অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বাসৱৰাজেশ্বৰী

বাসৱৰাজেশ্বৰী জাহাগীৰদাৰ (Basavarajeshwari Jahagirdar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ তিনিবাৰ সাংসদৰ সদস্য হৈছিল৷ তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বেলাৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ৮ ফেব্ৰুৱাৰী ২০২৫ ২৫১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বাসৱৰাজেশ্বৰী জাহাগীৰদাৰ (Basavarajeshwari Jahagirdar) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আছিল৷ তেওঁ তিনিবাৰ সাংসদৰ সদস্য হৈছিল৷ তেওঁ ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাত বেলাৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈকে ভাৰতৰ মহিলা আৰু শিশু উন্নয়নৰ ৰাজ্যিক মন্ত্ৰী হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

প্ৰাথমিক জীৱন আৰু পটভূমি

বাসৱ ৰাজেশ্বৰীৰ ১৯২৮ চনত অনন্তপুৰ জিলাৰ (অন্ধ্ৰপ্ৰদেশ) ৰায়দুৰ্গাত জন্ম হৈছিল। তেওঁ বেলাৰী (কৰ্ণাটক)ৰ চৰকাৰী ছোৱালী হাইস্কুলত শিক্ষা সমাপ্ত কৰে।

ব্যক্তিগত জীৱন

১৯৪৮ চনৰ ২২ মে’ত বাসৱ ৰাজেশ্বৰীয়ে শ্ৰী সাৰনা বাসৱৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ দম্পতীটোৰ চাৰিজন পুত্ৰ আৰু চাৰিগৰাকী কন্যা সন্তান আছে।

ৰাজনৈতিক কেৰিয়াৰ

৪০ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰৰ গৰাকী শ্ৰীমতী বাসৱৰাজেশ্বৰী পিভি নৰসিংহ ৰাও মন্ত্ৰালয়ৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আছিল। ১৯৬২ চনৰ পৰা ১৯৬৭ চনৰ ভিতৰত উপ-মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰাৰ লগতে কৰ্ণাটক বিধান পৰিষদৰ সদস্য হিচাপেও এক কাৰ্যকালৰ দায়িত্ব পালন কৰিছিল।

একেৰাহে তিনিবাৰকৈ বেলাৰী লোকসভাৰ আসনত জয়লাভ কৰে। ১৯৫৭ চনত ৰাইচুৰ জিলাৰ লিংগাসুগুৰৰ পৰা বিধানসভাৰ সদস্য হিচাপে কৰ্মজীৱন আৰম্ভ কৰা বাসৱৰাজেশ্বৰী পাঁচ বছৰ উপ-মন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পিছত দ্বিতীয় কাৰ্যকালৰ বাবে পুনৰ নিৰ্বাচিত হয়। পিছলৈ তেওঁ বিধান পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয় (১৯৭৭–৮৪)।

১৯৮৪, ১৯৮৯ আৰু ১৯৯১ চনত তিনিবাৰকৈ বেলাৰী লোকসভাৰ আসন লাভ কৰি পি.ভি. নৰসিংহ ৰাও মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে শ্ৰীমতী বাসৱৰাজেশ্বৰীয়ে চীনৰ বেইজিঙত অনুষ্ঠিত বিশ্ব মহিলা সন্মিলনত দেশখনক প্ৰতিনিধিত্ব কৰিছিল।১

১৯৯৬ চনত বেলাৰীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কংগ্ৰেছৰ টিকট লাভ কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছত তেওঁ সাধাৰণ জীৱন অতিবাহিত কৰিছিল৷ তেওঁ এটা ন্যাসৰ অধ্যক্ষ হৈছিল৷ ইয়াৰ জৰিয়তে অভিযান্ত্ৰিক মহাবিদ্যালয়, বিদ্যালয়, পলিটেকনিক আৰু আই টি আইকে ধৰি কেইবাখনো শিক্ষানুষ্ঠান আৰম্ভ হয়।

২০০৪ চনত শ্ৰীমতী বাসৱৰাজেশ্বৰীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে৷ তেওঁ কেৱল বেলাৰীতে নহয়, চুবুৰীয়া জিলাসমূহতো দলটোৰ বাবে প্ৰচাৰ চলায়।.২

তথ্যসূত্ৰ

  1. ↑ BLUSTER ALL AROUND
  2. ↑ Congress leaders made me quit: Basavarajeshwari

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদৰাজনৈতিক ক্ষেত্ৰত নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাসৱৰাজেশ্বৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩১৩৭ (৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।