ জীতেন্দ্ৰ কুমাৰে ২০০৮ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰি মনীষ কৌশিকক বক্সিং কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।৩ কৌশিকে ভাৰতীয় সেনাত প্ৰৱেশ কৰাত সফল হৈছিল। ২০১৬ চনত বক্সিং প্ৰমাণপত্ৰ পোৱাৰ পিছত, কৌশিকৰ বক্সিং আগ্ৰহ আৰু আবেগৰ পৰা কেৰিয়ালৈ পৰিনত হৈছিল। ২০১৭ চনত ডিফেণ্ডিং চেম্পিয়ন শিৱ থাপাক পৰাস্ত কৰি মনীষ কৌশিক ভাৰতীয় ৰাষ্ট্ৰীয় চেম্পিয়ন হৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ (2021-07-09). Manish Kaushik Profile Tokyo Olympics 2021 Know Your Olympian Boxing Stats photos recent results qualification. News18
  2. ↑ Commonwealth Games 2018: Boxing 60 Kg Men's Quarterfinals, India's Manish Kaushik fighting for medal. Sportskeeda
  3. ↑ The farmer's son and India's big boxing hope
  4. ↑ Shiva Thapa, Manoj Kumar enter finals of National Boxing Championships. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বক্সাৰভাৰতীয় অলিম্পিক প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনীষ কৌশিক” প্ৰবন্ধৰ সংশোধন ২৯২৪৯৬ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।