অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

হাইলাকান্দি

হাইলাকান্দি (উচ্চাৰণ:ˈhaɪləˌkʌndi) অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।

হালনাগাদ: ২৪ জুলাই ২০২৬ ৩০০ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

হাইলাকান্দি (উচ্চাৰণ:ˈhaɪləˌkʌndi) অসমৰ হাইলাকান্দি জিলাৰ এখন চহৰ আৰু হাইলাকান্দি জিলাৰ সদৰ ঠাই। হাইলাকান্দি অসমৰ তিনিখন বঙালী ভাষী জিলাৰ ভিতৰত অন্যতম। ই বৰাক উপত্যকা সংমণ্ডলত অৱস্থিত। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।১২৩

হাইলাকান্দি নগৰ সমিতিৰ প্ৰথম অধ্যক্ষ মৌলৱী আব্দুল মাতলিব ডাঙৰীয়া ভাৰতৰ স্থানীয় প্ৰশাসনিক গোটৰ প্ৰথম ভাৰতীয় অধ্যক্ষ। ১৯৪৬ চনত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ পদত থাকোঁতে তেওঁ এই পদত অধিষ্ঠিত হৈছিল।

নামৰ উৎপত্তি

হাইলাকান্দি নামটোৰ সমন্ধে কেইবাটাও প্ৰবাদ আছে। কিছুমানৰ মতে বৰাক নদীৰ বানৰ পৰা বাচিবলৈ বন্ধা মঠাউৰিৰ স্থানীয় নাম "আইল" বা "হাইল" আৰু বড়ো-কছাৰী ভাষাৰ "কান্দি" অৰ্থাৎ কঠিয়া তলী, ধাননি পথাৰৰ পৰা "হাইলাকান্দি" নামৰ উৎপত্তি হৈছে। অন্য কিছুৰ মতে, জিলাখনৰ নামটো কুকি শব্দ "হালাম" অৰ্থাৎ সৰু ৰাজ্য, ক্ষেত্ৰ বা অঞ্চল আৰু "কুন্দিয়া" মানে হালোৱা তলীৰ পৰা আহিছে। আন এক প্ৰবাদ অনুসৰি ইয়াত প্ৰচুৰ পৰিমানে উৎপন্ন হোৱা শালি ধানৰ খেতিৰ প্ৰসংগ ধৰি "শাইল কান্দি" আৰু কালক্ৰমত ইয়াৰ পৰা হাইলাকান্দি হয়।

ভূগোল

হাইলাকান্দিৰ অৱস্থান হ'ল।৪ ই বৰাক উপত্যকাৰ সোঁমাজত অৱস্থিত। ভৌগোলিক বাবে হাইলাকান্দি চাৰিওফালে পৰ্বতশ্ৰেণীৰ মাজৰ সমতল ভূমিত অৱস্থিত। ই ভাৰত আৰু দক্ষিণ পূব এছিয়াৰ মাজৰ সংস্কৃতিক সংযোগস্থলী।

প্ৰশাসন

হাইলাকান্দি পৌৰসভায়ে হাইলাকান্দি চহৰ পৰিচালনা কৰে। প্ৰশাসনৰ সুবিধাৰ বাবে চহৰ খনক ১৬টা ৱাৰ্ডত ভাগ কৰা হৈছে। হাইলাকান্দি হাইলাকান্দি বিধানসভা সমষ্টি আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত।৫

জনবসতি

২০১১ চনৰ লোকপিয়ল মতে হাইলাকান্দিৰ মুঠ জনসংখ্যা ৩৩,৬৩৭ জন। ইয়াৰে ১৬,৮৪৩ জন পুৰুষ আৰু ১৬,৭৯৪ গৰাকী মহিলা। ইয়াৰ মুঠ জনসংখ্যাৰ ৯.৮৪% অৰ্থাৎ ৩,৩০৯ জন ছয়বছৰৰ তলৰ শিশু। হাইলাকান্দিত লিংগ অনুপাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে ৯৯৭ গৰাকী মহিলা আছে। ইয়াৰ সাক্ষৰতা হাৰ ৯২.০৮%, তাৰে ৯৪.৬১% পুৰুষ আৰু ৮৯.৫৫% মহিলা সাক্ষৰ।৬

ধৰ্ম

হাইলাকান্দি জিলাত ইছলাম ধৰ্মালম্বী মানুহ সংখ্যাগৰিষ্ঠ হলেও হাইলাকান্দি চহৰত হিন্দু ধৰ্মাৱলম্বী মানুহ সংখ্যা গৰিষ্ঠ। ধৰ্ম ভিত্তিত হাইলাকান্দিৰ তালিকা হ'ল:

ভাষা

অসমৰ ৰাজ্যভাষা অসমীয়া আৰু ইংৰাজী হলেও বঙালী ভাষাক বৰাক উপত্যকাৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে। এই অঞ্চলৰ বেছিভাগ লোকে ছিলঠীয়া ভাষা কয়। ইয়াৰ লগতে বিভিন্ন স্থানীয় জনগোষ্ঠী সমূহে নিজৰ ভাষা কয়। এই অঞ্চলত অসমীয়া ভাষী লোকৰ সংখ্যা কম।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2024-02-24). Assam recognises Manipuri as associate official language in four districts. Hindustan Times
  2. ↑ PTI. (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Hindu
  3. ↑ (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Indian Express
  4. ↑ Falling Rain Genomics, Inc - Hailakandi
  5. ↑ List of Assembly Constituencies showing their Parliamentary Constituencies wise break – up. Chief Electoral Officer, Assam website
  6. ↑ 2010 Resident Population Data. U. S. Census Bureau

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইলাকান্দি” প্ৰবন্ধৰ সংশোধন ৬১৯১৫২ (২৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।