মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা (Mahila Kisan Sashaktikaran Pariyojana, MKSP) বা এমকেএছপি ভাৰত চৰকাৰৰ মহিলা কৃষকসকলৰ প্ৰতি সমৰ্পিত এক প্ৰকল্প বা পৰিযোজনা। কৃষিক্ষেত্ৰত মহিলাসকলৰ স্থিতি উন্নত কৰাৰ বাবে আৰু তেওঁলোকৰ সবলীকৰণৰ সুযোগ বৃদ্ধি কৰিবলৈ ভাৰত চৰকাৰে এই পৰিযোজনা ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ এক উপাদান হিচাপে ঘোষণা কৰিছে।১ এমকেএছপিৰ প্ৰাথমিক উদ্দেশ্য হৈছে দৰিদ্ৰ মহিলা কৃষকসকলৰ সমূহীয়া প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰি কৃষিক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণ কৰা আৰু বহনক্ষম কৃষিৰ প্ৰসাৰ বাবে তেওঁলোকৰ সামূহিক শক্তি ব্যৱহাৰ কৰা। পৰিয়াল আৰু সমুদায় ভিত্তিত গ্ৰামাঞ্চলৰ লোকসকলৰ খাদ্য সুৰক্ষা নিশ্চিত কৰাও ইয়াৰ অন্যতম উদ্দেশ্য।২
উদ্দেশ্য
এমকেএছপিৰ প্ৰাথমিক উদ্দেশ্য হৈছে প্ৰণালীবদ্ধ বিনিয়োগৰ জৰিয়তে কৃষিক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ আৰু উৎপাদনশীলতা বৃদ্ধি কৰা। ইয়াৰ লগতে গ্ৰামাঞ্চলৰ মহিলাসকলৰ কৃষিৰ ওপৰত আধাৰিত জীৱিকাৰ সৃষ্টি কৰা আৰু ইয়াক অব্যাহত কৰি ৰখাও এই যোজনাৰ এক অন্যতম লক্ষ্য। মহিলাসকলে উৎপাদনৰ বাবে প্ৰয়োজনীয় সম্পদৰ ওপৰত অধিক নিয়ন্ত্ৰণ লাভ কৰা আৰু আনুষংগিক প্ৰণালীবোৰ পৰিচালনা কৰা এক কাৰ্যক্ষম আৰু স্থানীয় সম্পদ আধাৰিত কৃষিখণ্ড স্থাপন কৰি এই প্ৰকল্পটোৱে মহিলাসকলক চৰকাৰ আৰু অন্যান্য সংস্থাৰ দ্বাৰা প্ৰদান কৰা সুবিধা আৰু সেৱাসমূহ উন্নত ধৰণেৰে লাভ কৰিবলৈ সক্ষম কৰিবৰ বাবে কাম কৰে। কৃষিক্ষেত্ৰত মহিলাসকলৰ উৎপাদন ক্ষমতা উন্নত হোৱাৰ পিছত তেওঁলোকৰ পৰিয়াল আৰু সমুদায়ৰ বাবে খাদ্য সুৰক্ষাৰ আৰম্ভণি হয়। এইদৰেই পৰিয়াল আৰু সমুদায় ভিত্তিত খাদ্য সুৰক্ষা সুনিশ্চিত কৰাটোও প্ৰকল্পটোৰ আন্যতম লক্ষ্য।১
বহনক্ষম কৃষি
এমকেএছপি প্ৰকল্পত ঘাইকৈ বহনক্ষম কৃষিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। থলুৱা নিৱেশৰ (input) ব্যৱহাৰৰ জৰিয়তে অনাহুত বিপদৰ আশংকা (risk) হ্ৰাস কৰি মহিলাসকলৰ বাবে বহনক্ষম কৃষিভিত্তিক জীৱিকাৰ সৃষ্টি কৰাটো প্ৰকল্পটোৰ উদ্দেশ্যসমূহৰ অন্যতম।৩
বিস্তৃতি
২০১৭ চনৰ আগষ্ট মাহলৈকে এমকেএছপি প্ৰকল্পই ভাৰতৰ ১৯খন ৰাজ্য আৰু ১৮৮খন জিলাৰ লগতে ১২২৬টা উন্নয়ন খণ্ডক সাঙুৰি লৈছিল। ইয়াৰ লগতে ৩৩ লাখতকৈও অধিক মহিলা কৃষকে এই প্ৰকল্পৰ অধীনত ৪৪.৮৪ একৰ ক্ষেত্ৰত কৃষি তথা পাৰিপাৰ্শ্বিক কাৰ্যত জড়িত হৈ আছিল।৪
অসমত এমকেএছপি
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনস্থ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে প্ৰকল্পটোৰ অধীনত ১২,৫০০ গৰাকী মহিলা আত্মসহায়ক গোটৰ সদস্যক পাঁচটা উন্নয়ন খণ্ড, ক্ৰমে উজনি মাজুলী (মাজুলী জিলা), কুশধোৱা (গোৱালপাৰা জিলা), বৰক্ষেত্ৰী (নলবাৰী জিলা), পাকাবেতবাৰী (বৰপেটা জিলা) আৰু লুম্বাজঙত (কাৰ্বি আংলং জিলা) তিনিটা বিত্তীয় বৰ্ষত (২০১৬-১৭ ৰ পৰা ২০১৮-১৯) সামৰি লোৱাৰ প্ৰস্তাৱ দিয়ে।২
তথ্যসূত্ৰ
- ↑ Mahila Kisan Sashaktikaran Pariyojana (MKSP). Meghalaya State Rural Livelihoods Society
- ↑ Mahila Kisan Sashaktikaran Pariyojna (“Empowering women in Agriculture”). asrlms.assam.gov.in
- ↑ Sustainable Agriculture. mksp.gov.in
- ↑ MKSP Outreach Map. mksp.gov in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা” প্ৰবন্ধৰ সংশোধন ৫১১৩০২ (২২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।