অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

পেৰিছ চুক্তি

পেৰিছ চুক্তি Paris Agreement(পেৰিছ জলবায়ু চুক্তি বুলিও কোৱা হয়) হৈছে ২০১৬ চনত স্বাক্ষৰিত জলবায়ু পৰিৱৰ্তনৰ এখন আন্তৰ্জাতিক সন্ধি। এই সন্ধিখনে জলবায়ু পৰিৱৰ্তন প্ৰশমন, অভিযোজন, আৰু বিত্তীয় বিষয়ক সামৰি লৈছে।

হালনাগাদ: ২৩ মে’ ২০২৬ ২৪৬ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

পেৰিছ চুক্তি Paris Agreement(পেৰিছ জলবায়ু চুক্তি বুলিও কোৱা হয়) হৈছে ২০১৬ চনত স্বাক্ষৰিত জলবায়ু পৰিৱৰ্তনৰ এখন আন্তৰ্জাতিক সন্ধি।১ এই সন্ধিখনে জলবায়ু পৰিৱৰ্তন প্ৰশমন, অভিযোজন, আৰু বিত্তীয় বিষয়ক সামৰি লৈছে। ফ্ৰান্সৰ পেৰিছৰ ওচৰত ২০১৫ চনত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সন্মিলনত ১৯৬টা পক্ষই পেৰিছ চুক্তি আলোচনা কৰিছিল। ২০২৬ চনৰ জানুৱাৰী মাহলৈকে ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তি (UNFCCC)ৰ ১৯৪ গৰাকী সদস্য এই চুক্তিৰ পক্ষত আছিল। চুক্তিখন অনুমোদন নকৰা ইউএনএফচিচিচিৰ তিনিখন সদস্য ৰাষ্ট্ৰৰ ভিতৰত একমাত্ৰ প্ৰধান গমনকাৰী ৰাষ্ট্ৰ হৈছে ইৰাণ। দ্বিতীয় বৃহত্তম গমনকাৰী দেশ আমেৰিকাই ২০২০ চনত এই চুক্তিৰ পৰা আঁতৰি যায়,২২০২১ চনত পুনৰ যোগদান কৰে,৩ আৰু ২০২৬ চনত পুনৰ আঁতৰি যায়।৪

পেৰিছ চুক্তিৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে বিশ্বৰ পৃষ্ঠৰ উষ্ণতা বৃদ্ধিক প্ৰাক-ঔদ্যোগিক স্তৰৰ পৰা ২ ডিগ্ৰী চেলছিয়াছ (৩.৬ ডিগ্ৰী ফাৰেনহাইট)ৰ বহু তলত ৰখা। চুক্তিখনত এইটোও কোৱা হৈছে যে বৃদ্ধিৰ সীমা মাত্ৰ ১.৫° চেলচিয়াছ (২.৭ °ফাৰেনহ্যাইট) হ’ব লাগে। এই সীমাসমূহক বহু বছৰত জুখিব পৰা বিশ্বৰ উষ্ণতাৰ গড় হিচাপে সংজ্ঞায়িত কৰা হয়।৫

উষ্ণতা যিমানেই কম হ’ব সিমানেই জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম বুলি আশা কৰিব পাৰি। এই উষ্ণতাৰ লক্ষ্যত উপনীত হ’বলৈ হ’লে সেউজ গৃহ গেছৰ নিৰ্গমন যিমান সোনকালে পাৰি, সিমান হ্ৰাস কৰিব লাগে। আনকি একবিংশ শতিকাৰ মাজভাগলৈকে ইয়াৰ মান শূন্য শূন্যত উপনীত হ'ব লাগে।৬ গোলকীয় উষ্ণতা বৃদ্ধিৰ ১.৫ ডিগ্ৰী চেলছিয়াছৰ তলত থাকিবলৈ ২০৩০ চনৰ ভিতৰত নিৰ্গমন প্ৰায় ৫০% হ্ৰাস কৰিব লাগিব। পেৰিছ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিশ্বৰ নিৰ্গমন হ্ৰাস পোৱাতকৈ বৃদ্ধিহে পাইছে৷৭ After the Paris Agreement was signed, global emissions continued to rise rather than fall.৫ ২০২৪ চন আছিল অভিলেখৰ আটাইতকৈ উষ্ণ বছৰ, যি বছৰত বিশ্বৰ গড় উষ্ণতা ১.৫ ডিগ্ৰী চেলছিয়াছতকৈ অধিক বৃদ্ধি পাইছিল।৫

তথ্যসূত্ৰ

  1. ↑ Paris Agreement, FCCC/CP/2015/L.9/Rev.1. UNFCCC secretariat
  2. ↑ (8 August 2017). Reference: C.N.464.2017.TREATIES-XXVII.7.d (Depositary Notification). United Nations
  3. ↑ (19 February 2021). US makes official return to Paris climate pact. Associated Press
  4. ↑ Calma, Justine. (20 January 2025). Donald Trump pulls US out of Paris climate agreement. The Verge
  5. ↑ Zhong, Raymond; Plumer, Brad; Rojanasakul, Mira. (10 January 2025). 2024's Record-Breaking Heat Brought the World to a Dangerous Threshold. Now What?. The New York Times
  6. ↑ UNFCCC. The Paris Agreement. unfccc.int
  7. ↑ Schleussner, Carl-Friedrich. The Paris Agreement – the 1.5 °C Temperature Goal. Climate Analytics

সম্পৰ্কিত শ্ৰেণী

চুক্তিজলবায়ু বিজ্ঞানপ্ৰকৃতিপৰিৱেশপৰিৱেশ সম্পৰ্কীয় সমস্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেৰিছ চুক্তি” প্ৰবন্ধৰ সংশোধন ৬০৭৯৯৪ (২৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।