অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মধুলিকা লিড্ডল

মধুলিকা লিড্ডল (Madhulika Liddle; জন্ম: ৮ জানুৱাৰী, ১৯৭৩) হ'ল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।

হালনাগাদ: ১৪ আগষ্ট ২০২৫ ৪১৭ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মধুলিকা লিড্ডল (Madhulika Liddle; জন্ম: ৮ জানুৱাৰী, ১৯৭৩) হ'ল ইংৰাজী ভাষাত লেখা-মেলা কৰা এগৰাকী ভাৰতীয় লেখক। মধুলিকা যদিও চুটি কল্পকাহিনী, ভ্ৰমণ লিখা আৰু ক্লাছিক চিনেমা সম্পৰ্কীয় লিখাৰ এগৰাকী উৰ্বৰ লেখক; তথাপি তেওঁ ১৭ শতিকাৰ মোগল ডিটেকটিভ মুজাফৰ জঙৰ বিষয়ে লিখা কিতাপবোৰৰ বাবেহে বেছি জনাজাত।

ব্যক্তিগত জীৱন

অসমৰ হাফলঙত মধুলিকাৰ জন্ম হৈছিল। দেউতাক এণ্ড্ৰিউ লিড্ডল আৰু মাক মুৰিয়েল লিড্ডল। তেওঁৰ দেউতাক ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ)ৰ বিষয়া আছিল আৰু সঘনাই এখন চহৰৰ পৰা আন এখন চহৰলৈ স্থানান্তৰিত হৈছিল বাবে মধুলিকাৰ জীৱনৰ প্ৰথম বাৰ বছৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অতিবাহিত হৈছিল। ১৯৮৫ চনত শ্ৰীযুত লিড্ডলক নতুন দিল্লীলৈ স্থানান্তৰ কৰা হয়, আৰু মধুলিকাই তাতে স্কুলীয়া শিক্ষা সমাপ্ত কৰে। মধুলিকাই নতুন দিল্লীৰ 'ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট, কেটাৰিং এণ্ড নিউট্ৰিশ্বন' (আইএইচএমচিএন)ত অধ্যয়ন কৰিবলৈ গৈছিল। মধুলিকাৰ বিয়া আই এইচ এম চি এনৰ সহপাঠী তৰুণ ভাণ্ডাৰীৰ সৈতে হৈছিল।

মধুলিকাৰ ডাঙৰ বায়েক, স্বপ্না লিড্ডল এগৰাকী ইতিহাসবিদ। তেওঁ ১৯ শতিকাৰ দিল্লীৰ ওপৰত গৱেষণা কৰি ডক্টৰেট লৈছে।১

কেৰিয়াৰ

মধুলিকাই ১৯৯৪ চনৰ পৰা ২০০৮ লৈ বিভিন্ন উদ্যোগ আৰু বিভিন্ন সংগঠনত কাম কৰিছিল। তেওঁৰ প্ৰথম কাৰ্যকাল আছিল এগৰাকী ব্যৱস্থাপনা প্ৰশিক্ষাৰ্থী হিচাপে আৰু তাৰ পিছত হেবিটেট ৱৰ্ল্ডৰ সৈতে খাদ্য আৰু পানীয় নিয়ন্ত্ৰণৰ সহকাৰী মেনেজাৰ হিচাপে দিল্লীৰ সেইসময়ৰ নতুনকৈ প্ৰতিষ্ঠিত ইণ্ডিয়া হেবিটেট চেণ্টাৰত। ইয়াৰ পিছত এটা বিজ্ঞাপন সংস্থাৰ সৈতে তিনি বছৰ; ভ্ৰমণ পৰ্টেলৰ সৈতে দুবছৰ; আৰু অৱশেষত, এনআইআইটি লিমিটেডৰ নিৰ্দেশনামূলক ডিজাইনাৰ হিচাপে চাৰি বছৰ তেওঁ কাম কৰিছিল। ২০০৮ চনৰ আৰম্ভণিতে, তেওঁ সম্পূৰ্ণ সময় লেখাতে মনোনিৱেশ কৰিবলৈ এনআইআইটিৰ পৰা পদত্যাগ লৈছিল।

কৰ্মৰাজি

মধুলিকাই সৰুৰেপৰাই লিখা-মেলা কৰিছিল, কিন্তু তেওঁৰ প্ৰথম প্ৰকাশিত কিতাপখন আছিল 'চাইলেণ্ট ফিয়েৰ' নামৰ এখন গল্প-পুথি; যিখনে ২০০১ চনত 'ফেমিনা থ্ৰিলাৰ কনটেষ্ট' জিকিছিল। তেতিয়াৰেপৰা তেওঁ যথেষ্ট সংখ্যক চুটি গল্প, ভ্ৰমণ বিষয়ক প্ৰবন্ধ, হাস্যব্যংগ আৰু 'দি ইংলিছমেন কেমিঅ' ' নামৰ এখন উপন্যাস লিখিছে। মধুলিকাই ধ্ৰুপদী চিনেমাৰ এটা ব্ল'গ চলায়।

মধুলিকাক ঘাইকৈ তেওঁৰ মুজাফৰ জং চিৰিজৰ বাবে জনা যায়। মুজাফৰ জং হৈছে ১৭শ শতিকাৰ এজন মোগল ডিটেকটিভ। 'ঝুৱান বুকচে' প্ৰকাশ কৰা 'টুৱেণ্টি ওৱান আণ্ডাৰ ফৰৰ্টি' গদ্য সংকলনৰ গল্প 'মুৰ্ক অৱ আৰ্ট'ত প্ৰথমে এই চৰিত্ৰটোৱে দেখা দিয়ে। তাৰ পিছতে এই চৰিত্ৰক লৈ লিড্ডলে কেইবাখনো পূৰ্ণ দৈৰ্ঘ্যৰ উপন্যাস লিখে। এই চিৰিজৰ অন্তৰ্গত কিতাপবোৰ হৈছে -

  1. দি ইংলিছমেন কেমিঅ (২০০৯)
  2. দি এইট গেষ্ট এণ্ড আডাৰ মুজাফৰ জং মিষ্ট্ৰিজ (২০১১)
  3. এনগ্ৰেভ্‌ড ইন ষ্ট'ন (২০১২)
  4. ক্ৰিমচ্‌ন চিটি (২০১৫)

বঁটা আৰু স্বীকৃতি

  • কমনৱেলথ ব্ৰডকাষ্টিং এছোচিয়েচন চুটি গল্প প্ৰতিযোগিতা – 'লাভ এণ্ড দ্য পপায়া মেন'ৰ বাবে সন্মানীয় উল্লেখ (২০০২)।
  • কমনৱেলথ ব্ৰডকাষ্টিং এছোচিয়েচন চুটি গল্প প্ৰতিযোগিতা – 'মৰ্ণিং চুইম'ৰ বাবে সামগ্ৰিক বিজয়ী (২০০৩)।
  • পাঁচটা গল্প- 'ৱমেন টু ৱমেন', 'দ্য মেংগ' ট্ৰী', 'দ্য টেল অৱ আ চামাৰ ভেকেচন' 'দ্য মাৰ্বল প্ৰিঞ্চেচ' আৰু 'দ্য শাড়ী সত্যাগ্ৰহ'ৰ বাবে 'অক্সফৰ্ড বুক ষ্ট'ৰ ই-অথৰ ভাৰ্চন ফ'ৰ পইণ্ট জিৰ' '২ বিজয়ী।
  • 'পপিজ ইন দ্য স্ন' 'ৰ বাবে 'দ্য চানডে টাইমচ্‌ ই এফ জি চৰ্ট ষ্ট'ৰি এৱাৰ্ড'।৩

তথ্যসূত্ৰ

  1. ↑ "17th century inn lies in ruin as Delhi govt, defence ministry squabble.", Hindustan Times, 23 November 2017
  2. ↑ Oxford Bookstore e author 4.0. Oxford Bookstore e author 4.0. Oxford Bookstore e author 4.0. Oxford book store
  3. ↑ আৰ্কাইভ কপি

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মধুলিকা লিড্ডল” প্ৰবন্ধৰ সংশোধন ৫৩২৪১৪ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।