২০০১ চনৰ ১৩ ডিচেম্বৰত জেঈশ-ই-মহম্মদৰ পাঁচজন সন্ত্ৰাসবাদীয়ে ভাৰতৰ নতুন দিল্লীত অৱস্থিত ভাৰতৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণ চলাইছিল। পাঁচোটা সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়।
পাকিস্তানৰ পৰা কাম কৰি থকা দুটা সন্ত্ৰাসবাদী গোট লস্কৰ-ঈ-তৈবা (LeT) আৰু জয়ছ-ঈ-মহম্মদ (JeM)ৰ ওপৰত ভাৰতীয় কৰ্তৃপক্ষই এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে;১২ অৱশ্যে লস্কৰ-ঈ-তৈবাই ইয়াৰ লগত জড়িত হোৱা বুলি অস্বীকাৰ কৰে।
এই কাণ্ডৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বাঢ়ি যায়, যাৰ ফলত ২০০১–২০০২ চনত ভাৰত–পাকিস্তান সমুখ-সমৰলৈ আহে।
আক্ৰমণ
২০০১ চনৰ ১৩ ডিচেম্বৰত গৃহ মন্ত্ৰালয় আৰু সংসদৰ লেবেল থকা এখন গাড়ীত পাঁচজন জয়ছ-ঈ-মহম্মদ সন্ত্ৰাসবাদীয়ে সংসদত প্ৰৱেশ কৰে।৩এই ঘটনাৰ ৪০ মিনিট পূৰ্বে ৰাজ্যসভা আৰু লোকসভা দুয়োখনেই স্থগিত ৰখা হৈছিল যদিও আক্ৰমণৰ সময়ত বহু সংসদৰ সদস্য (সাংসদ) আৰু গৃহমন্ত্ৰী এল কে আদবানী আৰু প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী হৰিণ পাঠকৰ দৰে চৰকাৰী বিষয়াও ভৱনটোত আছিল বুলি ধাৰণা কৰা হৈছিল।৪ সেই সময়ত সংসদ ভৱনৰ ভিতৰত আছিল প্ৰধান ৰাজনীতিবিদকে ধৰি ১০০ৰো অধিক লোক। বন্দুকধাৰীয়ে চলোৱা গাড়ীখনত ভুৱা পৰিচয় ষ্টীকাৰ ব্যৱহাৰ কৰিছিল আৰু এইদৰে সংসদীয় কমপ্লেক্সৰ চাৰিওফালে নিয়োজিত নিৰাপত্তা ব্যৱস্থা সহজেই ভংগ কৰিছিল।৫ সন্ত্ৰাসবাদীসকলৰ হাতত আছিল এ কে-৪৭ ৰাইফল, গ্ৰেনেড লঞ্চাৰ, পিষ্টল আৰু গ্ৰেনেড।৬
বন্দুকধাৰীয়ে নিজৰ বাহনখন ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কৃষণ কান্তৰ (যি সেই সময়ত ভৱনটোত আছিল) গাড়ীত উঠাই, তাৰ পিছত নামি গুলী চলাবলৈ আৰম্ভ কৰে। উপ-ৰাষ্ট্ৰপতিৰ প্ৰহৰী আৰু নিৰাপত্তাৰক্ষীয়ে আক্ৰমণকাৰীক প্ৰত্যুত্তৰ দি গুলীচালনা কৰাৰ পিছত চৌহদৰ গেট বন্ধ কৰিবলৈ আৰম্ভ কৰে। ২০০১ চনৰ অক্টোবৰ মাহত জম্মু-কাশ্মীৰৰ শ্ৰীনগৰৰ সভাত একেধৰণৰ আক্ৰমণ সংঘটিত হৈছিল আৰু ৩৮ জন লোকৰ মৃত্যু হৈছিল।৫
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কনিষ্টবল কমলেশ কুমাৰীয়ে প্ৰথমে উগ্ৰপন্থীক দেখা পায় আৰু এলাৰ্ম বজাই থকাৰ সময়তে গুলীচালনা কৰে। তেওঁৰ থিতাতে মৃত্যু হয়। এজন বন্দুকধাৰীৰ চুইচাইড ভেষ্ট বিস্ফোৰণ ঘটিছিল যেতিয়া তেওঁক গুলীয়াই হত্যা কৰা হৈছিল; বাকী চাৰিজন বন্দুকধাৰীকো নিহত কৰা হয়। মন্ত্ৰী-সাংসদ কোনো আঘাত নোপোৱাকৈ সাৰি গ’ল। আক্ৰমণকাৰীৰ দ্বাৰা নিহত হোৱা মুঠ লোকৰ সংখ্যা ৯ জন আৰু আন কমেও ১৭ জন লোক আহত হয়।৫৭
কূটাঘাতকাৰী
দিল্লী আৰক্ষীয়ে জনোৱা মতে, পাঁচজন সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল আৰু তেওঁলোকে দিয়া নামসমূহ হ’ল: হামজা, হাইদৰ ওৰফে টুফাইল, ৰানা, ৰাজা আৰু মহম্মদ – যিসকল জয়ছ-ঈ-মহম্মদৰ সদস্য আছিল আৰু নিহত হৈছিল।৬৮৯
নিহত সন্ত্ৰাসবাদীসকলৰ এজনে ইয়াৰ পূৰ্বে ইণ্ডিয়ান এয়াৰলাইন্সৰ বিমান ৮১৪ অপহৰণতো অংশগ্ৰহণ কৰিছিল।১০
দিল্লী আৰক্ষীৰ বিষয়াসকলে কয় যে বন্দুকধাৰীসকলে পাকিস্তানৰ পৰা নিৰ্দেশনা লাভ কৰিছিল আৰু এই অভিযান পাকিস্তানৰ আন্তঃসেৱা চোৰাংচোৱা সংস্থা (আই এছ আই)ৰ নিৰ্দেশনাত সংঘটিত হৈছিল।৬ কেথী স্কট-ক্লাৰ্ক আৰু এড্ৰিয়ান লেভিয়ে তেওঁলোকৰ গ্ৰন্থ দ্য এক্সাইল: দ্য ফ্লাইট অৱ ওছামা বিন লাডেনত উল্লেখ কৰিছে যে তেতিয়াৰ চিআইএ ষ্টেচনৰ মুৰব্বী ৰবাৰ্ট গ্ৰেনিয়াৰ আৰু ৰাষ্ট্ৰদূত ৱেণ্ডী চেম্বাৰলিনে সন্দেহ কৰিছিল যে আইএছআইয়ে এই আক্ৰমণত অনুমোদন জনাইছিল যাতে আলী জান আউৰাকজাইৰ কমাণ্ডত সৈন্যক ডুৰাণ্ড লাইনৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰাব পাৰে, যাৰ ফলত ওছামা বিন লাডেনে ট’ৰা যুদ্ধৰ সময়ত পাকিস্তানত পলায়ন কৰিব পাৰে।১১
তথ্যসূত্ৰ
- ↑ (14 December 2001). Govt blames LeT for Parliament attack. Rediff.com
- ↑ (2001-12-18). Terrorist Attack on the Parliament of India. Embassy of India – Washington DC
- ↑ (13 December 2001). The terrorists had the home ministry and special Parliament label. Rediff.com India
- ↑ (13 December 2001). Terrorists attack Parliament; five intruders, six cops killed. Rediff.com
- ↑ 2001: Suicide attack on Indian parliament. BBC News
- ↑ Vishnu, J T. (17 December 2001). ISI supervised Parliament attack Main coordinator of Jaish, two others arrested. The Tribune
- ↑ PTI. (13 December 2011). Parliament attack victims remembered. The Hindu
- ↑ (16 December 2016). PM Modi pays homage to the 2001 Parliament attack martyrs: Key points about the heinous attack. India.com. Penske Media Corporation
- ↑ Kaur, Naunidhi. (21 December 2002). Conviction in Parliament attack case. Frontline
- ↑ (8 March 2022). IC-814 victim Rupin Katyal gets justice, hijacker Ibrahim killed in Karachi. Hindustan Times
- ↑ Levy, Adrian; Scott-Clark, Catherine. (23 May 2017). The Exile: The Flight of Osama bin Laden. Bloomsbury Publishing. পৃ. 77–78. ISBN 978-1-4088-5878-3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰতীয় সংসদ ভৱন আক্ৰমণ, ২০০১” প্ৰবন্ধৰ সংশোধন ৫১৯৮৮০ (২১ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।