অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী সকলৰ তালিকা

মুখ্যমন্ত্ৰী হ’ল কোনো এখন ৰাজ্যৰ মুখ্য শাসক। তেওঁ হ’ল ৰাজ্যিক শাসন ব্যৱস্থা আৰু ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দুস্বৰূপ। সংবিধানৰ ১৬৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলনেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে।

হালনাগাদ: ২৩ জুলাই ২০২৬ ২৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মুখ্যমন্ত্ৰী হ’ল কোনো এখন ৰাজ্যৰ মুখ্য শাসক। তেওঁ হ’ল ৰাজ্যিক শাসন ব্যৱস্থা আৰু ৰাজ্যিক ৰাজনীতিৰ কেন্দ্ৰবিন্দুস্বৰূপ। সংবিধানৰ ১৬৪ (১) নং অনুচ্ছেদ অনুসৰি ৰাজ্যপালে বিধানসভাৰ সংখ্যাগৰিষ্ঠ দলনেতাজনক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। কিন্তু কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, ৰাজ্যপালে তেওঁৰ স্ব-বিচাৰ ক্ষমতা প্ৰয়োগ কৰি মুখ্যমন্ত্ৰী নিযুক্তি দিব পাৰে। নিয়ুক্তিৰ সময়ত মুখ্যমন্ত্ৰীজন বিধানসভাৰ সদস্য নহ'লে, নিযুক্তি পোৱাৰ ছমাহৰ ভিতৰত তেওঁ বিধানমণ্ডললৈ নিৰ্বাচিত হ'ব লাগিব আৰু নিযুক্তিৰ পিচত তেওঁ ৰাজ্যপালৰ ওচৰত কাৰ্যভাৰ গ্ৰহণ আৰু গোপনীয়তাৰ শপত-বাক্য পাঠ কৰিব লাগে। তেওঁ বিধানসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনতহে তেওঁৰ কাৰ্যকালত বাহাল থাকে। ১৬৪(২)নং অনুচ্ছেদ মতে মন্ত্ৰীসভা সামূহিকভাৱে ৰাজ্যিক বিধানসভাৰ ওচৰত দায়বদ্ধ থাকিব। ১২

১৯৪৭ চনৰ পৰা ভাৰতত ১৭ গৰাকী মহিলা মুখ্যমন্ত্ৰী হৈছে। মুখ্যমন্ত্ৰী হোৱা প্ৰথম মহিলাগৰাকী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সুচেতা কৃপলানী,তেওঁ ১৯৬৩ চনৰ ২ অক্টোবৰত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। এতিয়ালৈ আটাইতকৈ দীৰ্ঘদিনীয়া মহিলা মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীলা দীক্ষিত, তেওঁ দিল্লীৰ মুখ্যমন্ত্ৰীৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পোন্ধৰ বছৰতকৈও অধিক সময় মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ আছিল। তামিলনাডুৰ জয়ললিতা জয়ৰামই এতিয়ালৈ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয় সৰ্বাধিক কাৰ্যকাল চলাইছিল, ২০১৬ চনত মৃত্যুৰ আগলৈকে তেওঁ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল। মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থাকি মৃত্যুবৰণ কৰা [[জয়ললিতা প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। আনহাতে ভি. এন. জনাকী ৰামচন্দ্ৰন আটাইতকৈ কম (মাত্ৰ ২৩ দিন)দিনৰ বাবে হোৱা মহিলা মুখ্যমন্ত্ৰী। ভাৰতৰ ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মাত্ৰ ১২খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত এতিয়ালৈ মহিলাই মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

বৰ্তমান সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ দলৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায় ভাৰতৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী

ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী সকলৰ তালিকা

ক্ৰমিক নংছবিনাম (জন্ম–মৃত্যু )কাৰ্যকালৰাজ্য /কেন্দ্ৰীয় শাসিত অঞ্চলৰাজনৈতিক দল
দায়িত্বভাৰ গ্ৰহণকাৰ্যকাল শেষকাৰ্যকাল
১Sucheta Kriplani official portrait.gifসুচেতা কৃপলানী (১৯০৮–১৯৭৪)২ অক্টোবৰ ১৯৬৩১৩ মাৰ্চ ১৯৬৭৩ বছৰ ১৬২ দিনউত্তৰ প্ৰদেশভাৰতীয় জাতীয় কংগ্ৰেছrowspan=2
২Nanini Satpathy.pngনন্দিনী শতপথী (১৯৩১–২০০৬)১৪ জুন ১৯৭২১৬ ডিচেম্বৰ ১৯৭৬৪ বছৰ ১৮৫ দিনওড়িশা
৩No image available.svgশশীকলা কাকোদকৰ (১৯৩৫–২০১৬)১২ আগষ্ট ১৯৭৩২৭ এপ্ৰিল ১৯৭৯৫ বছৰ ২৫৮ দিনগোৱামহাৰাষ্ট্ৰবাদী গোমান্তক পাৰ্টি (সংক্ষেপে এমজিপি)
৪No image available.svgচৈয়দা আনোৱাৰা টাইমূৰ (1936–2020)৬ ডিচেম্বৰ ১৯৮০৩০ জুন ১৯৮১২০৬ দিনঅসমভাৰতীয় জাতীয় কংগ্ৰেছ
৫VNJanaki.jpgভি. এন. জনাকী ৰামচন্দ্ৰন (১৯২৩–১৯৯৬)৭ জানুৱাৰী ১৯৮৮৩০ জানুৱাৰী ১৯৮৮২৩ দিনতামিলনাডুএ আই ডি এম কেrowspan=6
৬J Jayalalithaa.jpgজয়ললিতা (১৯৪৮–২০১৬)২৪ জুন ১৯৯১24 June 1991১২ মে’ ১৯৯৬১৪ বছৰ ১২৪ দিন
১৪ মে'২০০১২১ ছেপ্টেম্বৰ ২০০১
২ মাৰ্চ ২০০২১২ মে’২০০৬
১৬ মে' ২০১১২৭ ছেপ্তেম্বৰ ২০১৪
২৩ মে'২০১৫৫ ডিচেম্বৰ ২০১৬
৭Mayawati.jpgমায়াৱতী (জন্ম. ১৯৫৬)১৩ জুন ১৯৯৫১৮ অক্টোবৰ ১৯৯৫৭বছৰ ৫ দিনউত্তৰ প্ৰদেশবহুজন সমাজ পাৰ্টিrowspan=4
২১ মাৰ্চ ১৯৯৭২১ ছেপ্টেম্বৰ ১৯৯৭
৩ মে'২০০২২৯ আগষ্ট ২০০৩
১৩ মে' ২০০৭১৫ মাৰ্চ ২০১৫
৮Rajinder Kaur Bhattal.jpgৰজিন্দৰ কৌৰ ভট্টাল (জন্ম.১৯৪৫)২১ নৱেম্বৰ ১৯৯৬১২ ফেব্ৰুৱাৰী ১৯৯৭৮৩ দিনপঞ্জাবভাৰতীয় জাতীয় কংগ্ৰেছ
৯ৰাবৰি দেৱী (জন্ম . ১৯৫৫)২৫ জুলাই ১৯৯৭১১ ফেব্ৰুৱাৰী ১৯৯৯৭ বছৰ,১৯০ দিনবিহাৰৰাষ্ট্ৰীয় জনতা দলrowspan=3
৯ মাৰ্চ ১৯৯৯২ মাৰ্চ ২০০০
১১ মাৰ্চ ২০০০৬ মাৰ্চ ২০০৫
১০সুষমা স্বৰাজ (১৯৫২–২০১৯)১২ অক্টোবৰ ১৯৯৮৩ ডিচেম্বৰ ১৯৯৮৫২ দিনদিল্লী, কেন্দ্ৰীয় শাসিত অঞ্চলভাৰতীয় জনতা পাৰ্টী
১১শীলা দীক্ষিত (১৯৩৮–২০১৯)৩ ডিচেম্বৰ ১৯৯৮২৮ ডিচেম্বৰ ২০১৩১৫ বছৰ ২৫ দিনভাৰতীয় জাতীয় কংগ্ৰেছ
১২উমা ভাৰতী (জন্ম .১৯৫৯)৮ ডিচেম্বৰ ২০০৩২৩ আগষ্ট ২০০৪২৫৯ দিনমধ্য প্ৰদেশভাৰতীয় জনতা পাৰ্টীrowspan=3
১৩বসুন্ধৰা ৰাজে (জন্ম . ১৯৫৩)৮ ডিচেম্বৰ ২০০৩১৩ ডিচেম্বৰ ২০০৮১০ বছৰ ৯ দিনৰাজস্থান
১৩ ডিচেম্বৰ১৭ ডিচেম্বৰ ২০১৮
১৪মমতা বন্দ্যোপাধ্যায়* (জন্ম.১৯৫৫)২০ মে' ২০১১কাৰ্যবাহী ২০ মে'২০১১ ৰ পৰাপশ্চিমবংগসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
১৫আনন্দীবেন পেটেল (জন্ম.১৯৪১)২২ মে' ২০১৪৭ আগষ্ট ২০১৬২ বছৰ ৭৭ দিনগুজৰাটভাৰতীয় জনতা পাৰ্টী
১৬মেহবুবা মুফটি (জন্ম. ১৯৫৯)৪ এপ্ৰিল ২০১৬১৯ জুন ২০১৮২ বছৰ ৭৬ দিনজম্মু আৰু কাশ্মীৰজম্মু-কাশ্মীৰ পিপলছ ডেম'ক্ৰেটিক পাৰ্টি
১৭আতিশী মাৰ্লিন (জন্ম.১৯৮১)২১ ছেপ্টেম্বৰ ২০২৪২০ ফেব্ৰুৱাৰী ২০২৫৪ মাহ ৩০ দিনদিল্লী, কেন্দ্ৰীয় শাসিত অঞ্চলআম আদমি পাৰ্টী

তথ্যসূত্ৰ

  1. ↑ Durga Das Basu. Introduction to the Constitution of India. 1960. 20th Edition, 2011 Reprint. pp. 241, 245. LexisNexis Butterworths Wadhwa Nagpur
  2. ↑ Sharma, Kalpana. (29 September 2024). The paradox of India's woman politician. The Hindu. পৃ. Sunday Magazine P1

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতৰ মহিলা মুখ্যমন্ত্ৰী সকলৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬১৮৯১৩ (২৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।