ভাৰতৰ জিলাৰ সংজ্ঞা হ'ল - জিলা আয়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়াসকলৰ সমন্বয় ৰক্ষা কৰা। সাধাৰণতে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকল জিলা উপায়ুক্ত হয় যদিও কেতিয়াবা অসম প্ৰশাসনিক সেৱাৰ বিষয়াসকলকো এই পদত নিযুক্তি দিয়া হয়। জিলা আয়ুক্তক সহায় কৰিবলৈ যথেষ্ট সংখ্যক বিভিন্ন অতিৰিক্ত প্ৰশাসিনক বিষয়া থাকে। আইন শৃংখলা আৰু তেনে ধৰণৰ বিষয়সমূহ নিয়াৰিকৈ চলোৱাৰ দায়িত্বত এজন ভাৰতীয় পুলিচ সেৱাৰ বিষয়া এজন আৰক্ষী অধীক্ষক ৰূপে থাকে। বৰ্তমান অসমৰ মুঠ জিলা ৩৫ খন।
ইতিহাস
২০১৫ চনৰ ১৫ আগষ্টত তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পাঁচখন নতুন জিলা গঠন কৰাৰ কথা ঘোষণা কৰে।১২ পুনৰ ২৬ জানুৱাৰী ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আৰু দুখন জিলা ক্ৰমে পূব কামৰূপ আৰু দক্ষিণ কামৰূপ ঘোষণা কৰে, যদিও পৰ্যাপ্ত প্ৰশাসনিক আন্তঃগাঁঠনি নথকাৰ বাবে ৭ অক্টোবৰ ২০১৬ তাৰিখে এক কেবিনেট সভাত সাময়িকভাৱে স্থগিত ৰখা হয়।
২৭ জুন ২০১৬ চনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক জিলা ঘোষণা কৰাত মাজুলী ভাৰতৰ প্ৰথমখন নদীদ্বীপ জিলা হৈ পৰিল আৰু অসমৰ মুঠ জিলাৰ সংখ্যা ৩৩ হ’ল।৩ ২০২০ চনৰ ৮ আগষ্ট তাৰিখে অসম কেবিনেটে বৰপেটা জিলাৰ বজালী মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত হোৱাৰ পিছত অসমৰ মুঠ জিলাৰ সংখ্যা ৩৪খন হ'ল।৪ ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসম চৰকাৰে এক অধিসূচনাৰ জৰিয়তে তামুলপুৰক জিলা হিচাপে ঘোষণা কৰে আৰু ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ হয়।৫
২০২২ চনৰ ৩১ ডিচেম্বৰত অসম কেবিনেটে চাৰিখন নতুনকৈ গঠিত জিলাক বৰ্তমানৰ চাৰিখন জিলাৰ সৈতে একত্ৰিত কৰাৰ সিদ্ধান্ত লয়।৬ এই জিলাসমূহ আছিল-
- বাক্সাৰ সৈতে তামুলপুৰ
- বৰপেটাৰ লগত বজালী
- নগাঁৱৰ সৈতে হোজাই
- শোণিতপুৰৰ সৈতে বিশ্বনাথ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যত ইচিআইৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া আৰু চৰকাৰে পুনৰ বিবেচনা কৰাৰ আগতে এইটো এটা অস্থায়ী ব্যৱস্থা।৭ ২০২৩ চনৰ ২৫ আগষ্টত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাৰিখন জিলা ক্ৰমে বিশ্বনাথ, হোজাই, বজালী, আৰু তামুলপুৰ জিলাই মৰ্যদা ঘূৰাই পোৱাৰ কথা ঘোষণা কৰে৷৮৯ ইয়াৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা পুনৰ ৩৫খন হৈ পৰে৷
জিলাসমূহ
অসমৰ ৩৫খন জিলা হ'ল:১০
| কোড১১ | জিলা | সদৰ | জনসংখ্যা (২০১১)১২ | মাটিকালি (বৰ্গ কিমি) | ঘনত্ব (প্ৰতি বৰ্গ কিমি) |
|---|---|---|---|---|---|
| UD | ওদালগুৰি# | ওদালগুৰি | ৮৩২,৭৬৯ | ১,৬৭৬ | ৪৯৭ |
| CA | কাছাৰ | শিলচৰ | ১,৭৩৬,৩১৯ | ৩,৭৮৬ | ৩৮১ |
| KU | কামৰূপ | আমিনগাঁও | ১,৫১৭,২০২ | ৩,১০৫ | ৫২০ |
| KM | কামৰূপ মহানগৰ | গুৱাহাটী | ১,২৬০,৪১৯ | ৯৫৫ | ৮২০ |
| KG | কাৰ্বি আংলং | ডিফু | ৯৬৫,২৮০ | ৭,৩৯৯ | ৭৮ |
| KJ | কোকৰাঝাৰ# | কোকৰাঝাৰ | ৯৩০,৪০৪ | ৩,১২৯ | ২৯৭ |
| KR | কৰিমগঞ্জ | কৰিমগঞ্জ | ১,২১৭,০০২ | ১,৮০৯ | ৫৫৫ |
| GG | গোলাঘাট | গোলাঘাট | ১,০৫৮,৬৭৪ | ৩,৫০২ | ২৭০ |
| GP | গোৱালপাৰা | গোৱালপাৰা | ১,০০৮,৯৫৯ | ১,৮২৪ | ৪৫১ |
| CH | চিৰাং# | কাজলগাঁও | ৪৮১,৮১৮ | ১,৪৬৮ | ৩২৮ |
| CD | চৰাইদেউ১৩ | সোণাৰি১৪ | ৯৩৯ | ||
| DI | ডিব্ৰুগড় | ডিব্ৰুগড় | ১,৩২৭,৭৪৮ | ৩,৩৮১ | ৩৪৭ |
| DH | ডিমা হাছাও | হাফলং | ২১৩,৫২৯ | ৪,৮৯০ | ৪৪ |
| TI | তিনিচুকীয়া | তিনিচুকীয়া | ১,৩১৬,৯৪৮ | ৩,৭৯০ | ৩০৩ |
| - | তামুলপুৰ# | তামুলপুৰ মহকুমা | - | - | - |
| SM | দক্ষিণ শালমাৰা-মানকাচৰ১৩ | হাটশিঙিমাৰি১৫ | ৫৫৫,১১৪ | ৫৬৮ | ৯৮০ |
| DR | দৰং | মঙলদৈ | ৯০৮,০৯০ | ৩,৪৮১ | ৪৩২ |
| DU | ধুবুৰী | ধুবুৰী | ১,৯৪৮,৬৩২ | ২,৮৩৮ | ৫৭৬ |
| DM | ধেমাজি | ধেমাজি | ৬৮৮,০৭৭ | ৩,২৩৭ | ১৭৬ |
| NN | নগাঁও | নগাঁও | ২,৮২৬,০০৭ | ৩,৮৩১ | ৬০৪ |
| NB | নলবাৰী | নলবাৰী | ৭৬৯,৯১৯ | ২,২৫৭ | ৫০৪ |
| WK | পশ্চিম কাৰ্বি আংলং১৩ | হামৰেণ১৬ | ২,০০,০০০ | ৩,০৩৫ | |
| BO | বঙাইগাঁও | বঙাইগাঁও | ২,০৬০,৫৫০ | ১,৭২৪ | ৪২৫ |
| BK | বাক্সা# | মুছলপুৰ | ৯৫৩,৭৭৩ | ২,৪০০ | ৩৯৮ |
| BS | বিশ্বনাথ১৩ | বিশ্বনাথ চাৰিআলি১৭ | ৫,৮০,০০০ | ৩,০০০ | ৫৩০ |
| BP | বৰপেটা | বৰপেটা | ১,৬৯৩,১৯০ | ৩,২৪৫ | ৫০৬ |
| - | বজালী | পাঠশালা | - | - | - |
| MJ | মাজুলী | গড়মূৰ১৮ | ১৬৭,৩০৪ | ৮৮০ | ৩০০ |
| MA | মৰিগাঁও | মৰিগাঁও | ৯৫৭,৮৫৩ | ১,৭০৪ | ৪৫৫ |
| JO | যোৰহাট | যোৰহাট | ১,০৯১,২৯৫ | ২,৮৫১ | ৩৫৪ |
| LA | লখিমপুৰ | উত্তৰ লখিমপুৰ | ১,০৪০,৬৪৪ | ২,২৭৭ | ৩৯১ |
| SV | শিৱসাগৰ | শিৱসাগৰ | ১,১৫০,২৫৩ | ২,৬৬৮ | ৩৯৫ |
| ST | শোণিতপুৰ | তেজপুৰ | ১,৯২৫,৯৭৫ | ৫,৩২৪ | ৩১৫ |
| HA | হাইলাকান্দি | হাইলাকান্দি | ৬৫৯,২৬০ | ১,৩২৭ | ৪০৯ |
| HJ | হোজাই১৩ | হোজাই জিলা১৯ | ৯৩১,২১৮ |
- - চিহ্ন দিয়া জিলাকেইখন বড়োলেণ্ড স্বায়ত্ত্বশাসিত এলেকাৰ অধীনত পৰে৷
তথ্যসূত্ৰ
- ↑ www.business-standard.com/article/news-ians/assa
- ↑ আৰ্কাইভ কপি
- ↑ (27 June 2016). Assam: Majuli becomes 1st river island district of India. হিন্দুস্তান টাইমছ
- ↑ (8 August 2020). 'Bajali' to become the 34th full-fledged district of Assam. The Sentinel
- ↑ Desk, Sentinel Digital. (2021-01-24). Assam Govt Forms Tamulpur As New District In State. www.sentinelassam.com
- ↑ Kangkan Kalita. (Jan 1, 2023). Assam merges 4 new districts with 4 others ahead of ‘delimitation’ · India News - Times of India. The Times of India
- ↑ Protests In Assam Over Move To Merge 4 Districts With Existing Ones. NDTV.com
- ↑ ৰাজ্যৰ ৪ জিলাই ঘূৰাই পালে জিলা মৰ্যাদা... asomiyapratidin.in
- ↑ Assam Cabinet decides to ‘create’ 4 districts. thehindu.com
- ↑ The Office of Registrar General and Census Commissioner of India
- ↑ আন্তঃৰাষ্ট্ৰীয় মান সংস্থা ৩১৬৬-২:আই এন
- ↑ District Census 2011. Census2011.co.in
- ↑ (15 August 2015). CM Tarun Gogoi announces 5 new districts in Assam on Independence Day. Daily News and Analysis. PTI
- ↑ Charaideo inaugurated as a new dist. Assam Tribune
- ↑ South Salmara-Mankachar dist inaugurated. Assam Tribune
- ↑ West Karbi Anglong district inaugurated. Assam Tribune
- ↑ Biswanath district inaugurated. Assam Tribune
- ↑ Majuli to function as new district from today. Assam Tribune
- ↑ Hojai inaugurated as new district. Voice of Greater Assam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ৫৪১৪৩০ (২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।