ফৰয়াল গোহৰ (Faryal Gohar, জন্ম: ১৮ ডিচেম্বৰ ১৯৫৯) এগৰাকী পাকিস্তানী অভিনেত্ৰী, টেলিভিছন লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী।১ ২উৰাণ, চান্দনী ৰাঁতে, চান্দ গ্ৰেহান, উইছাল আৰু মোহিনী মেনচন কি চিণ্ডেৰেলায়ন আদি চলচ্চিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।৩
প্ৰাৰম্ভিক জীৱন
১৯৫৯ চনৰ ১৮ ডিচেম্বৰত পাকিস্তানৰ লাহোৰত ফাৰিয়ালৰ জন্ম হৈছিল।৪ তেওঁ লাহোৰ আমেৰিকান স্কুলত পঢ়িছিল, খেল খেলি ভাল পাইছিল আৰু চফটবল খেলিছিল৷ শেষত তেওঁৰ স্কুলত চফটবলৰ অধিনায়ক হৈছিল।৫ তাৰ পিছত তেওঁ কিনাইৰ্ড কলেজলৈ যায়৷ তেওঁ তাত ক্ৰীড়াত অংশগ্ৰহণ কৰে। পিছলৈ কানাডালৈ গৈ ৰাজনৈতিক অৰ্থনীতিৰ বিষয়ে অধ্যয়ন কৰে আৰু মেকগিল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে। মেকগিল বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আমেৰিকালৈ যায় আৰু লছ এঞ্জেলছৰ দক্ষিণ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ত পঢ়ি চলচ্চিত্ৰ তথ্যচিত্ৰ অধ্যয়ন কৰে।৪
কৰ্মজীৱন
১৯৭৯ চনত ফৰয়ালে পিটিভিত অভিনেত্ৰী হিচাপে অভিষেক কৰে৷ ৪৬তেওঁ স্বামী জামাল শ্বাহৰ সৈতে ট্ৰেফিক নামৰ ছবিত অভিনয় কৰে।৪
১৯৮৪ চনত তেওঁ বেলুচিস্তান বিশ্ববিদ্যালয়ত সূক্ষ্ম কলা বিভাগ স্থাপন কৰে।৪৭ তেখেতে টেলিফিল্ম গুল ফেনকে হেইনত জাহানাৰাৰ চৰিত্ৰত অভিনয় কৰিছিল৮ ফাৰিয়ালে তেওঁৰ ভগ্নী মদীহাই প্ৰতিষ্ঠা কৰা আজোকা থিয়েটাৰত যোগদান কৰে আৰু ১৯৮০ আৰু ১৯৯০ চনত তেওঁ বহুতো নাটকত অভিনয় কৰিছিল।৯৪
১৯৯৯ চনত ফৰয়ালক ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজিৰ বাবে ইউএনএফপিএৰ সদিচ্ছা ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি দিয়া হয়।৪
১৯৯৭ চনত তেওঁ জাৰ গুল চিনেমাত ইয়াছমিনৰ চৰিত্ৰত আৰু ২০১৪ চনত তমন্না চিনেমাত মেডাম ফাতিমাৰ চৰিত্ৰত অভিনয় কৰে।১০ তাৰ পিছত তেওঁ অভিনেত্ৰী শ্ববনাম আৰু কাভি খানৰ সৈতে নাটক মোহিনী মেনচন কি চিণ্ডেৰেলায়াইনত দাৰো মাছিৰ চৰিত্ৰত অভিনয় কৰে।১১
২০১৮ চনত তেওঁক কেন্সাৰ কেয়াৰ হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ দ্বাৰা গুডউইল কেন্সাৰ কেয়াৰ এম্বেছাদৰ হিচাপে নিযুক্তি দিয়া হয়।১২
২০১৯ চনত ফেডাৰেচন অৱ পাকিস্তানৰ সভাপতি হাইদৰ খান লেহৰীয়ে ফৰয়ালক গুডউইল চফ্টবল এম্বেছাদৰ হিচাপে নিযুক্তি দিয়ে।৫
ব্যক্তিগত জীৱন
ফৰয়ালে অভিনেতা জামাল শ্বাহক বিয়া কৰাইছিল আৰু যথেষ্ট দিন ধৰি চিনেমা আৰু শিল্প উদ্যোগত একেলগে কাম কৰি প্ৰেমত পৰাৰ পিছত তেওঁলোক পাকিস্তানৰ দৰ্শকৰ বাবে এক শক্তিশালী দম্পতী হিচাপে পৰিগণিত হৈছিল; যদিও ৯ বছৰৰ পিছত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।৪ফৰয়ালে আমেৰিকাত কেলিফৰ্ণিয়াত এজন পাকিস্তানী চিকিৎসকৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও সেই সংযোগৰ বিবাহ বিচ্ছেদত অন্ত পৰিল।১৩৪ ২০১৮ চনত ফৰিয়ালৰ জ্যেষ্ঠ ভগ্নী অভিনেত্ৰী মদীহা গৌহৰৰ মৃত্যু হয়।১৪
তথ্যসূত্ৰ
- ↑ (28 September 2021). Achieving women empowerment, gender equality govt cherished goal: Ch Sarwar. The Nation
- ↑ (18 January 2021). Readings by Faryal Gohar: Author and rights activist shares her thoughts on social issues. The News International
- ↑ (2 February 2021). This Is the Worst Catastrophe to Hit Any State Since Biblical Times–Just Back from Pakistan, Faryal Ali Gohar Describes the Suffering from the Flood. Democracy Now!
- ↑ (21 May 2021). Femme Faryal: A Woman of Accomplishment. Pakistaniat
- ↑ (12 November 2021). Faryal Gohar named Pakistan softball ambassador. Dawn News
- ↑ (8 June 2021). PTV veteran brings lives of past, present celebrities to limelight. The Nation
- ↑ (12 November 2021). Ajoka's acting Master Class from today. The Nation
- ↑ (19 July 2018). Ajoka begins workshop for aspiring actors. Images.Dawn
- ↑ (28 July 2021). Young actors given tips at Ajoka theatre workshop. The News International
- ↑ (18 June 2014). Movie Review: Tamanna is not meant for the big-screen. Dawn News
- ↑ (11 March 2017). Leaving Pakistan and Lollywood was painful, says Shabnam. Images.Dawn
- ↑ (1 September 2021). Mrs. Faryal A. Gohar joined Cancer Care Hospital & Research Center as Ambassador.. Cancer Care Hospital & Research Center (A Charitable Trust)
- ↑ (10 August 2021). It took Bushra Ansari five years to open up about her divorce. The Express Tribune
- ↑ (20 March 2021). Veteran actress Madeeha Gohar passes away in Lahore. Dunya News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফৰয়াল গোহৰ” প্ৰবন্ধৰ সংশোধন ৪৮৯৬১৬ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।