ৰাজনীতি আৰু আইন
চৰকাৰ, সংবিধান, নিৰ্বাচন, সংস্থা আৰু অধিকাৰ · ৭৯৫ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পুডুছেৰী মহিলা আয়োগ
পুডুছেৰী মহিলা আয়োগ হৈছে পুডুছেৰী ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধ সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰিবলৈ ২০০৪ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলাৰ কল্যাণৰ বাবে পুডুছেৰী চৰকাৰে অৰ্ধ-ন্যায়িক সংস্থা হিচাপে মহিলা আয়োগ গঠন কৰিছিল।
-
পেট্ৰিচিয়া আমিৰা
পেট্ৰিচিয়া আমিৰা (Patricia Amira) কেনিয়াৰ মহিলা আৰু কিশোৰী অধিকাৰৰ সমৰ্থক, সম্প্ৰচাৰক, ৰাজহুৱা বক্তা আৰু সন্মিলনৰ মডাৰেটৰ। ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে সমগ্ৰ আফ্ৰিকাৰ লগতে ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰিত হোৱা তেওঁৰ টেলিভিছন শ্ব’ ‘দ্য পেট্ৰিচিয়া শ্ব’ৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।
-
পেৰিছ চুক্তি
পেৰিছ চুক্তি Paris Agreement(পেৰিছ জলবায়ু চুক্তি বুলিও কোৱা হয়) হৈছে ২০১৬ চনত স্বাক্ষৰিত জলবায়ু পৰিৱৰ্তনৰ এখন আন্তৰ্জাতিক সন্ধি। এই সন্ধিখনে জলবায়ু পৰিৱৰ্তন প্ৰশমন, অভিযোজন, আৰু বিত্তীয় বিষয়ক সামৰি লৈছে।
-
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ
প্ৰতিৰক্ষা খাদ্য গৱেষণা পৰীক্ষাগাৰ (ডিএফআৰএল) হৈছে প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ ভাৰতীয় প্ৰতিৰক্ষা পৰীক্ষাগাৰ। কৰ্ণাটকৰ মহীশূৰত অৱস্থিত ই ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে বিভিন্ন খাদ্য প্ৰত্যাহ্বানসমূহ পূৰণ কৰিবলৈ খাদ্য বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু সামগ্ৰীৰ গৱেষণা আৰু বিকাশ…
-
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ
প্ৰতিৰক্ষা গৱেষণাগাৰ, তেজপুৰ (Defence Research Laboratory) অসমৰ তেজপুৰ চহৰত অৱস্থিত প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ (ডিআৰডিঅ') প্ৰতিৰক্ষা গৱেষণাগাৰ। প্ৰতিৰক্ষা গৱেষণা গৱেষণাগাৰে বাহক সৃষ্ট ৰোগৰ ওপৰত গৱেষণা আৰু উন্নয়নশীল অধ্যয়ন, খোৱা পানীৰ মানদণ্ড উন্নত কৰা, আৱৰ্জনা জৈৱঅৱক্ষয় আৰু ব্যৱস্থাপনা,…
-
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(Pradhan Mantri Kisan Samman Nidhi Or PM-KISAN) হৈছে ভাৰত চৰকাৰ এক যুগান্তকাৰী পদক্ষেপ যি কৃষকসকলক ন্যূনতম আৰ্থিক সাহায্য হিচাপে প্ৰতি বছৰে ৬,০০০ টকা পৰ্যন্ত প্ৰদান কৰে।
-
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা
প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matri Vandana Yojana) ভাৰত চৰকাৰৰ দ্বাৰা পৰিচালনা কৰা এক মাতৃত্বকালীন লাভালাভ কাৰ্যসূচী। ২০১০ চনত এই যোজনা প্ৰৱৰ্তন কৰা হৈছিল আৰু মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ইয়াক ৰূপায়ণ কৰে।
-
পৰিবেশ সুৰক্ষা আইন, ১৯৮৬
পৰিৱেশ সুৰক্ষা আইন, ১৯৮৬ (] ভাৰতৰ সংসদৰদ্বাৰা প্ৰণীত এক আইন। ১৯৮৬ চনৰ মে’ মাহত প্ৰণয়ন কৰা হয় আৰু ১৯৮৬ চনৰ ১৯ নৱেম্বৰৰপৰা বলবৎ হয়। ইয়াত ২৬টা ধাৰা আৰু চাৰিটা অধ্যায় আছে। এই আইনখনক ভোপালৰ গেছ নিৰ্গত হোৱাৰ প্ৰতিক্ৰিয়া বুলি বহুলভাৱে গণ্য কৰা হয়।
-
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয় (Ministry of Statistics and Programme Implementation, MoSPI) হৈছে প্ৰকাশিত পৰিসংখ্যা আৰু মানদণ্ডৰ দিশবোৰৰ সৈতে সম্পৰ্কিত ভাৰত চৰকাৰৰ এক মন্ত্ৰালয়। মন্ত্ৰালয়ে চলোৱা জৰীপবোৰ বৈজ্ঞানিক নমুনা পদ্ধতিৰ ওপৰত আধাৰিত।
-
ফাতুমা আলী সমন
ফাটুমা আলী সমন (Fatuma Ali Saman, জন্ম-১৯৬৮) এগৰাকী কেনিয়াৰ শিক্ষাবিদ আৰু মহিলা অধিকাৰ অভিযানকাৰী আৰু কেনিয়াৰ স্বতন্ত্ৰ পুলিচিং অভাৰচাইট অথৰিটি (KIPOA)ৰ ব'ৰ্ডৰ সদস্য।
-
ফিলছান আবদি
ফিলছান আব্দুল্লাহী আহমেদ (জন্ম ১৯৯২), ফিলছান আবদি বুলিও কোৱা হয়, ছোমালি অঞ্চলৰ এগৰাকী ইথিঅ'পিয়ান কৰ্মী আৰু ৰাজনীতিবিদ। তেখেতে নাবাদ প্ৰকল্পৰ প্ৰতিষ্ঠাপক, যিটো ছমালি অঞ্চলত, সোমালি আৰু অৰোমো সম্প্ৰদায়ৰ মাজত যোগাযোগ আৰু শান্তিৰ প্ৰসাৰৰ বাবে এটা উপগ্ৰহ টেলিভিছন ষ্টেচন।
-
ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন
ফিলিপ ৰিচাৰ্ড থৰ্নহাগ গৰ্ডন বা পি আৰ টি গৰ্ডন (Philip Richard Thornhagh Gurdon, ১৮৬৩-১৯৪২) এগৰাকী ব্ৰিটিছ সামৰিক বিষয়া, ঔপনিবেশিক ভাৰতৰ প্ৰশাসনিক বিষয়া আৰু নৃত্তত্ববিদ আছিল। পিতৃৰ নাম মেজৰ জেনেৰেল এভিলীন পুল্টনী গৰ্ডন (Evelyn Pulteney Gurdon)আৰু মাতৃ মেৰী জেন ছেণ্ডিমেন (Mary Jane Sandeman)।
-
ফুনমিলায়ো ৰেনছমে-কুটি
ফুনমিলায়ো ৰেনছমে-কুটি (Funmilayo Ransome-Kuti, ২৫ অক্টোবৰ ১৯০০ – ১৩ এপ্ৰিল ১৯৭৮), ফুনমিলায়ো আনিকুলাপো-কুটি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী নাইজেৰিয়ান শিক্ষাবিদ, ৰাজনৈতিক প্ৰচাৰক, ভোটাধিকাৰী আৰু মহিলা অধিকাৰ কৰ্মী আছিল।
-
ফৰয়াল গোহৰ
ফৰয়াল গোহৰ (Faryal Gohar, জন্ম: ১৮ ডিচেম্বৰ ১৯৫৯) এগৰাকী পাকিস্তানী অভিনেত্ৰী, টেলিভিছন লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী। উৰাণ, চান্দনী ৰাঁতে, চান্দ গ্ৰেহান, উইছাল আৰু মোহিনী মেনচন কি চিণ্ডেৰেলায়ন আদি চলচ্চিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।
-
বন্ধ
বন্ধ দক্ষিণ এছিয়াৰ দেশসমূহত, বিশেষকৈ ভাৰত আৰু নেপালত, ৰাজনৈতিক বা সামাজিক প্ৰতিবাদৰ এক পদ্ধতি। বন্ধৰ সময়ত জনজীৱন আৰু দৈনন্দিন কাৰ্যকলাপ ব্যাহত কৰাৰ উদ্দেশ্যে কোনো ৰাজনৈতিক দল, সংগঠন বা সম্প্ৰদায়ে সাধাৰণ ধৰ্মঘটৰ আহ্বান জনায়। উদাহৰণস্বৰূপে, সমগ্ৰ ভাৰতত আহ্বান জনোৱা বন্ধক ‘ভাৰত বন্ধ’ বুলি কোৱা হয়।
-
বাঁওপন্থী ৰাজনীতি
বাঁওপন্থী ৰাজনীতিয়ে (Left-Wing Politics) সামাজিক সমতা আৰু সমতাবাদক সমৰ্থন কৰে৷ তেওঁলোকে লাভাৰ্জন কৰিব বিচৰা ৰাজনৈতিক মতাদৰ্শৰ পৰিসৰ আৰু তেনেধৰণৰ চিন্তাৰ ওপৰত প্ৰতিষ্ঠিত সামাজিক স্তৰবৃত্তৰ সামগ্ৰিকভাৱে বিৰোধিতা কৰে৷ অৰ্থনীতিৰ এমেৰিটাছ অধ্যাপক বেৰী ক্লাৰ্কৰ মতে বাওঁপন্থী ৰাজনীতিৰ সমৰ্থকসকলে "দাবী…
-
বাসস্থানৰ অধিকাৰ
বাসস্থানৰ অধিকাৰ (Right to housing) হৈছে পৰ্যাপ্ত ন্যূনতম সুবিধাযুক্ত আৱাস আৰু আশ্ৰয়ৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। এই অধিকাৰক কিছুমান দেশৰ ৰাষ্ট্ৰীয় সংবিধানত আৰু মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰ আৰু অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ ওপৰত আন্তৰ্জাতিক চুক্তিত স্বীকৃতি দিয়া হৈছে।
-
বাসৱৰাজেশ্বৰী
বাসৱৰাজেশ্বৰী জাহাগীৰদাৰ (Basavarajeshwari Jahagirdar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ তিনিবাৰ সাংসদৰ সদস্য হৈছিল৷ তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বেলাৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
-
বিজন সেতু হত্যাকাণ্ড
বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগৰ কলকাতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল।
-
বিজ্ঞান ভৱন (নতুন দিল্লী)
বিজ্ঞান ভৱন ভাৰত চৰকাৰৰ নতুন দিল্লীত থকা এটা প্ৰধান সন্মিলন কেন্দ্ৰ। ১৯৫৬ চনত নিৰ্মিত এই ভৱনটোৱে বছৰ বছৰ ধৰি বিশ্বৰ নেতা আৰু গণ্য-মান্য ব্যক্তিসকলে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলন, আলোচনা-চক্ৰ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ স্থান হিচাপে কাম কৰি আহিছে, যেনে ১৯৮৩ চনত কমনৱেলথ চৰকাৰৰ…
-
বিবি বাকাৰে-ইউছুফ
বিবি বাকাৰে-ইউছুফ (Bibi Bakare-Yusuf, জন্ম: ১৯৭০) নাইজেৰিয়াৰ লাগোছৰ এজন নাইজেৰিয়ান শিক্ষাবিদ, লেখক আৰু সম্পাদক। ২০০৬ চনত জেৰেমি ৱেইটৰ সৈতে প্ৰকাশন কোম্পানী কাছাভা ৰিপাব্লিক প্ৰেছৰ সহযোগী প্ৰকাশন গোষ্ঠী প্ৰতিষ্ঠা কৰে।
-
বিহাৰ ৰাজ্যিক মহিলা আয়োগ
বিহাৰ ৰাজ্যিক মহিলা আয়োগ হৈছে বিহাৰ ৰাজ্যৰ মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত বিষয়সমূহৰ মোকাবিলা কৰিবলৈ ১৯৯৩ চনত গঠন কৰা এটা বিধিগত সংস্থা। ৰাজ্যৰ মহিলা কল্যাণৰ বাবে বিহাৰ চৰকাৰ অৰ্ধ ন্যায়িক সংস্থা হিচাপে এই আয়োগ গঠন কৰিছিল।
-
বুকোলা অৰিঅ'লা
বুকোলা অৰিঅ'লা (Bukola Oriola; জন্ম: ১৯৭৬) এগৰাকী নাইজেৰিয়ান-আমেৰিকান সাংবাদিক। তেওঁৰ ঘৰ মিনেছ'টাৰ আনোকা কাউন্টিত, আৰু তেওঁৰ এজন পুত্ৰ চেমুৱেল জেকবছ। তেওঁ ছবছৰ সাংবাদিক হিচাপে নাইজেৰিয়াত শিক্ষাৰ বাতৰি পৰিৱেশন কৰিছিল আৰু সেই দেশত থাকিও তেওঁ নাইজেৰিয়াত শিক্ষাৰ বাতৰি পৰিৱেশন কৰিছিল।
-
বৃহত্তৰ কোচিন উন্নয়ন কৰ্তৃপক্ষ
বৃহত্তৰ কোচিন উন্নয়ন কৰ্তৃপক্ষ (GCDA) হৈছে ১৯৭৬ চনত স্থাপিত ভাৰতৰ কেৰালাৰ কদবংথ্ৰাত মুখ্য কাৰ্যালয় থকা এটা বিধিগত সংস্থা। ই কোচি পৌৰ নিগম (দুটা ৱাৰ্ডৰ বাহিৰে), কাষৰীয়া নটা পৌৰসভা আৰু ২১টা হস্তক্ষেপকাৰী গ্ৰাম পঞ্চায়তৰ উন্নয়ন পৰিকল্পনাৰ দায়িত্ব লয়, যাৰ মুঠ আয়তন ৬৩২ কিলোমিটাৰ।
-
বেকী কেইন
ৰেবেকা "বেকী" কুক কেইনচেপাৰলি (Rebecca "Becky" Cook Cain-Ceperley) ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে লীগ অৱ ৱমেন ভোটাৰৰ সভানেত্ৰী আছিল। বৰ্তমান কেইন পশ্চিম ভাৰ্জিনিয়াৰ চাৰ্লছটনৰ চাৰ্লছটনত থকা দ্য গ্ৰেটাৰ কানাৱা ভেলী ফাউণ্ডেশ্যনৰ সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া।
-
বেঙ্গল সতী নিয়মাৱলী, ১৮২৯
বেঙ্গল সতী নিয়মাৱলীৰ জৰিয়তে ভাৰতবৰ্ষত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত গৱৰ্ণৰ জেনেৰেল লৰ্ড উইলিয়াম বেণ্টিঙ্কে সতীদাহ প্ৰথা বেআইনী ঘোষণা কৰিছিল।
-
বেৰেনিচ এ কেৰল
বেৰেনিচ অনিতা কেৰল (Berenice A. Carroll) ইউনিভাৰ্চিটি অৱ ইলিনয় আৰ্বানা-চেম্পেইনত মহিলা অধ্যয়ন কাৰ্যসূচী সৃষ্টিৰ নেতৃত্ব দিছিল আৰু পাৰ্ডু বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন কাৰ্যসূচীৰ পৰিচালক হিচাপে কাম কৰিছিল। ১৯৬৯ চনত তেওঁ ঐতিহাসিক পেছাত মহিলাৰ সমন্বয়ক সমিতি গঠনৰ সূচনা কৰে।
-
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় (নেপাল)
বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয় , বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে অন্য ৰাজ্যৰ সৈতে লেনদেন কৰাৰ সময়ত অন্যান্য মন্ত্ৰ্যালয় আৰু নেপাল চৰকাৰক প্ৰতিনিধিত্ব কৰে।
-
ভনিতা মাথিল
ভণিতা মাথিল (Vanitha Mathil) আক্ষৰিক ভাবে 'মহিলাৰ দেৱাল' লিংগ সমতা বজাই ৰখা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ভাৰতৰ কেৰালা ৰাজ্যত ২০১৯ চনৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা এক মানৱ শৃংখলা আছিল।
-
ভাাৰতীয় পশু কল্যাণ ব'ৰ্ড
ভাৰতীয় পশু কল্যাণ ব’ৰ্ড হাৰিয়ানা ৰাজ্যৰ বল্লভগড়ত মুখ্য কাৰ্যালয় থকা ভাৰতীয় পশু কল্যাণ ব'ৰ্ড (AWBI) ভাৰত চৰকাৰৰ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰ্যালয় (পশুপালন আৰু দুগ্ধ বিভাগ)ক পৰামৰ্শ দিয়া এটা বিধিগত পৰামৰ্শদাতা সংস্থা। পূৰ্বতে চেন্নাইত AWBIৰ মুখ্য কাৰ্যালয় আছিল।