ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ সামাজিক মনোভাৱ আৰু আইনী স্থিতি সমগ্ৰ বিশ্বৰ সংস্কৃতিত ব্যাপকভাৱে পৃথক হোৱা দেখা যায়। বহুতো দেশত, দক্ষিণ বিশ্ব আৰু কেইবাখনো পশ্চিমীয়া দেশত, সাধাৰণ ৰাইজৰ মুকলি দৃষ্টিত শিশুক স্তন্যপান কৰোৱাটো সাধাৰণ কথা আৰু ইয়াক এক সমস্যা হিচাপে গণ্য কৰা নহয়। অষ্ট্ৰেলিয়াকে ধৰি পৃথিৱীৰ বহুতো ঠাইত,১ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ কিছু অংশত, এছিয়াৰ কিছুমান দেশৰ সৈতে, মহিলাসকলৰ ৰাজহুৱা আৰু কৰ্মক্ষেত্ৰত কেঁচুৱাক নাৰ্চিং কৰাৰ স্পষ্ট আইনী অধিকাৰ আছে। যদিও এই প্ৰথা আইনী বা সামাজিকভাৱে স্বীকৃত, তথাপিও কিছুমান মাতৃয়ে আন লোকৰ প্ৰকৃত বা সম্ভাৱ্য আপত্তি, নেতিবাচক মন্তব্য বা উৎপীড়নৰ বাবে স্তন্যপান কৰোৱাৰ বাবে ৰাজহুৱাস্থানত স্তন উন্মোচন কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে।২৩ আনুমানিক ভাৱে সমগ্ৰ বিশ্বৰ প্ৰায় ৬৩% মাতৃয়ে ৰাজহুৱাভাৱে স্তন্যপান কৰাইছে।৪ সংবাদ মাধ্যমসমূহে কেইবাটাও এনে ঘটনাৰ প্ৰতিবেদন প্ৰকাশ কৰিছে য'ত কৰ্মী বা আন লোকে মহিলাসকলৰ মুকলিত স্তন্যপান কৰোৱাত আপত্তি প্ৰদৰ্শন বা নিষিদ্ধ কৰিছে।৫ কিছুমান মাতৃয়ে নেতিবাচক মনোযোগ পৰিহাৰ কৰি আবুৰতাৰ বাবে আন এটা স্থানলৈ গৈ স্তন্যপান কৰায়। কিন্তু কিছুমান মাতৃয়ে তেওঁলোকৰ মুকলিত স্তন্যপান কৰোৱাৰ ক্ষেত্ৰত পোৱা বাধাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে, আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিছে বা প্ৰতিবাদত লিপ্ত হৈছে।৬ প্ৰতিবাদত অপৰাধীৰ ব্যৱসায়, সংগঠন আদি ৰাজহুৱাভাৱে বৰ্জন কৰা, "নাৰ্চ-ইন" বা স্তন্যপানৰ ফ্লেছ ম'ব আয়োজন কৰা আদি কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হয় য'ত নাৰ্চিং মাতৃৰ গোটবোৰ প্ৰতিবাদ স্থলীত একত্ৰিত হয় অৰ্থাৎ য'ত অভিযোগৰ উৎপত্তি হৈছিল আৰু সেইস্থানত একে সময়তে মুকলিকৈ তেওঁলোকৰ কেঁচুৱাবোৰক স্তন্যপান কৰাইছিল। ইয়াৰ প্ৰত্যুত্তৰত, কিছুমান কোম্পানীয়ে মাতৃসকলৰ ওচৰত ক্ষমা বিচাৰি তেওঁলোকৰ কৰ্মচাৰীসকলক পুনৰ প্ৰশিক্ষণ দিবলৈ সন্মত হৈছে।
দেশ ভেদে স্তন্যপানৰ মনোভাৱ
এছিয়াৰ দেশসমূহ

চীনত ৰাজহুৱাভাৱে স্তন্যপান কৰাটো পৰম্পৰাগতভাৱে অবিতৰ্কিত আছিল, আৰু ২০১০ চন পৰ্যন্ত কোনো ধনৰণৰ আপত্তি সম্পৰ্কীয় তথ্য পোৱা নগৈছিল। শেহতীয়াকৈ আপত্তিৰ কেইটামান উদাহৰণ স্পষ্টতঃ সামাজিক মাধ্যমৰ বিবৰ্ধনৰ প্ৰভাৱ। ছাংহাইত, ৰাজহুৱাভাৱে স্তন্যপান কৰাই থকাটো কোনো কোনো লোকৰ দ্বাৰা লজ্জাজনক বুলি গণ্য কৰা হয়, অৱশ্যে বহুতে ইয়াৰ সমৰ্থন কৰে। ৰাজহুৱা স্থানত বেবীকেয়াৰ সুবিধা স্থাপনৰ বাবেও আহ্বান জনোৱা হৈছে।৭৮
স্তন্যপানৰ সৈতে সম্পৰ্কিত ভাৰতৰ কোনো আইনী ব্যৱস্থা নাই, প্ৰচলন আৰু সামাজিক গ্ৰহণযোগ্যতা অঞ্চল ভেদে পৃথক হয়। গ্ৰাম্য ভাৰতত ই সম্পূৰ্ণৰূপে গ্ৰহণযোগ্য। সমাজৰ উচ্চ শ্ৰেণীত ৰাজহুৱাভাৱে স্তন্যপান কৰাটো এক লজ্জাজনক কথা বুলি ভৱা হয়। ঠিক সেইদৰে মালয়েছিয়াত ৰাজহুৱাভাৱে স্তন্যপান গ্ৰহণযোগ্য।৯
ৰাজহুৱাকৈ স্তন্যপান কৰোৱাৰ বিষয়ে নেপালৰো কোনো আইন নাই। ইয়াত ৰাজহুৱা স্থানত স্তন্যপান এক সাধাৰণ বিষয় আৰু ব্যাপকভাৱে গ্ৰহণযোগ্য। নেপালৰ বাছ, পাৰ্ক, ৰেষ্টুৰেণ্ট, চিকিৎসালয় আদিৰ দৰে ৰাজহুৱা স্থানত মাতৃসকলে তেওঁলোকৰ কেঁচুৱাক স্তন্যপান কৰোৱা অৱশ্যে অস্বাভাৱিক নহয়। নেপালী সমাজত, শিশুক স্তন্যপান কৰাই থকাটো মাতৃসকলৰ বাবে অতি আৱশ্যক বুলি গণ্য কৰা হয়। যিসকল মাতৃয়ে তেওঁলোকৰ সন্তানক স্তন্যপান কৰাব নোৱাৰে বা কৰিব নোৱাৰে তেওঁলোকক 'বোকচি' বা 'ডাইনী' বুলি কোৱা হয় আৰু ইয়াৰ সৈতে যথেষ্ট সামাজিক কলঙ্ক জড়িত হৈ আছে।
ফিলিপাইনত, স্তন্যপান বিভিন্ন আইনৰ দ্বাৰা সুৰক্ষিত, যেনে ২০০৯ চনৰ সম্প্ৰসাৰিত স্তন্যপান প্ৰচাৰ আইন১০ আৰু ফিলিপাইনৰ মিল্ক ক'ড (কাৰ্যবাহী আদেশ ৫১)।১১ মাতৃসকলক ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাৰ অনুমতি দিয়া হয়। নিয়োগকৰ্তাসকলে স্তন্যপান কৰোৱা কৰ্মচাৰীসকলক স্তন্যপান কৰোৱা বা মাতৃদুগ্ধ নিঃসৰণ কৰিবলৈ বিৰতিৰ অনুমতি দিয়ে। আইনখনে এইটোও কৈছে যে প্ৰতি আঠ ঘণ্টাৰ কামৰ সময়ত এই বিৰতি চল্লিশ মিনিটতকৈ কম হ'ব নালাগে।১২ কাৰ্যালয়, ৰাজহুৱা প্ৰতিষ্ঠান যেনে মল আৰু বিদ্যালয়, আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহে বাথৰুমৰ পৰা পৃথকে স্তন্যপান কেন্দ্ৰ স্থাপন কৰিব লাগিব, য'ত মাতৃসকলে তেওঁলোকৰ কেঁচুৱাক স্তন্যপান কৰাব পাৰে বা গাখীৰ নিঃসৰণ কৰিব পাৰে। মিল্ক ক'ডে দুবছৰৰ তলৰ নৱজাতকৰ বাবে ''ইনফেণ্ট ফৰ্মূলা" বা "দুধদানি"ৰ বিজ্ঞাপন নিষিদ্ধ কৰিছে।১৩
চৌদি আৰৱত যদিও মহিলাসকলে তেওঁলোকৰ শৰীৰৰ কোনো অংশ ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিব নোৱাৰে, অৱশ্যে স্তন্যপান কৰোৱাৰ ক্ষেত্ৰৰ ই এক ব্যতিক্ৰম। মহিলাসকলে মল আৰু পাৰ্কত স্তন্যপান কৰোৱাটো সাধাৰণ বুলি ভৱা হয়, আৰু চৌদি আৰৱৰ লোকসকলৰ মাজত ই গ্ৰহণযোগ্য।১৪
নৱেম্বৰ ২০১০-ৰ পৰা টাইৱানৰ ৰাজহুৱা স্থানত স্তন্যপান আইনে ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাৰ অধিকাৰ সুৰক্ষিত কৰিছে, আনহাতে গোপনীয়তাৰ সৈতে মোকাবিলা কৰিবলৈ আৰু গৰম পানী আৰু বিদ্যুৎ যোগানৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰাৰ বাবে স্তন্যপান কৰোৱা কোঠা স্থাপন কৰা হৈছে, মাতৃৰ স্তন্যপান কৰোৱাৰ অধিকাৰত হস্তক্ষেপ কৰাৰ বিপৰীতে জৰিমনা বিহাৰো আইন প্ৰণয়ন হৈছে।১৫ ২০১২ চনৰ ১৮ জুলাইত নেচনেল পেলেচ মিউজিয়ামৰ পৰা স্তন্যপান কৰাই থকা মাতৃক বহিষ্কাৰ কৰাৰ ঘটনাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।১৬ টাইৱানৰ সেই কৰ্মচাৰী গৰাকীক আৰু তেওঁৰ নিয়োগকৰ্তা দুয়োকে ৬০০০ নতুন টাইৱান ডলাৰ (প্ৰায় ২০০ আমেৰিকান ডলাৰ) জৰিমনা বিহা হৈছিল।১৭
আফ্ৰিকা
আফ্ৰিকাৰ বহুতো ক্ষেত্ৰত ৰাজহুৱাভাৱে স্তন্যপান কৰাটো সাধাৰণ কথা। কেঁচুৱাবোৰক সাধাৰণতে মাকৰ পিঠিত দীঘল কাপোৰত কঢ়িয়াই অনা হয় আৰু কেৱল স্তন্যপান কৰাবলৈকে সন্মুখলৈ অনা হয়। জন্মদাত্ৰী মাতৃয়ে কেঁচুৱাৰ নাৰ্চিংৰ আবুৰতা ৰক্ষা কৰিব পাৰে, কিন্তু সাধাৰণতে এনেকৈ স্তন লুকুৱাই ৰখাৰ কোনো প্ৰয়াস কৰা নহয়। যেতিয়া কেঁচুৱা এটাই ৰাজহুৱাস্থানত কান্দি থকা দেখা যায় তেতিয়া ধাৰণা কৰা হয় যে কেঁচুৱাটোৰ সৈতে থকা মহিলাগৰাকী শিশুটোৰ মাতৃ নহয়, কিয়নো সাধাৰণতে ভবা হয় যে যদি তেওঁ মাতৃ হয় তেন্তে তেওঁ কেঁচুৱাটোক স্তন্যপান কৰাব।১৮ মৰক্কোতো ৰাজহুৱা স্তন্যপান আইনী আৰু ব্যাপকভাৱে স্বীকৃত।১৯চিয়েৰা লিয়নত বিশ্বৰ ভিতৰত নৱজাতকৰ মৃত্যুৰ হাৰ সৰ্বাধিক। দেশখনলৈ এক সদিচ্ছা মূলক ভ্ৰমণৰ সময়ত, অভিনেত্ৰী চালমা হায়েকে কেমেৰাৰ সমুখতে এটা ভোকাতুৰ মাত্ৰ এসপ্তাহ বয়সৰ কেঁচুৱাক স্তন্যপান কৰাইছিল কাৰণ কেঁচুৱাটিৰ মাতৃ গৰাকীয়ে গাখীৰ উৎপাদন কৰিব নোৱাৰিছিল।২০ চালমাই ব্যক্ত কৰিছিল যে স্তন্যপানৰ সৈতে সম্পৰ্কিত লজ্জাবোধ হ্ৰাস কৰিবলৈ আৰু নৱজাতকৰ পুষ্টিক উৎসাহিত কৰিবলৈ তেওঁ এনে কৰিছিল।২১
ইউৰোপ

ক্ৰেজ ৰিপাব্লিক
যদিও ইয়াত ৰাজহুৱাভাৱে স্তন্যপান প্ৰায়ে কৰোৱা হয় আৰু ই অবৈধ নহয়, কিছুমান মানুহে ইয়াক অস্বীকাৰ কৰে। বেংক বা কফি দোকানৰ দৰে ৰাজহুৱা ভৱনত স্তন্যপান কৰাই থকা মাতৃসকলক কেতিয়াবা ওলাই যাবলৈ কোৱা হয়। এইবোৰৰ ফলত মাতৃসকলে ৰাজহুৱা প্ৰতিবাদ কৰিব পাৰে।২২
ফ্ৰান্স
ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাটো বৈধ আৰু বহুলভাৱে গ্ৰহণযোগ্য।
জাৰ্মানী
ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাটো বহুলভাৱে গ্ৰহণ কৰা হৈছে যদিও, বিশেষকৈ ১৯৬৮ চনৰ আন্দোলনৰ পিছত যেতিয়া ৰাজহুৱা "নাৰ্ছ-ইন" (জাৰ্মান: ষ্টিল-ইন) সাধাৰণ আছিল, ৰাজহুৱাভাৱে স্তন্যপান কৰা বিষয়টোক লৈ বিশেষভাৱে সম্বোধন কৰা কোনো আইন নাই।২৩ ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানীৰ মৌলিক আইনখনৰ ২ নং অধ্যায়ৰ ৬ নং অনুচ্ছেদত উল্লেখ আছে যে "শিশুৰ যত্ন আৰু লালন-পালন পিতৃ-মাতৃৰ স্বাভাৱিক অধিকাৰ হিচাপে" আনহাতে ৪ নং অনুচ্ছেদে "প্ৰতিগৰাকী মাতৃক সম্প্ৰদায়ৰ সুৰক্ষা আৰু যত্নৰ অধিকাৰ প্ৰদান কৰে"।২৪
আইচলেণ্ড
ৰাজহুৱাভাৱে স্তনপান কৰোৱাটো ব্যাপক আৰু বিতৰ্কহীন।২৫
ইটালী
ইটালীত ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাৰ বিৰুদ্ধে কোনো আইন নাই যদিও ইয়াৰ প্ৰতি প্ৰতিক্ৰিয়া বিভিন্ন সম্প্ৰদায়ত বেলেগ বেলেগ। কিছুমানে ইয়াক লজ্জাজনক বা নিষিদ্ধ বুলি গণ্য কৰে আৰু ইয়াৰ ফলত ৰাজহুৱা স্থানত থকাৰ সময়ত মাতৃসকলে স্তন্যপানৰ পৰা বিৰত থাকিব পাৰে। ইয়াৰ বাবে ইহঁতে পিছলৈ ব্যৱহাৰৰ বাবে ঘৰতে গাখীৰ তৈয়াৰ কৰি আনে বা ঘৰৰ পৰা আঁতৰত থকা সময় সীমিত আৰু হ্ৰাস কৰে।২৬
আয়াৰলেণ্ড
আয়াৰলেণ্ড ৰিপাব্লিকত য’তেই প্ৰয়োজন হয় তাতেই স্তন্যপান কৰাটো সমান মৰ্যাদা আইন ২০০০ৰ আইনৰ অধীনত সুৰক্ষিত, যিয়ে মানুহক বৈষম্য আৰু হাৰাশাস্তিৰ পৰা (যৌন নিৰ্যাতনকে ধৰি) সুৰক্ষা প্ৰদান কৰে। যদিও স্তন্যপানৰ পোনপটীয়া কথা উল্লেখ কৰা হোৱা নাই, ৰাজহুৱা স্থানত স্তন্যপান কৰাৰ বাবে সুৰক্ষা লিংগ ভিত্তিত এই আইনখনে সামৰি লৈছে। ফলত স্তন্যপানদাতৃ মহিলাক ৰ'বলৈ কোৱা, আন ঠাইলৈ যোৱা বা ঢাকি ৰাখিবলৈ কোৱাটো অপৰাধ।২৭
ইয়াৰ দ্বাৰা যিকোনো ঠাইতে স্তন্যপান কৰোৱাৰ আইনীভাৱে সুৰক্ষিত অধিকাৰ প্ৰদান কৰা হয় যদিও আয়াৰলেণ্ডত স্তন্যপানৰ হাৰ বিশ্বৰ ভিতৰতে আটাইতকৈ কম।
নেদাৰলেণ্ড
ৰাজহুৱাভাৱে স্তন্যপান কৰাই দিয়াটো সাধাৰণ আৰু সামাজিকভাৱে বহুলভাৱে গ্ৰহণযোগ্য। ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাৰ বিৰুদ্ধে কোনো আইন নাই। ডাচ আইন অনুসৰি যেতিয়া কোনো কৰ্মচাৰীয়ে নিজৰ শিশুটিক স্তন্যপান কৰাব বিচাৰে, তেতিয়া নিয়োগকৰ্তাই জন্মৰ পিছৰ প্ৰথম ন মাহৰ বাবে এটা উপযুক্ত নাৰ্চিং ৰুম প্ৰদান কৰিব লাগিব আৰু দৰমহা পাই থকাৰ সময়ত কামৰ ২৫% সময় শিশুটিক খুৱাবলৈ বা পাম্প কৰাত ব্যয় কৰিবলৈ অনুমতি দিব লাগিব। প্ৰথম ন মাহৰ পিছতো নিয়োগকৰ্তাই স্তন্যপানৰ চৰ্তসমূহ পূৰণ হোৱাটো নিশ্চিত কৰিব লাগিব (যেনে সময়মতে বিৰতি, নাৰ্চিং ৰুম, নিৰাপদ পৰিৱেশ আদি), কিন্তু স্তন্যপান বা পাম্প কৰাত খৰচ কৰা সময়ৰ বাবে আৰু ধন দিব নালাগে।২৮
নৰৱে
নৰৱেত ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাটো ব্যাপকভাৱে প্ৰচলিত, বিশেষকৈ কেফেত।২৯ মাতৃসকলে নিজৰ কেঁচুৱাক স্তন্যপান কৰাবলৈ আঁতৰি থাকিব নালাগে আৰু লুকাই থাকিব নালাগে কাৰণ এই প্ৰথা বহুলভাৱে গ্ৰহণ কৰা৩০ আৰু আমেৰিকা আৰু যুক্তৰাজ্যৰ দৰে দেশৰ তুলনাত বিতৰ্কহীন। অৱশ্যে আগতে স্তন্যপান কৰাই থকা মাতৃসকলে কেতিয়াবা ৰাজহুৱা স্থানত স্তন্যপান কৰাবলৈ লাজ অনুভৱ কৰিছিল। ৰাজহুৱাভাৱে স্তন্যপান কৰোৱাৰ বাবে তেওঁলোকে সামাজিক নিয়ম মানি চলিব বুলি আশা কৰা হৈছিল আৰু তেনে নকৰিলে সমালোচনা হ'ব পাৰে।২৯
পোলেণ্ড
পোলেণ্ডত ৰাজহুৱাভাৱে স্তন্যপান কৰাই ব্যাপকভাৱে প্ৰচলিত। ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ আইনী অধিকাৰ আছে, আৰু স্তন্যপান কৰা মাতৃক তেনে কৰাত বাধা দিয়াটো অবৈধ। এই অধিকাৰ পোলেণ্ডৰ অশ্লীলতা নিষিদ্ধ কৰা আইন অনুসৰি বাধাপ্ৰাপ্ত নহয়। তথাপিও পোলেণ্ডত ইয়াৰ বিৰুদ্ধে আপত্তি কৰা লোকো আছে আৰু ই এক বিতৰ্কিত বিষয়। কিছুমান স্তন্যপান কৰা মাতৃয়ে ৰাজহুৱা স্থানত স্তন্যপান কৰাই লাজ পায় আৰু ইয়াৰ বাবে কিছুমান বিশেষ ব্যৱসায় আৰু প্ৰতিষ্ঠানে প্ৰদান কৰা সুবিধাসমূহৰ ব্যৱহাৰ কৰে। আন কিছুমানে সেই কাৰ্যকলাপটো স্কাৰ্ফ বা স্তন্যপানৰ আৱৰণৰ তলত লুকুৱাই ৰাখে। পোলেণ্ডৰ আইন অনুসৰি স্তন্যপান কৰা কৰ্মচাৰীসকলক কৰ্মৰ সময়ত স্তন্যপান কৰোৱাৰ বাবে দৰমহাযুক্ত বিৰতিও প্ৰদান কৰা হয়।৩১
স্পেইন
স্পেইনৰ সমতা আইনত ৰাজহুৱা স্থানত স্তন্যপান কৰোৱাৰ আইনী অধিকাৰ প্ৰদান কৰা হৈছে।৩২ ইয়াক বহুলভাৱে গ্ৰহণ কৰা হৈছে। ২০১৬ চনত সংসদৰ সদস্য কেৰ'লিনা বেস্কানছাই ডেপুটি কংগ্ৰেছত নিজৰ পুত্ৰক স্তনপান কৰাইছিল আৰু তেনে কৰাৰ বাবে প্ৰশংসা আৰু সমালোচনা দুয়োটা লাভ কৰিছিল।৩৩
বিতৰ্ক
, ২০১৭ৰ এক কাৰ্নিভালত স্তন্যপান কৰাই থকা এগৰাকী মহিলা।]]
কানাডাত কৰ্মক্ষেত্ৰত স্তন্যপান
কানাডিয়ান অধিকাৰ আৰু স্বাধীনতাৰ ঘোষণাপত্ৰৰ অধীনত মহিলাসকলক কানাডাত বৈষম্যৰ বিৰুদ্ধে সুৰক্ষিত কৰা হয়। কিন্তু কানাডা হৈছে এনে একমাত্ৰ দেশ যি স্তন্যপানৰ বাবে বিৰতিৰ অনুমোদন কৰা নাছিল। ২৬%-ৰো অধিক মাতৃয়ে স্তন্যপান কৰায় যদিও তেওঁলোকৰ বহুসংখ্যকে কৰ্মক্ষেত্ৰত থকা সীমাবদ্ধতাৰ বাবে স্তন্যপান কৰোৱা কাৰ্য বন্ধ কৰিবলৈ বাধ্য হয়।৩৪
আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাজহুৱা স্থানৰ স্তন্যপান
যুক্তৰাষ্ট্ৰত চৌহদৰ গৰাকী, বা উপস্থিত লোকে স্তন্যপানত আপত্তি কৰা বা ইয়াক নিষেধ কৰাৰ ঘটনা ঘটিছে। কিছুমান ক্ষেত্ৰত মাতৃসকলে গুচি গৈছে। আনহাতে কোনো ক্ষেত্ৰত স্তন্যপান কৰোৱাৰ অধিকাৰ নিশ্চিত কৰা আইন ভংগ কৰাৰ বাবে আইনী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে।৩৫ কিছুমান কোম্পানীয়ে পৰৱৰ্তী সময়ত আনকি ক্ষমা প্ৰাৰ্থনাও কৰিছে।৩৬ স্তন্যপানৰ অনুমতি দিয়া কেণ্টাকী আইন দেখুওৱা স্বত্বেও এগৰাকী মহিলাক স্তন্যপান কৰোৱাৰ অনুমতি দিয়া হোৱা নাছিল বাবে৩৭ আঁতৰি যায়। কিন্তু তেওঁ পিছত ৰেষ্টুৰেণ্ট আৰু অন্যান্য ৰাজহুৱা স্থানৰ সন্মুখত একাধিক প্ৰতিবাদৰ আয়োজন কৰে।৩৮
২০০৭ চনৰ জুন মাহত ব্ৰুক ৰিয়ানে এপলবীজ ৰেষ্টুৰেণ্ট এখনৰ পিছফালে থকা এটা বুথত আহাৰ খাই থাকোঁতে নিজৰ সাত মাহৰ পুত্ৰক স্তন্যপান কৰাবলৈ আৰম্ভ কৰে। এজন লোকে প্ৰবন্ধকৰ ওচৰত অশালীন অনাবৃতকৰণৰ অভিযোগ আনে। প্ৰবন্ধক আৰু এগৰাকী পৰিচাৰিকাই তেওঁক অংগ আবৃত কৰি ৰাখিবলৈ কয়। তেওঁ প্ৰবন্ধকগৰাকীক কেণ্টাকী আইনৰ এটা প্ৰতিলিপি দিয়ে যি ৰাজহুৱা ভাৱে স্তন্যপান কৰোৱাৰ অনুমতি দিছিল। কিন্তু তেওঁ মান্তি নহ'ল বাবে মহিলাগৰাকীয়ে নিজৰ পুত্ৰক তেওঁৰ গাড়ীত স্তন্যপান কৰোৱাটোকে বাছি লয়। পিছত ৰেষ্টুৰেণ্ট আৰু অন্যান্য ৰাজহুৱা স্থানৰ সন্মুখত "নাৰ্চ-আউট" প্ৰতিবাদৰ আয়োজন কৰে।৩৯
২০০৮ চনত নিউ অৰলিন্সৰ এগৰাকী মহিলাই এক পথ উৎসৱত (street festival) তেওঁৰ ট্ৰাকৰ ওপৰত এটা তম্বু তৰি ৰাখিছিল যাতে তেওঁ নিজৰ জীয়েকক ব্যক্তিগতভাৱে স্তন্যপান কৰাব পাৰে। তেওঁক আৰক্ষীয়ে "অনুমোদিত নোহোৱা বুথ" খোলাৰ অভিযোগত এই উৎসৱৰ পৰা আঁতৰাই দিয়ে।৪০৪১৪২
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীত ইউনিফৰ্মত স্তন্যপান
২০১২ চনৰ মে মাহত, ৱাশ্বিংটনৰ ফেয়াৰচাইল্ড বায়ু সেনা ঘাটিত নিয়োজিত দুজন বায়ু সেনা নেচনেল গাৰ্ড সেৱাৰ সদস্যই ফেয়াৰচাইল্ড ব্ৰেষ্টফিডিং ছাপোৰ্ট গ্ৰুপৰ মম টু মমৰ দ্বাৰা আয়োজিত স্তন্যপান সজাগতা অভিযানত অংশগ্ৰহণ কৰিছিল। ফটোগ্ৰাফাৰ ব্ৰাইঞ্জা চিগুৰদাৰডটিৰ (যি এগৰাকী সেনা-পত্নীও আছিল) টেৰান ইচেগোয়েন-মেককেব আৰু ক্ৰিষ্টিনা লুনাক ইউনিফৰ্মত স্তন্যপান কৰোৱাই থকাৰ দৃশ্য মঞ্চস্থ কৰাৰ লগতে ফটো তুলিছিল। মম2মমৰ প্ৰতিষ্ঠাপক ক্ৰিষ্টাল স্কটে কয় যে মানুহে ভাবিছে যে ফটোখন সামৰিক পোছাকৰ বাবে এক কলঙ্কস্বৰূপ আৰু তেওঁলোকৰ কাৰ্যকলাপক ইউনিফৰ্মত শৌচ কৰা বা প্ৰস্ৰাৱ কৰাৰ সৈতে তুলনা কৰিছে।৪৩ কিছুমান সামৰিক কৰ্মীয়ে অনুভৱ কৰিছিল যে এগৰাকী মহিলাই ইউনিফৰ্ম পিন্ধি শুশ্ৰূষা কৰোঁতে পেছাদাৰী সামৰিক কায়দা বজাই ৰখাটো অসম্ভৱ। কিন্তু কিছুসংখ্যক সক্ৰিয়ভাৱে কৰ্তব্যৰত প্ৰবীণ সামৰিক সদস্য তথা মাতৃয়ে এই কাৰ্য সমৰ্থন কৰি কৈছিল যে মহিলাসকলে সামৰিক বাহিনীৰ সন্মান বৃদ্ধি কৰিছে।৪৪
ফেইচবুক বিতৰ্ক
ফেইচবুকৰ সেৱাৰ চৰ্তাৱলী উলংঘা কৰি আপত্তিজনক সমল ৰখাৰ বুলি মাতৃসকলে তেওঁলোকৰ সন্তানক স্তন্যপান কৰোৱাৰ ফটো আঁতৰোৱাৰ বাবে ফেইচবুক সমালোচিত হৈছে।৪৫ কেঁচুৱাটোৱে স্তনবৃন্ত ঢাকি ৰাখিলেও ফেইচবুকে দাবী কৰিছিল যে এই আলোকচিত্ৰসমূহে উন্মুক্ত স্তন দেখুৱাই তেওঁলোকৰ শালীনতা নীতি উলংঘা কৰিছে। এই কাৰ্যটোক ভণ্ডামি বুলি বৰ্ণনা কৰা হৈছিল কিয়নো ফেইচবুকে এটা ডেটিং সেৱাৰ বাবে টপলেছ মডেলৰ আলোকচিত্ৰ ব্যৱহাৰ কৰি দিয়া বিজ্ঞাপন আঁতৰাবলৈ কৰা আহ্বানৰ সঁহাৰি দিবলৈ কেইবাদিনো সময় লৈছিল।৪৬
তথ্যসূত্ৰ
- ↑ (Aug 2016). Breastfeeding in public – your legal rights. Australian Breastfeeding Association
- ↑ Wolf, J.H. (2008). Got milk? Not in public!. International Breastfeeding Journal. পৃ. 11
- ↑ Vance, Melissa R. (June–July 2005). Breastfeeding Legislation in the United States: A General Overview and Implications for Helping Mothers. LEAVEN. পৃ. 51–54
- ↑ Cox, Sue. (2002). Breast Feeding With Confidence. Meadowbrook Press. ISBN 978-0684040059
- ↑ (September 18, 2012). Places Moms Have Been Shamed For Breastfeeding. Huffington Post
- ↑ (September 18, 2012). Dawn Holland, Breastfeeding Mom, Asked To Nurse In Applebee's Bathroom. Huffington Post
- ↑ Congress to consider privacy issue. chinadaily.com.cn
- ↑ Breastfeeding in public. chinadaily.com.cn
- ↑ BabyCenter mums' tips for breastfeeding in public. BabyCenter
- ↑ R.A. No. 10028. lawphil.net
- ↑ E.O. No. 51. lawphil.net
- ↑ Chronicles of a Nursing Mom: More on the Legal Rights of Breastfeeding and Working Women. chroniclesofanursingmom.com
- ↑ Executive Order No. 51 – Philippine Commission on Women. pcw.gov.ph
- ↑ Riordan, Jan. (2005). Breastfeeding and Human Lactation. Jones and Bartlett. পৃ. 718–719. ISBN 978-0-7637-4585-1
- ↑ (2010-11-24). Public Breastfeeding Act. Ministry of Justice (Republic of China)
- ↑ Liu Yunting. (July 23, 2012). Taipei Museum Faces Investigation for Evicting Breastfeeding Mother. Translated from Shenzhen Evening News. All-China Women's Federation
- ↑ (August 15, 2012). Taiwan museum fined for stopping breastfeeding mum. From AFP, posted at Borneo Post Online
- ↑ Breastfeeding in public around the world. 007 Breasts
- ↑ Hargraves, Orin. (2010). Morocco: A Survival Guide to Customs and Etiquette. Marshall Cavendish. পৃ. 108. ISBN 9789814435895
- ↑ Thomson, Katherine. (February 10, 2009). Salma Hayek Breastfeeds African Baby (VIDEO). Huffingtonpost.com
- ↑ Celebs Who Breastfeed in Public
- ↑ (15 April 2019). Czech "breastfeeding guerrilla" mums stage "feed-ins" over incident at Austrian bank. Radio Prague International
- ↑ (8 February 2013). Ist Stillen in der Öffentlichkeit obszön?. T-Online
- ↑ (23 May 1949). ((Basic Law for the Federal Republic of Germany)) (Grundgesetz, GG)
- ↑ (8 May 2014). Taking care of children in Iceland. www.nordicmum.com
- ↑ DeMaria, AL; Ramos-Ortiz, J; Basile, K. (December 2020). Breastfeeding trends, influences, and perceptions among Italian women: a qualitative study. The International Journal of Qualitative Studies on Health and Well-being
- ↑ Grant, Aimee; Pell, Bethan; Copeland, Lauren. (October 2022). Views and experience of breastfeeding in public: A qualitative systematic review. Maternal & Child Nutrition
- ↑ Borstvoeding.com: kenniscentrum voor borstvoeding – artikelen- Borst & Baan – Borst & Baan en de wet. borstvoeding.com
- ↑ Bergstrøm, Ida Irene. (17 August 2017). Why do some consider public breastfeeding as inappropriate?. Science Norway
- ↑ (3 August 2023). Norway's ongoing journey to optimize breastfeeding support. World health Organization
- ↑ Pruban, Joanna. (22 April 2022). Breastfeeding in public. epozytywna opinia.pl. Instytut Matki i Dziecka
- ↑ (20 January 2023). 'I got looks of kindness': Is breastfeeding in public considered OK in Spain?. The Local
- ↑ (13 January 2016). Spain breastfeeding MP Bescansa causes stir in parliament. BBC News
- ↑ Heymann, Jody. (7 Oct 2013). Breastfeeding breaks at work pay off; Canada is in the minority of countries that do not guarantee women paid breaks to feed infants at work. The Ottawa Citizen
- ↑ Barsch, Sky. (June 11, 2006). Woman alleges she was kicked off Burlington flight for breast-feeding. Associated Press
- ↑ (February 3, 2012). Legoland Apologizes To Kelly Sabourin, Breastfeeding Mom Told To Move
- ↑ Summary of Enacted Breastfeeding Legislation Kentucky
- ↑ Applebee's, woman in dispute over breast-feeding
- ↑ (10 September 2007). Breastfeeding Protest Targets Restaurant Chain
- ↑ Mom's Breastaurant. momsbreastaurant.org
- ↑ "Mom's Breastaurant", Catherine P. Businelle, Mothering, January/February 2008, p. 62
- ↑ "Milpitas woman creates retreat for nursing moms", Wes Bowers, Milpitas Post, August 14, 2008, p. 38
- ↑ McFarlane, Megan D. (2015). Breastfeeding as subversive: mothers, mammaries and the military. International Feminist Journal of Politics. পৃ. 191–208
- ↑ Weinstein, Adam. Mother of All Wars: The Battle to Breastfeed in Uniform. Mother Jones
- ↑ (2010-07-31). Episode 2: Breastfeeding and the Right to Go Topless. Lex Appeal
- ↑ (2007-09-07). Facebook ban incurs 'lactivist' wrath. The Sydney Morning Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজহুৱা স্থানত স্তন্যপান” প্ৰবন্ধৰ সংশোধন ৬৪০৩৬৬ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।