অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

পেট্ৰিচিয়া আমিৰা

পেট্ৰিচিয়া আমিৰা (Patricia Amira) কেনিয়াৰ মহিলা আৰু কিশোৰী অধিকাৰৰ সমৰ্থক, সম্প্ৰচাৰক, ৰাজহুৱা বক্তা আৰু সন্মিলনৰ মডাৰেটৰ। ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে সমগ্ৰ আফ্ৰিকাৰ লগতে ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰিত হোৱা তেওঁৰ টেলিভিছন শ্ব’ ‘দ্য পেট্ৰিচিয়া শ্ব’ৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।

হালনাগাদ: ১১ মে’ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

পেট্ৰিচিয়া আমিৰা (Patricia Amira) কেনিয়াৰ মহিলা আৰু কিশোৰী অধিকাৰৰ সমৰ্থক, সম্প্ৰচাৰক, ৰাজহুৱা বক্তা আৰু সন্মিলনৰ মডাৰেটৰ। ২০০৯ চনৰ পৰা ২০১৩ চনলৈকে সমগ্ৰ আফ্ৰিকাৰ লগতে ইউৰোপ আৰু আমেৰিকাত প্ৰচাৰিত হোৱা তেওঁৰ টেলিভিছন শ্ব’ ‘দ্য পেট্ৰিচিয়া শ্ব’ৰ বাবে তেওঁ বিশেষ স্বীকৃতি লাভ কৰে।

প্ৰাৰম্ভিক জীৱন

কেনিয়াৰ নাইৰোবিত আমিৰাৰ জন্ম হৈছিল। তেওঁ ১৯৮১ চনৰ পৰা ১৯৮৫ চনৰ ভিতৰত জেনেভাৰ আন্তৰ্জাতিক বিদ্যালয়, ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে ইংলেণ্ডৰ নৰ্থ ইয়ৰ্কশ্বাৰৰ ৰিচমণ্ডৰ কনভেণ্ট অৱ দ্য এছমপচনত আৰু ১৯৮৯ চনৰ পৰা ১৯৯২ চনলৈকে ৰিজেণ্টছ ইউনিভাৰ্চিটি লণ্ডনত অধ্যয়ন কৰে।১

মিডিয়া কেৰিয়াৰ

২০০০ চনত আমিৰাই কেনিয়াৰ সংবাদ মাধ্যমৰ উদাৰীকৰণৰ পিছত স্থাপন হোৱা দ্বিতীয়টো স্বতন্ত্ৰ ৰেডিঅ’ ষ্টেচন ৯৮.৪ কেপিটেল এফ এমত কাম কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ টেলিভিছনলৈ গুচি যায়, ২০০৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত সমগ্ৰ আফ্ৰিকাৰ লগতে ইউৰোপ আৰু আমেৰিকাত ছিণ্ডিকেট কৰা দ্য পেট্ৰিচিয়া শ্ব'ৰ বিষয়বস্তুৰ সৃষ্টি, আয়োজনৰ লগত জড়িত হৈ থাকে।২৩৪

তেওঁ ২০১৮ চনৰ কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ৰফিক নামৰ এখন ছবিত অভিনয় কৰিছে, যিখন ছবি মহোৎসৱত প্ৰদৰ্শিত হোৱা প্ৰথমখন কেনিয়াৰ ছবি। পাৰিবাৰিক আৰু ৰাজনৈতিক হেঁচাত দুগৰাকী যুৱতীৰ মাজত হোৱা ৰোমাঞ্চ আৰু কেনিয়াত এলজিবিটিৰ অধিকাৰৰ আধাৰত ছবিখন নিৰ্মিত। আমিৰাই এগৰাকী ছোৱালীৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছিল।৫

নাৰীৰ অধিকাৰ

আমিৰা মহিলা আৰু ছোৱালীৰ মানৱ অধিকাৰ সুৰক্ষা আৰু প্ৰসাৰৰ পোষকতা কৰিবলৈ ১৯৯২ চনত প্ৰতিষ্ঠা হোৱা আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থা ইকুৱেলিটি নাওৰ ব’ৰ্ডৰ সহ-সভাপতি। ই চৰকাৰসমূহক বিশ্বজুৰি মহিলা আৰু ছোৱালীৰ অধিকাৰ সুৰক্ষিত আৰু প্ৰসাৰ কৰা আইন গ্ৰহণ, উন্নতি আৰু বলবৎ কৰিবলৈ উৎসাহিত কৰাৰ বাবে কাম কৰে৷ লগতে যৌন হিংসাৰ অন্ত পেলোৱা, বাল্য বিবাহ আৰু মহিলাৰ যৌনাংগ বিকৃতিৰ দৰে ক্ষতিকাৰক প্ৰথাৰ অন্ত পেলোৱা, মহিলা আৰু ছোৱালীৰ সৰবৰাহকে ধৰি যৌন শোষণৰ অন্ত পেলোৱা আৰু আইনত যৌন বৈষম্যৰ অন্ত পেলোৱাত মনোনিৱেশ কৰে।৪

স্বীকৃতি

আমিৰাৰ এই কামক ফৰ্বছ আফ্ৰিকাই স্বীকৃতি দিছে, যিয়ে ২০১১ চনত তেওঁক আফ্ৰিকাৰ ৪০ গৰাকী শক্তিশালী মিডিয়া ব্যক্তিত্বৰ ভিতৰত অন্যতম বুলি গণ্য কৰিছিল। ২০১৪ চনত ফৰ্বছ আফ্ৰিকে তেওঁক আফ্ৰিকাৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ ভিতৰত অন্যতম বুলি গণ্য কৰিছিল। ২০১৩ চনত তেওঁ মহিলা, প্ৰেৰণা আৰু উদ্যোগ মিডিয়া বঁটা লাভ কৰে।৩৪৬

তথ্যসূত্ৰ

  1. ↑ Patricia Amira, Education. LinkedIn
  2. ↑ Gallafent, Alex; Mullins, Lisa. Oprah Winfrey's Influence Around the World. The World
  3. ↑ Patricia Amira is one of Africa’s Top 40 Most Powerful Media Personalities. KA Digest
  4. ↑ Our Team - Patricia Amira. Equality Now
  5. ↑ The 2018 Official Selection. Cannes Film Festival
  6. ↑ EVENTSGraça Machel, Toyin Saraki, Dee Poku, Folake Folarin-Coker, Zizi Cardow, Patricia Amira & More Top Female African Influencers at the WIE Conference in Cape Town. Bellanaija

সম্পৰ্কিত শ্ৰেণী

কেনিয়াৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পেট্ৰিচিয়া আমিৰা” প্ৰবন্ধৰ সংশোধন ৬০৫৮৯৫ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।