ভাগ্যৱতী কছাৰী (Bhagyabati Kachari জন্ম: ১ জানুৱাৰী, ১৯৯২) এগৰাকী ভাৰতীয় বক্সাৰ। তেওঁ ছাৰ্বিয়াৰ চম্বৰত অনুষ্ঠিত নৱম নেশ্বনছ কাপ বক্সিং টুৰ্ণামেণ্টত ৰূপৰ পদক অৰ্জন কৰে।১ ইয়াৰোপৰি গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় ইণ্ডিয়া অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত সোণৰ পদক, বেংককত অনুষ্ঠিত থাইলেণ্ড অপেন আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত ব্ৰঞ্জৰ পদক আৰু২ কেৰালাৰ কান্নুৰত অনুষ্ঠিত চতুৰ্থ এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত তেওঁ সোণৰ পদক অৰ্জন কৰে।৩
প্ৰাৰম্ভিক জীৱন
ভাগ্যৱতীৰ জন্ম হয় ১৯৯২ চনৰ ১ জানুৱাৰীত। তেওঁৰ দেউতাকৰ নাম দেবেন কছাৰী আৰু মাকৰ নাম চৈত্ৰ কছাৰী। তেওঁ অসমৰ ওদালগুৰি জিলাৰ টংলাৰ ওচৰৰ উদমাৰী গাঁৱৰ বাসিন্দা।৪ সৰুৰে পৰা এজন ক্ৰীড়াপ্ৰেমী হিচাপে ভাগ্যৱতীৰ বক্সিঙৰ সৈতে মুখামুখি হোৱাটো পূৰ্বনিৰ্ধাৰিত পৰিকল্পনা আছিল। ষষ্ঠ শ্ৰেণীত, তেওঁ ফুটবল শিকিবলৈ আৰম্ভ কৰে। বিদ্যালয়ত উচ্চ মাধ্যমিক পৰ্যায়লৈ উৰ্ত্তীণ হোৱাৰ লগে লগে তেওঁ ভলীবল আৰু কাবাডীৰ সৈতে জড়িত হৈ পৰে। খেলৰ প্ৰতি তেওঁৰ আগ্ৰহ দেখি, বিদ্যালয়ৰ এজন শিক্ষকে কছাৰীক বক্সিং খেলিবলৈ পৰামৰ্শ দিছিল। প্ৰথম অৱস্থাত এই সম্পৰ্কে মাক-দেউতাক কিছু চিন্তাত পৰে যদিও ভাগ্যৱতীৰ খুৰাকে তেওঁলোকক তেওঁলোকৰ ছোৱালীক নিজৰ সপোন অনুসৰণ কৰিবলৈ দিবলৈ সৈমান কৰাই। ২০০৯ চনত, ভাগ্যৱতীয়ে কোকৰাঝাৰত (ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰা তেওঁ এই দিশত ক্ৰমান্বয়ে নিজৰ দক্ষতা বৃদ্ধি কৰে। তেওঁ ভাৰতীয় বক্সিং ফেডাৰেচনত পঞ্জীভুক্ত খেলুৱৈ আৰু ভাৰতীয় ৰেলৱেৰ এগৰাকী কৰ্মচাৰী। তেওঁ ৰেলৱে ক্ৰীড়া প্ৰচাৰ বোৰ্ডৰ সমৰ্থনত বক্সিং খেলে।
বক্সিং কেৰিয়াৰ
২০০৯ চনত মিজোৰামৰ আইজলৰ ৰামলাম স্পৰ্টচ কমপ্লেক্সত অনুষ্ঠিত পঞ্চম যুৱ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত কছাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ২০১১ চনত, তেওঁ উত্তৰাখণ্ডত এছ.এইচ.এন.চি. শৰ্মা মেম'ৰিয়েল ফেডাৰেচন কাপ মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০১০-১১ আৰু ভূপালত অনুষ্ঠিত দ্বাদশ ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়।৪
২০১২ চনত তেওঁ গুৱাহাটীত অনুষ্ঠিত ত্ৰিছতম ছিনিয়ৰ মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপ আৰু মংগোলিয়াৰ উলানবাটাৰত অনুষ্ঠিত এছিয়ান মহিলা বক্সিং চেম্পিয়নশ্বিপত ক্ৰমে ৰূপৰ পদক আৰু ব্ৰঞ্জৰ পদক লাভ কৰে।৪
২০১৫ চনত, তেওঁ গুৱাহাটীৰ নিউ বঙাইগাঁৱত অনুষ্ঠিত ১৬ তম ছিনিয়ৰ (এলিট) মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।৪ ২০১৫ চনত, তেওঁ গুৱাহাটীৰ ওচৰৰ নিউ বঙাইগাঁৱত অনুষ্ঠিত ১৬ তম ছিনিয়ৰ (এলিট) মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰে।৪
২০১৮ চনত তেওঁ ৮১ কিলোগ্ৰাম শাখাত তুৰস্কৰ ইস্তানবুলত অনুষ্ঠিত আহমেদ কোমাৰ্ট আন্তঃৰাষ্ট্ৰীয় বক্সিং টুৰ্ণামেণ্টত স্বৰ্ণ জয় কৰে। তেওঁক উক্ত প্ৰতিযোগিতাখনৰ 'শ্ৰেষ্ঠ কাৰিকৰী বক্সাৰ বঁটা' প্ৰদান কৰা হৈছিল।৫৬
ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত হোৱা আৰু অলিম্পিক বক্সাৰ মেৰী কমৰ নেতৃত্বত অনুষ্ঠিত দশম মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ ২০১৮ত কছাৰী ১০ জনীয়া ভাৰতীয় দলৰ অংশ আছিল।৭
২০১৯, ২-৮ ডিচেম্বৰ তাৰিখলৈ কেৰালাৰ কান্নুৰত অনুষ্ঠিত চতুৰ্থ এলিট মহিলা ৰাষ্ট্ৰীয় বক্সিং চেম্পিয়নশ্বিপত তেওঁ অংশগ্ৰহণ কৰিছিল। তেওঁ উক্ত প্ৰতিযোগিতাত শৈলী সিঙক ৫-০ অংকৰ ব্যৱধানত পৰাস্ত কৰি ৮১ কিলোগ্ৰাম শাখাত সোণৰ পদক জিকিছিল।৮
২০১৯ চনৰ ছেপ্টেম্বৰ মাহত, কছাৰীয়ে জানিবলৈ দিছিল যে গুৱাহাটীৰ মালিগাঁওস্থিত বাসগৃহৰ পৰা চোৰে তেওঁ লাভ কৰা বিভিন্ন প্ৰতিযোগিতাৰ পদক আৰু স্মাৰক আদি চুৰি কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ (7 October 2020). Bhagyabati hails Mary Kom. The Telegraph
- ↑ (27 July 2019). Indian boxers finish Thailand Open campaign; bag 8 medals. newsonair.com
- ↑ (8 December 2019). Boxing: Bhagyabati Kachari, Sonia Chahal's gold medals lead Railways' dominance in nationals. Scroll.in
- ↑ Indian Boxing Federation Boxer Details. www.indiaboxing.in
- ↑ (2018-09-16). Now, Assam boxer Bhagyabati Kachari clinches gold at Istanbul. NORTHEAST NOW
- ↑ Boxers Simranjit Kaur, Monika, Bhagyabati Kachari clinch three gold medals at Ahmet Comert Tournament - Firstpost. www.firstpost.com
- ↑ Mary Kom named brand ambassador of 2018 Women's World Boxing Championships. India Today
- ↑ PTI. (8 December 2019). Sonia, Bhagyabati lead Railways to six gold medals at national boxing - Times of India. The Times of India
- ↑ Baparnash, Tridib. (21 September 2019). Assam boxer Bhagyabati Kachari's medals stolen. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাগ্যৱতী কছাৰী” প্ৰবন্ধৰ সংশোধন ৬১৩৭২০ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।