অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭

মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭ আইনখন ২০০৭ চনত নিউজিলেণ্ডৰ সংসদত গৃহীত হোৱা এখন আইন। এই আইনৰদ্বাৰা “মানৱ অধিকাৰ আইন ১৯৯৩’’ আইনমতে নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীত যুদ্ধৰ ভূমিকাত সেৱা আগবঢ়োৱাত মহিলাসকলৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই পেলোৱা হৈছিল।

হালনাগাদ: ৭ ফেব্ৰুৱাৰী ২০২৬ ২৪২ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭ আইনখন ২০০৭ চনত নিউজিলেণ্ডৰ সংসদত গৃহীত হোৱা এখন আইন। এই আইনৰদ্বাৰা “মানৱ অধিকাৰ আইন ১৯৯৩’’ আইনমতে নিউজিলেণ্ড প্ৰতিৰক্ষা বাহিনীত যুদ্ধৰ ভূমিকাত সেৱা আগবঢ়োৱাত মহিলাসকলৰ ক্ষেত্ৰত থকা বাধা আঁতৰাই পেলোৱা হৈছিল।

পৃষ্ঠভূমি

১৯৮৫ চনত যেতিয়া নিউজিলেণ্ডে মহিলাৰ বিৰুদ্ধে সকলো ধৰণৰ বৈষম্য দূৰীকৰণৰ চুক্তি (CEDAW) অনুমোদন কৰিছিল, ইয়াৰদ্বাৰা এই চুক্তিখন প্ৰয়োগ নকৰাৰ অধিকাৰ সংৰক্ষিত আছিল, যিহেতু ই মহিলাসকলক সামৰিক বাহিনীত যুদ্ধৰ ভূমিকা গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা বৰ্তমানৰ নীতিৰ সৈতে সংঘাতত লিপ্ত হৈছিল।১ এই নীতি ১৯৯৩ চনৰ মানৱ অধিকাৰ আইনত প্ৰতিফলিত হৈছিল য'ত সশস্ত্ৰ বাহিনীক যুদ্ধৰ ভূমিকা সম্পৰ্কে লিংগৰ ভিত্তিত বৈষম্যৰ বিৰুদ্ধে নিষেধাজ্ঞাৰপৰা ৰেহাই দিয়া হৈছিল।২ যুদ্ধত সেৱা আগবঢ়োৱা মহিলাৰ বিৰুদ্ধে নীতি ২০০০ চনত এনজেডডিএফে আনুষ্ঠানিকভাৱে বাতিল কৰিছিল যদিও এই ৰেহাই চিড’ৰ সম্পূৰ্ণ অনুমোদনৰ বাধা হিচাপে বিধিৰ বহীত থাকিল।

পৰিচয় আৰু অংশ

মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭, সংশোধনী বিধেয়কখন প্ৰথমবাৰৰ বাবে সংসদৰ সদস্য লিন পিলেইৰ প্ৰস্তাৱযোগে ২০০৬ চনৰ ৪ মে'ত প্ৰৱেশ কৰিছিল।৩ ইয়াৰ পিছত ২৪ আগষ্টত সদনত এই বিধেয়ক উত্থাপন কৰা হয়। ২০০৬ চনৰ ৬ ছেপ্টেম্বৰত এই বিধেয়কখনৰ প্ৰথম পঠন সৰ্বসন্মতিক্ৰমে গৃহীত হয় আৰু বৈদেশিক পৰিক্ৰমা, প্ৰতিৰক্ষা আৰু বাণিজ্য সমিতিলৈ প্ৰেৰণ কৰা হয়।৪৫

২০০৬ চনৰ ১৫ ডিচেম্বৰত কমিটীয়ে বিধেয়কখনৰ সৰু সৰু কাৰিকৰী সংশোধনীৰ কাম আগবঢ়াই নিবলৈ পৰামৰ্শ দিয়ে।৬ তাৰ পিছত ২০০৭ চনৰ মাৰ্চ মাহত চৰকাৰে এই বিধেয়কখন গ্ৰহণ কৰে যাতে সেই বছৰৰ শেষৰফালে নিউজিলেণ্ডে মহিলাৰ বিৰুদ্ধে বৈষম্য নিৰ্মূলকৰণ সমিতিলৈ সময়ে সময়ে প্ৰকাশ কৰা প্ৰতিৱেদন গৃহীত কৰাটো নিশ্চিত কৰা হয়।৭ ইয়াৰ পিছৰ পৰ্যায়সমূহ সৰ্বসন্মতিক্ৰমে পাৰ কৰা হয়, আৰু ২০০৭ চনৰ ৩ মে'ত তৃতীয় পঠনত আইন হিচাপে গৃহীত হয়।৮৯

তথ্যসূত্ৰ

  1. ↑ Parties to the Convention on the Elimination of All Forms of Discrimination against Women. United Nations Treaty Collection
  2. ↑ Human Rights Act 1993, section 33 (repealed): "Nothing in section 22 of this Act shall prevent preferential treatment based on sex being given within the Armed Forces to any member of those forces who has the duty of serving in an active combat role in those forces"
  3. ↑ (4 May 2006). Human Rights (Women in Armed Forces) Amendment Bill. Scoop Media
  4. ↑ New Zealand Parliamentary Debates '633', 5249
  5. ↑ (7 September 2006). Another salvo fired for women's rights. Scoop Media
  6. ↑ (15 December 2005). Report of the Foreign Affairs, Defence and Trade Committee on the Human Rights (Women in Armed Forces) Amendment Bill. New Zealand Parliament
  7. ↑ New Zealand Parliamentary Debates '636', 8385
  8. ↑ New Zealand Parliamentary Debates '638', 8922
  9. ↑ (3 May 2007). NZ secures clean bill of health on rights for women. New Zealand Government

সম্পৰ্কিত শ্ৰেণী

আইননাৰীৰ অধিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানৱ অধিকাৰ (সশস্ত্ৰ বাহিনীত মহিলা) সংশোধনী আইন ২০০৭” প্ৰবন্ধৰ সংশোধন ৫৭৫১৬৭ (৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।