ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ভাৰত চৰকাৰ আইন,১৯১৯
ভাৰত চৰকাৰ আইন ১৯১৯ যুক্তৰাজ্যৰ সংসদৰ এক আইন আছিল। ভাৰত চৰকাৰত ভাৰতীয়সকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গৃহীত কৰা হৈছিল। এই আইনখনত ভাৰতৰ বিদেশ সচিব এডউইন মণ্টাগু আৰু ভাইচৰয় চেলমছফৰ্ডৰ প্ৰতিৱেদনত পৰামৰ্শ দিয়া সংস্কাৰসমূহ সন্নিৱিষ্ট কৰা হৈছিল। এই আইনখনে ১৯১৯ চনৰপৰা ১৯২৯ চনলৈকে দহ বছৰ সামৰি লৈছিল।
-
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪
ভাৰত-চীন সীমান্ত টহল চুক্তি ২০২৪ হৈছে গালৱান উপত্যকাত দুখন দেশৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হোৱা শত্ৰুতা লাঘৱ কৰাৰ বাবে ভাৰত আৰু চীনৰ মাজত উপনীত হোৱা এখন চুক্তি। দুয়োখন দেশৰ সংঘাতৰ সময়ত প্ৰতিৰক্ষা জোৱানৰ হতাহতি হয়।
-
ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন
ভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন (Women's suffrage movement in India)-এ ব্ৰিটিছ শাসনৰ অধীনত ঔপনিৱেশিক ভাৰতত ভাৰতীয় মহিলাৰ ৰাজনৈতিক ভোটাধিকাৰৰ অধিকাৰৰ বাবে যুঁজিছিল। ভোটাধিকাৰৰ বাহিৰেও এই আন্দোলনে ঔপনিৱেশিক যুগত নাৰীৰ পক্ষত থিয় দিয়া আৰু কাৰ্যভাৰ গ্ৰহণ কৰাৰ অধিকাৰৰ বাবে যুঁজি আছিল।
-
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২
ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন, ১৮৭২ ভাৰতীয় সংসদৰ দ্বাৰা গৃহীত এখন আইন। ভাৰতত বসবাস কৰা খ্ৰীষ্টানধৰ্মালম্বী সকলৰ বিবাহক আইনী স্বীকৃতি আৰু নিয়ন্ত্ৰণ কৰে এই আইনৰ মূল উদ্দেশ্য। ১৮৭২ চনৰ ১৮ জুলাই তাৰিখে এই আইন গৃহীত কৰা হৈছিল। জম্মু আৰু কাশ্মীৰ, মণিপুৰ আৰু কোচিনৰ বাদে সমগ্ৰ ভাৰত এই আইন প্ৰযোজ্য হয়।
-
ভাৰতীয় চুক্তি আইন ১৮৭২
ভাৰতবৰ্ষত চুক্তি সম্পৰ্কীয় আইন ভাৰতীয় চুক্তি আইন ১৮৭২ (Indian Contract Act, 1872) ত সন্নিৱিষ্ট কৰা হৈছে। এই আইনখন ইংৰাজ শাসনৰ সময়ত অনুমোদিত আৰু ই ইংৰাজ সাধাৰণ আইনৰ (British Common Law) নীতিসমূহৰ ওপৰত আধাৰিত। জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰততে ভাৰতীয় চুক্তি আইনখন প্ৰযোজ্য।
-
ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১
২০০১ চনৰ ১৩ ডিচেম্বৰত জেঈশ-ই-মহম্মদৰ পাঁচজন সন্ত্ৰাসবাদীয়ে ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল। পাঁচোটা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়।
-
ভাৰতৰ অসামৰিক প্ৰতিৰক্ষাৰ মক ড্ৰিল,২০২৫
২০২৫ চনৰ ভাৰত অসামৰিক প্ৰতিৰক্ষা মক ড্ৰিলৰ (2025 India civil defence mock drill) ক’ড নাম হৈছে অপাৰেচন অভ্যাস৷ এই মক ড্ৰিল ২০২৫ চনৰ ৭ মে’ত ভাৰতৰ ২৪৪খন জিলাত অনুষ্ঠিত হোৱা দেশজোৰা জৰুৰীকালীন প্ৰস্তুতিৰ অনুশীলন আছিল।
-
ভাৰতৰ ইচ্ছামৃত্যু আৰু হৰি ৰাণা গোচৰ
হৰিশ ৰাণা গোচৰ ভাৰতৰ আইনী বুৰঞ্জীত মৰ্যাদাৰে মৃত্যুৰ অধিকাৰ সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। এই গোচৰৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে এজন ৰোগীৰ সুস্থ হোৱাৰ সম্ভাৱনা নাথাকিলে তেওঁক যন্ত্ৰণাদায়ক কৃত্ৰিম জীৱনৰ পৰা মুক্তি দিয়াৰ দিশত এক মানৱীয় পদক্ষেপ গ্ৰহণ কৰে।
-
ভাৰতৰ নিৰ্বাচন
ভাৰতৰ নিৰ্বাচন (Elections in India) ভাৰতৰ সংবিধানৰ অধীনত পৰিচালিত এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। ভাৰত বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ হিচাপে পৰিগণিত। ভাৰতৰ সংবিধান অনুসৰি দেশখনত যুক্তৰাষ্ট্ৰীয় সংসদীয় শাসন ব্যৱস্থা প্ৰচলিত, য'ত ক্ষমতা কেন্দ্ৰীয় চৰকাৰ আৰু বিভিন্ন ৰাজ্যসমূহৰ মাজত বিভক্ত কৰা হৈছে।
-
ভাৰতৰ পূবলৈ চোৱা নীতি
ভাৰতৰ পূবলৈ চোৱা নীতি বা লুক ইষ্ট পলিচী (ইংৰাজী: Look East policy) হৈছে এনে এক নীত যাৰ জৰিয়তে দক্ষিণ-পূব এচিয়াৰ ৰাষ্ট্ৰসমূহৰ সৈতে দেশৰ অৰ্থনৈতিক আৰু কূটনৈতিক সম্পৰ্ক মজবুত কৰি নিজকে এক স্থানীয় শক্তিৰূপত গঢ় দিয়াৰ প্ৰচেষ্টা কৰা হৈছে।
-
ভাৰতৰ ভূতাত্ত্বিক জৰীপ সংস্থা
ভাৰতৰ ভূ-তাত্ত্বিক জৰীপ (GSI) ভাৰতৰ এক বৈজ্ঞানিক সংস্থা। ১৮৫১ চনত ভাৰত চৰকাৰৰ খনি মন্ত্ৰ্যালয়ৰ অধীনত এটা সংগঠন হিচাপে প্ৰতিষ্ঠা কৰা হয়। ভাৰতৰ জৰীপ (১৭৬৭ চনত প্ৰতিষ্ঠা হোৱা)ৰ পিছত ই বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি এনে সংগঠনসমূহৰ ভিতৰত অন্যতম আৰু ভাৰতৰ ভিতৰতে দ্বিতীয় পুৰণি।
-
ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী সকলৰ তালিকা
মুখ্যমন্ত্ৰী হ’ল কোনো এখন ৰাজ্যৰ মুখ্য শাসক। তেওঁ হ’ল ৰাজ্যিক শাসন ব্যৱস্থা আৰু ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দুস্বৰূপ। সংবিধানৰ ১৬৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলনেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।
-
ভাৰতৰ সংৰক্ষণ ব্যৱস্থা
ভাৰতৰ সংৰক্ষণ ব্যৱস্থা (Reservation in India) হৈছে ভাৰতৰ ঐতিহাসিকভাৱে বঞ্চিত গোটসমূহক শিক্ষা, নিয়োগ, চৰকাৰী আঁচনি, জলপানি আৰু ৰাজনীতিত প্ৰতিনিধিত্ব প্ৰদানৰ সাংবিধানিক সংৰক্ষণ ব্যৱস্থা।
-
ভিভিয়ান অনানো
ভিভিয়ান অনানো (Vivian Onano)(জন্ম-১৯৯১) কেনিয়াৰ এগৰাকী আফ্ৰিকান সমাজকৰ্মী আৰু সামাজিক উদ্যোগী যি আফ্ৰিকাত ছোৱালীৰ শিক্ষা আৰু বাল্যবিবাহৰ অন্ত পেলোৱাৰ পোষকতা কৰে।
-
ভূটানৰ গণতন্ত্ৰ
ভূটানৰ গণতন্ত্ৰৰ বিকাশ হয় ১৯৫০ চনৰ পৰা। ভূটানত ৰাজত্ব কৰা ভূটানৰ ৰজাসকলৰ সক্ৰিয় উৎসাহ আৰু অংশগ্ৰহণৰ দ্বাৰা দাসত্ত্ব বিলুপ্তিৰ দৰে আইনী সংস্কাৰৰ পৰা আৰম্ভ কৰি ভূটানৰ সংবিধান প্ৰণয়নৰ দ্বাৰা ভূটানৰ গণতন্ত্ৰই শিখৰত উপনীত হয়।
-
ভেদনিটা কাৰ্টাৰ
ভেদনিটা কাৰ্টাৰ (Vednita Carter) এগৰাকী আমেৰিকাৰ যৌন সৰবৰাহৰ বিৰোধী আৰু বেশ্যাবৃত্তি বিৰোধী কৰ্মী। কাৰ্টাৰ এগৰাকী লেখক আৰু ব্ৰেকিং ফ্ৰীৰ কাৰ্যবাহী সঞ্চালক, যিটো সংস্থাই বেশ্যাবৃত্তি এৰিব বিচৰা মহিলাসকলক সহায় কৰে।
-
ভেৰিছেহ মোৰাদি
ভেৰিচেহ মোৰাদি (Verisheh Moradi) এগৰাকী কুৰ্দি ৰাজনৈতিক বন্দী আৰু ইৰাণ ৰাষ্ট্ৰই মৃত্যুদণ্ড দিয়া মহিলা অধিকাৰ কৰ্মী। ২০২৩ চনৰ ১ আগষ্টত ছানন্দজত চোৰাংচোৱা মন্ত্ৰালয়ে গ্ৰেপ্তাৰ কৰি তেওঁক তেহৰাণৰ ইভিন কাৰাগাৰত বন্দী কৰি ৰাখিছিল।
-
মণিপুৰ ৰাজ্যিক মহিলা আয়োগ
মণিপুৰ ৰাজ্যিক মহিলা আয়োগ হৈছে মণিপুৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৬ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে মণিপুৰ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মধ্যপ্ৰদেশ ৰাজ্যিক মহিলা আয়োগ
মধ্যপ্ৰদেশ ৰাজ্যিক মহিলা আয়োগ হৈছে মধ্যপ্ৰদেশ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ১৯৯৮ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে মধ্যপ্ৰদেশ চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
মনছুৰেহ বেহকিছ
মনছুৰেহ বেহকিছ (Mansoureh Behkish) এজন ইৰাণী মানৱ অধিকাৰ কৰ্মী। ১৯৮৮ চনত ইৰাণৰ ৰাজনৈতিক বন্দীসকলক ফাঁচী দিয়াৰ সময়ত তেওঁৰ পৰিয়ালৰ ছয়জন সদস্যক হেৰুৱাইছিল।.
-
মহতাৰম এসকান্দাৰী
মহতাৰম এসকান্দাৰী (Mohtaram Eskandari, ১৮৯৫ – ২৭ জুলাই, ১৯২৪), এগৰাকী ইৰাণী বুদ্ধিজীৱী আৰু ইৰাণী নাৰী আন্দোলনৰ পথ প্ৰদৰ্শক আছিল। পাৰস্যৰ প্ৰথম মহিলা অধিকাৰ সংস্থা জাম'ইয়াত-ই নেছভান-ই-ৱাটানখাহৰ তেওঁ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰথম নেত্ৰী আছিল।
-
মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা
মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা (Mahila Kisan Sashaktikaran Pariyojana, MKSP) বা এমকেএছপি ভাৰত চৰকাৰৰ মহিলা কৃষকসকলৰ প্ৰতি সমৰ্পিত এক প্ৰকল্প বা পৰিযোজনা।
-
মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (DEDAW)
মহিলাৰ বিৰুদ্ধে বৈষম্য দূৰীকৰণৰ ঘোষণা (সংক্ষিপ্তভাৱে DEDAW) হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে জাৰি কৰা মানৱ অধিকাৰ ঘোষণা, য’ত মহিলাৰ অধিকাৰৰ ওপৰত সেই সংস্থাৰ মতামতৰ ৰূপৰেখা দাঙি ধৰা হৈছে। ১৯৬৭ চনৰ ৭ নৱেম্বৰত সাধাৰণ পৰিষদে ইয়াক গ্ৰহণ কৰে।
-
মহিলাৰ ভোটাধিকাৰৰ সময়সীমা
সমগ্ৰ বিশ্বৰ দেশসমূহত নাৰীৰ ভোটাধিকাৰ – মহিলাৰ ভোট দানৰ অধিকাৰ – বিভিন্ন সময়ত লাভ কৰা হৈছে। বহু দেশত সৰ্বজনীন ভোটাধিকাৰৰ পূৰ্বে মহিলাৰ ভোটাধিকাৰ প্ৰদান কৰা হৈছিল, এনে ক্ষেত্ৰত কিছুমান আৰ্থ-সামাজিক শ্ৰেণী বা জাতিৰ মহিলা আৰু পুৰুষে এতিয়াও ভোটদান কৰিব পৰা নাছিল।
-
মহিলাৰ শৈক্ষিক সমতা আইন
মহিলাৰ শৈক্ষিক সমতা আইন হৈছে ১৯৭৪ চনত আমেৰিকাৰ কংগ্ৰেছে গৃহীত কৰা কেইবাখনো উল্লেখযোগ্য আইনৰ ভিতৰত অন্যতম যিয়ে শিক্ষাত মহিলাৰ লিংগ বৈষম্যৰ বিৰুদ্ধে ফেডাৰেল সুৰক্ষাৰ ৰূপৰেখা দাঙি ধৰিছে (শৈক্ষিক সমতা)। WEEA ৰ ধাৰা ৫১৩ হিচাপে প্ৰণয়ন কৰা হৈছিল P.L. ৯৩-৩৮০।
-
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭
মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭ আইনখন ২০০৭ চনত নিউজিলেণ্ডৰ সংসদত গৃহীত হোৱা এখন আইন। এই আইনৰদ্বাৰা “মানৱ অধিকাৰ আইন ১৯৯৩’’ আইনমতে নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীত যুদ্ধৰ ভূমিকাত সেৱা আগবঢ়োৱাত মহিলাসকলৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই পেলোৱা হৈছিল।
-
মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা
মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা (UDHR) হৈছে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰা এক আন্তঃৰাষ্ট্ৰীয় নথি যিয়ে সকলো মানুহৰ অধিকাৰ আৰু স্বাধীনতাক সন্নিবিষ্ট কৰে।
-
মালাবাৰ বিবাহ আইন, ১৮৯৬
মালাবাৰ বিবাহ আইন, ১৮৯৬ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাজ চৰকাৰে ১৮৯১ চনৰ মালাবাৰ বিবাহ কমিচনৰ পৰামৰ্শ মৰ্মে প্ৰণয়ন কৰা এক আইন আছিল। এই আইনে মাদ্ৰাজ প্ৰেচিডেন্সীৰ অন্তৰ্ভুক্ত মালাবাৰ জিলাৰ মৰুমাক্কাতায়ম বা মাতৃতান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা যিকোনো সম্প্ৰদায়ৰ লোক সকলৰ সম্বন্ধমক বিবাহৰ স্বীকৃতি প্ৰদান…
-
মাহনাজ আফখামী
মাহনাজ আফখামী (Mahnaz Afkhami) এগৰাকী ইৰাণী মহিলা অধিকাৰ কৰ্মী যিয়ে ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈকে ইৰাণৰ মন্ত্ৰীসভাত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহিলা শিক্ষণ অংশীদাৰিত্ব (WLP)ৰ প্ৰতিষ্ঠাপক আৰু সভানেত্ৰী৷ তেওঁ ফাউণ্ডেশ্যন ফৰ ইৰাণী অধ্যয়নৰ কাৰ্যবাহী সঞ্চালিকা আৰু ইৰাণৰ বিপ্লৱৰ পূৰ্বৰ চৰকাৰৰ মহিলা পৰিক্ৰমা…
-
মাৰ্কোছ সৈন্য
মেৰাইন কমাণ্ডো, সংক্ষেপে MARCOS আৰু আনুষ্ঠানিকভাবে মেৰিন কমাণ্ডো ফোৰ্স(MCF) বোলা হয়, এক ভাৰতীয় নৌবাহিনীৰ বিশেষ বাহিনী। ভাৰতীয় নৌবাহিনীৰ মতে, MARCOS-ৰ মূল নাম আছিল ভাৰতীয় মেৰাইন স্পেচিয়েল ফোৰ্স, যি পিছলৈ মেৰাইন কমাণ্ডো বাহিনীলৈ পৰিৱৰ্তন হয় যাতে ভাৰতীয় নৌ-বাহিনীৰ মতে "ব্যক্তিত্বৰ এটি উপাদান"…