অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

সেনা ডাক সেৱা (ভাৰত)

সেনা ডাক সেৱা (Army Postal Service)-ই ভাৰতত সামৰিক মেইল প্ৰণালী হিচাপে কাম কৰে। সেনা ডাক সেৱা প্ৰণালীৰ এটা প্ৰাথমিক বিশেষত্ব হ'ল - যাতে বিদেশ আৰু গৃহ দেশৰ মাজত পোষ্ট কৰা সামৰিক মেইলৰ বাবে প্ৰেৰকৰ সাধাৰণ ঘৰুৱা মেইল ট্ৰেফিকতকৈ অধিক ব্যয় নহয়।

হালনাগাদ: ২১ এপ্ৰিল ২০২২ ২৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

সেনা ডাক সেৱা (Army Postal Service)-ই ভাৰতত সামৰিক মেইল প্ৰণালী হিচাপে কাম কৰে। সেনা ডাক সেৱা প্ৰণালীৰ এটা প্ৰাথমিক বিশেষত্ব হ'ল - যাতে বিদেশ আৰু গৃহ দেশৰ মাজত পোষ্ট কৰা সামৰিক মেইলৰ বাবে প্ৰেৰকৰ সাধাৰণ ঘৰুৱা মেইল ট্ৰেফিকতকৈ অধিক ব্যয় নহয়। সেনা ডাক সেৱাৰ জৰিয়তে যুদ্ধ ক্ষেত্ৰত ভাৰতীয় সামৰিক কৰ্মীয়ে বিনামূলীয়াকৈ গৃহ দেশলৈ পত্ৰ বা পেকেজ প্ৰেৰণ কৰিব পাৰে, আনহাতে আন কিছুমান ক্ষেত্ৰত, এক নিৰ্দিষ্ট বিদেশী এলেকাত অৱস্থিত প্ৰেৰকসকলে আন এজন সামৰিক প্ৰাপ্তকৰ্তাক সামৰিক মেইল প্ৰেৰণ কৰিব পাৰে, যি একেখন বিদেশী এলেকাত অৱস্থিত, কোনো অভিযোগ অবিহনে। বিষয়াসকলক মুখ্যতঃ ভাৰতীয় ডাক সেৱা আৰু সেনা বাহিনীৰ পৰা নিযুক্তি দিয়া হয়। সেনা ডাক সেৱা হৈছে একমাত্ৰ সেৱা যিয়ে অসামৰিক সেৱাৰ বিষয়াসকলক সশস্ত্ৰ বাহিনীত কাম কৰিবলৈ সক্ষম কৰে।

কাৰ্যকলাপ

সেনা ডাক সেৱাই সমগ্ৰ দেশত স্থাপিত ৫০০সেনা ডাকঘৰৰ জৰিয়তে সেনা, ভাৰতীয় নৌ-সেনা, বায়ু সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলক ডাক, প্ৰেৰণ, সঞ্চয় আৰু বীমা সেৱা প্ৰদান কৰে। ই বিদেশত ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা বাহিনীৰ সৈতে নিয়োজিত ভাৰতীয় সৈন্য সকলক আৱৰণ প্ৰদান কৰে।১২

সাংগঠনিক সংস্থাপন

সেনা ডাক সেৱাৰ মুৰব্বী হৈছে মেজৰ জেনেৰেলপদবীত থকা সেনা মুখ্য কাৰ্যালয়ৰ "অতিৰিক্ত সঞ্চালক প্ৰধান সেনা ডাক সেৱা।" তেওঁক সেনা মুখ্য কাৰ্যালয়ত ব্ৰিগেডিয়াৰ পদবীত থকা "উপ-সঞ্চালক প্ৰধানক সেনা ডাক সেৱা" ই সহায় কৰে।৩

দিল্লী আৰু কলিকতাত থকা দুটা কমাণ্ড আধাৰিত ডাকঘৰ আৰু "কাম্পটে নাগপুৰ"ৰ সেনা ডাক সেৱা কেন্দ্ৰক কৰ্ণেলপদবীত থকা সেনাধ্যক্ষ সকলৰ দ্বাৰা পৰিচালিত কৰা হয়।

লেফটেনেণ্ট কৰ্ণেল/ মেজৰ/কেপ্টেইন পদবীত থকা অফিচাৰ সকলে কমাণ্ডিং কৰ্পছ/ডিভিজনেল/এৰিয়া/বৰ্ডাৰ ৰোড/অসমৰাইফলছ/বায়ু সেনা ডাক-ইউনিটবোৰে তেওঁলোকৰ নিয়ন্ত্ৰণাধীন ফিল্ড ডাকঘৰবোৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰে আৰু সাধাৰণ-বিষয়া-কমাণ্ডিংৰ ডাক উপদেষ্টাৰ কাম-কাজ সম্পাদন কৰে।

দুটা কেন্দ্ৰীয় আধাৰৰ ডাকঘৰ আৰু শাখা আধাৰৰ ডাকঘৰে মেইল প্ৰক্ৰিয়াকৰণৰ বাবে নোডেল পইণ্ট হিচাপে কাম কৰে।

সেনা ডাক সেৱাৰ মুৰব্বী

+এ.পি.এছ. ৰ মুৰব্বীসকলৰ তালিকা৪নামপৰালৈ
ব্ৰিগেডিয়াৰ ডি.এছ. ভিৰ্ক, এ.ভি.এছ.এম. (AVSM)১ মাৰ্চ ১৯৭২১০ মাৰ্চ ১৯৭২
ব্ৰিগেডিয়াৰ অ'পি ৰাঘৱ, এভিএছএম১৩ মাৰ্চ ১৯৭২৩০ ডিচেম্বৰ ১৯৭৮
মেজৰ জেনেৰেল এছ কে আনন্দ, এভিএছএম১ জানুৱাৰী ১৯৭৯৩১ মে ১৯৮৯
মেজৰ জেনেৰেল এছ পি চোপ্ৰা, ভিএচএম (VSM)১ জুন ১৯৮৯৩১ মাৰ্চ ১৯৯৩
মেজৰ জেনেৰেল বিপি দাস, এভিএছএম২৫ মে ১৯৯৩১ নৱেম্বৰ ১৯৯৬
মেজৰ জেনেৰেল কে কে শ্ৰীবাস্তৱ, ভিএচএম১৪ ডিচেম্বৰ ১৯৯৬২৯ মাৰ্চ ২০০১
মেজৰ জেনেৰেল আৰ এছ কেৰেৰ৩০ মাৰ্চ ২০০১৩০ ছেপ্টেম্বৰ ২০০২
মেজৰ জেনেৰেল এছ কে সেন, ভিএচএম১ অক্টোবৰ ২০০২৩১ মে ২০০৪
মেজৰ জেনেৰেল ভি সদাশিৱম, ভিএচএম১ জুন ২০০৪২৪ ফেব্ৰুৱাৰী ২০১০
মেজৰ জেনেৰেল আৰা চাহ১৮ জুন ২০১০১৫ ছেপ্টেম্বৰ ২০১১
মেজৰ জেনেৰেল এ কে শোৰী১০ অক্টোবৰ ২০১১৩১ মাৰ্চ ২০১৫
মেজৰ জেনেৰেল মীনা দত্ত২১ অক্টোবৰ ২০১৫২১ ডিচেম্বৰ ২০১৮
মেজৰ জেনেৰেল পি এছ নেগী২২ ডিচেম্বৰ ২০১৮২২ ডিচেম্বৰ ২০১৯
মেজৰ জেনেৰেল ডিভি মহেশ২৪ ডিচেম্বৰ ২০১৯আজিলৈকে

তথ্যসূত্ৰ

  1. ↑ Activities APS. Indian Army. Government of India
  2. ↑ Organisation. Indian Army. Govt. of India
  3. ↑ How does the Army Post Office System Work?. Pitara
  4. ↑ Heads of Service APS

সম্পৰ্কিত শ্ৰেণী

ডাক সেৱা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেনা ডাক সেৱা (ভাৰত)” প্ৰবন্ধৰ সংশোধন ৩১৯২৯০ (২১ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।