অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (National Botanical Research Institute)বা চমূকৈ NBRI হৈছে ভাৰতৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)-ৰ অধীনস্থ এক আগশাৰীৰ উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত।

হালনাগাদ: ১৯ আগষ্ট ২০২৬ ২৮২ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (National Botanical Research Institute)বা চমূকৈ NBRI''' হৈছে ভাৰতৰ বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ (CSIR)-ৰ অধীনস্থ এক আগশাৰীৰ উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় লক্ষ্ণৌত অৱস্থিত। প্ৰতিষ্ঠানটোৱে উদ্ভিদৰ শ্ৰেণীবিভাজন, আধুনিক জীৱবিজ্ঞান, উদ্ভিদ জৈৱ-প্ৰযুক্তি, উদ্ভিদ সংৰক্ষণ আৰু প্ৰয়োগমূলক উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণা কৰে।

NBRI-ৰ নেতৃত্ব এজন সঞ্চালকে বহন কৰে আৰু তেওঁ প্ৰতিষ্ঠানটোৰ গৱেষণা, প্ৰশাসন আৰু উদ্ভাৱনীমূলক কাৰ্যসূচী পৰিচালনা কৰে। প্ৰতিষ্ঠানটো CSIR-ৰ অধীনত পৰিচালিত হয়, যিটো ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ অন্তৰ্গত। CSIR-ৰ সভাপতি ভাৰতৰ প্ৰধানমন্ত্ৰী। NBRI সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানাধীন আৰু অৰ্থায়িত এক ৰাজহুৱা গৱেষণা প্ৰতিষ্ঠান।

ইতিহাস

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানৰ আৰম্ভণি ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যান (National Botanic Gardens, NBG) হিচাপে হৈছিল। এই উদ্যানখন কৈলাস নাথ কৌল এ১ উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ স্থাপন কৰিছিল। ১৯৫৩ চনত ইয়াক CSIR-এ এই প্ৰতিষ্ঠানক নিজৰ অধীনলৈ আনে। ১৯৬৪ চনত ত্ৰিলোকী নাথ খোছু২ সহকাৰী সঞ্চালক হিচাপে যোগদান কৰি কিছুদিনৰ পাছতে সঞ্চালক হয়। তেওঁৰ নেতৃত্বত প্ৰতিষ্ঠানটোৱে পৰম্পৰাগত উদ্ভিদবিজ্ঞানৰ লগতে দেশৰ প্ৰয়োজন অনুসৰি প্ৰয়োগমূলক আৰু উন্নয়নমুখী উদ্ভিদ গৱেষণাত বিশেষ গুৰুত্ব দিবলৈ আৰম্ভ কৰে। তেওঁৰ অক্লান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৭৮ চনত ৰাষ্ট্ৰীয় উদ্ভিদ উদ্যানৰ নাম সলনি কৰি ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান (NBRI) ৰখা হয়, যিয়ে প্ৰতিষ্ঠানটোৰ বিস্তৃত লক্ষ্য, কাৰ্য আৰু গৱেষণাৰ পৰিসৰক সঠিকভাৱে প্ৰতিফলিত কৰে।

প্ৰতিষ্ঠানটোৰ চৌহদত অৱস্থিত ছিকন্দৰ বাগ ৩ হ'ল লক্ষ্ণৌৰ এক ঐতিহাসিক আৰু সুপৰিচিত উদ্যান, যাৰ ঐতিহাসিক আৰু উদ্ভিদবৈজ্ঞানিক দুয়োটা দিশতে বিশেষ গুৰুত্ব আছে।

কৃতিত্ব

ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানৰ(NBRI) ৰ উল্লেখযোগ্য সাফল্যবিলাক হৈছে

  • ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানএ 'লছ বানোছ ভেৰিগাটা-জয়ন্তী' (Los Banos Variegata-Jayanthi) নামৰ বগেনভিলিয়া ফুলৰ এক নতুন জাত উদ্ভাৱন কৰিছে। ৪
  • হোৱাইটফ্লাই পোকৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে NBRI, লক্ষ্ণৌ এ পোক-প্ৰতিৰোধী কপাহৰ এক নতুন জাত উদ্ভাৱন কৰিছে।৫
  • ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠানৰ গৱেষকসকলৰ এটা দলে বিটি প্ৰ'টিন প্ৰকাশ কৰা ভাৰতৰ প্ৰথম স্বদেশীয় (Indigenous) ট্ৰান্সজেনিক কপাহৰ জাত সফলভাৱে বিকশিত কৰিছে।৬

দক্ষিণ আফ্ৰিকা

নেচনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট (NBRI) দক্ষিণ আফ্ৰিকাৰো ৰাজ্যিক উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান।

তথ্যসূত্ৰ

  1. ↑ The Nehru Archive nehruarchive.in Kailas Nath Kaul
  2. ↑ Grokipedia grokipedia.com Triloki Nath Khoshoo
  3. ↑ Avathi www.avathi.com Sikandar Bagh
  4. ↑ Scientists develop new variety of bougainvillea
  5. ↑ PIB www.pib.gov.in Scientists ready for field trials of pest-resistant cotton variety
  6. ↑ Vision IAS dce.visionias.in CSIR-National Botanical Research Institute (NBRI) has developed the

সম্পৰ্কিত শ্ৰেণী

চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান” প্ৰবন্ধৰ সংশোধন ৬২৯৩০৩ (১৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।