অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ভনিতা মাথিল

ভণিতা মাথিল (Vanitha Mathil) আক্ষৰিক ভাবে 'মহিলাৰ দেৱাল' লিংগ সমতা বজাই ৰখা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ভাৰতৰ কেৰালা ৰাজ্যত ২০১৯ চনৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা এক মানৱ শৃংখলা আছিল।

হালনাগাদ: ১৩ মে’ ২০২৫ ৩৬২ শব্দ · ২ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভণিতা মাথিল (Vanitha Mathil) আক্ষৰিক ভাবে 'মহিলাৰ দেৱাল' লিংগ সমতা বজাই ৰখা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে ভাৰতৰ কেৰালা ৰাজ্যত ২০১৯ চনৰ ১ জানুৱাৰী তাৰিখে গঠন কৰা এক মানৱ শৃংখলা আছিল। দেৱালখন কেৱল মহিলাৰ দ্বাৰা গঠন কৰা হৈছিল আৰু কাছাৰগোডৰ পৰা তিৰুঅনন্তপুৰমলৈ প্ৰায় ৬২০ কিলোমিটাৰ বা ৩৯০ মাইল দূৰত্বলৈ সম্প্ৰসাৰিত কৰা হৈছিল।১২৩ এই অনুষ্ঠানটোত প্ৰায় তিনিৰ পৰা ৫০ লাখ মহিলাই অংশগ্ৰহণ কৰিছিল। কেৰালাৰ বিখ্যাত সবৰীমালা মন্দিৰত প্ৰৱেশ নিয়মত লিংগ বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ইয়াৰ অন্যতম উদ্দেশ্য আছিল।৪৫

পটভূমি

কেৰালাৰ স্বামী আয়েপ্পাৰ প্ৰতি উছৰ্গিত সবৰীমালা মন্দিৰত পৰম্পৰাগতভাৱে ১০ৰ পৰা ৫০ বছৰ বয়সৰ মহিলাসকলক আয়াপ্পাৰ উপাসনা কৰিবলৈ প্ৰৱেশ কৰা নিষিদ্ধ। কিছুমান লোকে দাবী কৰিছিল যে ঋতুস্ৰাৱ অশুদ্ধ হোৱাৰ বাবে মহিলাসকলক নিষিদ্ধ কৰা হৈছিল। কিন্তু ভক্তসকলে দাবী কৰিছিল যে দেৱতাৰ ব্ৰহ্মচাৰী প্ৰকৃতিৰ বাবে তেওঁলোকক অনুমতি দিয়া নহয়। ৬৭ ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়ত সকলো বয়সৰ মহিলাক মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে আৰু কয় যে জৈৱিক পাৰ্থক্যৰ ওপৰত আধাৰিত যিকোনো বৈষম্য স্পষ্টভাৱে অসাংবিধানিক।৮ ৰাজ্যখনৰ শাসকীয় মিত্ৰজোঁট বাওঁ গণতান্ত্ৰিক মৰ্চাৰ শাসকীয় মিত্ৰজোঁটে এই ৰায়ক আদৰণি জনাইছিল। আনহাতে ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ দৰে বিৰোধী দলে এই ৰায়ৰ বিৰোধিতা কৰি প্ৰতিবাদ আৰম্ভ কৰিছিল।৯ বহুতো হিন্দু গোটে এই ৰায় আৰু ৰাজ্য চৰকাৰৰ ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।১০

মহিলাৰ দেৱাল

২০১৮ চনৰ ১৫ ডিচেম্বৰত কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে ১৭৬টা সামাজিক আৰু ৰাজনৈতিক সংগঠনৰ সৈতে বৈঠকৰ পিছত ঘোষণা কৰে যে ৰাজ্যখনৰ নৱজাগৰণৰ মূল্যবোধ সুৰক্ষিত কৰাৰ বাবে নৱবৰ্ষৰ দিনা 'ভণিতা মাথিল' অৰ্থাৎ মানৱ শৃংখলা ৰূপত মহিলাৰ দেৱাল অনুষ্ঠিত কৰা হ'ব।১১১২ প্ৰভা বৰ্মায়ে অনুষ্ঠানটোৰ বাবে এটা থীম গীত মুকলি কৰা হয়।১৩

২০১৯ চনৰ ১ জানুৱাৰী তাৰিখে আবেলি ৪:০০ বজাত কেৰালা ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰায় তিনিৰ পৰা পাঁচ নিযুত মহিলাই প্ৰায় ৬২০ কিলোমিটাৰ বা 390 মাইল সুদীৰ্ঘ মানৱ শৃংখলা তৈয়াৰ কৰি মহিলাৰ দেৱালখন গঠন কৰিছিল। ১৪ ৰাজ্যখনৰ উত্তৰ প্ৰান্তত কেৰালাৰ স্বাস্থ্য আৰু সামাজিক ন্যায় মন্ত্ৰী কে. কে. শৈলজাই কাছাৰগোডত দেৱালখন আৰম্ভ কৰিছিল আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ নেতা বৃন্দা কাৰাটৰ সৈতে দক্ষিণৰ তিৰুঅনন্তপুৰমত সমাপ্ত কৰা হয়।১ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে কাছাৰগোডৰ দেৱালত আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল বুলি স্থানীয় গণমাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।১৫

একেদিনাই কেৰালাত অনুষ্ঠিত অনুষ্ঠানটোৰ সমৰ্থনত নতুন দিল্লী,১৬ মুম্বাই,১৭ আৰু চেন্নাইকে ধৰি অন্যান্য ভাৰতীয় চহৰসমূহত ভণিতা মাথিলৰ সৈতে একত্ৰিত হৈ মহিলা দেৱালৰ আয়োজন কৰা হৈছিল।১৮

কেৰালাৰ মহিলা দেৱালখন এতিয়ালৈকে নিৰ্মাণ কৰা বিশ্বৰ চতুৰ্থ সৰ্ববৃহৎ মানৱ শৃংখলা হিচাপে পৰিগণিত হৈ পৰিছে আৰু কেৱল মহিলাৰ দ্বাৰা গঠিত সৰ্ববৃহৎ মানৱ শৃংখলা হিচাপে বিশ্ব অভিলেখো সৃষ্টি কৰিছে।১৯

তথ্যসূত্ৰ

  1. ↑ (1 January 2019). Women's Wall highlights: Massive turnout in Kerala for equal rights. The Times of India
  2. ↑ (1 January 2019). Sabarimala row: Lakhs to form 'women's wall' in Kerala. The Economic Times
  3. ↑ (1 January 2019). Women's wall in Kerala HIGHLIGHTS: Lakhs of women line up for 'Vanitha Mathil' across state. The Indian Express
  4. ↑ (1 January 2019). Lakhs Of Women Join Hands To Form 620-Km "Human Wall For Equality" In Kerala. NDTV
  5. ↑ (1 January 2019). Kerala wall: 50 lakh women form 620-km Vanitha Mathil, take pledge to uphold gender equality. India Today (TV channel)
  6. ↑ (28 September 2018). India's top court strikes down ban on 'menstruating' women entering Hindu holy site. The Independent
  7. ↑ (25 July 2018). Celibate nature of Lord Ayyappa of Sabarimala temple protected by Constitution, SC told. Times of India
  8. ↑ (28 September 2018). Sabarimala temple: India's top court revokes ban on women. BBC
  9. ↑ (17 October 2018). Women have the same right to worship as men: Pinarayi Vijayan on Sabarimala issue. India Today
  10. ↑ (11 October 2018). Sabarimala women entry: Hindu outfits to intensify stir. Times of India
  11. ↑ (31 December 2018). Kerala gears up for massive Women's Wall event: All you need to know. The News Minute
  12. ↑ (6 December 2018). It's official: 'Women's wall' is a state govt programme. Times of India
  13. ↑ (29 December 2018). Slew of spirited musical expression for women's wall. United News of India
  14. ↑ (January 2019). Sabarimala temple: Indian women form '620km human chain' for equality. BBC News. BBC
  15. ↑ Suspected RSS-BJP workers attack women's wall at Kasargod's Chettukund; journalists assaulted. The New Indian Express
  16. ↑ (2 January 2019). Sabarimala row HIGHLIGHTS: Delhi women support 'Women's wall' campaign, demonstrate outside Kerala House. Hindustan Times
  17. ↑ (2 January 2019). Women form human chain in Mumbai to support Kerala 'Women's Wall'. The Economic Times
  18. ↑ (1 January 2019). Chennai women form Vanitha Mathil in solidarity with Kerala Women's Wall. The New Indian Express
  19. ↑ In case you haven't noticed yet, the women's wall in Kerala was the fourth largest human chain ever. News 18

সম্পৰ্কিত শ্ৰেণী

ভাৰতত নাৰীৰ অধিকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভনিতা মাথিল” প্ৰবন্ধৰ সংশোধন ৫০৮২১০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।