ভেদনিটা কাৰ্টাৰ (Vednita Carter) এগৰাকী আমেৰিকাৰ যৌন সৰবৰাহৰ বিৰোধী আৰু বেশ্যাবৃত্তি বিৰোধী কৰ্মী। কাৰ্টাৰ এগৰাকী লেখক আৰু ব্ৰেকিং ফ্ৰীৰ কাৰ্যবাহী সঞ্চালক, যিটো সংস্থাই বেশ্যাবৃত্তি এৰিব বিচৰা মহিলাসকলক সহায় কৰে।
জীৱনী
কাৰ্টাৰ ডাঙৰ-দীঘল হৈছিল মিনিয়াপলিছ–চেণ্ট পল, মিনেছ’টাত। কলেজৰ খৰচ বহন কৰিব নোৱাৰাৰ বাবে তেওঁ নৃত্যশিল্পী বিচৰা বিজ্ঞাপনৰ সঁহাৰি দিছিল৷ পিছলৈ তেওঁ আৱিষ্কাৰ কৰিছিল যে সেই বিজ্ঞাপন ষ্ট্ৰিপাৰৰ পদৰ বাবেহে আছিল।.১২৩ কাৰ্টাৰে লক্ষ্য কৰিছিল যে তেওঁৰ পেছাৰ বহু মহিলা বেশ্যাবৃত্তিলৈ পৰিৱৰ্তিত হৈছে। তাৰ পিছত তেখেতে এবছৰ ধৰি এই উদ্যোগটোত কাম কৰিছিল।১
১৯৮৯ চনত কাৰ্টাৰে মিনেছ'টাত বেশ্যাবৃত্তি কৰা মহিলাসকলৰ সৈতে এটা বেলেগ এজেন্সীত কাম কৰিবলৈ আৰম্ভ কৰে, যিটো পিছলৈ বন্ধ হৈ যায় আৰু প্ৰগ্ৰেম ডাইৰেক্টৰ হয়।৪১৯৯৬ চনত৫ কাৰ্টাৰে ব্ৰেকিং ফ্ৰী নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে ছোৱালী আৰু মহিলাক বেশ্যাবৃত্তিৰ পৰা ওলাই অহাত সহায় কৰে।৬তাৰ পিছত তেওঁ ব্ৰেকিং ফ্ৰীৰ কাৰ্যবাহী সঞ্চালিকা হয়,৭আৰু এই কাৰ্যসূচীয়ে অতিৰিক্ত সহায়ক সেৱা আগবঢ়াবলৈ সম্প্ৰসাৰিত হয়, য'ত জৰুৰীকালীন সাহায্য যেনে-খাদ্য, কাপোৰ, বাসস্থান, চিকিৎসা সেৱা আৰু মানৱ সৰবৰাহৰ বলি হোৱা লোকসকলৰ বাবে আইনী সাহায্য প্ৰদান কৰা হয়।৪ ১৯৯৮ চনৰ ভিতৰত সংস্থাটোৱে মহিলা আৰু ছোৱালীক স্থায়ীভাৱে পুনৰ ৰখাৰ বাবে এটা এপাৰ্টমেণ্ট ব্লক ভাড়াত লৈছিল আৰু ২০১০ চনলৈকে তেওঁলোকৰ হাতত অধিক এপাৰ্টমেণ্ট আৰু তিনিটা "সংক্ৰমণকালীন ঘৰ" আছিল।৪
তথ্যসূত্ৰ
- ↑ Savarese, Lynn; Abolitionists, New. The Believer: Vednita Carter. www.worldwithoutexploitation.org
- ↑ Williamson, Celia. (2008). Encyclopedia of Interpersonal Violence. SAGE Publications. পৃ. 2. ISBN 9781412918008
- ↑ Sher, Julian. (2011). Somebody's daughter: the hidden story of America's prostituted children and the battle to save them. Chicago Review Press. পৃ. 36. ISBN 9781569765654
- ↑ 2010 Norma Hotaling Award Recipients. Global Centurion
- ↑ Coolidge, Sharon. (18 August 2006). Out of 'the life,' they learn to live. USA Today. Gannett Company
- ↑ Budig, Susan. (27 October 2007). Prostitution: Should it remain a crime?. Twin Cities Daily Planet. Twin Cities Media Alliance
- ↑ Baran, Madeleine. (27 October 2009). Group holding vigil to remember victims of prostitution-related violence. Minnesota Public Radio
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেদনিটা কাৰ্টাৰ” প্ৰবন্ধৰ সংশোধন ৪৯১৭৪৮ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।