অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

হিনা জিলানী

হিনা জিলানী (Hina Jilaniজন্ম:১৯ ডিচেম্বৰ ১৯৫৩) পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা৷ তেওঁ পঞ্জাৱৰ লাহোৰৰ মানৱ অধিকাৰৰ অধিবক্তা।তেওঁ পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইন সংস্থা, পাকিস্তানৰ প্ৰথম আইনী সাহায্য কেন্দ্ৰ আৰু মহিলা কাৰ্য্য মঞ্চৰ সহ-প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ২৩৬ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হিনা জিলানী (Hina Jilaniজন্ম:১৯ ডিচেম্বৰ ১৯৫৩) পাকিস্তানৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা৷ তেওঁ পঞ্জাৱৰ লাহোৰৰ মানৱ অধিকাৰৰ অধিবক্তা।১তেওঁ পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইন সংস্থা, পাকিস্তানৰ প্ৰথম আইনী সাহায্য কেন্দ্ৰ আৰু মহিলা কাৰ্য্য মঞ্চৰ সহ-প্ৰতিষ্ঠাপক আছিল।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

জিলানীৰ জন্ম আৰু প্ৰতিপালন হৈছিল লাহোৰ,পাকিস্তানত। আইনত স্নাতক হোৱাৰ পিছত ১৯৭৯ চনত বেৰিষ্টাৰ ইজাজ হুছেইন বতালৱীৰ আইন চেম্বাৰত তেওঁ যোগদান কৰে আৰু আইন চৰ্চা আৰম্ভ কৰে৷ সেইসময়ত পাকিস্তান সামৰিক আইনৰ অধীনত আছিল।

কৰ্মজীৱন

১৯৮০ চনৰ ফেব্ৰুৱাৰী মাহত ভগ্নী আছমা জাহাংগীৰৰ সৈতে জিলানীয়ে লাহোৰত পাকিস্তানৰ প্ৰথমটো সৰ্বমহিলা আইনী সাহায্য প্ৰেকটিছ এ জি এইচ এছ লিগেল এড চেল (এ এল এ চি)ৰ সহ-প্ৰতিষ্ঠা কৰে। প্ৰথম অৱস্থাত ইয়াৰ কাম-কাজ কেৱল মহিলাক আইনী সাহায্য প্ৰদানৰ মাজতে সীমাবদ্ধ আছিল যদিও এই কাৰ্য্যকলাপ ক্ৰমান্বয়ে বৃদ্ধি পাই আইনী শিক্ষা, শোষণৰ পৰা সুৰক্ষা, আইনী গৱেষণা, পৰামৰ্শ আদি অন্তৰ্ভুক্ত হৈ পৰিল। ইয়াৰ উপৰিও তেওঁ পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ লগতে ১৯৮০ চনত বৈষম্যমূলক আইন প্ৰণয়নৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ স্থাপিত হোৱা ৱমেনছ একচন ফ’ৰাম (ডব্লিউ এ এফ) নামৰ এডভোকেচি গ্ৰুপৰ অন্যতম প্ৰতিষ্ঠাপক। জিলানীয়ে ১৯৮৬ চনত পাকিস্তানৰ প্ৰথমটো আইনী সাহায্য কেন্দ্ৰও প্ৰতিষ্ঠা কৰে।২ প্ৰ' ব'নো আইনী সাহায্য প্ৰদান কৰাৰ উপৰি তেওঁ ১৯৯১ চনত দস্তক নামৰ মহিলা আশ্ৰয় শিবিৰ স্থাপন কৰাত সহায় কৰে।৩ আশ্ৰয় শিবিৰ পৰিচালনাৰ উপৰিও দস্তকে মানৱ অধিকাৰ আৰু মহিলাৰ সুৰক্ষাৰ বাবে সজাগতা সৃষ্টিৰ বাবে কৰ্মশালাৰ আয়োজন কৰে।৪

জিলানী ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ, কাৰ্টাৰ চেণ্টাৰ আৰু ৰাষ্ট্ৰসংঘৰ মহিলা সন্মিলনৰ সৈতেও জড়িত।৫ ২০১৯ চনত ব্ৰিটেইনৰ বৈদেশিক কাৰ্যালয়ে তেওঁক বিশেষজ্ঞৰ পেনেলত নিযুক্তি দিয়ে যাতে সমগ্ৰ বিশ্বতে সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰাৰ বাবে আইনী কাঠামো প্ৰস্তুত কৰিব পাৰে।৬

তথ্যসূত্ৰ

  1. ↑ (1989). Women's Year Book of Pakistan. Ladies Forum Publications
  2. ↑ (25 July 2017). Interview with Hina Jilani. Asia Society
  3. ↑ Documentary: Against my will
  4. ↑ (2009-06-19). Dastak holds workshop on care, treatment of women in distress. Daily Times
  5. ↑ Who's Who: Hina Jilani. SAWNET
  6. ↑ Sonwalkar, Prasun. (2019-07-16). Indian lawyer Karuna Nundy on UK panel for new media framework. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ মহিলা অধিকাৰ কৰ্মীঅধিবক্তাপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিনা জিলানী” প্ৰবন্ধৰ সংশোধন ৪৯৫২৭৫ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।