অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ফুনমিলায়ো ৰেনছমে-কুটি

ফুনমিলায়ো ৰেনছমে-কুটি (Funmilayo Ransome-Kuti, ২৫ অক্টোবৰ ১৯০০ – ১৩ এপ্ৰিল ১৯৭৮), ফুনমিলায়ো আনিকুলাপো-কুটি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী নাইজেৰিয়ান শিক্ষাবিদ, ৰাজনৈতিক প্ৰচাৰক, ভোটাধিকাৰী আৰু মহিলা অধিকাৰ কৰ্মী আছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ফুনমিলায়ো ৰেনছমে-কুটি (Funmilayo Ransome-Kuti, ২৫ অক্টোবৰ ১৯০০ – ১৩ এপ্ৰিল ১৯৭৮), ফুনমিলায়ো আনিকুলাপো-কুটি নামেৰেও পৰিচিত৷ তেওঁ এগৰাকী নাইজেৰিয়ান শিক্ষাবিদ, ৰাজনৈতিক প্ৰচাৰক, ভোটাধিকাৰী আৰু মহিলা অধিকাৰ কৰ্মী আছিল।

ফুমিলায়ো ৰেনচোম কুটিৰ জন্ম হৈছিল আবেওকুটাত, যিটো বৰ্তমানৰ অগুন ৰাজ্যত আছে৷ তেওঁ আবেওকুটা ব্যাকৰণ বিদ্যালয়ত পঢ়া প্ৰথমগৰাকী মহিলা ছাত্ৰী আছিল।১প্ৰাপ্তবয়স্ক অৱস্থাত তেওঁ শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল৷ দেশৰ প্ৰথম প্ৰাক-বিদ্যালয়ৰ কিছুমান শ্ৰেণীৰ আয়োজন কৰিছিল আৰু কম আয়ৰ মহিলাসকলৰ বাবে সাক্ষৰতাৰ শ্ৰেণীৰ ব্যৱস্থা কৰিছিল।

ৰেনছম-কুটিয়ে লেনিন শান্তি বঁটা লাভ কৰাৰ লগতে তেওঁৰ কামৰ বাবে অৰ্ডাৰ অৱ দ্য নাইজাৰৰ সদস্যপদ লাভ কৰে। পিছৰ বছৰবোৰত তেওঁ পুত্ৰসকলে নাইজেৰিয়াৰ সামৰিক চৰকাৰসমূহৰ সমালোচনাক সমৰ্থন কৰিছিল। পৰিয়ালৰ সম্পত্তিত সামৰিক অভিযানত আহত হৈ ৭৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ৰেনছমে-কুটিৰ সন্তানসকলৰ ভিতৰত আছিল সংগীতজ্ঞ ফেলা কুটি (জন্ম অলুফেলা ৰেনছমে-কুটি), চিকিৎসক আৰু কৰ্মী বেকো ৰেনছমে-কুটি, আৰু স্বাস্থ্য মন্ত্ৰী অলিকোয়ে ৰেনছমে-কুটি।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯০০ চনৰ ২৫ অক্টোবৰত নাইজেৰিয়াৰ অগুন ৰাজ্যৰ আবেওকুটাত ফুনমিলায়ো অলুফেলা ফ'ল'ৰুন্সো জন্ম হৈছিল।২ তেখেতৰ জন্ম হৈছিল অভিজাত জিবোলু-টাইও পৰিয়ালৰ সদস্য মুখ্য ডেনিয়েল অলুমেয়ুৱা থমাছ (১৮৬৯–১৯৫৪) আৰু লুক্ৰেটিয়া ফিলিছ ওমোয়েনি আদেঅ'ছ'লু (১৮৭৪–১৯৫৬)ৰ ঘৰত।৩ তেওঁৰ পিতৃয়ে কলগছৰ উৎপাদিত সামগ্ৰীৰ খেতি আৰু ব্যৱসায় কৰিছিল আৰু মাকে সাজ-পোছাক নিৰ্মাতা হিচাপে কাম কৰিছিল।৪

তথ্যসূত্ৰ

  1. ↑ Agunbiade, Tayo. Remembering Funmilayo Ransome-Kuti: Nigeria's 'lioness of Lisabi'. www.aljazeera.com
  2. ↑ (21 October 2019). Funmilayo Ransome-Kuti: Nigerian feminist and political leader. Encyclopedia Britannica
  3. ↑ Johnson-Odim, Cheryl; Mba, Nina Emma. (1997). For Women and the Nation: Funmilayo Ransome-Kuti of Nigeria. University of Illinois Press. ISBN 0-252-06613-8
  4. ↑ (2012). Dictionary of African Biography. Oxford University Press. পৃ. 176–178. ISBN 978-0-19-538207-5

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুনমিলায়ো ৰেনছমে-কুটি” প্ৰবন্ধৰ সংশোধন ৪৮৮৭৬৮ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।