ভাৰতৰ জিলাসমূহ
১৪ প্ৰবন্ধ
-
অসমৰ জিলাসমূহ
ভাৰতবৰ্ষৰ জিলাৰ সংজ্ঞা হ'ল - জিলা আয়ুক্তৰ দ্বাৰা শাসিত এক প্ৰশাসনিক ভৌগোলিক অঞ্চল, আইন শৃংখলা অটুট ৰখা দায়িত্ব বহন কৰা জিলা দণ্ডাধীশৰ কাৰ্যালয়সমূহ আৰু ৰাজহ সংগ্ৰহৰ দায়িত্বত থকা ৰাজহ বিষয়াসকলৰ সমন্বয় ৰক্ষা কৰা।
-
কোচবিহাৰ জিলা
কোচবিহাৰ জিলা পশ্চিমবংগৰ উত্তৰাঞ্চলৰ জলপাইগুড়ি বিভাগৰ এখন জিলা। মাটিকালিৰ হিচাপত ই ৰাজ্যৰ ত্ৰয়োদশ আৰু জনসংখ্যাৰ হিচাপত ষোড়শ বৃহত্তম বৰ্তমান কোচবিহাৰ জিলা অতীতত বৃহত্তৰ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৭৭২ চনত কোচবিহাৰ ৰাজ্য ব্ৰিটিছ ভাৰতৰ এখন কৰদ ৰাজ্যালৈ পৰিণত হয়।
-
উত্তৰকাশী জিলা
উত্তৰকাশী জিলা উত্তৰ ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ গড়ৱল সংমণ্ডলৰ অন্তৰ্গত এখন জিলা। উত্তৰকাশী নগৰ এই জিলাৰ সদৰ ঠাই। বাৰকোট, ডুণ্ডা, ভাটৱাড়ী, চিন্যালী চৌৰ, পাৰোলা আৰু মোৰী এই জিলাৰ তহচিল। উত্তৰকাশী জিলা হিমালয় পৰ্বতমালাত অৱস্থিত।
-
পশ্চিমবংগৰ জিলাসমূহ
পশ্চিমবঙ্গ (পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য। বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল:
-
ভাৰতৰ জিলাসমূহৰ তালিকাৰ
জিলা (ज़िला; ضلع) শব্দটোৱে ভাৰতবৰ্ষৰ ক্ষেত্ৰত এনে একোটা প্ৰশাসনিক ভৌগোলিক অঞ্চল, যিবোৰ ভাৰতৰ ৰাজ্য নাইবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ অন্তৰ্গত। জিলাসমূহ কিছুমান উপভাগত বিভক্ত কৰা হৈছে, যেনে মহকুমা আৰু নাইবা তেহচিল, গাওঁ পঞ্চায়ত ইত্যাদি।
-
অৰুণাচল প্ৰদেশৰ জিলাসমূহ
অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।
-
দিল্লীৰ জিলাসমূহ
ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে। ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।
-
মিজোৰামৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য মিজোৰামক ৮খন জিলাত বিভক্ত কৰা হৈছে।
-
মেঘালয়ৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য মেঘালয়ক ১১ খন জিলাত বিভক্ত কৰা হৈছে।
-
গোৱাৰ জিলাসমূহ
গোৱা পশ্চিম ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী পানাজী। মাটিকালিৰ ফালৰপৰা ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য গোৱাক দুখন প্ৰশাসনিক জিলাত ভাগ কৰা হৈছে।
-
ছিক্কিমৰ জিলাসমূহ
ছিক্কিম (Sikkim) হিমালয় পৰ্বতমালাৰ ওপৰত অৱস্থিত ভাৰতবৰ্ষৰ এখন ৰাজ্য। | এই ৰাজ্যখন ছখন জিলাত ভাগ কৰা হৈছে। এই ছখন জিলা হৈছে গেংটক, মাংগন, নামছি, গেইজিঙ, পাকয়ং আৰু ছৰেং। কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিয়া জিলা উপায়ুক্তই এই জিলা সমূহ পৰিচালনা কৰে। এই জিলা সমূহ পুনৰ মহকুমাত ভাগ কৰা হৈছে।
-
ত্ৰিপুৰাৰ জিলাসমূহ
ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।
-
নাগালেণ্ডৰ জিলাসমূহ
নাগালেণ্ড (Nagaland), ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এখন ৰাজ্য। নাগালেণ্ডৰ মুঠ ১১ খন জিলা আছে।
-
মণিপুৰৰ জিলাসমূহ
মণিপুৰ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইম্ফাল। মণিপুৰক নখন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।