অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ৰাষ্ট্ৰীয় পোষণ মাহ

ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্য্যসূচী। ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাই তাৰিখে 'ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে' ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়।

হালনাগাদ: ২৬ এপ্ৰিল ২০২৬ ৪৪৬ শব্দ · ২ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ৰাষ্ট্ৰীয় পোষণ মাহ হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্য্যসূচী। ভাৰতত পোষণ অভিযানক গতি প্ৰদান কৰিবলৈ ২০১৮ চনৰ ২৪ জুলাই তাৰিখে 'ভাৰতৰ পুষ্টি প্ৰত্যাহ্বানৰ ওপৰত ৰাষ্ট্ৰীয় পৰিষদে' ছেপ্টেম্বৰ মাহটো ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত লয়। এই মাহত সকলো ভাৰতৰ সমূহ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ দ্বাৰা তৃণমূল স্তৰলৈকে পুষ্টি সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ সম্পন্ন কৰা হয়। পোষণ অভিযান বা ৰাষ্ট্ৰীয় পুষ্টি অভিযান হৈছে ভাৰত চৰকাৰৰ এক জনকল্যাণমূলক কাৰ্যসূচী। এই অভিযান ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু স্তন্যপান কৰাই থকা মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ বাবে আৰম্ভ কৰা হৈছে। শিশু, কিশোৰী, গৰ্ভৱতী আৰু স্তনপান কৰাই থকা মহিলা, তেওঁলোকৰ পৰিয়ালৰ সদস্য (স্বামী, পিতৃ, শাহুৱেক) আৰু সমাজৰ সদস্য, স্বাস্থ্য সেৱা প্ৰদানকাৰী (এএনএম, আশা, অংগনবাদী কৰ্মী) মাজত পুষ্টি সজাগতা বৃদ্ধি কৰা আৰু সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাটোৱেই পোষণ অভিযানৰ লক্ষ্য।১

লক্ষ্য আৰু উদ্দেশ্য

সমুদায়সমূহক একগোট কৰাটো নিশ্চিত কৰাৰ লগতে জনসাধাৰণৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ বাবে প্ৰতি বছৰে ছেপ্টেম্বৰ মাহটো সমগ্ৰ ভাৰততে পোষণ মাহ হিচাপে উদযাপন কৰা হয়। উক্ত মাহটোত মানৱ শৰীৰৰ বাবে সঠিক পুষ্টিৰ গুৰুত্ব আৰু ভূমিকাৰ ওপৰত আলোকপাত কৰা হয়। মানৱ শৰীৰৰ সুচাৰু কাম-কাজ আৰু বিকাশৰ বাবে অত্যাৱশ্যকীয় পুষ্টি আৰু কেলৰিৰ সংমিশ্ৰণৰ সৈতে এক সন্তুলিত আহাৰ প্ৰয়োজনীয়তাৰ দিশটোতো ই গুৰুত্ব প্ৰদান কৰে।

পোষণ মাহৰ সময়ত, সমগ্ৰ দেশতে তৃণমূল স্তৰলৈকে পুষ্টি সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ সম্পন্ন কৰা হয়। পোষণ মাহ উদযাপনৰ জৰিয়তে অংগনৱাড়ী কৰ্মী তথা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাধ্যমেৰে মহিলা আৰু শিশু বিকাশ বিভাগৰ দৰে কাৰ্যকৰী বিভাগ আৰু সংস্থাসমূহে আশাকৰ্মী, এএনএম আদিৰ জৰিয়তে কাৰ্যকলাপবোৰ সম্পাদন কৰা আৰু মহিলা আৰু শিশুসকলৰ বাবে এক স্বাস্থ্যকৰ ভৱিষ্যত নিশ্চিত কৰাৰ বাবে গোটেই মাহটোত সামগ্ৰিক পুষ্টিৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্য বান্ধি লোৱা হৈছে। এই উদ্দেশ্য আগত ৰাখি ছেপ্টেম্বৰ মাহটোত মহিলা আৰু শিশু বিকাশ বিভাগৰ দৰে কাৰ্যকৰী বিভাগ আৰু সংস্থা, আশাকৰ্মী, এএনএম, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, বিদ্যালয় শিক্ষা আৰু সাহিত্য বিভাগৰ জৰিয়তে বিদ্যালয়, পঞ্চায়তৰ জৰিয়তে পঞ্চায়তী ৰাজ বিভাগ, আৰু গ্ৰামোন্নয়ন ট্ৰাফ স্ব-সহায়ক গোটৰ জৰিয়তে কাৰ্যকলাপবোৰ সম্পাদন কৰাৰ লগতে আৰু সজাগতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়।২

বিষয়বস্তু

প্ৰতি বছৰে পোষণ মাহ উদযাপন কৰিবলৈ এক নিৰ্দিষ্ট বিষযবস্তু বাছনি কৰা হয়। ২০২১ চনত ভাৰতত ’’আজাদী কা অমৃত মহোৎসৱ’’৩ উদযাপন কৰি থকাৰ বাবে ইয়াৰ সামগ্ৰিক প্ৰসাৰ ক্ষিপ্ৰতৰ কৰাটো নিশ্চিত কৰাৰ বাবে গোটেই মাহটোক সামগ্ৰিক পুষ্টি উন্নত কৰাৰ দিশত সাপ্তাহিক বিষয়বস্তুত বিভক্ত কৰা হৈছে।

২০২১ চনৰ বিষয়বস্তু

মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে চাৰিটা সাপ্তাহিক বিষয়বস্তুৰ সৈতে গোটেই মাহটোত কেইবাটাও কাৰ্যকলাপৰ পৰিকল্পনা কৰিছে। প্ৰথম বিষয়টো হৈছে "পোষণ বটিকা" হিচাপে বৃক্ষৰোপণ কাৰ্যসূচী আৰু ইয়াক প্ৰথমটো সপ্তাহ অৰ্থাৎ ১-৭ ছেপ্টেম্বৰৰ ভিতৰত পালন কৰা হ'ব। দ্বিতীয় বিষয়টো হৈছে পুষ্টিৰ বাবে যোগ আৰু আয়ুষ (AYUSH)।৪ ইয়াক ৮-১৫ ছেপ্টেম্বৰৰ ভিতৰত পালন কৰা হ'ব। কিছুসংখ্যক নিৰ্বাচিত জিলাৰ অংগনৱাড়ী হিতাধিকাৰীসকলক 'আঞ্চলিক পুষ্টি কিট' বিতৰণ হিচাপে তৃতীয় বিষয়টো ধাৰ্য কৰা হৈছে আৰু ইয়াক ১৬-২৩ ছেপ্টেম্বৰৰ ভিতৰত পালন কৰা হ'ব। চতুৰ্থ বিষয়টো হৈছে 'এছ.এ.এম. (Severely Acute Malnourished, গুৰুতৰভাৱে অত্যন্ত পুষ্টিহীন) শিশুৰ চিনাক্তকৰণ আৰু পুষ্টিকৰ খাদ্য বিতৰণ' আৰু ইয়াক অন্তিম সপ্তাহত পালন কৰা হ'ব।৫

তথ্যসূত্ৰ

  1. ↑ ৰাষ্ট্ৰীয় পোষণ মাহ
  2. ↑ NITI Aayog. NITI Aayog
  3. ↑ Azadi ki amrit mahotsav. Govt of India
  4. ↑ The Ministry of Ayurveda, Yoga, Naturopathy, Unani, Siddha, Sowa-Rigpa and Homoeopathy. Govt of India
  5. ↑ পোষণ মাহ ২০২১

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ চৰকাৰী যোজনা আৰু নীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাষ্ট্ৰীয় পোষণ মাহ” প্ৰবন্ধৰ সংশোধন ৬০২৯৮৮ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।