ৰাণী ঝান্সী ৰেজিমেণ্ট (Rani of Jhansi Regiment) ভাৰতীয় জাতীয় সেনাৰ মহিলা ৰেজিমেণ্ট আছিল। ভাৰতীয় জাতীয় সেনা জাপানৰ সহায়ত ঔপনিৱেশিক ভাৰতৰ ব্ৰিটিছ ৰাজক উৎখাত কৰাৰ লক্ষ্যৰে ১৯৪২ চনত ভাৰতীয় জাতীয়তাবাদীসকলে দক্ষিণ-পূব এছিয়াত গঠন কৰা সশস্ত্ৰ বাহিনী। ই সকলো ফালৰ পৰা দ্বিতীয় বিশ্বযুদ্ধৰ কেইটামান সৰ্ব-মহিলা যুঁজাৰু ৰেজিমেণ্টৰ ভিতৰত অন্যতম আছিল। কেপ্টেইন লক্ষ্মী স্বামীনাথনৰ নেতৃত্বত (লক্ষ্মী সেহগল নামেৰে অধিক পৰিচিত)১ এই গোটটো ১৯৪৩ চনৰ জুলাই মাহত দক্ষিণ-পূব এছিয়াৰ প্ৰবাসী ভাৰতীয় সকলৰ স্বেচ্ছাসেৱকসকলৰ সৈতে গঠন কৰা হৈছিল। ২ ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ নামেৰে এই গোটটো ৰাণী ঝান্সী ৰেজিমেণ্টৰ নামকৰণ কৰা হৈছিল।৩
প্ৰতিষ্ঠা
সুভাষ চন্দ্ৰ বসুৱে ১৯৪৩ চনৰ ১২ জুলাইত এই ৰেজিমেণ্ট গঠনৰ কথা ঘোষণা কৰিছিল। ৪ বেছিভাগ মহিলাই মালায়ান ৰবৰ ইষ্টেটৰ পৰা ভাৰতীয় বংশোদ্ভূত কিশোৰী স্বেচ্ছাসেৱক আছিল। খুব কম সংখ্যকেই ভাৰতলৈ কাহিনীবা আহিছিল।৫ প্ৰায় এশ সত্তৰজন কেডেটৰ সৈতে ছিংগাপুৰত ইয়াৰ প্ৰশিক্ষণ শিবিৰৰ সৈতে বাহিনীৰ প্ৰাৰম্ভিক কেন্দ্ৰ স্থাপন কৰা হৈছিল।৬ কেডেটসকলক তেওঁলোকৰ শিক্ষা অনুসৰি অ-কমিছনড বিষয়া বা চিপাহী (ব্যক্তিগত) পদবী দিয়া হৈছিল। পিছত ৰেঙ্গুন আৰু বেংককত শিবিৰ স্থাপন কৰা হয়। ১৯৪৩ চনৰ নৱেম্বৰ মাহৰ ভিতৰত এই গোটটোত তিনিশৰো অধিক কেডেট আছিল।৬
প্ৰশিক্ষণ
১৯৪৩ চনৰ ২৩ অক্টোবৰ মাহত ছিংগাপুৰত এই ৰেজিমেণ্টৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল।৭ নিযুক্তিপ্ৰাপ্ত সকলক শাখা আৰু প্লাটুনত বিভক্ত কৰা হৈছিল আৰু তেওঁলোকৰ শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকক অ-কমিছনড বিষয়া আৰু চিপাহীসকলৰ পদবী প্ৰদান কৰা হৈছিল। এই কেডেটসকলে ড্ৰিল, ৰুট মাৰ্চৰ লগতে ৰাইফল, হেণ্ড গ্ৰেনেড আৰু বেয়নেট চাৰ্জত অস্ত্ৰ প্ৰশিক্ষণৰ সৈতে সামৰিক আৰু যুঁজৰ প্ৰশিক্ষণ লৈছিল। পিছত বাৰ্মাত গেৰিলা যুদ্ধ বা জংঘল যুদ্ধত অধিক উন্নত প্ৰশিক্ষণৰ বাবে কেইবাজনো কেডেটক বাছনি কৰা হৈছিল।৬ ১৯৪৪ চনৰ ৩০ মাৰ্চত পাঁচশ সৈন্যৰ ছিংগাপুৰ প্ৰশিক্ষণ শিবিৰত ৰেজিমেণ্টৰ প্ৰথম পাছিং আউট পেৰেড হৈছিল।৬
প্ৰায় ২০০ গৰাকী কেডেটক নাৰ্চিং প্ৰশিক্ষণৰ বাবে বাছনি কৰা হৈছিল। এই দলৰ নাম চান্দ বিবিৰ নামেৰে চান্দ বিবি নাৰ্চিং কৰ্পছ গঠন কৰা হৈছিল।৮
সেৱা
ভাৰতীয় জাতীয় সেনাৰ ইম্ফল অভিযানৰ সময়ত ৰাণী ঝান্সী ৰেজিমেণ্টৰ প্ৰায় এশ গৰাকী মহিলা সৈনিকৰ এটা প্ৰাৰম্ভিক দল মেমায়োলৈ স্থানান্তৰিত কৰা হৈছিল। ইয়াৰ কিছু অংশ ইম্ফলৰ প্ৰত্যাশিত পতনৰ পিছত বংগৰ গংগা সমভূমিত প্ৰৱেশ কৰিবলৈ এটা ভ্যানগাৰ্ড গোট গঠন কৰাৰ উদ্দেশ্য আছিল। গোটটোৰ এটা অংশই মেমায়োৰ ভাৰতীয় সেনাৰ চিকিৎসালয়ত নাৰ্চিং কৰ্পছগঠন কৰিছিল। ইম্ফলৰ অৱৰোধ আৰু ভাৰতীয় সেনাৰ বিধ্বংসী পশ্চাদপসৰণৰ বিফলতাৰ পিছত এই ৰেজিমেণ্টৰ মহিলা সৈন্যসকলক মনিয়াৱা আৰু মেমিঅ'ত উপস্থিত হোৱা আৰু যুদ্ধত ব্যৱহাৰ নকৰা ভাৰতীয় সেনাৰ সৈন্যৰ সাহায্য আৰু যত্নৰ সমন্বয়ৰ দায়িত্ব দিয়া হৈছিল।
ৰেজিমেণ্টৰ সমাপ্তি
ৰেঙ্গুনৰ পতন আৰু চহৰৰ পৰা আৰু বাৰ্মাৰ মাজেৰে আজাদ হিন্দ চৰকাৰ আৰু সুভাষ চন্দ্ৰ বসুক প্ৰত্যাহাৰ কৰাৰ পিছত মূলতঃ বাৰ্মাৰ সৈন্যসকলৰ গোটসমূহ ভংগ কৰিবলৈ অনুমতি দিয়া হৈছিল। আনহাতে ৰেজিমেণ্টৰ বাকী অংশ পিছুৱাই যোৱা জাপানী বাহিনীৰ সৈতে পিছুৱাই গৈছিল। পশ্চাদপসৰণৰ সময়ত ই মিত্ৰশক্তিৰ বিমান আক্ৰমণৰ লগতে বাৰ্মিজ প্ৰতিৰোধ বাহিনীৰ পৰাও কিছু আক্ৰমণৰ সন্মুখীন হৈছিল। ক্ষতিগ্ৰস্ত হোৱা মুঠ হতাহতৰ সংখ্যা জনা নাযায়। ৰেজিমেণ্টটো পিছত ভংগ কৰা হৈছিল।
গ্ৰন্থৰাজি
- Hills, Carol and; Daniel C. Silverman. (October 1993). Nationalism and Feminism in Late Colonial India: The Rani of Jhansi Regiment. Modern Asian Studies. Cambridge University Press. পৃ. 741–760
- Lebra, Joyce Chapman. (2008). Women Against the Raj: The Rani of Jhansi Regiment. Institute of Southeast Asian Studies. ISBN 978-981-230-809-2
- Deka, Meeta. (2013). Women's agency and social change: Assam and beyond. SAGE Publishing India. ISBN 978-935-150-784-0
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Pradeep, K. (25 July 2012). A revolutionary and a singer. The Hindu
- ↑ Joyce Lebra, Women Against the Raj: The Rani Jhansi Regiment (2008) ch. 1–2
- ↑ Edwardes, Michael (1975) Red Year: the Indian Rebellion of 1857. London: Sphere; p. 126
- ↑ (2003). Indian National Army: Women's Regiment: How It All Began. www.nas.gov.sg. National Archives of Singapore
- ↑ Lebra, ch 2
- ↑ (2003). Indian National Army: Women's Regiment: Life in camp. www.nas.gov.sg. National Archives of Singapore
- ↑ Sahgal, Lakshmi. (23 July 2012). My days in the Indian National Army by Lakshmi Sahgal. NDTV-New Delhi Television
- ↑ Meeta Deka, Women's agency and social change: Assam and beyond (2013) ch. 4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাণী ঝান্সী ৰেজিমেণ্ট” প্ৰবন্ধৰ সংশোধন ৩৮৩৪৮৮ (২৯ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।