অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

তামুলপুৰ জিলা

তামুলপুৰ জিলা (Tamulpur district) অসমৰ এখন অন্যতম নৱগঠিত জিলা। অসম কেবিনেটে বাক্সা জিলাৰ তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে। ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।

হালনাগাদ: ২৪ মে’ ২০২৬ ৩৩১ শব্দ · ২ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

তামুলপুৰ জিলা (Tamulpur district) অসমৰ এখন অন্যতম নৱগঠিত জিলা। অসম কেবিনেটে বাক্সা জিলাৰ তামুলপুৰ মহকুমাক জিলালৈ উন্নীত কৰা প্ৰস্তাৱ গৃহীত কৰে।১ ২০২২ চনৰ ২৩ জানুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে তামুলপুৰক চৰকাৰীভাৱে জিলালৈ উন্নীত কৰাৰ কথা ঘোষণা কৰে।২ ই বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্ভুক্ত পঞ্চমখন জিলা। তামুলপুৰ জিলালৈ উন্নীত কৰাৰ লগে লগে অসমৰ মুঠ জিলাৰ সংখ্যা ৩৫ খন হয়।৩ তামুলপুৰ জিলাৰ সদৰ হৈছে তামুলপুৰ। অসম প্ৰশাসনিকসেৱাৰ বিষয়া সীমান্ত কুমাৰ দাস তামুলপুৰ জিলাৰ প্ৰথম উপায়ুক্ত।

নামৰ উৎপত্তি

তামুলপুৰ নামৰ উৎপত্তি সন্দৰ্ভত এডৱাৰ্ড এলবাৰ্ট গেইটৰ বৰ্ণনাত ১৮৬৪-৬৬ চনত ইংৰাজ আৰু ভূটীয়াসকলৰ মাজত হোৱা ৰণৰ বৰ্ণনা আছে। গেইটৰ মতে সেই সময়ত দেৱানগিৰি অঞ্চলত ভয়ংকৰ অভিযান চলিছিল আৰু গুৱাহাটীৰপৰা কৰ্ণেল কেম্বল ছাহাবে ছটা কোম্পানী লৈ আগুৱাই আহি নামনিৰ সমতল ভূমিত তম্বু তৰি ছাউনী পাতিছিল। কিন্তু ভূটীয়াসকলে নিশাৰ শিবিৰ আক্ৰমণ কৰি ইংৰাজৰ তম্বুবোৰ পুৰি পেলাইছিল। তম্বু পুৰি দিয়া বাবে ঠাইখিনি তম্বুপোৰা-তাম্বোলপুৰ-তামুলপুৰ হোৱা বুলি মত পোষণ কৰা হয়।৪ তামুলপুৰ চহৰৰ নামৰ পৰায়ে নৱগঠিত জিলাখনৰ নাম তামুলপুৰ ৰখা হয়।

ভৌগোলিক অৱস্থিতি

তামুলপুৰ হিমালয়ৰ পাদদেশত অৱস্থিত ভাৰত-ভূটান সীমান্তৱৰ্তী এক অঞ্চল। ভূটানৰপৰা বৈ অহা মটঙা আদি নদী তামুলপুৰ মাজমজীয়াৰে বৈ গৈ নামনিত নোনা নাম লৈ বৰলীয়া নদীত মিলিত হৈ ব্ৰহ্মপুত্ৰত বিলীন হৈছে।৪

জন গাঁথনি

তামুলপুৰ মহকুমাটোত অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), বড়ো জনগোষ্ঠী, ৰাভা জনগোষ্ঠী, আদিবাসী, বঙালী ভাষা, নেপালী ভাষা আদিকে ধৰি প্ৰায় চৈধ্যটা জাতি-জনজাতিয়ে সম্প্ৰীতিৰে‌ বসবাস কৰে।

উল্লেখযোগ্য শৈক্ষিক প্ৰতিষ্ঠান

জিলাখনৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ-

  • গোৰেশ্বৰ মহাবিদ্যালয়, গোৰেশ্বৰ
  • তামুলপুৰ মহাবিদ্যালয়, তামুলপুৰ
  • তামুলপুৰ ডিগ্ৰী মহাবিদ্যালয়, তামুলপুৰ
  • তামুলপুৰ কমাৰ্চ কলেজ, তামুলপুৰ
  • গোৰেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোৰেশ্বৰ
  • তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, তামুলপুৰ
  • কেন্দ্ৰীয় বিদ্যালয়, তামুলপুৰ

উল্লেখযোগ্য স্থানসমূহ

তামুলপুৰ আৰু গোৰেশ্বৰ জিলাখনৰ প্ৰধান বাণিজ্য কেন্দ্ৰ। দ্বাৰকুছি, ডেফেলি, কাউৰবাহা, কুমাৰীকাটা, নাগ্ৰীজুলি, বাঙালীপাৰা, নাওকাটা, মহৰীপাৰা, কালাকুছি আদি আন আন গুৰুত্বপূৰ্ণ অঞ্চল। জিলাখনৰপৰা ভূটানৰ লগত যোগাযোগৰ সু-ব্যৱস্থা আছে। দৰঙ্গামেলাৰ সমীপত ভূটানৰ চান্দ্ৰুপ-জংখাৰ মাজত যোগাযোগৰ ব্যৱস্থা আছে। জিলাখনৰ বগামাটি এক উল্লেখযোগ্য বনভোজৰ থলী। ইয়াত ইক কেম্প, পৰ্বতাৰোহণ আদিৰ ব্যৱস্থা গঢ় লৈ উঠিছে।

উল্লেখযোগ্য নদী

জিলাখনৰ মাজেৰে কেইবাখনো নৈ, উপনৈ বৈ গৈছে। সেইবোৰৰ ভিতৰত পুঠিমাৰী, শুক্লাই, বৰলীয়া, পাগলাদিয়া, লখাইতৰা, গেৰুৱা, কলাজল, সোণজুৰি আদি অন্যতম। অৱশ্যে দুখনমান নৈৰ নাম ঠাইবিশেষে অন্য নামেৰেও জনা যায়।

অৰ্থনৈতিক দিশ

জিলাখনৰ অধিকাংশ লোক কৃষিকৰ্মৰ লগত জড়িত। ধান আৰু সৰিয়হৰ লগতে প্ৰচুৰ শাক-পাচলিৰ উৎপাদন কৰা হয়। দুখনমান চাহবাগানো আছে। জিলাখনত প্ৰচুৰ কল উৎপাদন হয়। বস্ত্ৰ উৎপাদন, পশুপালন আন এক অৰ্থনৈতিক দিশ।

তথ্যসূত্ৰ

  1. ↑ (2021-07-17). Assam Budget 2021: Tamulpur Proposed To Be Created As New District. www.newsdaily24.in
  2. ↑ Desk, Sentinel Digital. (2021-01-24). Assam Govt Forms Tamulpur As New District In State. www.sentinelassam.com
  3. ↑ Mandol, Nikesh. (2021-01-24). Assam forms Tamulpur as new district. www.newstracklive.com
  4. ↑ উৎপল ডেকা. (১ মাৰ্চ, ২০১৯). তামোলপুৰ এতিয়াও সমস্যাৰে ভৰ-পূৰ. দৈনিক অসম. পৃ. ১৩

সম্পৰ্কিত শ্ৰেণী

অসমৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামুলপুৰ জিলা” প্ৰবন্ধৰ সংশোধন ৬০৮১৩৬ (২৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।