অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ওদালগুৰি

ওদালগুৰি অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ এখন চহৰ আৰু ওদালগুৰি জিলাৰ সদৰ ঠাই। ই বড়োলেণ্ড অঞ্চলৰ অন্যতম উল্লেখযোগ্য চহৰ।

হালনাগাদ: ২৬ জুলাই ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

ওদালগুৰি অসমৰ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ এখন চহৰ আৰু ওদালগুৰি জিলাৰ সদৰ ঠাই। ই বড়োলেণ্ড অঞ্চলৰ অন্যতম উল্লেখযোগ্য চহৰ।১

নামৰ উৎপত্তি

ওদালগুৰি নামৰ উৎপত্তি "ওদাল" নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল" মানে এডাল গছ ইয়াৰ লগত গুৰি অৰ্থাৎ শিপা যোগ কৰি ওদালগুৰি নাম সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। আনহাতে দুটা বড়ো শব্দ "ওৰ্‍দ্লা" আৰু "গুন্দ্ৰি" মিলি নামটো হ’লগৈ ওৰ্‍দ্লাগুন্দ্ৰি > ওৰ্‍দ্লাগুন্দি > ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্‍দ্লা" মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি" মানে গুড়ি।২

ইতিহাস

১৯ শতিকাৰ মাজভাগলৈ ওদালগুৰি আৰু সমগ্ৰ দৰং জিলাতে বহুসংখ্যক বড়ো জনজাতিৰ লোকে বাস কৰিছিল। উপেন্দ্ৰচন্দ্ৰ গুহৰ "কছাৰীৰ ইতিবৃত্ত" নামৰ গ্ৰন্থখনৰ অনুসৰি পুৰাণ আৰু মধ্য যুগৰ সময়ত বড়ো আৰু কছাৰী অধিবাসীৰ মুঠ সংখ্যা আছিল ৬,৩৯,০০০ জন। ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰৱকুণ্ড আৰু ইয়াৰ আশে-পাশে কোঁচ ৰজা নৰনাৰায়ণৰ (১৫১৫-১৬১৫) প্ৰভাৱ আছিল।

২০ শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। দৰং জিলাৰ উত্তৰ অংশ লৈ বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক (বি টি এ ডি)-ৰ অধিনত ওদালগুৰি জিলা গঠন কৰা হয়। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজি(বি)১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ" চমুকৈ বিটিচিৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ অন্তৰ্ভুক্ত কৰা হয়।

বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্‌ (সংক্ষেপে বিএলটি), ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে আৰু ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়।

ভৌগোলিক অৱস্থান

ওদালগুৰিৰ অৱস্থান।৩ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা ১৮০ মিটাৰ বা ৫৯০ ফুট।

উল্লেখযোগ্য স্থান

ওদালগুৰিত এখন বাথৌ মন্দিৰ আৰু গৱেষণা কেন্দ্ৰ আছে। ইয়াৰ লগতে চহৰখনত এটা পুৰণি নামঘৰ, এটা হনুমান মন্দিৰ আৰু বাপিষ্ট খ্ৰীষ্টান গীৰ্জা আছে।

প্ৰশাসন

ওদালগুৰি চহৰ হৈছে ওদালগুৰি জিলাৰ দুখন মহকুমাৰ এখন ওদালগুৰিৰ সদৰ ঠাই। বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। বৰ্তমান ওদালগুৰিৰ প্ৰশাসনৰ বাবে ওদালগুৰি নগৰ সমিতি আছে।

ৰাজনৈতিক ভাবে ই ৬৯নং ওদালগুৰি বিধানসভা সমষ্টি আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।১

জনবসতি

ওদালগুৰিৰ সংখ্যাগৰিষ্ঠ অধিবাসী বড়ো জনগোষ্ঠীৰ লোক।১ আন জনগোষ্ঠীসমূহ হৈছে: নেপালী, চাঁওতাল আৰু ৰাভা। জিলাখনৰ মূল কথিত ভাষাসমূহ হৈছে: বড়ো, অসমীয়া, নেপালী আৰু চাঁওতালি।১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ udalguri.gov.in. District at a Glance: Udalguri
  2. ↑ udalguri.gov.in. Udalguri district: History
  3. ↑ Falling Rain Genomics, Inc – Odalguri

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ওদালগুৰি” প্ৰবন্ধৰ সংশোধন ৬১৯৫৪১ (২৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।