বিজন সেতু হত্যাকাণ্ড ১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা পশ্চিমবংগৰ কলিকতাৰ ওচৰৰ বালিগঞ্জত সংঘটিত আনন্দমাৰ্গী ১৬ সন্ন্যাসী আৰু ১ গৰাকী সন্ন্যাসিনীৰ হত্যাকাণ্ডক সূচায়। দিনৰ পোহৰতে সংঘটিত হোৱা সত্ত্বেও এই ঘটনাৰ বাবে আজিলৈকে কাকো গ্ৰেপ্তাৰ কৰা নহ’ল। আনুষ্ঠানিক ন্যায়িক অনুসন্ধানৰ বাবে বাৰে বাৰে আহ্বান জনোৱাৰ পিছত ১৯১২ চনত উক্ত হত্যাকাণ্ডৰ অনুসন্ধান কৰিবলৈ এখন এজনীয়া ন্যায়িক আয়োগ গঠন কৰা হয়।
ঘটনা
১৯৮২ চনৰ ৩০ এপ্ৰিলৰ দিনা আনন্দমাৰ্গী ১৬জন সন্ন্যাসী আৰু এগৰাকী সন্ন্যাসিনীক কলকাতাৰ টিলজালাত অৱস্থিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত হ’বলগীয়া এখন শৈক্ষিক সন্মিলনলৈ গৈ থকা অৱস্থাত টেক্সিৰ পৰা টানি বাহিৰলৈ উলিয়াই অনা হৈছিল। একেসময়তে তিনিটা ভিন্ন স্থানত মৰি যোৱাকৈ তেওঁলোকক মাৰপিট কৰা হৈছিল আৰু তেওঁলোকৰ দেহবোৰ জুইত জাপি দিয়া হৈছিল। খবৰত প্ৰকাশ যে দিনৰ পোহৰত ৰাজহুৱা স্থানত সংঘটিত এই ঘটনাৰ হাজাৰ হাজাৰ লোকে প্ৰত্যক্ষ কৰিছিল।১
বাহ্যিক সংযোগ
- A documentary about the 30 April 1982 massacre
- 30 April 1982, A Pathetic Chapter of History Written in Blood of the 17 Monks and Nuns of Ananda Marga ananda-marga.org (link from the official website of Ananda Marga)
- Photos of Ananda Margi processions in Calcutta marking the anniversary of the massacre
- Ananda Marga and the Use of Force by Helen Crovetto An in-depth research of Ananda Marga activities and the Bijon massacre. (limited access)
তথ্যসূত্ৰ
- ↑ Namboodiri, Udayan. (1997-05-02). Basu Govt still suppressing facts on Margi massacre. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজন সেতু হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৫১৪৮৭১ (৪ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।