অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ফেলুদা

প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়।

হালনাগাদ: ১৫ ডিচেম্বৰ ২০২৫ ৫৫০ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

প্ৰদোষচন্দ্ৰ মিত্ৰ ওৰফে ফেলুদা সত্যজিৎ ৰায়ৰ সৃষ্ট বঙালী সাহিত্যৰ এটি জনপ্ৰিয় কাল্পনিক ৰহস্যসন্ধানী চৰিত্ৰ। ১৯৬৫ চনৰ ডিচেম্বৰ মাহৰ সন্দেশ আলোচনীত ফেলুদা চিৰিজৰ প্ৰথম গল্প"ফেলুদাৰ গোয়েন্দাগিৰি" প্ৰকাশিত হয়। ১৯৬৫ ৰ পৰা ১৯৯৭ পৰ্যন্ত এই চিৰিজৰ মুথ ৩৫টা সম্পূৰ্ণ আৰু চাৰিটা অসম্পূৰ্ণ গল্প আৰু উপন্যাস প্ৰকাশিত হৈছে১। ফেলুদাৰ প্ৰধান সহকাৰী তেওঁৰ খুৰাকৰ পুতেক ভায়েক তপেশৰঞ্জন মিত্ৰ ওৰফে তোপস আৰু লেখক লালমোহন গাঙ্গুলী (ছদ্মনাম জটায়ু)। সত্যজিৎ ৰায়ে ফেলুদাৰ সোনাৰ কেল্লাআৰু জয় বাবা ফেলুনাথ উপন্যাসদুখনক চলচ্চিত্ৰায়িত কৰে। এই দুই ছবিত কিংবদন্তিস্বৰূপ চলচ্চিত্ৰ অভিনেতা সৌমিত্ৰ চট্টোপাধ্যায়ে ফেলুদাৰ নাম ভূমিকাত অভিনয় কৰিছিল। বৰ্তমানে সত্যজিতৰ পুত্ৰ সন্দীপ ৰায়ে ফেলুদাৰ গল্প আৰু উপন্যাসক লৈ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।

ফেলুদা চিৰিজৰ অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰ

তপেশৰঞ্জন মিত্ৰ ফেলুদাৰ খুৰাকৰ পুতেক ভায়েক। ফেলুদাই দিয়া তোপস নামেৰেই অধিক পৰিচিত। এই চৰিত্ৰটো আৰ্থাৰ কনান ডয়েলেৰ জন ওয়াটচন চৰিত্ৰৰ দ্বাৰা অনুপ্ৰাণিত। তোপস ফেলুদাৰ সৰ্বক্ষণৰ সঙ্গী। ফেলুদাৰ প্ৰায় সকলো অভিযানৰ পুঙ্খানুপুঙ্খ বৰ্ণনা তেওঁ লিপিবদ্ধ কৰে। তোপসৰ দেউতাক সম্পৰ্কত ফেলুদাৰ খুৰাক। ফেলুদাই তেওঁৰ খুৰাকৰ পৰিয়ালৰ লগতেই ২১,ৰজনী সেন ৰোড,কলকাতা-৭০০০২৯-ৰ ঘৰত থাকে। দক্ষিণ কলকাতাত ৰজনী সেন ৰোডৰ থাকিলেও ২১ নম্বৰ ঘৰটো অস্তিত্বহীন। তোপস চৰিত্ৰত নানা সময়ত সিদ্ধাৰ্থ চট্টোপাধ্যায়, শাশ্বত চট্টোপাধ্যায় আৰু পৰমব্ৰত চট্টোপাধ্যায়ে অভিনয় কৰিছে। সৰ্বশেষত ফেলুদা চলচ্চিত্ৰত তোপসৰ ভূমিকা পালন কৰিছে সাহেব ভট্টাচাৰ্য্যই।

লালমোহন গাঙ্গুলি বা লালমোহনবাবু ফেলুদাৰ বন্ধু। এওঁ জটায়ু ছদ্মনামেৰে ৰহস্য-ৰোমাঞ্চ উপন্যাস লিখে। লালমোহনবাবু বঙালীত ৰহস্য-ৰোমাঞ্চ ছিৰিজৰ এজন জনপ্ৰিয় লেখক আৰু তেওঁৰ নিজৰ মতে সমগ্ৰ ভাৰততে তেওঁৰ অনুগামীসকল বিয়পি আছে। তেখেতে লিখা উপন্যাসসমূহৰ প্ৰধান চৰিত্ৰ চাৰে ছয় ফুট উচ্চতাবিশিষ্ট ৰহস্যসন্ধানী প্ৰখৰ ৰুদ্ৰ। তেখেতৰ অবিশ্বাস্য গল্পসমূহ বেষ্টচেলাৰ হলেও গ্ৰন্থসমূহত মাজে মাজে খুব সাধাৰণ ভুল থাকে, যিবোৰ ফেলুদাক শুধৰাবলৈ দিয়া হয়। লালমোহনবাবুৰ এখন"মাদ্ৰাজী সেউজীয়া" এম্বেচেডৰ গাড়ী আছে যিখন ফেলুদাৰ অনেক অভিযানৰ নিৰ্ভৰযোগ্য বাহন। সোনাৰ কেল্লা গল্পত ফেলুদা আৰু তোপসৰ যোধপুৰ গমনকালত কানপুৰত ট্ৰেনত প্ৰথম জটায়ু চৰিত্ৰৰ আবিৰ্ভাব ঘটে। সন্তোষ দত্তই সোনাৰ কেল্লা আৰু জয় বাবা ফেলুনাথ ছবিত জটায়ুৰ ভূমিকা পালন কৰে। সত্যজিৎ ৰায়ে প্ৰথম ফেলুদা ছবিৰ পাছত জটায়ু চৰিত্ৰৰ ৰদবদল ঘটায় তাক অনেকদূৰ সন্তোষ দত্তৰ দৰেই গঢ়ি তোলে। ৰবি ঘোষ আৰু বিভু ভট্টাচাৰ্য্যই পৰৱৰ্তীকালত এই চৰিত্ৰত অভিনয় কৰে। নয়ন ৰহস্য গল্পত লেখক জটায়ুক"বিদূষক" হিচাপে উল্লেখ কৰে।

সিধুজেঠা ফেলুদাৰ দেউতাকৰ বন্ধু। ফেলুদাই প্ৰায়েই অসাধাৰণ স্মৃতিশক্তি আৰু সাধাৰণ জ্ঞানৰ অধিকাৰী সিধুজেঠাৰ কাষত বিভিন্ন জিজ্ঞাসা লৈ দ্বাৰস্থ হবলগীয়া হয়।

মগনলাল মেঘৰাজ ফেলুদাৰ অন্যতম শত্ৰু। ফেলুদাৰ বহুকেইটা কাহিনীতে তেওঁ ফেলুদাৰ মোকাবিলা কৰে। জয় বাবা ফেলুনাথ আৰু যত কাণ্ড কাঠমাণ্ডুতে ইয়াৰ মাজত প্ৰধান। সত্যজিৎ ৰায়ৰ পৰিচালনাত জয় বাবা ফেলুনাথ চলচ্চিত্ৰত মগনলাল মেঘৰাজৰ নাম ভূমিকাত অভিনয় কৰিছিল উৎপল দত্তই।

প্ৰকাশনা

অধিকাংশ ফেলুদা কাহিনী প্ৰথম পূজাবাৰ্ষিকী দেশ আলোচনীত প্ৰকাশিত হৈছিলো। অলপ কিছু কাহিনী প্ৰকাশিত হৈছিল সন্দেশ আলোচনীত। গ্ৰন্থৰূপত সম্পূৰ্ণ কপি প্ৰকাশিত হৈছে আনন্দ পাবলিছাৰ্চৰ পৰা। ইয়াৰ বাদেও ফেলুদাৰ উপৰিও কমিক ষ্ট্ৰিপ-ও প্ৰকাশিত হৈছে। অধিকাংশ ফেলুদা গ্ৰন্থৰ প্ৰচ্ছদ আৰু অলঙ্কৰণ সত্যজিৎ ৰায়ৰ নিজৰ আঁকা। ফেলুদা ছিৰিজৰ সমস্ত গল্প আৰু উপন্যাস ইংৰাজী ভাষালৈ অনূদিত হৈছে।

টেলিভিশ্বন আৰু চলচ্চিত্ৰ

এই পৰ্যন্ত ফেলুদাৰ আঠোটা কাহিনী চলচ্চিত্ৰৰ ৰূপত ৰূপায়িত হৈছে২। সত্যজিৎ ৰায়ৰ পৰিচালনাত সোনাৰ কেল্লা আৰু জয় বাবা ফেলুনাথ আৰু সত্যজিতৰ পুত্ৰ সন্দীপ ৰায়ৰ পৰিচালনাত"বাক্স ৰহস্য (১৯৯৬)", বোম্বাইয়েৰ বোম্বেটে (২০০৩),"কৈলাসে কেলেঙ্কাৰী (২০০৭)","টিনটোৰেটোৰ যীশু (২০০৮)","গোৰস্থানে সাবধান (২০১০)","ৰয়েল বেঙ্গল ৰহস্য (২০১১)"। সোনাৰ কেল্লা আৰু জয় বাবা ফেলুনাথ চলচ্চিত্ৰত ফেলুদাৰ নাম ভূমিকাত অভিনয় কৰে সৌমিত্ৰ চেটাৰ্জী, আৰু বোম্বাইয়েৰ বোম্বেটেৰ পৰা পৰবতী সকলো চলচ্চিত্ৰত অভিনয় কৰে সব্যসাচী চক্ৰবৰ্তীয়ে। সব্যসাচী চক্ৰবৰ্তীয়ে চলচ্চিত্ৰৰ উপৰিও ডাঃ মুনসীৰ ডায়েৰী নামৰ টেলিফিল্মত আৰু সন্দীপ ৰায়ৰ পৰিচালনাত ফেলুদাৰ ওপৰত নিৰ্মিত টিভি চিৰিয়েলত ফেলুদাৰ নাম ভূমিকাত অভিনয় কৰিছে।

সত্যজিৎ ৰায় প্ৰেজেণ্টচ নামে হিন্দীত যি ফেলুদা কাহিনী টিভিত দেখুওৱা হৈছিল তাত ফেলুদাৰ নাম ভূমিকাত অভিনয় কৰে শশী কাপুৰে আৰু লালমোহনবাবুৰ নাম ভূমিকাত অভিনয় কৰে মোহন আগাসে।

ফেলুদা ছিৰিজ

গল্প/উপন্যাসপ্ৰথম প্ৰকাশগ্ৰন্থভুক্তিঅতিৰিক্ত তথ্যকাহিনী-সংক্ষেপ
ফেলুদাৰ গোয়েন্দাগিৰি (গল্প)সন্দেশ, ডিচেম্বৰ-ফেব্ৰুৱাৰী, ১৯৬৫-৬৬এক ডজন গপ্‌পো, ১৯৭০ পাহাড়ে ফেলুদা, ১৯৯৬প্ৰথম ফেলুদা-গল্প
বাদশাহী আংটি (উপন্যাস)সন্দেশ, মে-মে, ১৯৬৬-৬৭বাদশাহী আংটি, ১৯৬৯ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮প্ৰথম ফেলুদা-উপন্যাস
কৈলাস চৌধুৰীৰ পাথৰ (গল্প)শাৰদীয় সন্দেশ, ১৯৬৭এক ডজন গপ্‌পো, ১৯৭০ কলকাতায় ফেলুদা, ১৯৯৮-
শেয়াল-দেবতা ৰহস্য (গল্প)সন্দেশ, গ্ৰীষ্ম সংখ্যা, মে-জুন, ১৯৭০আৰো এক ডজন, ১৯৭৬ কলকাতায় ফেলুদা, ১৯৯৮-
গ্যাংটকে গণ্ডগোল (উপন্যাস)শাৰদীয় দেশ, ১৯৭০গ্যাংটকে গণ্ডগোল, ১৯৭১ পাহাড়ে ফেলুদা, ১৯৯৬-
সোনাৰ কেল্লা (উপন্যাস)শাৰদীয় দেশ, ১৯৭১সোনাৰ কেল্লা, ১৯৭২ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮প্ৰথম চলচ্চিত্ৰায়িত ফেলুদা উপন্যাস
বাক্স-ৰহস্য (উপন্যাস)শাৰদীয় দেশ, ১৯৭২বাক্স-ৰহস্য, ১৯৭৩ ফেলুদাৰ পান্‌চ, ২০০০-
কৈলাসে কেলেঙ্কাৰি (উপন্যাস)শাৰদীয় দেশ, ১৯৭৩কৈলাসে কেলেঙ্কাৰি, ১৯৭৪ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮-
সমাদ্দাৰেৰ চাবি (গল্প)শাৰদীয় সন্দেশ, ১৯৭৩আৰো এক ডজন, ১৯৭৬ ফেলুদা একাদশ, ২০০০-
ৰয়েল বেঙ্গল ৰহস্য (উপন্যাস)শাৰদীয় দেশ, ১৯৭৪ৰয়েল বেঙ্গল ৰহস্য, ১৯৭৫ ফেলুদাৰ পান্‌চ, ২০০০-
ঘুৰঘুটিয়াৰ ঘটনা (গল্প)শাৰদীয় সন্দেশ, ১৯৭৫আৰো এক ডজন, ১৯৭৬ ফেলুদা একাদশ, ২০০০-
জয় বাবা ফেলুনাথ (উপন্যাস)শাৰদীয় দেশ, ১৯৭৫জয় বাবা ফেলুনাথ, ১৯৭৬ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮দ্বিতীয় চলচ্চিত্ৰায়িত ফেলুদা-উপন্যাস
বোম্বাইয়েৰ বোম্বেটে (উপন্যাস)শাৰদীয় দেশ, ১৯৭৬ফেলুদা এণ্ড কোং, ১৯৭৭ ফেলুদা একাদশ, ২০০০সন্দীপ ৰায়ৰ দ্বাৰা চলচ্চিত্ৰায়িত
গোঁসাইপুৰ সৰগৰম (উপন্যাস)শাৰদীয় সন্দেশ, ১৯৭৬ফেলুদা এণ্ড কোং, ১৯৭৭ ফেলুদা একাদশ, ২০০০-
গোৰস্থানে সাবধান! (উপন্যাস)শাৰদীয় দেশ, ১৯৭৭গোৰস্থানে সাবধান!, ১৯৭৯ কলকাতায় ফেলুদা, ১৯৯৮-চলচ্চিত্ৰায়িত ফেলুদা-উপন্যাস
ছিন্নমস্তাৰ অভিশাপ (উপন্যাস)শাৰদীয় দেশ, ১৯৭৮ছিন্নমস্তাৰ অভিশাপ, ১৯৮১ ফেলুদাৰ পান্‌চ, ২০০০-
হত্যাপুৰী (উপন্যাস)শাৰদীয় সন্দেশ, ১৯৭৯হত্যাপুৰী, ১৯৮১ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮-
গোলোকধাম ৰহস্য (গল্প)সন্দেশ, মে-অগষ্ট, ১৯৮০আৰো বাৰো, ১৯৮১ কলকাতায় ফেলুদা, ১৯৯৮-
যত কাণ্ড কাঠমাণ্ডুতে (উপন্যাস)শাৰদীয় দেশ, ১৯৮০যত কাণ্ড কাঠমাণ্ডুতে, ১৯৮১ পাহাড়ে ফেলুদা, ১৯৯৬-
নেপোলিয়নেৰ চিঠি (গল্প)শাৰদীয় সন্দেশ, ১৯৮১ফেলুদা ওয়ান ফেলুদা টু, ১৯৮৫ ফেলুদা একাদশ, ২০০০-
টিনটোৰেটোৰ যীশু (উপন্যাস)শাৰদীয় দেশ, ১৯৮২টিনটোৰেটোৰ যীশু, ১৯৮৫ ফেলুদাৰ পান্‌চ, ২০০০সন্দীপ ৰায়ৰ দ্বাৰা চলচ্চিত্ৰায়িত
অম্বৰ সেন অন্তৰ্ধান ৰহস্য (গল্প)আনন্দমেলা, ৪ মে-১৫ জুন, ১৯৮৩এবাৰো বাৰো, ১৯৮৪ কলকাতায় ফেলুদা, ১৯৯৮-
জাহাঙ্গীৰেৰ স্বৰ্ণমুদ্ৰা (গল্প)শাৰদীয় সন্দেশ, ১৯৮৩এবাৰো বাৰো, ১৯৮৪ ফেলুদা একাদশ, ২০০০-
এবাৰ কাণ্ড কেদাৰনাথে (গল্প)শাৰদীয় দেশ, ১৯৮৪ফেলুদা ওয়ান ফেলুদা টু, ১৯৮৫ পাহাড়ে ফেলুদা, ১৯৯৬-
বোসপুকুৰে খুনখাৰাপি (গল্প)শাৰদীয় সন্দেশ, ১৯৮৫একেৰ পিঠে দুই, ১৯৮৮ কলকাতায় ফেলুদা, ১৯৯৮-
দাৰ্জিলিং জমজমাট (উপন্যাস)শাৰদীয় দেশ, ১৯৮৬দাৰ্জিলিং জমজমাট, ১৯৮৮ পাহাড়ে ফেলুদা, ১৯৯৬-
অপ্সৰা থিয়েটাৰেৰ মামলা (গল্প)শাৰদীয় সন্দেশ, ১৯৮৭ডবল ফেলুদা, ১৯৮৯ কলকাতায় ফেলুদা, ১৯৯৮-
ভূস্বৰ্গ ভয়ংকৰ (গল্প)শাৰদীয় দেশ, ১৯৮৭ডবল ফেলুদা, ১৯৮৯ পাহাড়ে ফেলুদা, ১৯৯৬-
শকুন্তলাৰ কণ্ঠহাৰ (গল্প)শাৰদীয় দেশ, ১৯৮৮আৰো সত্যজিৎ, ১৯৯৩ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮-
লণ্ডনে ফেলুদা (গল্প)শাৰদীয় দেশ, ১৯৮৯ফেলুদা প্লাস ফেলুদা, ১৯৯২ ফেলুদা একাদশ, ২০০০-
ডাঃ মুন্সীৰ ডায়ৰি (গল্প)শাৰদীয় সন্দেশ, ১৯৯০বাঃ! বাৰো, ১৯৯৪ কলকাতায় ফেলুদা, ১৯৯৮-
নয়ন ৰহস্য (উপন্যাস)শাৰদীয় দেশ, ১৯৯০নয়ন ৰহস্য, ১৯৯১ ফেলুদাৰ পান্‌চ, ২০০০-
ৰবাৰ্টসনেৰ ৰুবি (উপন্যাস)শাৰদীয় দেশ, ১৯৯২ৰবাৰ্টসনেৰ ৰুবি, ১৯৯১ ফেলুদা একাদশ, ২০০০সৰ্বশেষ সম্পূৰ্ণ ফেলুদা উপন্যাস
গোলাপী মুক্তা ৰহস্য (গল্প)--ফেলুদা প্লাস ফেলুদা, ১৯৯১ ফেলুদাৰ সপ্তকাণ্ড, ১৯৯৮সৰ্বশেষ সম্পূৰ্ণ ফেলুদা উপন্যাস
ইন্দ্ৰজাল ৰহস্য (গল্প)সন্দেশ, ডিচেম্বৰ-ফেব্ৰুৱাৰী, ১৯৯৫-৯৬কলকাতায় ফেলুদা, ১৯৯৮ কলকাতায় ফেলুদা, ১৯৯৮সৰ্বশেষ সম্পূৰ্ণ ফেলুদা-গল্প
বাক্স ৰহস্য (প্ৰথম খসড়া) (অসম্পূৰ্ণ)শাৰদীয় সন্দেশ, ১৯৯৫ফেলুদা একাদশ, ২০০০-
তোতা ৰহস্য (প্ৰথম ও দ্বিতীয় খসড়া) (অসম্পূৰ্ণ)শাৰদীয় সন্দেশ, ১৯৯৬ফেলুদা একাদশ, ২০০০-
আদিত্য বৰ্ধনেৰ আবিষ্কাৰ (অসম্পূৰ্ণ)শাৰদীয় সন্দেশ, ১৯৯৭ফেলুদা একাদশ, ২০০০-

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Feluda.net আহৰণ: ১৩-১০-২০১০
  2. ↑ Feluda Films - BBC 18 Jan, 2010

সম্পৰ্কিত শ্ৰেণী

সত্যজিৎ ৰায়বঙালী সাহিত্যকাল্পনিক চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেলুদা” প্ৰবন্ধৰ সংশোধন ৫৬৪১১৩ (১৫ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।