সোণাৰি (Sonari) অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত, চাহ বাগানেৰে পৰিৱেষ্টিত এখন সৰু নগৰ আৰু চৰাইদেউ জিলা মহকুমাৰ সদৰ। ৱাৰ্ডৰ সংখ্যা ১৩ টা।
ভৌগোলিক বিৱৰণ
সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ (৩১৮ ফুট)।১ নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক ধোদৰ আলি। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি 'নাহৰ আলি' সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।
জন-গাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন।২ অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পঞ্জাবী আদি লোকেও নগৰখনত বসবাস কৰি আছে।
যাতায়ত
সোণাৰিৰ সৈতে নামৰূপ, নাহৰকটীয়া, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মৰাণ, ডিব্ৰুগড় আদি নগৰৰ সৈতে পোনপটীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।
অনুষ্ঠান-প্ৰতিষ্ঠান
উল্লেখযোগ্য শিক্ষানুষ্ঠান
- টাউন হাইস্কুল
- পদ্মকুমাৰী বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়
- ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- শংকৰদেৱ শিশু নিকেতন
- সোণাৰি মহাবিদ্যালয়
- সোণাৰি বাণিজ্য মহাবিদ্যালয়
- সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়
- সোণাৰি জাতীয় বিদ্যালয়
- হাজী অচিমুদ্দিন মেমোৰিয়েল স্কুল (বৰ্তমান হাজী অচিমুদ্দিন মিছন একাডেমী)
সামাজিক অনুষ্ঠান
- পথিকৃত
- প্ৰচেষ্টা (আৰ্থসামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমূলক মঞ্চ )
উল্লেখযোগ্য ব্যক্তিত্ব
- গীতিকবি পাৰ্ৱতি প্ৰসাদ বৰুৱা
- কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন
- জ্ঞানপীঠ বঁটা বিজয়ী ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নাম বিশেষ ভাবে উল্লেখনীয়।
তথ্যসূত্ৰ
- ↑ সোণাৰি নগৰৰ ভৌগোলিক অৱস্থান
- ↑ সোণাৰি নগৰৰ জনসংখ্যা (লোকপিয়ল২০১১)
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰি” প্ৰবন্ধৰ সংশোধন ৪২১০৮৯ (১৩ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।