টিংকল (ইংৰাজী ভাষা: Tinkle) ভাৰতত প্ৰকাশিত এখন মাহেকীয়া শিশু আলোচনী।১ আলোচনীখনৰ প্ৰকৃত স্বত্বাধিকাৰী আছিল ইণ্ডিয়া বুক হাউচ। ২০০৭ চনত ইয়াৰ স্বত্ব ACK Media ৰ হাতলৈ যায়। ২ আলোচনীখন কমিক, সাধু, সাঁথৰ, কুইজ আৰু বিদ্যালয়ত পঢ়া শিশুসকলৰ উপযোগীকৈ প্ৰস্তুত কৰা আন আন উপাদানৰ সমাহাৰ। মূলতঃ ইংৰাজী ভাষা ভাষাত প্ৰকাশিত আলোচনীখন হিন্দী ভাষা, অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা), মালয়ালম ভাষা আদিকে ধৰি নানা ভাৰতীয় ভাষালৈ অনুবাদ হয়। প্ৰতিষ্ঠাপক সম্পাদক আছিল অনন্ত পেই। তেখেত শিশুসকলৰ মাজত পেই খুড়া নামেৰে জনাজাত আছিল। তেখেত জনপ্ৰিয় অমৰ চিত্ৰ কথা চিৰিজৰো প্ৰতিষ্ঠাপক। টিংকলৰ প্ৰথম সংখ্যা প্ৰকাশ পাইছিল ১৯৮০ চনৰ এপ্ৰিল মাহত। এতিয়ালৈকে আলোচনীখনৰ ৫০০ তকৈও অধিক সংখ্যা প্ৰকাশ পাইছে। যোৱা দুটা দশক ধৰি আলোচনীখনে ভাৰতৰ শিশুসকলৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে। আনকি ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীও এজন টিংকল প্ৰেমী আছিল।
জনপ্ৰিয় কাৰ্টুন চৰিত্ৰসমূহ
আন বিভিন্ন সাধু প্ৰকাশ হোৱাৰ উপৰিও টিংকলত কেইটামান নিয়মিতভাৱে প্ৰকাশ হোৱা চৰিত্ৰ আছে।
বৰ্তমান থকা টিংকলৰ চৰিত্ৰসমূহ
- সুপন্দি (Suppandi) – টিংকলৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ হ’ল সুপন্দি। সুপন্দি এটা গাঁৱলীয়া হোজা আৰু জধামুৰ্খ ল’ৰা। সি সদায় নিজৰ গৰাকীৰ কথা মানি চলে কিন্তু গৰাকীৰ কথা সদায় ভুলকৈ বুজে। পঢ়ুৱৈয়ে সুপন্দিৰ কাহিনীবোৰ পঢ়ি হাঁহিৰ খোৰাক পায়।
- চিকাৰী শম্বু (Shikari Shambu)– শম্বু এজন চিকাৰী। তেওঁক সকলোৱে খুব শক্তিশালী আৰু সাহসী বুলি ভাবে যদিও প্ৰকৃততে তেওঁ এজন নিৰ্জু, সহজ-সৰল আৰু এলেহুৱা লোক। তেওঁ সকলো সময়তে আৰাম কৰি শুই থাকিবলৈ বিচাৰে আৰু বিপদৰ গোন্ধ পালেই পলাবলৈ বিচাৰে। কিন্তু পত্নী শান্তি আৰু গাঁৱৰ লোকসকলে তেওঁক সাহসী বুলি ভাবে কাৰণে তেওঁক টান আৰু বিপদজনক কামবোৰলৈহে আগবঢ়াই দিয়ে। পিছে ভাগ্যৰ বলত তেওঁ প্ৰতিবাৰেই সফল হয়।
- কালিয়া নামৰ কাউৰী (Kalia the Crow) – কালিয়া এটা বুধিয়ক কাউৰী। সি তাৰ বন্ধুবোৰক চামটকা নামৰ শিয়াল আৰু ডুবডুব নামৰ ঘঁৰিয়ালটোৰ পৰা ৰক্ষা কৰে। কেছু আৰু মেছু নামৰ শহা দুটা তাৰ বন্ধু।
- তন্ত্ৰী নামৰ মন্ত্ৰী (Tantri the Mantri) – তন্ত্ৰী ৰজা ‘হোজা’ৰ ৰাজসভাৰ এজন মন্ত্ৰী। তেওঁ নিজে ৰজা হ’বৰ বাবে ৰজা হোজাক ৰাজপাটৰ পৰা আঁতৰাবলৈ বিচাৰি নানা কৌশল অৱলম্বন কৰে। পিছে ভাগ্যৰ বলত ৰজা হোজা সদায়েই বিপদৰ পৰা বাচি যায় আৰু তেও তন্ত্ৰীৰ সহায়ৰ বাবেহে বিপদৰ পৰা ৰক্ষা পৰা বুলি ভাবে। তন্ত্ৰীৰ কেইজনমান সহায়কাৰীৰ নাম হ’ল দুষ্টবুদ্ধি, নষ্টবুদ্ধি, চতুৰবুদ্ধি আৰু বিচিত্ৰবুদ্ধি।
- প্যাৰেলাল (Pyarelal series) – প্যাৰেলাল হ’ল এজন খুব দয়ালু খেতিয়ক। তেওঁৰ পত্নীৰ নাম লাজৱন্তী (লাজু)। প্যাৰেলাল আৰু লাজুৰ নানা ৰসাল কাহিনী আছে।
- ডিটেকটিভ অজয় (Ajay – the Detective) - ডিটেকটিভ অজয় এজন চোৰাংচোৱা। যিকোনো বিপদৰ মু্হুৰ্ততেই তেওঁ তৎক্ষাণাত হাজিৰ হয়। তেওঁ আন এজন পুলিছ ইঞ্চপেক্টৰ শৰ্মাৰ সহায়ত অপৰাধীক কৰায়ত্ত কৰে।
- জানু আৰু উলিউ (Janoo and Wooly Woo) – জানু এজনী শক্তিশালী ডাকিনী। তাই তাইৰ বন্ধু উলিৰ লগত বাস কৰে। উলি এটা খুব ভয়াতুৰ ড্ৰেগন, সি তাৰ নাকেৰে জুই উলিয়াব পাৰে। জানুৱে তাইৰ যাদুদণ্ডডালৰ সহায়ত আনক বিপদৰ পৰা ৰক্ষা কৰে। তাইৰ যাদুমন্ত্ৰটো হ’ল “মেজিক হেক্সা, হিক্স হাক্স হুক্স! ”
- নাছিৰুদ্দিন হোঝা (Nasiruddin Hodja) - এজন খুব টেঙৰ লোক। নিজৰ টেঙৰালিৰে তেওঁ আনক বিপদত পেলায়।
- কপিছ (Kapish) – এটা টেঙৰ কিন্তু ভাল বান্দৰ। সি তাৰ বন্ধুবৰ্গৰ সৈতে কাদুৰ জংগলত বাস কৰে। তাৰ বন্ধুবৰ্গৰ ভিতৰত আছে বাবুছা নামৰ ভালুকটো, বুন্দিলা নামৰ হাতীটো আৰু বহুতো। ছিগাল নামৰ শিয়ালটো আৰু পীলু নামৰ বাঘটো তাৰ শত্ৰু। কপিছে তাৰ অলৌকিক শক্তিৰ সহায়ত নেজডাল ইচ্ছামতে দীঘল-ছুটি কৰিব পাৰে। তাৰ সামৰ্থ্য আৰু ক্ষিপ্ৰভাবে সিদ্ধান্ত ল’ব পৰা ক্ষমতাই তাৰ বন্ধুবৰ্গক দোপায়া নামৰ চিকাৰীটোৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়। (এই চৰিত্ৰটোৰ কাহিনীসমূহ কেৱল টিংকল ডাইজেষ্ট আৰু ডাব্ল টিংকল চিৰিজতহে প্ৰকাশ হয়)
- ৰামু আৰু শ্যামু (Ramu and Shamu) - ৰামু আৰু শ্যামু দেখিবলৈ হুবহু একে দুটা যঁজা ভায়েক। এই কাহিনীবোৰত তেওঁলোকৰ বিভিন্ন উত্থান-পতন সমূহ বৰ্ণিত হয়।
- ইনা, মিনা, মাইনা, মো (Ina, Mina, Mynah, Mo) – চাৰিজনী ভনীয়েক। তেওঁলোকে অনবৰতে দেউতাক জগন্নাথক ইটো লাগে সিটো লাগে বুলি আমনি কৰি থাকে। কিন্তু দেউতাকে মন কাণ নিদি মনে মনে থাকে। এই চৰিত্ৰকেইটাও নানা ৰসাল কাহিনীৰে ভৰপূৰ।
আগতে থকা টিংকলৰ চৰিত্ৰসমূহ
- মেও আৰু মিউ (Mopes and Purr) – মেও নামৰ মেকুৰীটো আৰু মিউ নামৰ কুকুৰটো জীৱ-জন্তুৰ চোৰাংচোৱা। ক্ৰফোৰ্দ মাৰ্কেটত সিহঁতৰ কাৰ্য্যালয়। দুয়ো বিপদত পৰা আন জীৱ-জন্তুক বিপদৰ পৰা ৰক্ষা কৰে।
- দা ডাম্বেল্চ (The Dumbbells) – এইটো হ’ল নাটু, দাটু আৰু মোটু নামৰ তিনিটা মুৰ্খ বন্ধুৰ কাহিনী। সিহঁতৰ শত্ৰু দামোদৰে সিহঁতক বিপদত পেলাবলৈ বিচাৰে যদিও শেষত দামোদৰে পৰাজয়বৰণ কৰিবলগীয়া হয়।
- অকমাণি শম্বু (Little Shambu series) – ইয়াত চিকাৰী শম্বুৰ শিশুকালৰ কাহিনী বৰ্ণিত হৈছিল। কাহিনীবোৰত তেওঁৰ পত্নীকো শান্তিও সৰু হৈ থকা দেখুওৱা হৈছিল। কাহিনীবোৰৰ শেষত সদায় শম্বুৱে নায়কৰূপে পৰিগণিত হৈছিল।
- অকমাণি তন্ত্ৰী (Junior Tantri) – শম্বুৰ শিশুকালৰ দৰেই ইয়াত তন্ত্ৰীৰ শিশুকালৰ কাহিনী বৰ্ণিত হৈছিল। ৰাজকুমাৰ হোজাই তন্ত্ৰীক এজন বিশ্বাসী বন্ধু বুলি ভাবে যদিও তন্ত্ৰীয়ে হোজাক মাৰিবলৈ বিচাৰে। পিছে সদায়েই তাৰ আঁচনিসমূহ বিফল হয় আৰু হোজাই তন্ত্ৰীয়েহে তাৰ জীৱন ৰক্ষা কৰা বুলি ভাবে।
- চোটু আৰু লম্বু (Chotu and Lambu) – চোটু হ’ল চাপৰ আৰু লম্বু হ’ল ওখ। চোটুৱে নিজৰ টেঙৰালিৰে আনক সহায় কৰে।
- চাপমেন চাৰ্লি (Chapman Charlie) – চাৰ্লি এজন ধূতি আৰু অ’ভাৰকোট পৰিহিত বয়সস্থ লোক। তেওঁ খুব বুধিয়ক আৰু সাহসী।
- কণমাণি সুপন্দি (Little Suppandi) – সৰুকালত সুপন্দিৰ বুৰ্বকামি আৰু তাৰ শিক্ষক আৰু আত্মীয়-স্বজনৰ লগত ঘটা বিভিন্ন কাহিনীয়ে ইয়াত ঠাই পাইছিল।
অসমীয়া সংস্কৰণ
টিংকলৰ অসমীয়া সংস্কৰণ ১৯৮২ চনৰ অক্টোবৰ মাহত প্ৰথমবাৰলৈ প্ৰকাশ পায়। ২০০৪ চনৰ এপ্ৰিল মাহত অসমীয়া সংস্কৰণৰ শেষৰটো সংখ্যা প্ৰকাশ পোৱাৰ পিছতেই অসমীয়া ভাষাৰ টিংকলৰ প্ৰকাশ বন্ধ হৈ যায়। ২০২০ চনৰ অক্টোবৰ মাহত ফেইচবুকৰ 'টিংকল প্ৰেমী Tinkle Lovers' নামৰ গোট এটাৰ প্ৰচেষ্টাত 'নষ্টালজিক অসম' (Nostalgic Assam) নামৰ এক প্ৰকাশক আৰু বিতৰন গোষ্ঠীয়ে জন্মলাভ কৰে। ইয়াৰ উদ্যোগত ২০২২ চনত ৫০, ৫২, ৫৬ আৰু ৫৮ নং সংখ্যাৰ পুনৰ প্ৰকাশ হয়।৩
বাহ্যিক সংযোগ
- Tinkle Official Website and Subscription Details
- Tinkle celebrates - Kids cheered as the 500th issue of Tinkle comics was released in a special edition (The Hindu)
তথ্যসূত্ৰ
- ↑ (2008-01-27). Amar Chitra Katha, Tinkle to entertain kids on Ne. CNN-IBN
- ↑ (2007-11-22). ACK Media buys Amar Chitra Katha, Tinkle brands. The Hindu Business Line
- ↑ (২০২২). টিংকল (সংখ্যা ৫০). অমৰ চিত্ৰ কথা. পৃ. প্ৰচ্ছদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টিংকল” প্ৰবন্ধৰ সংশোধন ৬০০৬২৮ (১৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।